নেপালত ৰাজতন্ত্ৰ সমৰ্থক ৰাজনৈতিক দল ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিয়ে আজি অৰ্থাৎ ২০ এপ্ৰিলত পুনৰবাৰ প্ৰতিবাদৰ কথা ঘোষণা কৰিছে, যাৰ বাবে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে । এতিয়া নেপালৰ গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিক প্ৰতিবাদৰ সময়ত নিষিদ্ধ অঞ্চল উলংঘা নকৰিবলৈ সকীয়াই দিছে । ৰাজধানী কাঠমাণ্ডুৰ বিজুলী বজাৰ অঞ্চলত আজি আৰ পি পিয়ে প্ৰতিবাদ সাব্যস্ত কৰিব ।
আৰ পি পিৰ ঘোষণা সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ সতৰ্কবাণী-
দৰাচলতে ৰাজতন্ত্ৰৰ সমৰ্থক আৰ পি পিয়ে প্ৰতিবাদৰ সময়ত চৰকাৰে নিৰ্ধাৰণ কৰা নিষিদ্ধ অঞ্চল ভংগ কৰাৰ উদ্দেশ্য মুকলিকৈ ঘোষণা কৰিছে । ৰাজতন্ত্ৰ পুনৰুদ্ধাৰ আৰু নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবী জনাই আৰ পি পিৰ অধ্যক্ষ ৰাজেন্দ্ৰ লিংডেনে প্ৰতিবাদৰ বাবে নিষিদ্ধ অঞ্চল উলংঘা কৰিব বুলি কয় । ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শনিবাৰে গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা-
মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে, ২০২৫ চনৰ ২০ এপ্ৰিলত আইনগতভাৱে নিৰ্ধাৰিত নিষিদ্ধ অঞ্চল উলংঘা কৰাৰ পৰিকল্পনা সন্দৰ্ভত ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ নামত জাৰি কৰা বাতৰি আৰু ৰাজহুৱা বক্তব্যক গৃহ মন্ত্ৰালয়ে গুৰুত্বসহকাৰে লৈছে । সংবিধান আৰু আইন উলংঘাক প্ৰচাৰ কৰা কাৰ্যকলাপ বা সমাজত অৰাজকতা বিয়পোৱাৰ চেষ্টা সহ্য কৰা নহ’ব বুলিও গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰে । প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পুৱাৰে পৰা সংসদ ভৱন, চৰকাৰী সচিবালয় আৰু মহানগৰীৰ অন্যান্য স্পৰ্শকাতৰ অঞ্চলৰ আশে-পাশে হাজাৰ হাজাৰ প্ৰতিবাদ বিৰোধী আৰক্ষী আৰু সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰিছে ।