প্ৰতিমাহে মহিলাসকলে লাভ কৰিব ২৫০০ টকাকৈ আৰু চিলিণ্ডাৰত ৫০০ টকাৰ ৰাজসাহাৰ্য, নতুন আঁচনি ৰূপায়ন কৰাৰ প্ৰতিশ্ৰুতি বিজেপিৰ !

২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে বহু ডাঙৰ প্ৰতিশ্ৰুতি দিছে। সকলো মহিলাসকলৰ নতুন আঁচনি আৰু LPG গেছৰ বাবে পৃথক সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি বিজেপি চৰকাৰৰ। ২০২৫ৰ দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে শুক্ৰবাৰে ঘোষণা পত্ৰ জাৰি কৰে। বিজেপিৰ অধ্যক্ষ জে পি নাড্ডাই ঘোষণা

২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে বহু ডাঙৰ প্ৰতিশ্ৰুতি দিছে। সকলো মহিলাসকলৰ নতুন আঁচনি আৰু LPG গেছৰ বাবে পৃথক সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি বিজেপি চৰকাৰৰ।

২০২৫ৰ দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে শুক্ৰবাৰে ঘোষণা পত্ৰ জাৰি কৰে। বিজেপিৰ অধ্যক্ষ জে পি নাড্ডাই ঘোষণা কৰে যে, দিল্লীৰ মহিলাসকলৰ বাবে মহিলা সমৃদ্ধি আঁচনি ৰূপায়ন কৰিব। য’ত মহিলাসকলে প্ৰতিমাহে লাভ কৰিব ২৫০০ টকাকৈ। LPG গেছতো ৫০০ টকা পৰ্যন্ত ৰাজসাহাৰ্য দিয়াৰ প্ৰতিশ্ৰুতি বিজেপি চৰকাৰৰ। হোলি আৰু দেৱালী উপলক্ষে অতিৰিক্ত এটাকৈ চিলিণ্ডাৰ লাভ কৰিব মহিলাসকলে। প্ৰসূতি সুৰক্ষা আঁচনিৰ অধীনত ২১০০০ টকা দিয়া হ’ব আৰু ৬টা পুষ্টিকৰ কিট পৃথকে পৃথকে দিয়া হ’ব।

শেহতীয়া প্ৰৱন্ধসমূহ