বলীউড আৰু ৰাজনীতিৰ বাবে জনাজাত কংগনা ৰাণাৱটে এতিয়া ব্যৱসায়িক জগততো ভৰি দিছে। বুধবাৰে, কংগনাই হিমালয়ৰ উপত্যকাত এখন ৰেষ্টুৰেণ্ট খোলাৰ কথা ঘোষণা কৰিছে।
ইয়াৰ সৈতে সম্পৰ্কিত এটা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তেওঁ ৰেষ্টুৰেণ্টখনৰ এটা আভাস দেখুওৱলৈ চেষ্টা কৰিছে।
ইয়াৰ লগতে, কংগনাই দীপিকা পাডুকনক এটা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ ৰেষ্টুৰেণ্টলৈ অহাৰ প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়া দেখা গৈছে।
কংগনা ৰাণাৱটে ভেলেণ্টাইন ডে’ৰ দিনাই হিমালয়ৰ উপত্যকাত তেওঁৰ সপোনৰ ৰেষ্টুৰেণ্ট খুলিবলৈ সাজু হৈছে। যাৰ এটা ভিডিঅ’ তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।
এই ভিডিঅ’টোত, কংগনাই বৰ্ণনা কৰিছে যে তেওঁৰ বহু বছৰ পুৰণি সপোন কেনেদৰে সঁচা হ’বলৈ গৈ আছে।ৰেষ্টুৰেণ্টখনৰ সৈতে সম্পৰ্কিত কংগনাই ইনষ্টাগ্ৰামত কেইবাটাও পোষ্ট কৰিছে, যাৰ এটাত তেওঁ লিখিছে,”হিমালয় মোৰ হাড়, নদীবোৰ মোৰ শিৰা, অৰণ্যবোৰ মোৰ চিন্তা, আৰু তৰাবোৰ মোৰ সপোন।”
ৰেষ্টুৰেণ্ট খোলাৰ ঘোষণাৰ পিছত, কংগনাৰ পূৰ্বৰ এটা সাক্ষাৎকাৰৰ ভিডিঅ’ ভাইৰেল হৈছে। কংগনা ৰাণাৱতৰ সেই ভিডিঅ’টোত দীপিকা পাডুকন, বিদ্যা বালান, আৰু নিম্ৰত কৌৰকো দেখিবলৈ পোৱা গৈছিল।
ভিডিঅ’টোত, কংগনাই কয় যে তেওঁ এখন ৰেষ্টুৰেণ্ট খুলিব বিচাৰে য’ত সমগ্ৰ বিশ্বৰ ব্যঞ্জন থাকিব। তেওঁ লগতে উল্লেখ কৰে যে কংগনাই সমগ্ৰ বিশ্বৰ খাদ্য খাইছে, সেয়েহে তেওঁ এক বেলেগ ৰেচিপি আনিব।কংগনাই এইকথা কোৱাৰ পিছত, দীপিকাই উত্তৰ দিয়ে যে তেওঁ কংগনাৰ ৰেষ্টুৰেণ্টৰ প্ৰথম গ্ৰাহক হ’বলৈ ভাল পা