ইৰাণৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে সাজু ইজৰাইল
ইৰাণৰ সৈতে সম্ভাৱ্য দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে বুলি প্ৰকাশ কৰিছে ইজৰাইলী সেনাই । ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে সকীয়াই দিছে যে যদি আমেৰিকা সংঘাতত জড়িত হয় তেন্তে ই সকলোৰে বাবে অতি বিপজ্জনক হ’ব ।
ইৰাণৰ সমৰ্থিত হৌথী বিদ্ৰোহীয়েও সকীয়াই দিছে যে যদিহে ট্ৰাম্প প্ৰশাসনে ইজৰাইলৰ সামৰিক অভিযানত যোগদান কৰে তেন্তে তেওঁলোকে লোহিত সাগৰত আমেৰিকাৰ জাহাজ আৰু যুদ্ধজাহাজত পুনৰ আক্ৰমণ আৰম্ভ কৰিব । মে’ মাহত আমেৰিকাৰ সৈতে হোৱা চুক্তিৰ অন্তত তেওঁলোকে এই আক্ৰমণ বন্ধ কৰিছিল । ইফালে, ইজৰাইলৰ পৰা সাধাৰণ নাগৰিকক উলিয়াই আনিবলৈ আমেৰিকাই “সাহায্য উৰণ” আৰম্ভ কৰিছে । ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে এই বিমান সেৱা আৰম্ভ কৰা হৈছে ।
৬০খন যুঁজাৰু বিমানেৰে আক্ৰমণ-
আই ডি এফে জনোৱা মতে, সঠিক গোপন খবৰৰ ভিত্তিত সেনাই প্ৰায় ৬০খন যুদ্ধ বিমান ব্যৱহাৰ কৰি ইৰাণৰ ভূখণ্ডৰ গভীৰতম অংশত আক্ৰমণ চলাইছিল । ইজৰাইলৰ বায়ুসেনাৰ এখন বিমানে ইৰাণৰ তিনিখন সামৰিক এফ-১৪ যুদ্ধ বিমানক আক্ৰমণ কৰে । এই আক্ৰমণ ইৰাণৰ মাজভাগত সংঘটিত হৈছিল ।
ইৰাণৰ ইছফাহান প্ৰদেশত অৱস্থিত এটা পাৰমাণৱিক গৱেষণা কেন্দ্ৰতো আক্ৰমণ চলাই ইজৰাইলী সেনাই । এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলে কয় যে তেওঁলোকৰ লক্ষ্য ইৰাণৰ পাৰমাণৱিক ক্ষমতা ধ্বংস কৰা ।
আক্ৰমণৰ পিছত ইছফাহানৰ এটা পাহাৰীয়া অঞ্চলৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল, যিটো প্ৰদেশখনৰ নিৰাপত্তা পৰিক্ৰমা বিভাগৰ উপ-ৰাজ্যপাল আকবৰ ছালেহীয়ে নিশ্চিত কৰি কয় যে ই এটা চেণ্ট্ৰিফিউজ উৎপাদন স্থান । আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থায়ো এই আক্ৰমণ নিশ্চিত কৰিছে ।
লগতে পঢ়ক : ইজৰাইলৰ সৈতে যুদ্ধত প্ৰৱেশ আমেৰিকাৰ ! ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