ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ
ক্ৰিকেট আৰু চিনেমাৰ সম্পৰ্ক যথেষ্ট পুৰণি । চিনেমাত ক্ৰিকেট দেখুৱাই হওক বা ক্ৰিকেটত চলচ্চিত্ৰ তাৰকাৰ মিলনেই হওক । এতিয়া এই মিলন পুনৰ হ’বলৈ গৈ আছে । ক্ৰিকেটাৰ সুৰেশ ৰাইনাক এইবাৰ ৰূপালী পৰ্দাত অভিনয় কৰা দেখা যাব । তামিল উদ্যোগৰ এখন নাম ঠিক নোহোৱা ছবিৰে তেওঁ অভিষেক ঘটাব, যাৰ আভাস শেহতীয়াকৈ দেখুওৱা হৈছে ।
খেলপথাৰৰ পিছত ৰূপালী পৰ্দাত সুৰেশ ৰাইনা-
‘ড্ৰিম নাইট ষ্ট’ৰীজ’ৰ দ্বাৰা প্ৰযোজিত প্ৰথমখন ছবিত অভিনয় কৰা দেখা যাব সুৰেশ ৰাইনাক, যাৰ আভাস ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে নিজেই নিৰ্মাতাসকলে শ্বেয়াৰ কৰিছে । এই টিজাৰত ষ্টেডিয়ামত অনুৰাগীৰ উল্লাস আৰু উদযাপনৰ সৈতে ৰাইনাক চিনাকি কৰাই দিয়া হৈছে । ইয়াৰ পিছত ছবিখনত অভিনেতা হিচাপে তেওঁৰ প্ৰৱেশৰ কথা ঘোষণা কৰা হৈছে । শেষত ছবিখনৰ শিৰোনাম দেখুওৱা হৈছে যিখন বৰ্তমান ‘প্ৰডাকচন ১’ হিচাপে ৰখা হৈছে ।
তামিলনাডুৰ লোকে ৰাইনাক মৰমেৰে ‘চিন্নাথলা’ অৰ্থাৎ সৰু ভাই বুলি কয় । পূৰ্বে তেওঁ আই পি এল দল চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল । এই টিজাৰটোতো তেওঁক একে ষ্টাইলতে চিনাকি কৰাই দিয়া হৈছে । তেওঁৰ ছবিখনৰ পৰিচালনা কৰিছে লগানে যিয়ে ইয়াৰ পূৰ্বে ‘মান কাৰাটে’, ‘ৰেমো’ আৰু ‘গেথু’ৰ দৰে বহু উৎকৃষ্ট তামিল ছবিৰ অংশ হিচাপে কাম কৰিছিল ।
ৰাইনাও ছবিখনৰ সৈতে জড়িত হৈ অতিশয় উৎসাহিত হৈ পৰিছে । ছবিখনত যোগদান কৰাৰ সময়ত তেওঁ এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে, ‘খেলপথাৰৰ পৰা কলিউডৰ ফ্ৰেমলৈকে চেন্নাইৰ আত্মাক মই লগত লৈ আহিছো । এই নতুন যাত্ৰাৰ অংশ হ’বলৈ পাই মই গৌৰৱান্বিত ।’
লগতে পঢ়ক : এখন টেষ্ট মেচতে ১০০০+ ৰান সংগ্ৰহ টীম ইণ্ডিয়াৰ; বিশ্বৰ পঞ্চমখন দেশ ভাৰত