আই পি এল ২০২৫ৰ দ্বাদশ মেচখন মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত অনুষ্ঠিত হয় । সোমবাৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখনত মুম্বাই ইণ্ডিয়ানছে ৮ উইকেটত জয়লাভ কৰে । মুম্বাই ইণ্ডিয়ানছে জয়ী হ’বলৈ ১১৭ ৰানৰ সহজ লক্ষ্য লাভ কৰে, যিটো তেওঁলোকে মাত্ৰ ১২.৫ অভাৰতে উপনীত হয় । মুম্বাইৰ জয়ৰ নায়ক আছিল বেগী বলাৰ অশ্বিনী কুমাৰ, যিয়ে আই পি এলত অভিষেক মেচতে ৪টা উইকেট দখল কৰে । মুম্বাইৰ হৈ ৰিয়ান ৰিকেল্টনেও অপৰাজিত অৰ্ধশতক (৬২) অৰ্জন কৰে ।
মুম্বাই ইণ্ডিয়ানছৰ প্ৰথম জয়…
চলিত ছিজনত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ এইটোৱেই প্ৰথমটো জয় । উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু গুজৰাট টাইটানছ (জি টি)ৰ বিৰুদ্ধে প্ৰথম দুখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে মুম্বাই ইণ্ডিয়ানছ । আনহাতে, ডিফেণ্ডিং চেম্পিয়ন কে কে আৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত পৰাস্ত হোৱাৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে একপক্ষীয় জয় লাভ কৰে । এতিয়া দলটো চলিত ছিজনত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ।
লক্ষ্য অনুসৰণ ‘ইমপেক্ট ছাব’ ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেল্টনে মুম্বাই ইণ্ডিয়ানছৰ হৈ ভাল আৰম্ভণি কৰে । দুয়োজনে প্ৰথম উইকেটৰ বাবে ৫.২ অভাৰত ৪৬ ৰানৰ অংশীদাৰিত্ব কৰে । ৰোহিতক ফৰ্মত দেখা গৈছিল যদিও ভাল আৰম্ভণিক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে । আন্দ্ৰে ৰাছেলৰ বলত হৰ্ষিত ৰাণাই ৰোহিতক কেচ আউট কৰে ।
এটা ৬ৰ সহায়ত ১২টা বলত ১৩ ৰান সংগ্ৰহ কৰে ৰোহিত শৰ্মাই । ইয়াৰ পৰা ৰিয়ান ৰিকেল্টনে কলকাতা নাইট ৰাইডাৰ্ছক কোনো সুযোগ নিদি বিস্ফোৰক অৰ্ধ শতক অৰ্জন কৰে । দক্ষিণ আফ্ৰিকাৰ অ’পেনাৰ ৰিকেল্টনে ৫টা চাৰি আৰু চাৰিটা ৬ৰ সহায়ত ৪১টা বলত অপৰাজিত ৬২ ৰান সংগ্ৰহ কৰে । সূৰ্যকুমাৰ যাদৱেও ২৭ ৰানত অপৰাজিত হৈ থাকে । কে কে আৰৰ হৈ আন্দ্ৰে ৰাছেলে দুয়োটা উইকেট দখল কৰে ।
অশ্বিনী কুমাৰে সৃষ্টি কৰিলে ইতিহাস… ৰাছেল, ৰিংকু সকলো ব্যৰ্থ-
টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ বাছনি কৰাৰ পিছত কলকাতা ১৬.২ অভাৰত ১১৬ ৰান সংগ্ৰহ কৰি অল আউট হয় । কলকাতা নাইট ৰাইডাৰ্ছৰ আৰম্ভণি শোচনীয় আছিল আৰু পাৱাৰ প্লে’তেই ৪ উইকেট হেৰুৱাইছিল । ইয়াৰ পূৰ্বে বাওঁহাতৰ পেচাৰ ট্ৰেণ্ট ব’ল্টে ক্লীন বল্ড কৰিছিল সুনীল নাৰিনক (০) । ইয়াৰ পাছতে দীপক চহৰে উইকেটকীপাৰ-বেটছমেন কুইণ্টন ডি ককক আউট কৰে । ইয়াৰ পিছত অশ্বিনী কুমাৰে অভিষেক মেচৰ প্ৰথমটো বলত অধিনায়ক অজিংক্য ৰাহানেক পেভিলিয়নৰ বাট দেখুৱাই । আনহাতে দীপক চহৰে ভেংকটেশ আয়াৰক আউট কৰে (৩) । ভেংকটেশ আউট হোৱাৰ সময়ত কে কে আৰৰ স্ক’ৰ আছিল ৪১ ৰান ।
অংকৃশ ৰঘুবংশীয়ে কিছু চেষ্টা কৰিছিল যদিও হাৰ্দিক পাণ্ডিয়াৰ বলত এটা ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰি নমন ধীৰৰ হাতত কেচ তুলি আউট হয় তেওঁ । ৰঘুবংশীয়ে ৩টা চাৰি আৰু এটা ৬ৰ সহায়ত ১৬টা বলত ২৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ পাছতে অশ্বনী কুমাৰে ৰিংকু সিং (১৭), ‘ইমপেক্ট চাব’ মনীষ পাণ্ডে (১৯) আৰু আন্দ্ৰে ৰাছেল (৫)ক আউট কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ বেটিং মেৰুদণ্ড ভাঙি পেলায় । তাৰ পাছত হৰ্ষিত ৰানাক বিগনেশ পুথুৰে পেভিলিয়নমুখী কৰে । আনহাতে ২২ ৰান সংগ্ৰহ কৰি মিচেল ছাণ্টনাৰৰ বলি হয় ৰমনদীপ সিং ।
মুম্বাই ইণ্ডিয়ানছৰ হৈ অশ্বিনী কুমাৰে ২৪ ৰানত ৪টা উইকেট দখল কৰাৰ বিপৰীতে দীপক চহৰে দুটা উইকেট লাভ কৰে । ইয়াৰ উপৰিও ট্ৰেণ্ট ব’ল্ট, হাৰ্দিক পাণ্ডিয়া, ভিগনেশ পুথুৰ আৰু মিচেল ছাণ্টনাৰে এটাকৈ উইকেট লাভ কৰে ।
উল্লেখ্য যে, আই পি এলত অভিষেক ঘটাই চাৰিটা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ অশ্বিনী কুমাৰ । আই পি এলত অভিষেক ঘটাই শ্ৰেষ্ঠ বলিঙৰ অভিলেখ অৰ্জন কৰিছে আলজাৰী জোচেফ । ২০১৯ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ হৈ ১২ ৰানত ৬টা উইকেট দখল কৰিছিল তেওঁ । আই পি এলৰ অভিষেক মেচত চাৰিটা বা তাতকৈ অধিক উইকেট দখল কৰা অশ্বিনী হৈছে ষষ্ঠজন বলাৰ ।