ভাৰতীয় দলৰ তাৰকা বেগী বলাৰ হৰ্ষিত ৰাণাই বৃহস্পতিবাৰে (৬ ফেব্ৰুৱাৰী) নিজৰ নামত এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে, যিটো এতিয়ালৈকে কোনো ভাৰতীয়ই কৰিব পৰা নাই । ইংলেণ্ডৰ বিৰুদ্ধে নাগপুৰ এদিনীয়াত এই কৃতিত্ব অৰ্জন কৰিছে হৰ্ষিতে । এই ক্ষেত্ৰত তেওঁ কপিল দেৱ, যশপ্ৰীত বুমৰাহ, জাহিৰ খানৰ দৰে বহু ভাৰতীয় কিংবদন্তিক পিছ পেলাইছে ।
বৃহস্পতিবাৰে নাগপুৰত অনুষ্ঠিত হৈছে ভাৰতীয় দল আৰু ইংলেণ্ডৰ মাজত ৩খনীয়া খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । এই মেচখনৰ বাবে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই হৰ্ষিত ৰানাক মূল একাদশত সুযোগ প্ৰদান কৰে । এইখন হৈছে তেওঁৰ কেৰিয়াৰৰ প্ৰথমখন এদিনীয়া মেচ ।
তিনিওটা ফৰ্মেটতে অভিষেক মেচত ৩+ উইকেট দখল কৰা প্ৰথম ভাৰতীয়-
এই মেচত হৰ্ষিতে নিজৰ শক্তি প্ৰদৰ্শন কৰে । মেচখনত তৃতীয়টো উইকেট দখল কৰাৰ লগে লগে তেওঁ নিজৰ নামত এই ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হয় । উল্লেখ্য যে এই মেচত হৰ্ষিতে বেন ডাকেট, হেৰী ব্ৰুক আৰু লিয়াম লিভিংষ্টনক চিকাৰ কৰিছিল ।
লিভিংষ্টনক পেভিলিয়নৰ বাট দেখুওৱাৰ লগে লগে হৰ্ষিতে নিজৰ নামত এই অভিলেখ গঢ়িে । এতিয়া হৰ্ষিত ৰানা তিনিওটা ফৰ্মেটতে (টেষ্ট, এদিনীয়া, টি-২০) অভিষেক ঘটাই প্ৰথম ইনিংছত ৩ বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে হৰ্ষিতে টেষ্ট আৰু টি-২০ত অভিষেক ঘটাইছিল ।
টেষ্ট যোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাই হৰ্ষিতে
হৰ্ষিতে যোৱা বছৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থ টেষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায় । এই মেচখন ২০২৪ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈছিল, য’ত হৰ্ষিতে এই প্ৰথম টেষ্ট মেচখনৰ প্ৰথম ইনিংছত ৪৮ ৰানত ৩টা উইকেট দখল কৰিছিল । আনহাতে দ্বিতীয় ইনিংছত তেওঁ ৬৯ ৰানত ১ উইকেট দখল কৰে ।
ইয়াৰ পিছত এইবাৰ টি-২০ ক্ৰিকেটত অভিষেক ঘটাই হৰ্ষিতে । ২০২৫ চনৰ ৩১ জানুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত তেওঁ ৩৩ ৰানত ৩টা উইকেট দখল কৰে । এতিয়া এদিনীয়া ক্ৰিকেটত অভিষেক ঘটোৱা এসপ্তাহৰ ভিতৰতে তেওঁ নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।
আন্তঃৰাষ্ট্ৰীয় অভিষেকত হৰ্ষিতৰ অভিষেক-
টেষ্ট : ৩/৪৮ বনাম অষ্ট্ৰেলিয়া, পাৰ্থ
টি-২০ : ৩/৩৩ বনাম ইংলেণ্ড, পুনে
এদিনীয়াঃ ৩/৫৩ বনাম ইংলেণ্ড, নাগপুৰ
নাগপুৰ এদিনীয়াত ৩টা উইকেট দখল কৰে হৰ্ষিতে-
নাগপুৰ এদিনীয়াত ইংলেণ্ড দলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ পিছত সমগ্ৰ দলটো ৪৭.৪ অভাৰত ২৪৮ ৰান সংগ্ৰহ কৰি আউট হয় । এই খেলখনত হৰ্ষিত ৰাণাই ৭ অভাৰ বলিং কৰি ৫৩ ৰানত ৩টা উইকেট দখল কৰে । ইয়াৰ সময়ত তেওঁ এক অভাৰ মেডেনো কৰিছিল ।