দ্বিতীয় বাৰৰ বাবে মাতৃ হ’ব সোণম কাপুৰ; স্বামী আনন্দ আহুজাই ক’লে-ডাবল ট্ৰাবল

দ্বিতীয় বাৰৰ বাবে মাতৃ হ’ব সোণম কাপুৰ; স্বামী আনন্দ আহুজাৰ বিশেষ পোষ্ট

দ্বিতীয় বাৰৰ বাবে মাতৃ হ’ব সোণম কাপুৰ অভিনেত্ৰী সোণম কাপুৰৰ দ্বিতীয় গৰ্ভধাৰণৰ বিষয়ে বহু দিনৰ পৰা জল্পনা-কল্পনা চলি আছে। সামাজিক মাধ্যম আৰু বলীউডৰ মহলত চৰ্চা চলিছে যে অভিনেত্ৰীগৰাকী অতি সোনকালে দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ব পাৰে। সকলো জল্পনা-কল্পনা আৰু উৰাবাতৰিৰ অন্ত পেলাই আজি সোণম কাপুৰে গৰ্ভধাৰণৰ

দ্বিতীয় বাৰৰ বাবে মাতৃ হ’ব সোণম কাপুৰ

অভিনেত্ৰী সোণম কাপুৰৰ দ্বিতীয় গৰ্ভধাৰণৰ বিষয়ে বহু দিনৰ পৰা জল্পনা-কল্পনা চলি আছে। সামাজিক মাধ্যম আৰু বলীউডৰ মহলত চৰ্চা চলিছে যে অভিনেত্ৰীগৰাকী অতি সোনকালে দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ব পাৰে।

সকলো জল্পনা-কল্পনা আৰু উৰাবাতৰিৰ অন্ত পেলাই আজি সোণম কাপুৰে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে।শীঘ্ৰে দ্বিতীয় সন্তানক আদৰিবলৈ ওলাইছে অভিনেত্ৰীগৰাকীয়ে।

ষ্টাইল আইকন সোণমে অতি ষ্টাইলিছ লুকত দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে।হট পিংকৰ এটি ড্ৰেছ পৰিধান কৰি তেওঁ এখন ফটো শ্বেয়াৰ কৰিছে য’ত অভিনেত্ৰী গৰাকীৰ বেবী বাম্প দেখিবলৈ পোৱা গৈছে।

অভিনেত্ৰীগৰাকীৰ স্বামী আনন্দ আহুজাৰ এটা পোষ্টে আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰিছে।পত্নীৰ এই পোষ্টত আনন্দ আহুজাই নিজৰ কৌতুহল প্ৰকাশ কৰি দুটা মন্তব্য কৰিছে।

এটাত তেওঁ লিখিছে,‘ডাবলাৰ ট্ৰাবল’, আনহাতে দ্বিতীয়টোত তেওঁ পত্নী সোণমক মৰম দি লিখিছিল, ‘বেবী মা আৰু শিক মামা’।

উল্লেখ্য যে ২০১৮ চনত অভিনেত্ৰী গৰাকীয়ে ব্যৱসায়ী আনন্দ আহুজাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।দুয়োজনে বিয়াৰ আগতে বহুদিন ইজনে সিজনৰ লগত ডেটিং কৰিছিল।

বিয়াৰ তিনি বছৰৰ পাছত ২০২১ চনত সোণম কাপুৰে বায়ুক জন্ম দিয়ে। প্ৰথম সন্তান বায়ুৰ জন্মৰ তিনি বছৰৰ পিছত পুনৰ সোণম আৰু আনন্দৰ ঘৰত দেৱশিশুৰ আগমন হ’বলৈ গৈ আছে।

লগতে পঢ়ক: ১ মাহৰ পিছত পৰিনীতি আৰু ৰাঘৱে শ্বেয়াৰ কৰিলে পুত্ৰৰ প্ৰথমখন ফটো; ৰাজহুৱা কৰিলে নাম