ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ এয়াৰ ষ্ট্ৰাইক
ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াই নতুনকৈ আক্ৰমণ চলাইছে । এই আক্ৰমণত পেচাৰস্কি জিলাৰ কেবিনেট ভৱনত অগ্নিকাণ্ড সংঘটিত হয় । ইউক্ৰেইনৰ সামৰিক প্ৰশাসনৰ মুৰব্বীয়ে দেওবাৰে ছ’চিয়েল মিডিয়াত এই তথ্য প্ৰদান কৰে । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰত্যক্ষদৰ্শীয়ে ইউক্ৰেইন চৰকাৰৰ মূল ভৱনৰ পৰা ক’লা ধোঁৱা ওলোৱা দেখিছিল ।
৮০০ৰো অধিক ড্ৰোন নিক্ষেপ কৰে ৰাছিয়াই-
ইউক্ৰেইনে জনোৱা মতে, ৰাছিয়াই কিয়েভত নিশাটোৰ ভিতৰতে আক্ৰমণ চলাইছিল, য’ত এটি নৱজাতককে ধৰি তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৮জন লোক আহত হৈছে । চৰকাৰী মুখ্য কাৰ্যালয়কে ধৰি ৰাজধানীৰ কেইবাটাও অট্টালিকাত জ্বলি উঠে । কিয়েভৰ মেয়ৰে কয় যে এই আক্ৰমণ আৰম্ভ হৈছিল চহৰখনত ড্ৰ’ন আক্ৰমণৰ পৰা আৰু তাৰ পিছতে ক্ষেপণাস্ত্ৰ আক্ৰমণ হৈছিল ।
ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ইউলিয়া শ্বিৰিডেংকোৱে কয় যে যুদ্ধৰ সময়ত প্ৰথমবাৰৰ বাবে শত্ৰুৰ আক্ৰমণত ইউক্ৰেইন চৰকাৰৰ মূল ভৱন ক্ষতিগ্ৰস্ত হৈছে । ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, ৰাছিয়াই নিশাৰ ভিতৰতে ইউক্ৰেইনলৈ ৮০৫টা ড্ৰোন আৰু ১৩টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে তেওঁ কয় যে ড্ৰোন আক্ৰমণত এটি শিশু আৰু এগৰাকী যুৱতী নিহত হোৱাৰ বিপৰীতে এগৰাকী গৰ্ভৱতী মহিলাকে ধৰি পাঁচজন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ইয়াৰ পূৰ্বে ড্নিপাৰ নদীৰ পূব দিশৰ আশ্ৰয় শিবিৰত এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল, য’ত আন দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছিল ।
দ্বিতীয়টো বৃহৎ আক্ৰমণ-
দেওবাৰৰ এই আক্ৰমণ হৈছে যোৱা দুসপ্তাহৰ ভিতৰত কিয়েভক লক্ষ্য কৰি ৰাছিয়াৰ দ্বিতীয়টো বৃহৎ ড্ৰোন আৰু মিছাইল আক্ৰমণ । শান্তি আলোচনাৰ আশাক লৈ এই আক্ৰমণে সংকট আৰু অধিক গভীৰ কৰি তুলিছে ।
লগতে পঢ়ক : অক্টোবৰত হ’ব পাৰে ট্ৰাম্প-জিনপিঙৰ বৈঠক… দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি