ভেন্টিলেশ্যনত অভিনেতা ধৰ্মেন্দ্ৰ
গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ । যোৱা সপ্তাহত তেওঁক ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । বিগত কেইবাদিনো ধৰি আই চি ইউত আছে প্ৰবীণ অভিনেতাগৰাকী । কিন্তু সোমবাৰে পুৱা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে ।
জানিব পৰা মতে, সোমবাৰে স্বাস্থ্যৰ অদিক অৱনতি ঘটাত প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক আই চি ইউৰ পৰা ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হৈছে । বৰ্তমান তেওঁ চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছে । অৱশ্যে এতিয়ালৈকে পৰিয়াল বা চিকিৎসালয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ।
হেমা মালিনীয়ে দিছিল স্বাস্থ্যৰ আপডেট-
ইয়াৰ পূৰ্বে ৩ নৱেম্বৰত ধৰ্মেন্দ্ৰৰ দ্বিতীয়া পত্নী হেমা মালিনীয়ে অভিনেতাগৰাকীৰ স্বাস্থ্যৰ আপডেট প্ৰদান কৰিছিল । বিমানবন্দৰত দেখা পাই অভিনেত্ৰীগৰাকীক পাপ্পাৰাজীয়ে কিংবদন্তি অভিনেতাগৰাকীৰ স্বাস্থ্য সম্পৰ্কে সোধা প্ৰশ্নত তেওঁ আপডেট প্ৰদান কৰে । পাপ্পাৰাজীয়ে ধৰ্মেন্দ্ৰ কেনে আছে বুলি সোধাত হেমা মালিনীয়ে, “ভালেই আছে” বুলি উত্তৰ দিয়ে ।
চলিত বছৰতে হৈছিল চকুৰ অস্ত্ৰোপচাৰ-
চলিত বৰ্ষৰ এপ্ৰিল মাহত তেওঁৰ চকুৰ অস্ত্ৰোপচাৰ হৈছিল । এটা চকুৰ দৃষ্টিশক্তি হ্ৰাস হোৱাৰ বাবে তেওঁৰ কৰ্ণিয়া ট্ৰান্সপ্লাণ্ট কৰা হৈছিল । লগতে তেওঁৰ চকুৰ ছানি পৰাৰ অস্ত্ৰোপচাৰো কৰা হয় । ইয়াৰ পিছতে মুম্বাইৰ এখন চিকিৎসালয়ৰ পৰা ওলাই অহাৰ ভিডিঅ’ পোহৰলৈ আহিছিল । ভিডিঅ’টোত অভিনেতাগৰাকীয়ে পাপ্পাৰাজীক কয়, “মোৰ বহুত শক্তি আছে । মোৰ এতিয়াও জীৱন আছে ।”
উল্লেখ্য যে, ৮৯ বছৰ বয়সতো অভিনয়ৰ ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হৈ আছে ধৰ্মেন্দ্ৰ । তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল কৃতি ছেনন আৰু শ্বাহিদ কাপুৰৰ ছবি “তেৰী বাত মেই এইছে উলজা জিয়া”ত । ইয়াৰ পিছত তেওঁক “২১”ত দেখা যাব । শ্ৰীৰাম ৰাঘৱনৰ পৰিচালনাত অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দৰ সৈতে এই ছবিত দেখা যাব তেওঁক । ২০২৫ চনৰ ২৫ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাব ছবিখনে । তেওঁৰ “আপনে ২”ও এই শাৰীত আছে ।
লগতে পঢ়ক : ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেছী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ’; মুখ্যমন্ত্ৰী









