পলাশ মুছলৰ প্ৰতাৰণাৰ বলি হ’ল নেকি স্মৃতি মন্ধানা ? সামাজিক মাধ্যমত ধুমহা !

পলাশ মুছলৰ প্ৰতাৰণাৰ বলি হ’ল নেকি স্মৃতি মন্ধানা ? সামাজিক মাধ্যমত ধুমহা !

পলাশ মুছলৰ প্ৰতাৰণাৰ বলি হ’ল নেকি স্মৃতি মন্ধানা ? তাৰকা ক্ৰিকেটাৰ স্মৃতি মন্ধনা আৰু চলচ্চিত্ৰ নিৰ্মাতা-সংগীত সুৰকাৰ পলাশ মুছলৰ বিবাহ হঠাতে বিতৰ্কৰ মাজত সোমাই পৰিছে । ২৩ নৱেম্বৰত চাংলিত অনুষ্ঠিত হ’বলগীয়া তেওঁলোকৰ বিবাহ অনুষ্ঠান হঠাতে পিছুৱাই দিছে পৰিয়ালে । স্মৃতি মন্ধনাৰ পিতৃ শ্ৰীনিবাস মন্ধানাক হাৰ্ট

পলাশ মুছলৰ প্ৰতাৰণাৰ বলি হ’ল নেকি স্মৃতি মন্ধানা ?

তাৰকা ক্ৰিকেটাৰ স্মৃতি মন্ধনা আৰু চলচ্চিত্ৰ নিৰ্মাতা-সংগীত সুৰকাৰ পলাশ মুছলৰ বিবাহ হঠাতে বিতৰ্কৰ মাজত সোমাই পৰিছে । ২৩ নৱেম্বৰত চাংলিত অনুষ্ঠিত হ’বলগীয়া তেওঁলোকৰ বিবাহ অনুষ্ঠান হঠাতে পিছুৱাই দিছে পৰিয়ালে । স্মৃতি মন্ধনাৰ পিতৃ শ্ৰীনিবাস মন্ধানাক হাৰ্ট এটেকৰ দৰে লক্ষণ দেখা পোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে পিছুৱাই দিয়া হয় তেওঁলোকৰ বিবাহ ।

ইয়াৰ মাজতে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে । বিয়া বাতিল ঘোষণা হোৱাৰ পিছত এতিয়া পলাশ মুছলৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত স্মৃতিক প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰচাৰ হৈছে । সামাজিক মাধ্যমত এই অভিযোগ প্ৰচাৰ হোৱাৰ লগে লগে এতিযা বিষয়টোয়ে আৰু অধিক চৰ্চালৈ লাভ কৰিছে ।

চৰ্চিত অভিযোগ অনুসৰি মঙলবাৰে পুৱা পলাশ মুছল আৰু এগৰাকী মহিলাৰ মাজত হোৱা কথোপকথনৰ কথিত স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত প্ৰচাৰ হ’বলৈ ধৰে । এই ছবিসমূহ প্ৰথমে ‘মেৰী ডি’কোষ্টা’ নামৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল আৰু পিছত ৰেডিটত ভাইৰেল হয় । অৱশ্যে যি একাউণ্টৰ পৰা এই পোষ্টবোৰ কৰা হৈছিল, সেই একাউণ্ট এতিয়া নিষ্ক্ৰিয় কৰা হৈছে ।

এই কথিত কথোপপথন তথা চাটছৰ তাৰিখ ২০২৫ চনৰ মে’ মাহৰ । ইয়াত পলাশ মুছলে মহিলাগৰাকীক সাঁতুৰিবলৈ নিমন্ত্ৰণ কৰা দেখা গৈছে । যেতিয়া মহিলাগাৰীকেয় পলাশক তেওঁলোকৰ সম্পৰ্কৰ অৱস্থাৰ বিষয়ে সুধিছে, তেতিয়া পলাশে বিষয়টো এৰাই চলা যেন লাগিছে আৰু বাৰে বাৰে মহিলাগৰাকীক লগ পাবলৈ জোৰ দিয়া দেখা গৈছে ।

স্ক্ৰীণশ্বট ভাইৰেল হোৱাৰ পিছতে টুইটাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । কোনোৱে স্তম্ভিত, কোনোৱে খং কৰাৰ বিপৰীতে বহু ব্যৱহাৰকাৰীয়ে এই কথোপকথনৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক : শ্বোলেৰ বীৰু আৰু নাই… জীৱন নাট সামৰিলে চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰই