ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদী আক্ৰমণৰ ঘটনাত শোক প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে । অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত নক্সালক দেশৰ পৰা নিৰ্মূল কৰাৰ প্ৰতিজ্ঞা কৰি কয় যে জোৱানসকলৰ বলিদান অথলে নাযায় । শ্বাহে কয় যে আই ই ডি বিস্ফোৰণত ডি আৰ জি জোৱানৰ বলিদানৰ খবৰ পাই মই গভীৰ দুখ পাইছোঁ । বীৰ জোৱান সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।
শ্বাহে আৰু কয় যে এই দুখক শব্দৰে প্ৰকাশ কৰাটো অসম্ভৱ, কিন্তু মই আপোনালোকক আশ্বস্ত কৰিছো যে আমাৰ জোৱানসকলৰ ত্যাগ অথলে নাযায় । আমি ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতত নক্সালবাদৰ অন্ত পেলাম । উল্লেখ্য যে যোৱা দুবছৰত ৰাজ্যখনৰ নিৰাপত্তা বাহিনীক মাওবাদীয়ে কৰা এইটোৱেই আছিল আটাইতকৈ ডাঙৰ আক্ৰমণ আৰু ২০২৫ চনৰ প্ৰথমটো আক্ৰমণ ।
সোমবাৰে বিজাপুৰৰ কুট্ৰু পথত নক্সালবাদীয়ে নিৰাপত্তাৰক্ষীৰ বাহনত আই ই ডি বিস্ফোৰণ সংঘটিত কৰে । এই ঘটনাত এজন চালক আৰু ৮গৰাকী জোৱান শ্বহীদ হয় । লগতে আন কেইবাগৰাকী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে । বাহনখনত যাত্ৰা কৰা মুঠ জোৱানৰ সংখ্যাৰ তথ্য এতিয়াও পোৱা হোৱা নাই । জানিব পৰা মতে নক্সাল অভিযানৰ পৰা উভতি আহি আছিল নিৰাপত্তাৰক্ষীৰ দলটো । এই সময়ছোৱাতে কুট্ৰু পথত নক্সালবাদীয়ে তেওঁলোকক এম্বুছ কৰি আই ই ডি বিস্ফোৰণ সংঘটিত কৰে । চত্তিশগড়ত অবিৰত অভিযানৰ বাবে নক্সাল হতাশ হৈ পৰিছে যাৰ বাবে জোৱানক লক্ষ্য কৰি লৈছে ।









