এদিনীয়া বিশ্বকাপ ২০২৭ৰ বাবে ডাঙৰ ঘোষণা
২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া আই চি চিৰ পুৰুষ এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে । দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াই যৌথভাৱে আয়োজন কৰিব এই প্ৰতিযোগিতা । ক্ৰিকেট দক্ষিণ আফ্ৰিকাই এই মেগা ইভেণ্টৰ বাবে নিৰ্বাচিত ষ্টেডিয়াম ঘোষণা কৰিছে, য’ত মুঠ ৫৪খন মেচ অনুষ্ঠিত হ’ব । এইবাৰ দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱেই যৌথভাৱে এদিনীয়া বিশ্বকাপ আয়োজন কৰাৰ বিপৰীতে নামিবিয়াই প্ৰথমবাৰৰ বাবে এই বৃহৎ প্ৰতিযোগিতাখন আয়োজন কৰিব ।
এই ষ্টেডিয়ামসমূহত অনুষ্ঠিত হ’ব মেচ-
এই বিশ্বকাপত দক্ষিণ আফ্ৰিকাই ৪৪খন খেল আয়োজন কৰাৰ বিপৰীতে বাকী ১০খন খেল জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব । দক্ষিণ আফ্ৰিকাৰ আঠখন ষ্টেডিয়াম নিৰ্বাচিত কৰা হৈছে, য’ত জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰছ ষ্টেডিয়াম, কেপ টাউনৰ নিউলেণ্ডছ ক্ৰিকেট খেলপথাৰ, ডাৰবানৰ কিংছমিড ক্ৰিকেট খেলপথাৰ, প্ৰিট’ৰিয়াৰ চেঞ্চুৰিয়ান পাৰ্ক, ব্ল’মফণ্টেইনৰ মাংগাউং অ’ভাল, গ্কেবেৰহাৰ ছেইণ্ট জৰ্জ পাৰ্ক, ইষ্ট লণ্ডনৰ বাফেলো পাৰ্ক আৰু পাৰ্লৰ ব’লেণ্ড পাৰ্ক অন্যতম । এই সকলোবোৰ খেলপথাৰেই উৎকৃষ্ট সুবিধা আৰু ঐতিহাসিক গুৰুত্বৰ বাবে জনাজাত ।
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বিত্তমন্ত্ৰী ট্ৰেভৰ মেনুৱেল হ’ব স্থানীয় আয়োজক সমিতিৰ মুৰব্বী । চি এছ এয়ে এক বিবৃতিত কয় যে দক্ষিণ আফ্ৰিকাৰ মেচসমূহ জোহান্সবাৰ্গ, প্ৰিট’ৰিয়া, কেপ টাউন, ডাৰবান, গ্কেবেৰহা, ব্ল’মফণ্টেইন, ইষ্ট লণ্ডন আৰু পাৰ্লত অনুষ্ঠিত হ’ব । একে সময়তে চি এছ এৰ অধ্যক্ষ পাৰ্ল মাফোছে কয় যে, ‘চি এছ এৰ লক্ষ্য হৈছে দক্ষিণ আফ্ৰিকাৰ মুখখন প্ৰতিফলিত কৰা এক বিশ্বব্যাপী, প্ৰেৰণাদায়ক, বৈচিত্ৰময়, সৰ্বাংগীন আৰু ঐক্যবদ্ধ অনুষ্ঠানৰ আয়োজন কৰা ।’
এই ফৰ্মেটত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা-
২০২৭ চনৰ বিশ্বকাপত ১৪টা দলে অংশগ্ৰহণ কৰিব, আৰু ইয়াৰ ফৰ্মেট ২০০৩ চনৰ বিশ্বকাপৰ দৰেই হ’ব । দুটা গ্ৰুপ থাকিব, প্ৰতিটো গ্ৰুপত থাকিব সাতটা দল । ২০০৩ চনত দক্ষিণ আফ্ৰিকাই জিম্বাবুৱে আৰু কেনিয়াৰ সৈতে এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল । ইয়াত অষ্ট্ৰেলিয়াৰ দলটোৱে খিতাপ দখল কৰিছিল ।
লগতে পঢ়ক : ফুটবল প্ৰেমীৰ বাবে ভালখবৰ; মেচ খেলিবলৈ ভাৰতলৈ আহিব লিঅ’নেল মেছী