জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱ ভ্ৰমণ আধাতে বাতিল কৰি বুধবাৰে পুৱা দিল্লীলৈ উভতি আহে । এন এছ এ অজিত ডোভাল, বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰ আৰু বৈদেশিক সচিবে তেওঁক পহলগাম আক্ৰমণৰ বিষয়ে অৱগত কৰে ।
ইয়াৰ পূৰ্বে মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ছৌদি আৰৱৰ পৰাই কাশ্মীৰৰ পৰিস্থিতিৰ মূল্যায়ন কৰিছিল । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ মাজত আলোচনা হয় । মহম্মদ বিন ছলমানে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে । এই সময়ছোৱাত দুয়োখন দেশৰ নেতাসকলে কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষ হিচাপে কাম কৰে, যাৰ লক্ষ্য হৈছে দুয়োখন দেশৰ মাজত বন্ধুত্ব আৰু অধিক শক্তিশালী কৰা ।
মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে জেদ্দাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে কাশ্মীৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ ক্ৰাউন প্ৰিন্সৰ সৈতে হোৱা নিৰ্ধাৰিত বৈঠক প্ৰায় দুঘণ্টা পিছুৱাই দিয়ে । পহলগামত সন্ত্ৰাসবাদীয়ে ২৬ জন লোকক হত্যা কৰে, ইয়াৰে অধিকাংশই পৰ্যটক । এই আক্ৰমণ ২০১৯ চনত পুলৱামা আক্ৰমণৰ পিছত সংঘটিত হোৱা আটাইতকৈ মাৰাত্মক আক্ৰমণ ।
নৈশ ভোজত অংশ নল’লে প্ৰধানমন্ত্ৰী মোদীয়ে-
সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে ছৌদি ক্ৰাউন প্ৰিন্সৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছিল যদিও নৈশ ভোজত উপস্থিত নহৈ মঙলবাৰে নিশা তেওঁৰ ভ্ৰমণ বাতিল কৰি দেশলৈ উভতি যোৱাৰ সিদ্ধান্ত লয় ।
দুদিনীয়া ভ্ৰমণৰ বাবে ছৌদি আৰৱলৈ গৈছিল প্ৰধানমন্ত্ৰীগৰাকী । বুধবাৰে প্ৰধানমন্ত্ৰীগৰায়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰিব ।