২০২৪ চন শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন । এই কেইটামান দিনৰ পিছতেই বহুতো উত্থান-পতনৰ সাক্ষী হোৱা ২০২৪ বৰ্ষই আমাৰ মাজৰ পৰা মেলানি মাগিব আৰু নতুন আশা-প্ৰত্যাশাৰে সকলোৱে আদৰি ল’ব নৱবৰ্ষ ২০২৫ । আন বহুতো ক্ষেত্ৰৰ দৰে নতুন বৰ্যটোত বিশ্বৰ ৰাজনীতিকো এক বেলেগ ৰঙত দেখা যাব, য’ত বহু দেশৰ সাধাৰণ নিৰ্বাচন অন্তৰ্ভুক্ত হৈছে । এক প্ৰকাৰে ২০২৫ চন হ’ব নিৰ্বাচনী বৰ্ষ । কানাডা, অষ্ট্ৰেলিয়া, জাৰ্মানী, ছিংগাপুৰ, বেলাৰুছ, বাংলাদেশৰ দৰে ডাঙৰ দেশত সাধাৰণ অনুষ্ঠিত হ’ব নিৰ্বাচন ।
বাংলাদেশঃ এছিয়াৰ দেশ বাংলাদেশত ২০২৫ বৰ্ষত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে । ৰাজনৈতিক অস্থিৰতাৰ মাজেৰে পাৰ হৈ যোৱা দেশখনৰ সাধাৰণ নিৰ্বাচনত সমগ্ৰ বিশ্বই চকু ৰাখিব । সম্প্ৰতি আৱামী লীগৰ শ্বেখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰাৰ পাছত মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশত শাসন চলাই আছে । ক্ষমতা দখলৰ পিছৰে পৰা অন্তৱৰ্তীকালীন চৰকাৰক নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিবলৈ কোৱা হৈছে । ক্ৰমাৎ হেঁচা বৃদ্ধিৰ মাজতে মহম্মদ ইউনুছে ঘোষণা কৰিছে যে ২০২৫ চনৰ শেষৰ ফালে বা ২০২৬ চনৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হ’ব । ২০২৪ চনৰ ৭ জানুৱাৰীত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল । এই নিৰ্বাচনত একেৰাহে চতুৰ্থবাৰৰ বাবে জয়লাভ কৰিছিল শ্বেখ হাছিনাই । অৱশ্যে এই নিৰ্বাচন বৰ্জন কৰে দেশৰ প্ৰধান বিৰোধী দল বি এন পিয়ে । ২০২৪ চনৰ জুলাই-আগষ্টত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ মাজতে ৫ আগষ্টত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি শ্বেখ হাছিনাই দেশ পলায়ন কৰে ।
কানাডাঃ ২০২৫ চনত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’ব । ২০২৫ চনৰ ২০ অক্টোবৰ বা তাৰ পূৰ্বে অনুষ্ঠিত হ’ব কানাডাৰ ফেডাৰেল নিৰ্বাচন । ইয়াৰ দ্বাৰা কানাডাৰ সংসদৰ হাউছ অৱ কমনছৰ সদস্য নিৰ্বাচন কৰা হ’ব । এবছৰ ধৰি ক্ৰমাগতভাৱে সমৰ্থন হ্ৰাস পোৱাৰ পিছতো প্ৰধানমন্ত্ৰী ট্ৰুডোৱে একেৰাহে চতুৰ্থবাৰৰ বাবে ক্ষমতাত থাকিবলৈ বিচাৰিছে । ২০২৪ চনত কৰা সমীক্ষা অনুসৰি ট্ৰুডো আৰু তেওঁৰ লিবাৰেল পাৰ্টিৰ প্ৰতি জনসাধাৰণৰ ক্ষোভ স্পষ্টকৈ দেখা গৈছে । কানাডাৰ তিনি চতুৰ্থাংশ ভোটাৰে তেওঁক নাকচ কৰিছে । কম সুতৰ হাৰ, ২% ৰ ওপৰত মুদ্ৰাস্ফীতিৰ ক্ৰমাগতভাৱে হ্ৰাস আৰু ঘৰৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱা কিছুমান ডাঙৰ সমস্যা যিয়ে ট্ৰুডোৰ সমৰ্থন ক্ৰমাগতভাৱে হ্ৰাস কৰাৰ কাৰণ ।
