টিম ইণ্ডিয়াত সালসলনি ! হৰ্ষিত ৰাণাৰ সলনি এতিয়া খেলিব এইজন স্পীডষ্টাৰ !

বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াত হৰ্ষিত ৰাণাৰ সলনি যোগদান কৰিছে এইগৰাকী ফাষ্ট বলাৰে ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে হৰ্ষিত ৰাণা বিশ্বকাপৰ দলৰ পৰা বাহিৰ হোৱা বুলি ঘোষণা কৰিছে । বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াত হৰ্ষিত ৰাণাৰ সলনি যোগদান কৰিছে ফাষ্ট বলাৰ মহম্মদ ছিৰাজে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচত আঘাতপ্ৰাপ্ত হোৱা হৰ্ষিত এতিয়া সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে । বিচিচিআইয়ে হৰ্ষিত ৰাণাৰ ঠাইত ১৫ জনীয়া দলটোত মহম্মদ ছিৰাজক অন্তৰ্ভুক্ত কৰিছে ।

বিচিচিআইয়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় যে, “২০২৬ চনৰ ৪ ফেব্ৰুৱাৰীত নৱী মুম্বাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৱাৰ্ম আপ মেচত আঁঠুৰ আঘাতৰ বাবে আগন্তুক আইচিচি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা ফাষ্ট বলাৰ হৰ্ষিত ৰাণাক বাদ দিয়া হৈছে । বিচিচিআইৰ চিকিৎসা দলে তেওঁক প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে অযোগ্য বুলি ঘোষণা কৰিছে । দল পৰিচালনা সমিতিয়ে তেওঁৰ দ্ৰুত আৰোগ্যৰ কামনা কৰিছে । ফাষ্ট বলাৰ মহম্মদ ছিৰাজে হৰ্ষিত ৰাণাৰ ঠাইত দলত স্থান লাভ কৰিব ।’

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ আপডেটড দল :

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ঈশান কিষণ (উইকেটকীপাৰ), তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল (সহ-অধিনায়ক), ৰিংকু সিং, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ৱাশ্বিংটন সুন্দৰ আৰু মহম্মদ ছিৰাজ ।

লগতে পঢ়ক : আজিৰে পৰা টি-২০ বিশ্বকাপৰ মহাৰণ : প্ৰথম দিনাই খেলপথাৰত নামিব মেন ইন ব্লু

পৰাজয়ৰ পিছত ভাৰতৰ ডাঙৰ সিদ্ধান্ত; দলৰ পৰা বাদ পৰিল হৰ্ষিত ৰাণা

দলৰ পৰা বাদ পৰিল হৰ্ষিত ৰাণা

ইংলেণ্ড ভ্ৰমণত টিম ইণ্ডিয়াই যি আৰম্ভণি বিচাৰিছিলে, সেয়া নাপালে। টেষ্টৰ নতুন অধিনায়ক শুভমান গীলৰ নেতৃত্বত ভাৰতীয় দলটোৱে লিডছৰ প্ৰথমখন খেলত ৫ উইকেটত পৰাস্ত হয়।

চাৰিদিন ধৰি মেচখন সমানে স্থিৰ যেন লাগিছিল যদিও পঞ্চম দিনটোত আয়োজক দলটোৱে বিজয়ী হৈ ওলাই আহি ৩৭১ ৰানৰ ঐতিহাসিক চেজ টানি পাঁচখন মেচৰ শৃংখলাত ১-০ গ’লত আগবাঢ়ি যায়।

এই মেচ শেষ হোৱাৰ ২৪ ঘন্টাও পাৰ হোৱা নাই আৰু ভাৰতীয় শিবিৰৰ পৰা এটা ডাঙৰ খবৰ আহিছে। আচলতে দলৰ পৰা বাহিৰ কৰি দিয়া হৈছে এজন তাৰকা বেগী বলাৰ।বাৰ্মিংহামৰ এডগবাষ্টনত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ বাবে দলটোৰ সৈতে যোৱা নাই পেচাৰগৰাকীয়ে।

দৰাচলতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচৰ পূৰ্বে টেষ্ট দলৰ পৰা বাহিৰ কৰি দিয়া হৈছে যুৱ বেগী বলাৰ হৰ্ষিত ৰাণা।এই পেচাৰগৰাকীয়ে দলটোৰ সৈতে দ্বিতীয়খন টেষ্টৰ বাবে বাৰ্মিংহামলৈ যোৱা নাই।

এই ভ্ৰমণৰ বাবে নিৰ্বাচিত দলৰ অংশ হৰ্ষিত ৰাণা নাছিল।তেওঁ ইণ্ডিয়া-এ দলৰ অংশ আছিল।অৱশ্যে ছিৰিজৰ অ’পেনাৰ মেচৰ পূৰ্বে তেওঁক দলত অন্তৰ্ভুক্ত কৰা হৈছিল।BCCIয়ে এক বিবৃতিত জনাইছিল যে হৰ্ষিতক লিডছ টেষ্টৰ বাবে দলত যোগ কৰা হৈছে।

প্ৰথম টেষ্টত ভাৰতৰ পৰাজয়ৰ পিছত গম্ভীৰে হৰ্ষিত ৰাণা সম্পৰ্কে কৈছিল, ‘মই চেয়াৰমেন চিলেক্টৰৰ লগত কথা পতা নাই।

