‘কংগনা ৰানাৱটে সাংসদ পদৰ পৰা পদত্যাগ কৰক’; জগত সিং নেগীৰ ডাঙৰ মন্তব্য

কংগনা ৰানাৱটে সাংসদ পদৰ পৰা পদত্যাগ কৰক

বৰ্তমান হিমাচল প্ৰদেশ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে।ইফালে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জগত সিং নেগীয়ে মণ্ডী লোকসভাৰ আসনৰ সাংসদ তথা বিজেপি নেত্ৰী কংগনা ৰানাৱটক তীক্ষ্ণ সমালোচনা কৰিছে।

জগত সিং নেগীয়ে কয় যে যদি কংগনা ৰানাৱটে সাংসদ হিচাপে নিজৰ দায়িত্বত সুখী নহয় তেন্তে তৎক্ষণাত পদত্যাগ কৰিব লাগে।

আচলতে হিমাচল প্ৰদেশৰ দুৰ্যোগপীড়িত জিলা মণ্ডী ভ্ৰমণৰ সময়ত কংগনাই কৈছিল সাহায্য আৰু উদ্ধাৰৰ কাম ৰাজ্য চৰকাৰৰ দায়িত্ব।ইয়াৰ পিছত কংগ্ৰেছে তেওঁক আক্ৰমণ কৰিছে।

কংগনাই কৈছিল- ‘এজন সাংসদ হিচাপে মই কেৱল পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক অৱগত কৰিব পাৰো আৰু কেন্দ্ৰীয় সহায় বিচাৰিব পাৰো’।

‘আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সংযোগী হিচাপে কাম কৰোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ আগত অঞ্চলটোৰ বিষয়সমূহ উত্থাপন কৰো’।

“মোৰ ওচৰত কেবিনেট বা আমোলাতন্ত্ৰ নাই।উপ-আয়ুক্তসকলৰ সৈতে পৰিস্থিতি পুনৰীক্ষণ কৰিব পাৰো আৰু সবিশেষ দিবহে পাৰিম।”

কি ক’লে জগত সিং নেগীয়ে?

হিমাচল প্ৰদেশৰ ৰাজহ আৰু উদ্যান শস্য মন্ত্ৰী জগত সিং নেগীয়ে বৃহস্পতিবাৰে কংগনা ৰানাউটক লক্ষ্য কৰি কয়-“যদি কংগনা সাংসদ হিচাপে দিয়া দায়িত্বত সুখী নহয়, তেতিয়াহলে তেওঁ তৎক্ষণাত পদত্যাগ কৰিব লাগে যাতে কোনোবা সক্ষম ব্যক্তিৰ বাবে বাট সাজু কৰিব পৰা যায়।যিয়ে ৰাইজৰ যন্ত্ৰণা বুজি পায় আৰু তেওঁলোকৰ লগত ভূমি পৰ্য্যায়ত থিয় দিয়ে”।

লগতে পঢ়ক: বিপদ বাঢ়িছে শ্বেখ হাছিনাৰ; মানৱতাৰ বিৰুদ্ধে অপৰাধ গোচৰত ফ্ৰেমৱৰ্ক কৰা অভিযোগ

ৰাজনীতিৰ পিছত এইবাৰ ব্যৱসায়লৈ মন মেলিছে কংগনা ৰানাৱতে ; ভেলেণ্টাইন ডে’ ৰ দিনাই মুকলি কৰিব…

বলীউড আৰু ৰাজনীতিৰ বাবে জনাজাত কংগনা ৰাণাৱটে এতিয়া ব্যৱসায়িক জগততো ভৰি দিছে। বুধবাৰে, কংগনাই হিমালয়ৰ উপত্যকাত এখন ৰেষ্টুৰেণ্ট খোলাৰ কথা ঘোষণা কৰিছে।

ইয়াৰ সৈতে সম্পৰ্কিত এটা ভিডিঅ’  সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তেওঁ ৰেষ্টুৰেণ্টখনৰ এটা আভাস দেখুওৱলৈ চেষ্টা কৰিছে।

ইয়াৰ লগতে, কংগনাই দীপিকা পাডুকনক এটা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ ৰেষ্টুৰেণ্টলৈ অহাৰ প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়া দেখা গৈছে।

কংগনা ৰাণাৱটে ভেলেণ্টাইন ডে’ৰ দিনাই হিমালয়ৰ উপত্যকাত তেওঁৰ সপোনৰ ৰেষ্টুৰেণ্ট খুলিবলৈ সাজু হৈছে। যাৰ এটা ভিডিঅ’ তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

এই ভিডিঅ’টোত, কংগনাই বৰ্ণনা কৰিছে যে তেওঁৰ বহু বছৰ পুৰণি সপোন কেনেদৰে সঁচা হ’বলৈ গৈ আছে।ৰেষ্টুৰেণ্টখনৰ সৈতে সম্পৰ্কিত কংগনাই ইনষ্টাগ্ৰামত কেইবাটাও পোষ্ট কৰিছে, যাৰ এটাত তেওঁ লিখিছে,”হিমালয় মোৰ হাড়, নদীবোৰ মোৰ শিৰা, অৰণ্যবোৰ মোৰ চিন্তা, আৰু তৰাবোৰ মোৰ সপোন।”

ৰেষ্টুৰেণ্ট খোলাৰ ঘোষণাৰ পিছত, কংগনাৰ পূৰ্বৰ এটা সাক্ষাৎকাৰৰ ভিডিঅ’ ভাইৰেল হৈছে। কংগনা ৰাণাৱতৰ সেই ভিডিঅ’টোত দীপিকা পাডুকন, বিদ্যা বালান, আৰু নিম্ৰত কৌৰকো দেখিবলৈ পোৱা গৈছিল।

ভিডিঅ’টোত, কংগনাই কয় যে তেওঁ এখন ৰেষ্টুৰেণ্ট খুলিব বিচাৰে য’ত সমগ্ৰ বিশ্বৰ ব্যঞ্জন থাকিব। তেওঁ লগতে উল্লেখ কৰে যে কংগনাই সমগ্ৰ বিশ্বৰ খাদ্য খাইছে, সেয়েহে তেওঁ এক বেলেগ ৰেচিপি আনিব।কংগনাই এইকথা কোৱাৰ পিছত, দীপিকাই উত্তৰ দিয়ে যে তেওঁ কংগনাৰ ৰেষ্টুৰেণ্টৰ প্ৰথম গ্ৰাহক হ’বলৈ ভাল পা