১০ জুনত ঐতিহাসিক উৰণ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ
ভাৰতৰ মহাকাশ ইতিহাসত এটা নতুন অধ্যায় সংযোজন হ’বলৈ গৈ আছে । ৪১ বছৰৰ মূৰত ১০ জুনত এক্সিয়াম স্পেচৰ এক্সিয়াম-৪ অভিযানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা আৰম্ভ কৰিব ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । এই অভিযান আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু ব্যক্তিগত কোম্পানী স্পেচএক্সৰ সৈতে অংশীদাৰিত্বৰে সম্পন্ন কৰা হ’ব ।
উৰণৰ সময় আৰু স্থান-
অহা ১০ জুনত আমেৰিকাৰ ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হ’ব এক্সিয়াম-৪ অভিযান । স্পেচএক্সৰ ফেলকন ৯ ৰকেট ব্যৱহাৰ কৰি এই মহাকাশযানখন উৎক্ষেপণ কৰা হ’ব । ইয়াৰ পিছত ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত ১১ জুনৰ নিশা ১০ বজাত (ভাৰতীয় সময় অনুসৰি) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে সংযোগ স্থাপন অথবা ডকিং কৰিব মহাকাশযানখনে ।
এই অভিযানৰ আন যাত্ৰীসকল কোন ?
এই অভিযানত পাইলটৰ ভূমিকা পালন কৰিব ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । তেওঁৰ লগত থাকিব আমেৰিকাৰ পেগী হুইটছন, মিছন কমাণ্ডাৰ আৰু ৬০০ দিনতকৈ অধিক সময় মহাকাশত কটোৱা অভিজ্ঞ মহাকাশচাৰী, হাংগেৰীৰ টিবৰ কাপু- মিছন বিশেষজ্ঞ, পোলেণ্ডৰ স্লাভছ ৱুজনানস্কি-উইছনিউস্কি – মিছন বিশেষজ্ঞ আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ বিজ্ঞানী ।
মহাকাশত ১৪ দিনীয়া সময়ছোৱাত শুভাংশু শুক্লাই কেইবাটাও বিশেষ বিজ্ঞান আৰু পুষ্টি সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা কৰিব । এই পৰীক্ষাসমূহ ইছৰো আৰু ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগে (ডি বি টি) ডিজাইন কৰিছে । এই পৰীক্ষাৰ উদ্দেশ্য হৈছে মহাকাশত মেথি আৰু মগুৰ অংকুৰণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰা, বীজবোৰক মাইক্ৰ’গ্ৰেভিটি (মহাকাশৰ অৱস্থা)ত ৰাখি পৃথিৱীলৈ ঘূৰাই অনা আৰু অধিক খেতি কৰা, ভৱিষ্যতৰ দীৰ্ঘকালীন মহাকাশ ভ্ৰমণৰ বাবে পুষ্টি আৰু জীৱন-সহায়ক ব্যৱস্থা গঢ়ি তোলা । ইয়াৰ উপৰিও শুক্লাই নাছাৰ সৈতে ৫টা যৌথ অধ্যয়নো কৰিব ।
ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে যোৱা সপ্তাহত এক্সিয়াম স্পেচ ভ্ৰমণ কৰি অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । ভাৰতৰ আগন্তুক গগণযান অভিযান (২০২৭)তো শুক্লাৰ অভিজ্ঞতা অতি উপযোগী বুলি প্ৰমাণিত হ’ব । এই অভিযানত ইছৰোৱে ৫৫০ কোটি টকা ব্যয় কৰিছে ।
লগতে পঢ়ক : চেটেলাইট ইণ্টাৰনেটৰ অপেক্ষাৰ অন্ত; ভাৰতত প্ৰৱেশৰ অনুজ্ঞাপত্ৰ লাভ Starlink ৰ