তেওঁৰ প্ৰতিদ্বন্দ্বী কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা লিবাৰেল দলতকৈ ২১ পইণ্টৰ বিপুল অগ্ৰগতি লাভ কৰিছে আৰু যদি নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে তেওঁলোকে পৰৱৰ্তী চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত । বৰ্তমানৰ সমীক্ষাসমূহে ইংগিত দিয়ে যে তেওঁলোকে সংসদত আনুমানিক ২১৮খন আসন লৈ সহজেই সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব পাৰে । সমীক্ষা অনুসৰি লিবাৰেল দলৰ আসন ৫০খনলৈ হ্ৰাস হ’ব । কানাডাৰ ৩৩৮খন আসনৰ সংসদত সংখ্যাগৰিষ্ঠতাৰ বাবে ১৭২খন আসনৰ প্ৰয়োজন ।
অষ্ট্ৰেলিয়াঃ ২০২৫ চনৰ ২৭ ছেপ্টেম্বৰ বা তাৰ পূৰ্বে দেশখনত ফেডাৰেল নিৰ্বাচন অনুষ্ঠিত হ’ব । এই নিৰ্বাচন অষ্ট্ৰেলিয়াৰ ইতিহাসত আটাইতকৈ বেছি উপস্থিত থকা নিৰ্বাচনসমূহৰ ভিতৰত অন্যতম হ’ব, য’ত যুৱ আৰু স্থানীয় ভোটাৰে অংশগ্ৰহণ কৰিব । পৰৱৰ্তী ফেডাৰেল নিৰ্বাচনত সিদ্ধান্ত লোৱা হ’ব অষ্ট্ৰেলিয়াৰ সংসদৰ নিয়ন্ত্ৰণ কোনে ল’ব । সংসদৰ নিম্ন সদনৰ সকলো ১৫০খন আসনৰ বাবে অৰ্থাৎ প্ৰতিনিধি সদনৰ বাবে আৰু উচ্চ সদনৰ ৭৬খন আসনৰ ভিতৰত ৪০খন আসনৰ বাবে অৰ্থাৎ চেনেটৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । পিটাৰ ডাটনৰ নেতৃত্বত লিবাৰেল-নেশ্যনেল ক’লিচনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ লেবাৰ পাৰ্টিয়ে দ্বিতীয়বাৰৰ বাবে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব ।
জাৰ্মানীঃ ২০২৫ চন হ’ব ইউৰোপীয় দেশ জাৰ্মানীত নিৰ্বাচনী পৰীক্ষাৰ বছৰ । ২০২৫ চনৰ ২৩ ফেব্ৰুৱাৰীত সংসদৰ নিম্ন সদন বুণ্ডেষ্টাগৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজে তেওঁৰ এছ পি ডি নেতৃত্বাধীন মিত্ৰজোঁটৰ পতনৰ পিছত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত বুণ্ডেষ্টাগৰ বাবে নতুন নিৰ্বাচন ঘোষণা কৰিছে ।
বেলাৰুছঃ ২০২৫ চনৰ ২৬ জানুৱাৰীত ইউৰোপীয় দেশ বেলাৰুছত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব । ৰাষ্ট্ৰপতিগৰাকীক পোনপটীয়াকৈ ৰাইজে পাঁচ বছৰৰ বাবে নিৰ্বাচিত কৰে । ২০২০ চনত অনুষ্ঠিত হোৱা শেষৰটো নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজয়ী ঘোষণা কৰা হৈছিল, তাৰ পিছতে বৃহৎ পৰিসৰৰ ভোটৰ ৰিগিঙৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদৰ সৃষ্টি হৈছিল । বিৰোধী নেতা শ্বুয়াটলানাই নিৰ্বাচনত জয়ী হোৱা বুলি দাবী কৰে ।
ছিংগাপুৰঃ ২০২৫ চনৰ ২৩ নৱেম্বৰৰ পূৰ্বে এছিয়াৰ দেশ ছিংগাপুৰৰ সংসদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । ২০০৬ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে লি ছিয়েন লুঙে শাসকীয় পিপলছ একচন পাৰ্টি (পিএপি)ক নিৰ্বাচনত নেতৃত্ব নিদিয়ে । ২০২৪ চনৰ মে’ মাহত লুঙৰ ঠাইত লৰেন্স ৱঙে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ।