নিশা ভাল টোপনি অহাত সমস্যা হয় নেকি...তেন্তে আজিৰ পৰাই কৰক এই কাম

নিশা ভাল টোপনি অহাত সমস্যা হয় নেকি…তেন্তে আজিৰ পৰাই কৰক এই কাম

বৰ্তমানৰ ব্যস্ত জীৱনত ভাল টোপনি এটা প্ৰত্যাহ্বান হৈ পৰিছে । টোপনিৰ অভাৱে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় । বহুতে গোটেই ৰাতিটো ভালদৰে টোপনি মাৰিব নোৱাৰি বাগৰ সলাই থাকে আৰু পুৱা সাৰ পাই ভাগৰুৱা অনুভৱ কৰে । কিন্তু কিছুমান সহজ ব্যৱস্থা গ্ৰহণ

বৰ্তমানৰ ব্যস্ত জীৱনত ভাল টোপনি এটা প্ৰত্যাহ্বান হৈ পৰিছে । টোপনিৰ অভাৱে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় । বহুতে গোটেই ৰাতিটো ভালদৰে টোপনি মাৰিব নোৱাৰি বাগৰ সলাই থাকে আৰু পুৱা সাৰ পাই ভাগৰুৱা অনুভৱ কৰে । কিন্তু কিছুমান সহজ ব্যৱস্থা গ্ৰহণ কৰিলে ৰাতি ভালদৰে টোপনি যাব পাৰি আৰু পুৱা সোনকালে সাৰ পোৱা যায় । গতিকে ইয়াত আমি আপোনালোকক এনে কিছুমান ফলপ্ৰসূ উপায়ৰ বিষয়ে ক’ম যাৰ দ্বাৰা আপুনি আপোনাৰ টোপনিৰ মান উন্নত কৰিব পাৰে ।

ভাল টোপনি কিয় গুৰুত্বপূৰ্ণ ?

আমাৰ স্বাস্থ্যৰ বাবে ভাল টোপনি খাদ্য আৰু পানীৰ দৰেই গুৰুত্বপূৰ্ণ । টোপনিৰ সময়ত আমাৰ শৰীৰ আৰু মনটোৱে নিজেই জিৰণি লয় আৰু পিছদিনাখনৰ বাবে প্ৰস্তুতি চলায় । পৰ্যাপ্ত পৰিমাণে টোপনি গ’লে আমাৰ একাগ্ৰতা, স্মৃতিশক্তি আৰু মেজাজ উন্নত হয় । ইয়াৰ উপৰিও ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতাও বৃদ্ধি কৰে ।

ভাল টোপনিৰ বাবে কি কৰিব ?

নিয়মীয়া সময়ত টোপনি আৰু সাৰ পোৱা : প্ৰতিদিনে একে সময়তে শোৱা আৰু সাৰ পোৱাৰ অভ্যাস গঢ়ি তোলক । ইয়াৰ ফলত আপোনাৰ শৰীৰৰ টোপনিৰ চক্ৰ নিয়মীয়া হ’ব ।

শোৱাৰ পূৰ্বে শান্ত পৰিৱেশ সৃষ্টি কৰক : শোৱাৰ পূৰ্বে কোঠাটো আন্ধাৰ কৰক, শব্দ কম কৰক আৰু আৰামদায়ক উষ্ণতা ৰাখক ।

ইলেক্ট্ৰনিক যন্ত্ৰৰ পৰা আঁতৰি থাকক : শুবলৈ যোৱাৰ এঘণ্টা পূৰ্বে মোবাইল, লেপটপ আৰু টিভিৰ দৰে ইলেক্ট্ৰনিক যন্ত্ৰ ব্যৱহাৰ নকৰিব ।

লঘু আহাৰ গ্ৰহণ কৰক : ৰাতি গধুৰ আহাৰ খোৱাৰ পৰা বিৰত থাকক । শুবলৈ যোৱাৰ দুই-তিনি ঘণ্টা আগতে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে ।

ব্যায়াম : নিয়মিত ব্যায়াম কৰিলে টোপনিৰ মান উন্নত হয় । কিন্তু, শুবলৈ যোৱাৰ ঠিক পূৰ্বে ব্যায়াম নকৰিব ।

মানসিক চাপ হ্ৰাস কৰক : মানসিক চাপ কম কৰিবলৈ আপুনি যোগাসন, ধ্যান বা সংগীত শুনিব পাৰে ।

কেফেইন আৰু এলক’হল পৰিহাৰ কৰক : শুবলৈ যোৱাৰ আগতে কেফেইন আৰু এলক’হল সেৱন নকৰিব ।

পুৱা কেনেকৈ সোনকালে সাৰ পাব ?

যথেষ্ট টোপনি লওক : পৰ্যাপ্ত পৰিমাণে টোপনি পালে পুৱা স্বয়ংক্ৰিয়ভাৱে সাৰ পাব ।

এলাৰ্ম ব্যৱহাৰ নকৰিব : এলাৰ্ম ব্যৱহাৰ নকৰিব । ইয়াৰ ফলত আপোনাৰ টোপনি বিঘ্নিত হয় আৰু ভাগৰুৱা অনুভৱ হয় ।

সূৰ্য্যৰ পোহৰত সাৰ পাওক : ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছু সময় সূৰ্যৰ পোহৰত বহিব লাগে । ইয়াৰ ফলত আপোনাৰ শৰীৰে গম পাব যে উঠিবলৈ সময় আহি পৰিছে ।

(পৰামৰ্শকে ধৰি এই বিষয়বস্তুৱে কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে । ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয় । অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক ।)

শেহতীয়া প্ৰৱন্ধসমূহ