ইৰাণে নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰি ভূগৰ্ভস্থ “মিছাইল চিটি”ৰ নতুন ভিডিঅ’ প্ৰকাশ কৰিছে । ইয়াত গধুৰ অস্ত্ৰ-শস্ত্ৰৰ মাজত দীঘলীয়া সুৰংগ এটাৰ মাজেৰে পাৰ হৈ যোৱা দেখা গৈছে । মঙলবাৰে প্ৰকাশ পোৱা এই ভিডিঅ’টোত ইৰাণৰ সশস্ত্ৰ বাহিনীৰ চীফ অফ ষ্টাফ জেনেৰেল মহম্মদ বাঘেৰী আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ এৰোস্পেচৰ ফৰ্চৰ অধিনায়ক আমিৰ আলী হাজিজাদেক সুৰংগৰ ভিতৰত থকা ক্ষেপণাস্ত্ৰ ঘাটি ভ্ৰমণ কৰা দেখা গৈছে ।
ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা ফুটেজত দেখা গৈছে যে এই ভূগৰ্ভস্থ গোপন স্থানটো বিভিন্ন ধৰণৰ বেলিষ্টিক মিছাইলেৰে ভৰি আছে । এই ভিডিঅ’টো চৰকাৰী সংবাদ মাধ্যমে মুকলি কৰি বিপজ্জনক বেকগ্ৰাউণ্ড মিউজিকেৰে এই বাৰ্তা দিয়াৰ প্ৰয়াস কৰা হৈছে যে ইৰাণ যিকোনো আক্ৰমণ সহ্য কৰিবলৈ সক্ষম আৰু তীব্ৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম । বিশেষ বাহনত এই জটিল সুৰংগ ব্যৱস্থাটোৰ ভিতৰত বিষয়াসকলে যাত্ৰা কৰা দেখা গৈছে ।
ভিডিঅ’টোত কি দেখুওৱা হৈছিল ?
৮৫ ছেকেণ্ডৰ এই ভিডিঅ’টোত ইৰাণৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী মেজৰ জেনেৰেল মহম্মদ হোছেইন বাঘেৰী আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ (আই আৰ জি চি) এৰ’স্পেচ ফৰ্চৰ অধিনায়ক আমিৰ আলী হাজিজাদে ইৰাণৰ আটাইতকৈ উন্নত ক্ষেপণাস্ত্ৰ আৰু ৰকেটৰ মাজত গৈ থকা দেখা গৈছে । ইয়াৰ ভিতৰত খাইবাৰ শিকান, কাদেৰ-এইচ, চাজিল, হাজ কাছিম আৰু পেভে লেণ্ড এটেক ক্ৰুজ মিছাইল আদি অন্যতম । ইয়াৰে কিছুমান অস্ত্ৰ ইৰাণে যোৱা বছৰ ইজৰাইলৰ ওপৰত আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰিছিল ।
এই সন্দৰ্ভত কমাণ্ডাৰ হাজিজাদে কয়, “আজিৰ পৰা আৰম্ভ কৰিলে প্ৰতি সপ্তাহত এখন নতুন মিছাইল চিটি উদঘাটন কৰিব পাৰিম । এই প্ৰকল্প অহা দুবছৰলৈকে চলি থাকিব ।” এই বক্তব্যই স্পষ্টভাৱে ইংগিত দিয়ে যে ইৰাণে নিজৰ প্ৰতিৰক্ষা ক্ষমতাক নিৰন্তৰ শক্তিশালী কৰাৰ দিশত আগবাঢ়িছে ।
আমেৰিকাৰ ভাবুকিৰ মাজতে প্ৰকাশ ভিডিঅ’-
এই ভিডিঅ’টো এনে এটা সময়ত পোহৰলৈ আহিছে যেতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা অহৰহ বৃদ্ধি পাইছে । শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেহৰাণক পাৰমাণৱিক চুক্তিৰ পুনৰ আলোচনাৰ বাবে দুমাহৰ বাবে চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰিছে । ইয়াৰ পূৰ্বে ২০১৮ চনত ট্ৰাম্প প্ৰশাসনে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই স্বাক্ষৰিত পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰিছিল । ইয়াৰ উপৰিও ট্ৰাম্পে ইংগিত দিছে যে আমেৰিকাই হুথী বিদ্ৰোহীৰ বিৰুদ্ধে চলি থকা সামৰিক অভিযানতো ইৰাণক লক্ষ্য কৰি ল’ব পাৰে, কিয়নো ইৰাণক এই বিদ্ৰোহীসকলৰ মূল সমৰ্থক হিচাপে গণ্য কৰা হয় ।