উচ্চ দৰমহা আপোনাৰ অগ্ৰাধিকাৰ নেকি...তেন্তে এই ৯টা ডিগ্ৰী আপোনাৰ বাবে

উচ্চ দৰমহা আপোনাৰ অগ্ৰাধিকাৰ নেকি…তেন্তে এই ৯টা ডিগ্ৰী আপোনাৰ বাবে

আজিৰ তীব্ৰ প্ৰতিযোগিতামূলক চাকৰিৰ বজাৰখনত উচ্চ দৰমহা পোৱা ডিগ্ৰী বাছি লোৱাটো অতি প্ৰয়োজনীয় । সঠিক শিক্ষাৰ দ্বাৰা আপুনি আপোনাৰ কেৰিয়াৰৰ সুযোগ আৰু উপাৰ্জন বৃদ্ধি কৰিব পাৰে । ইয়াত কিছুমান ডিগ্ৰীৰ বিষয়ে উল্লেখ কৰা হৈছে যিয়ে আপোনাৰ দৰমহা বৃদ্ধিত বহুখিনি সহায় কৰিব পাৰে । কম্পিউটাৰ বিজ্ঞান-

আজিৰ তীব্ৰ প্ৰতিযোগিতামূলক চাকৰিৰ বজাৰখনত উচ্চ দৰমহা পোৱা ডিগ্ৰী বাছি লোৱাটো অতি প্ৰয়োজনীয় । সঠিক শিক্ষাৰ দ্বাৰা আপুনি আপোনাৰ কেৰিয়াৰৰ সুযোগ আৰু উপাৰ্জন বৃদ্ধি কৰিব পাৰে । ইয়াত কিছুমান ডিগ্ৰীৰ বিষয়ে উল্লেখ কৰা হৈছে যিয়ে আপোনাৰ দৰমহা বৃদ্ধিত বহুখিনি সহায় কৰিব পাৰে ।

কম্পিউটাৰ বিজ্ঞান-

আমাৰ প্ৰযুক্তি-চালিত পৃথিৱীখনত কম্পিউটাৰ বিজ্ঞানৰ ডিগ্ৰীয়ে কেৰিয়াৰৰ ভাল পথ মুকলি কৰে । চফ্টৱেৰ ডেভেলপাৰ, চাইবাৰ সুৰক্ষা বিশেষজ্ঞ আৰু অন্যান্য কাৰিকৰী পেছাদাৰীসকলৰ চাহিদা প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে, যাৰ ফলত তেওঁলোকৰ উপাৰ্জনৰ সম্ভাৱনা অতিশয় বৃদ্ধি পাইছে ।

অভিযান্ত্ৰিক-

কেমিকেল, পেট্ৰলিয়াম আৰু এৰোস্পেচৰ দৰে অভিযান্ত্ৰিক তথা ইঞ্জিনিয়াৰিং শাখাসমূহ ভাল উপাৰ্জন আৰু ভাল কেৰিয়াৰৰ বাবে জনাজাত । এই ক্ষেত্ৰসমূহত সমস্যা সমাধানৰ ক্ষমতা আৰু কাৰিকৰী জ্ঞানৰ ভাল সংমিশ্ৰণৰ প্ৰয়োজন, গতিকে বহু উদ্যোগত এইবোৰক অতিশয় সন্মান কৰা হয় ।

ব্যৱসায় প্ৰশাসন-

এম বি এৰ দৰে ব্যৱসায়িক ডিগ্ৰী বিভিন্ন সুযোগৰ দুৱাৰমুখ হ’ব পাৰে । এই ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে ডাঙৰ কোম্পানীত অফিচাৰ বা মেনেজাৰ হিচাপে চাকৰি পাব পাৰে । ডাঙৰ পজিচনৰ লগত বহুত ভাল উপাৰ্জন আহে ।

মেডিচিন-

চিকিৎসক আৰু স্বাস্থ্যসেৱা উদ্যোগৰ সৈতে জড়িত আন লোকসকলে বহু প্ৰশিক্ষণ লাভ কৰে, যাৰ বিনিময়ত তেওঁলোকে অতি ভাল উপাৰ্জন কৰে । অস্ত্ৰোপচাৰ বিশেষজ্ঞ, চিকিৎসক আৰু বিশেষজ্ঞই ভাল টকা উপাৰ্জন কৰে ।

আইন-

আইনৰ ডিগ্ৰীৰ লাভ কৰাৰ পাছত ভাল উপাৰ্জন হ’ব পাৰে । এইটো এনে এটা বৃত্তি য’ত উপাৰ্জনৰ সম্ভাৱনা অতি বেছি । কৰ্পৰেট উকীল, আইনী উপদেষ্টা আৰু ন্যায়াধীশসকলে প্ৰায়ে অতি ভাল দৰমহা পায় ।

বিত্ত-

ফাইনেন্স ডিগ্ৰীধাৰী লোকে ইনভেষ্টমেণ্ট বেংকাৰ হিচাপে চাকৰি পাব পাৰে । ইয়াৰ উপৰিও বিত্তীয় বিশ্লেষক হিচাপে কাম কৰিলেও ভাল উপাৰ্জন হ’ব পাৰে কাৰণ এই পদসমূহ বিত্তীয় পৰিকল্পনাৰ বাবে অতি প্ৰয়োজনীয় ।

ফাৰ্মাচী-

ঔষধৰ জগতখনত ফাৰ্মাচিষ্টৰ অতি গুৰুত্ব আছে । ৰোগীৰ যত্নৰ লগত জড়িত বিশেষ জ্ঞান আৰু বৃহৎ দায়িত্বৰ বাবে এই কামটোৱে ভাল দৰমহা দিয়ে ।

আৰ্কিটেক্সাৰ-

উদ্ভাৱনীমূলক আৰু বহনক্ষম ডিজাইনৰ আগমনৰ ফলত দক্ষ স্থপতিবিদৰ চাহিদা বৃদ্ধি পাইছে । স্থাপত্যৰ ডিগ্ৰীয়ে প্ৰাৰ্থীসকলক ডিজাইন আৰু পৰিকল্পনা গঠনত তেওঁলোকৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিব পাৰে, যাৰ ফলত ডাঙৰ দৰমহাৰ সম্ভাৱনা বৃদ্ধি পায় ।

একচুৰিয়েল চাইন্স-

বিপদৰ মূল্যায়ন আৰু বিত্তীয় ভৱিষ্যদ্বাণী কৰাত বিশেষজ্ঞ একচুৰিয়েল বিজ্ঞানৰ ডিগ্ৰীধাৰীসকলে বীমা আৰু বিত্তৰ ক্ষেত্ৰত ভাল দৰমহা পোৱা চাকৰি বিচাৰি পাব পাৰে । বজাৰত কি হ’ব সেই বিষয়ে ভৱিষ্যদ্বাণী কৰাৰ ক্ষমতা আৰু ধনক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰাৰ ক্ষমতাই তেওঁক উদ্যোগটোত অতিশয় মূল্যৱান কৰি তোলে ।

শেহতীয়া প্ৰৱন্ধসমূহ