মনোৰঞ্জন উদ্যোগৰ আটাইতকৈ বিতৰ্কিত চেলিব্ৰিটিসকলৰ মাজৰ এগৰাকী হৈছে ৰাখী সাৱন্ত, যি প্ৰায়ে শিৰোনামত থাকে।কেতিয়াবা বিবাহৰ বাবে, কেতিয়াবা তেওঁৰ বিবাহ বিচ্ছেদৰ বাবে আৰু কেতিয়াবা তেওঁৰ মন্তব্যৰ বাবে।
অভিনেত্ৰীগৰাকী বৰ্তমান পাকিস্তানত আছে আৰু তেওঁৰ সৈতে সম্পৰ্কিত এটা ডাঙৰ খবৰ ওলাইছে, যিয়ে সকলোকে আচৰিত কৰিছে।
ৰাখীয়ে আকৌ এবাৰ তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত আছে।ৰাখীয়ে বৰ্তমানলৈকে দুবাৰকৈ বিবাহ পাশত আৱদ্ধ হৈছে। তেওঁ প্ৰথমবাৰৰ বাবে ২০১৯ চনত ৰীতেশ সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
কিন্তু ২০২২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। তাৰ পিছত তেওঁ একে বছৰতে দ্বিতীয়বাৰৰ বাবে আদিল খান দুৰানীক বিয়া কৰায়, কিন্তু ২০২৩ চনত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়।
লগতে, দুয়োৰে বিবাহ আৰু বিবাহ বিচ্ছেদক লৈ যথেষ্ট বিতৰ্ক হৈছিল।ইয়াৰ পিছত, অভিনেত্ৰী গৰাকীয়ে তৃতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’বলৈ ওলাইছে বুলি খবৰ পোৱা গৈছে।
কিন্তু আচৰিত কথাটো হ’ল যে এইবাৰ অভিনেত্ৰী গৰাকীয়ে ভাৰতত নহয়, পাকিস্তানত বিয়া হোৱাৰ কথা ভাবি আছে।পাকিস্তানী অভিনেতা-প্ৰযোজক ডোডি খানে ৰাখীক বিবাহৰ বাবে প্ৰস্তাৱ দিছিল।
এতিয়া এক বিশেষ বাৰ্তালাপত, ৰাখীয়ে ডোডিৰ সৈতে বিবাহৰ উৰাবাতৰিৰ বিষয়ে কৈছিল।তেওঁ কৈছিল যে তেওঁ ডোডিৰ বিবাহৰ প্ৰস্তাৱটো বিবেচনা কৰিব পাৰে আৰু পাকিস্তানৰ বোৱাৰী হোৱাৰ কথা ভাবি আছে।
ৰাখীয়ে ক’লে, ‘হয়, এইটো সঁচা যে মই লাহোৰলৈ আহিছো। হানিয়াৰ আমিৰৰ সৈতে কিছু কাম আছে। সেইকাৰণে মই ইয়ালৈ আহিছিলো।”
তেওঁ লগতে কয় যে “যেতিয়া মানুহে দেখিলে যে মই পাকিস্তান আহিছো , ডোডিজী, যি মোৰ এজন ভাল বন্ধু, মোক বিবাহৰ প্ৰস্তাৱ দিছিল।মই তেওঁৰ প্ৰস্তাৱটো বহুত ভাল পাইছিলো আৰু এতিয়া মই ভাবি আছোঁ যে মই পাকিস্তানৰ বোৱাৰী হোৱা উচিত”।
দৰাচলতে ডোডি খানে তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ ধেমেলীয়াকৈ ৰাখীক সুধিছিলযে , ‘ বৰযাত্ৰী লৈ ভাৰত আহিব নে ডুবাই ? তোমাক ভাল পাওঁ।” এই ভিডিঅ’টোৰ পিছত, ৰাখীৰ তৃতীয় বিবাহৰ বিষয়ে আলোচনা আৰম্ভ হৈছে। অৱশ্যে, ৰাখীয়ে এতিয়ালৈকে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই।