এতিয়া গৰমৰ দিন ।গ্ৰীষ্মকাল অহাৰ লগে লগে আমাৰ ছালখনক অধিক যত্নৰ প্ৰয়োজন হয়। ঘাম, ধূলি আৰু আঠাযুক্ত হোৱাৰ বাবে ছালত তেল, ব্ৰণ, ব্ৰেকআউট আৰু ৰঙাপৰা আদি সমস্যা বাঢ়ি যায়।
গৰমৰ বাবে ছালৰ সৌন্দৰ্য আৰু উজ্জ্বলতা খুব সোনকালে নাইকিয়া হয়। গতিকে ছালখন ভালে ৰাখিবলৈ বেছিকৈ যত্ন কৰিব লগা হয়। ইয়াৰ বাবে ঘৰত থকা বিভিন্ন উপাদানেৰেই ছালখনৰ সহজে যত্ন ল’ব পাৰিব।
সাম্প্ৰতিক সময়ত সকলোৰে ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ নিজৰ কামত ওলাই যাব লগোৱা হয়। গতিকে প্ৰখৰ ৰ’দৰ পৰা নিজক ৰক্ষা কৰিবলৈ ছানস্কীণ লগাবলৈ নাপাহৰিব ৷
লগতে , কেতিয়াও আপোনাৰ ছাল খনক ময়শ্বৰাইজাৰ লগাবলৈও নাপাহৰিব ৷ কাৰণ ময়শ্বৰাইজাৰে আপোনাৰো ছাল খনক সতেজ কৰি ৰাখে। অন্যহাতে দিনৰ ভাগত ময়শ্বৰাইজাৰ ব্যৱহাৰ কৰোঁতে এচপিএফ সমৃদ্ধ ময়শ্বৰাইজাৰহে লগাব ৷
গৰমৰ দিনত প্ৰচুৰ পৰিমাণে পানী খাব লাগে।আপোনাৰ সামগ্ৰিক স্বাস্থ্য আৰু আপোনাৰ ছালৰ সুস্থতা দুয়োটাৰে বাবে হাইড্ৰেটেড হৈ থকাটো অতি প্ৰয়োজনীয়। দিনটোত কমেও ৮ গিলাচ পানী খালে ছালখন ডাঠ, মসৃণ আৰু উজ্জ্বল কৰি ৰখাত সহাযক হয়।
তিয়হ , নেমুৰ ৰস মিহলাই আইচ কিউব বনাই থ’ব ।সেই আইচ কিউব মাজে মাজে মুখত ঘহিব । মুখখন উজ্বল হ’ব আৰু শালমইনা ও কমিব।
তৰমুজ, বিলাহী, ষ্ট্ৰবেৰীৰ দৰে সুস্থ ছালৰ বাবে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থও প্ৰদান কৰে। সেয়ে গৰমৰ দিনত প্ৰচুৰ পৰিমাণে বতৰৰ ফলমূল খাওঁক।
গ্ৰীষ্মকালত ছানস্ক্ৰীণ ব্যৱহাৰ কৰাটো আপোনাৰ ছালৰ যত্নৰ বাবে লোৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আপোনাৰ ছালখন অত্যধিক ৰ’দৰ সংস্পৰ্শলৈ আহিলে ছালৰ ক্ষতি হ’ব পাৰে। সেয়ে ছালৰ সকলো উন্মুক্ত অংশত এছ পি এফ ৩০ থকা ছানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে।









