মাৰ্চ মাহটো প্ৰায় শেষ হওঁ হওঁ । লগে লগে গৰম ক্ৰমে তীব্ৰতৰ হৈ পৰিছে । ৰ’দৰ পোহৰ এতিয়া আগৰ তুলনাত উজ্জ্বল হৈ পৰিছে । একে সময়তে বতৰ বিভাগৰ পূৰ্বাভাস অনুসৰি অহা ৩০ মাৰ্চৰ ভিতৰত তাপমাত্ৰা ঠায়ে ঠায়ে ৪০ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে । এনে পৰিস্থিতিত এতিয়াৰে পৰা জুইৰ দৰে গৰমৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগে । ইয়াত আমি আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ কথা ক’ম যিবোৰ এই গৰমৰ বতৰত ওলাই যোৱাৰ আগতে আপুনি অনুসৰণ কৰিব লাগে….
গ্ৰীষ্মকালত বাহিৰলৈ ওলোৱাৰ আগতে মনত ৰাখিব লগা কথা –
-এই বতৰত যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই পানীৰ বটল এটা সদায় লগত ৰাখক । মাজে মাজে পানী খাই থাকিব । লগতে ছাতি এটাও লগত ৰাখক যাতে ৰ’দৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে । ইয়াৰ বাহিৰেও টুপী পিন্ধি থাকিব । ইচ্ছা কৰিলে কপাহী গামোচাৰে চুলি আৰু মুখখন ঢাকিব পাৰে । ইয়াৰ ফলত আপোনাৰ ছালখন ৰ’দত পোৰাৰ পৰা ৰক্ষা পাব ।
-একে সময়তে গৰমৰ দিনত কেফেইন আৰু সুৰাপান কৰাৰ পৰা বিৰত থাকিব । ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ হ’ব পাৰে । ইয়াৰ উপৰিও খাদ্যত সেইবোৰ বস্তু অন্তৰ্ভুক্ত কৰক যিবোৰে আপোনাৰ পেট ঠাণ্ডা কৰি ৰাখে, যেনে দৈ । ফলমূলত অমিতা, তৰমুজ, আঙুৰ, লিচু আদি অন্তৰ্ভুক্ত কৰিব পাৰে ।
-যদি আপুনি ৭০ বছৰৰ ওপৰৰ হয় তেন্তে প্ৰতিদিনে শৰীৰৰ উষ্ণতা জুখিব লাগে । ইয়াৰ ফলত পেশীৰ ক্ৰেম্প ৰোধ কৰিব পাৰি । শৰীৰক গৰমৰ পৰা ৰক্ষা কৰিবলৈ দিনটোত প্ৰচুৰ পানী খাব লাগে । যদি আপুনি ৰাতিপুৱা খোজকাঢ়ে, তেন্তে ৮ বজাৰ আগতে কৰিব লাগে ।
-ৰাতি সদায় লঘু খাদ্য খাওক । তেলীয়া আৰু জ্বলা-মছলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক । ইয়াৰ ফলত আপোনাৰ হজম শক্তি নষ্ট হ’ব পাৰে । বমি আৰু ডায়েৰিয়াৰ সমস্যা হ’ব পাৰে ।
(এই প্ৰতিবেদনে পৰামৰ্শকে ধৰি কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে । ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয় । অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক ।)