ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ

ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ… এইবাৰ অভিনয় জগতত প্ৰৱেশৰ বাবে সাজু এইগৰাকী ক্ৰিকেটাৰ

ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ ক্ৰিকেট আৰু চিনেমাৰ সম্পৰ্ক যথেষ্ট পুৰণি । চিনেমাত ক্ৰিকেট দেখুৱাই হওক বা ক্ৰিকেটত চলচ্চিত্ৰ তাৰকাৰ মিলনেই হওক । এতিয়া এই মিলন পুনৰ হ’বলৈ গৈ আছে । ক্ৰিকেটাৰ সুৰেশ ৰাইনাক এইবাৰ ৰূপালী পৰ্দাত অভিনয় কৰা দেখা যাব । তামিল উদ্যোগৰ এখন

ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ

ক্ৰিকেট আৰু চিনেমাৰ সম্পৰ্ক যথেষ্ট পুৰণি । চিনেমাত ক্ৰিকেট দেখুৱাই হওক বা ক্ৰিকেটত চলচ্চিত্ৰ তাৰকাৰ মিলনেই হওক । এতিয়া এই মিলন পুনৰ হ’বলৈ গৈ আছে । ক্ৰিকেটাৰ সুৰেশ ৰাইনাক এইবাৰ ৰূপালী পৰ্দাত অভিনয় কৰা দেখা যাব । তামিল উদ্যোগৰ এখন নাম ঠিক নোহোৱা ছবিৰে তেওঁ অভিষেক ঘটাব, যাৰ আভাস শেহতীয়াকৈ দেখুওৱা হৈছে ।

খেলপথাৰৰ পিছত ৰূপালী পৰ্দাত সুৰেশ ৰাইনা-

‘ড্ৰিম নাইট ষ্ট’ৰীজ’ৰ দ্বাৰা প্ৰযোজিত প্ৰথমখন ছবিত অভিনয় কৰা দেখা যাব সুৰেশ ৰাইনাক, যাৰ আভাস ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে নিজেই নিৰ্মাতাসকলে শ্বেয়াৰ কৰিছে । এই টিজাৰত ষ্টেডিয়ামত অনুৰাগীৰ উল্লাস আৰু উদযাপনৰ সৈতে ৰাইনাক চিনাকি কৰাই দিয়া হৈছে । ইয়াৰ পিছত ছবিখনত অভিনেতা হিচাপে তেওঁৰ প্ৰৱেশৰ কথা ঘোষণা কৰা হৈছে । শেষত ছবিখনৰ শিৰোনাম দেখুওৱা হৈছে যিখন বৰ্তমান ‘প্ৰডাকচন ১’ হিচাপে ৰখা হৈছে ।

তামিলনাডুৰ লোকে ৰাইনাক মৰমেৰে ‘চিন্নাথলা’ অৰ্থাৎ সৰু ভাই বুলি কয় । পূৰ্বে তেওঁ আই পি এল দল চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল । এই টিজাৰটোতো তেওঁক একে ষ্টাইলতে চিনাকি কৰাই দিয়া হৈছে । তেওঁৰ ছবিখনৰ পৰিচালনা কৰিছে লগানে যিয়ে ইয়াৰ পূৰ্বে ‘মান কাৰাটে’, ‘ৰেমো’ আৰু ‘গেথু’ৰ দৰে বহু উৎকৃষ্ট তামিল ছবিৰ অংশ হিচাপে কাম কৰিছিল ।

ৰাইনাও ছবিখনৰ সৈতে জড়িত হৈ অতিশয় উৎসাহিত হৈ পৰিছে । ছবিখনত যোগদান কৰাৰ সময়ত তেওঁ এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে, ‘খেলপথাৰৰ পৰা কলিউডৰ ফ্ৰেমলৈকে চেন্নাইৰ আত্মাক মই লগত লৈ আহিছো । এই নতুন যাত্ৰাৰ অংশ হ’বলৈ পাই মই গৌৰৱান্বিত ।’

লগতে পঢ়ক : এখন টেষ্ট মেচতে ১০০০+ ৰান সংগ্ৰহ টীম ইণ্ডিয়াৰ; বিশ্বৰ পঞ্চমখন দেশ ভাৰত

শেহতীয়া প্ৰৱন্ধসমূহ