মই বাচনিকাৰীৰ অধ্যক্ষৰ লগত কথা পাতিম। সেইবাবেই আমি তেওঁক বেকআপ হিচাপে বিচাৰিছিলো।কিন্তু এই মুহূৰ্তত সকলো ঠিকেই যেন লাগিছে, গতিকে সকলো ঠিকেই থাকিলে তেওঁ ঘূৰি আহিব লাগিব।

লগতে পঢ়ক: ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব ভাৰত ইংলেণ্ডৰ মাজৰ দ্বিতীয়খন টেষ্ট মেচ

অভিষেক মেচতে হৰ্ষিত ৰাণাই ৰচিলে ইতিহাস…অতিক্ৰম কৰিলে বুমৰাহ-কপিল দেৱ-জাহিৰক

ভাৰতীয় দলৰ তাৰকা বেগী বলাৰ হৰ্ষিত ৰাণাই বৃহস্পতিবাৰে (৬ ফেব্ৰুৱাৰী) নিজৰ নামত এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে, যিটো এতিয়ালৈকে কোনো ভাৰতীয়ই কৰিব পৰা নাই । ইংলেণ্ডৰ বিৰুদ্ধে নাগপুৰ এদিনীয়াত এই কৃতিত্ব অৰ্জন কৰিছে হৰ্ষিতে । এই ক্ষেত্ৰত তেওঁ কপিল দেৱ, যশপ্ৰীত বুমৰাহ, জাহিৰ খানৰ দৰে বহু ভাৰতীয় কিংবদন্তিক পিছ পেলাইছে ।

বৃহস্পতিবাৰে নাগপুৰত অনুষ্ঠিত হৈছে ভাৰতীয় দল আৰু ইংলেণ্ডৰ মাজত ৩খনীয়া খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । এই মেচখনৰ বাবে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই হৰ্ষিত ৰানাক মূল একাদশত সুযোগ প্ৰদান কৰে । এইখন হৈছে তেওঁৰ কেৰিয়াৰৰ প্ৰথমখন এদিনীয়া মেচ ।

তিনিওটা ফৰ্মেটতে অভিষেক মেচত ৩+ উইকেট দখল কৰা প্ৰথম ভাৰতীয়-

এই মেচত হৰ্ষিতে নিজৰ শক্তি প্ৰদৰ্শন কৰে । মেচখনত তৃতীয়টো উইকেট দখল কৰাৰ লগে লগে তেওঁ নিজৰ নামত এই ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হয় । উল্লেখ্য যে এই মেচত হৰ্ষিতে বেন ডাকেট, হেৰী ব্ৰুক আৰু লিয়াম লিভিংষ্টনক চিকাৰ কৰিছিল ।

লিভিংষ্টনক পেভিলিয়নৰ বাট দেখুওৱাৰ লগে লগে হৰ্ষিতে নিজৰ নামত এই অভিলেখ গঢ়িে । এতিয়া হৰ্ষিত ৰানা তিনিওটা ফৰ্মেটতে (টেষ্ট, এদিনীয়া, টি-২০) অভিষেক ঘটাই প্ৰথম ইনিংছত ৩ বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে হৰ্ষিতে টেষ্ট আৰু টি-২০ত অভিষেক ঘটাইছিল ।

টেষ্ট যোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাই হৰ্ষিতে

হৰ্ষিতে যোৱা বছৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থ টেষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায় । এই মেচখন ২০২৪ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈছিল, য’ত হৰ্ষিতে এই প্ৰথম টেষ্ট মেচখনৰ প্ৰথম ইনিংছত ৪৮ ৰানত ৩টা উইকেট দখল কৰিছিল । আনহাতে দ্বিতীয় ইনিংছত তেওঁ ৬৯ ৰানত ১ উইকেট দখল কৰে ।

ইয়াৰ পিছত এইবাৰ টি-২০ ক্ৰিকেটত অভিষেক ঘটাই হৰ্ষিতে । ২০২৫ চনৰ ৩১ জানুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত তেওঁ ৩৩ ৰানত ৩টা উইকেট দখল কৰে । এতিয়া এদিনীয়া ক্ৰিকেটত অভিষেক ঘটোৱা এসপ্তাহৰ ভিতৰতে তেওঁ নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

আন্তঃৰাষ্ট্ৰীয় অভিষেকত হৰ্ষিতৰ অভিষেক-

টেষ্ট : ৩/৪৮ বনাম অষ্ট্ৰেলিয়া, পাৰ্থ

টি-২০ : ৩/৩৩ বনাম ইংলেণ্ড, পুনে

এদিনীয়াঃ ৩/৫৩ বনাম ইংলেণ্ড, নাগপুৰ

নাগপুৰ এদিনীয়াত ৩টা উইকেট দখল কৰে হৰ্ষিতে-

নাগপুৰ এদিনীয়াত ইংলেণ্ড দলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ পিছত সমগ্ৰ দলটো ৪৭.৪ অভাৰত ২৪৮ ৰান সংগ্ৰহ কৰি আউট হয় । এই খেলখনত হৰ্ষিত ৰাণাই ৭ অভাৰ বলিং কৰি ৫৩ ৰানত ৩টা উইকেট দখল কৰে । ইয়াৰ সময়ত তেওঁ এক অভাৰ মেডেনো কৰিছিল ।