অবৈধ বাংলাদেশীৰ বিৰুদ্ধে দিল্লী পুলিচৰ একচন; মাজনিশা ঘৰে ঘৰে চলালে অভিযান

আৰক্ষীয়ে বৃহস্পতিবাৰে মাজনিশা দিল্লীত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক বৃহৎ তালাচী অভিযান চলাই।মুম্বাইত বলীউড অভিনেতা ছৈইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ অভিযান আৰম্ভ কৰা হৈছিল। উল্লেখ্য যে ছৈইফ আলী খানক আক্ৰমণ কৰা ব্যক্তিজন বাংলাদেশৰ নাগৰিক আছিল আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। দিল্লী আৰক্ষীয়ে

আৰক্ষীয়ে বৃহস্পতিবাৰে মাজনিশা দিল্লীত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক বৃহৎ তালাচী অভিযান চলাই।মুম্বাইত বলীউড অভিনেতা ছৈইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ  অভিযান আৰম্ভ কৰা হৈছিল।

উল্লেখ্য যে ছৈইফ আলী খানক আক্ৰমণ কৰা ব্যক্তিজন বাংলাদেশৰ নাগৰিক আছিল আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।

দিল্লী আৰক্ষীয়ে অবৈধভাৱে বাস কৰা বাংলাদেশী আৰু ৰহিংগীয়া অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিবলৈ এই অভিযান চলাইছিল।

বৃহস্পতিবাৰে নিশা দিল্লী আৰক্ষীৰ এটা দলে পশ্চিম দিল্লীৰ বস্তি অঞ্চলত তালাচী চলাইছিল। নিৰাপত্তাৰক্ষীয়ে ঘৰে ঘৰে গৈ মানুহক সোধা-পোছা কৰাৰ লগতে তেওঁলোকৰ নথিপত্ৰও পৰীক্ষা কৰিছিল।

আৰক্ষী বিষয়াসকলে কৈছিল যে অভিযানটো লেফটেনেণ্ট গভৰ্ণৰ ভি.কে. সিঙে চলাইছিল। ছৈইফ আলী খানৰ ওপৰত আক্ৰমণৰ পিছত, ভি.কে. চাক্সেনাই ৰাজধানীত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছিল।চাক্সেনাৰ নিৰ্দেশনা অনুসৰিয়েই আৰক্ষীয়ে চলাইচিল অভিযান।  

ডিচিপি (পশ্চিম) বিচিত্ৰ বীৰে কৈছিল যে মানুহে প্ৰায়ে দিনত কামলৈ যায়, কিন্তু সকলোৱে ৰাতি ঘৰত থাকে, যাৰ ফলত প্ৰমাণীকৰণ সহজ হয়। এই অভিযানৰ সময়ত, আৰক্ষীয়ে বহু লোকক সোধা-পোছা কৰিছিল। 

শেহতীয়া প্ৰৱন্ধসমূহ