ছালৰ বাবে চিয়া বীজ কিমান উপকাৰী; ইয়াৰ উপকাৰিতা জানিলে হ’ব আচৰিত

ছালৰ বাবে চিয়া বীজ কিমান উপকাৰী

চিয়া বীজ শৰীৰৰ লগতে ছালৰ বাবেও অতি উপকাৰী।ইয়াত ছালৰ মইশ্ব’ৰাইজেচন, ৰ’দৰ পৰা সুৰক্ষা, ছাল শক্তিশালী কৰা আৰু এন্টি-ইনফ্লেমেচন আদি গুণ আছে।

চিয়া বীজত প্ৰটিন, ভিটামিন, খনিজ পদাৰ্থ আৰু ফেটি এচিড পোৱা যায়, যিয়ে আপোনাৰ ছালখনক বহু দিশত সুৰক্ষা দিয়ে আৰু ৰোগৰ পৰা ৰক্ষা কৰে।

চিয়া বীজত ভিটামিন ই থাকে যিটো ছালৰ বাবে অতি উত্তম আৰু অপৰিহাৰ্য পুষ্টিকৰ উপাদান।ই অতিবেঙুনীয়া (UV) ৰশ্মি শোষণ কৰি সূৰ্য্যৰ ক্ষতি হ্ৰাস কৰাত সহায় কৰিব পাৰে।

ইয়াৰ উপৰিও ভিটামিন ইয়ে ছালত আৰ্দ্ৰতা বজাই ৰাখে, যাৰ ফলত ছালখনক ৰ’দৰ ক্ষতিৰ পৰা হাত সাৰিবলৈ সহায় কৰে।

চিয়া বীজত প্ৰটিনৰ সমৃদ্ধ উৎস যিয়ে কলাজেন উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।কলাজেনে ছালৰ স্থিতিস্থাপকতা বজাই ৰাখে, ই ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে আৰু বয়স ৰোধত উপকাৰী।চিয়া বীজত কলাজেনেজ, হাইলুৰ’নাইডেজ আৰু ইলাষ্টেজৰ দৰে এনজাইমক বাধা দিব পাৰে যিয়ে ছালৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া ৰোধ কৰাত সহায় কৰে আৰু বহুদিনলৈ ডেকা দেখাব পাৰি।

চিয়া বীজ হাইড্ৰফিলিক, অৰ্থাৎ ই পানী ভাল পায়।তিয়াই থ’লে ইহঁতে জেলৰ দৰে পদাৰ্থ গঠন কৰে যিয়ে আৰ্দ্ৰতা ফলপ্ৰসূভাৱে শোষণ আৰু ধৰি ৰাখে।

এই গুণে শৰীৰ আৰু ছাল দুয়োটাকে ভালদৰে জলসিঞ্চিত কৰি ৰখাত সহায় কৰে, ইয়াৰ ফলত ছালৰ সমস্যা যেনে শুকানতা, নিস্তেজতা আৰু চেপেটা ছালৰ পৰা ৰক্ষা পৰে যাৰ ফলত ছালখন কোমল দেখা যায়।

লগতে পঢ়ক: ছালৰ বাবে আশীৰ্বাদ স্বৰূপ আমলখি; দৈনিক খালে লাভ কৰিব উপকাৰ

বৃদ্ধি পাব ছালৰ সৌন্দৰ্য্য; এইদৰে ব্যৱহাৰ কৰক মৌ

বৃদ্ধি পাব ছালৰ সৌন্দৰ্য্য

অতিতৰে পৰাই ছালৰ বাবে মৌ ব্যৱহাৰ হৈ আহিছে।মৌত পোৱা সকলো পুষ্টিকৰ উপাদানে ছালৰ লগত জড়িত বহুতো সমস্যা আঁতৰাই ৰখাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।মুখৰ বাবে মৌ বহু ধৰণে ব্যৱহাৰ কৰিব পাৰে ।

ইয়াৰ উপৰিও ব্ৰণ, দাগ আৰু ছালৰ লগত জড়িত বহুতো সমস্যা দূৰ কৰাত সহায় কৰে। মৌত ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট গুণ, এমিনো এচিড আৰু আন বহুতো পুষ্টিকৰ উপাদানও থাকে ।ই বয়স বৃদ্ধি নিয়ন্ত্ৰণত সহায় কৰে ।

মৌ আৰু এলোভেৰা জেল

প্ৰথমে এটা বাটিত মৌ অলপ উলিয়াই লওক।এতিয়া একেটা বাটিতে সতেজ এলোভেৰা জেল অলপো উলিয়াই লওক।ইয়াৰ পিছত এই দুটা প্ৰাকৃতিক বস্তু ভালদৰে মিহলাই মসৃণ পেষ্ট প্ৰস্তুত কৰি ল’ব।

এই মসৃণ পেষ্টটো আপোনাৰ মুখৰ যত্নৰ ৰুটিনত ফেচ পেক হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰে।এই পুষ্টিকৰ উপাদান সমৃদ্ধ, ৰাসায়নিক মুক্ত ফেচ পেকটো আপোনাৰ সমগ্ৰ মুখমণ্ডল আৰু ডিঙিৰ অংশত ভালদৰে প্ৰয়োগ কৰক।

ভাল ফলাফল পাবলৈ এই ফেচ পেকটো অলপ বেচি সময়ৰ বাবে লগাব লাগে আৰু তাৰ পিছত মুখখন ধুব লাগে। মুখখন ধোৱাৰ পিছত আপুনি স্বয়ংক্ৰিয়ভাৱে আপোনাৰ ছালৰ ৰং উন্নত হোৱা দেখিবলৈ আৰম্ভ কৰিব।

মৌ আৰু কলৰ ফেচ পেক

এটা পকা কল গুড়ি কৰি লওক । তাত ২ৰ পৰা ৩ চামুচ মৌ দিব । এই দুয়োটা বস্তু ভালদৰে মিহলাই মুখ আৰু ডিঙিত লগাব ।

তাৰ পিছত ১৫ৰ পৰা ২০ মিনিটলৈকে মালিচ কৰক। ইয়াৰ পিছত সাধাৰণ পানীৰে মুখখন ধুব । সপ্তাহত ২ৰ পৰা ৩ বাৰ ব্যৱহাৰ কৰিব পাৰে।

এই ফেচ পেকটোও মুখৰ যত্নৰ ৰুটিনৰ অংশ কৰি শুকান আৰু নিৰ্জীৱ ছালখন কোমল কৰিব পাৰি।কিন্তু এই ফেচ পেকটো গোটেই মুখত লগোৱাৰ আগতে পেচ টেষ্ট কৰিবলৈ নাপাহৰিব।

(এই পৰামৰ্শটো সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰা পৰামৰ্শ লওক)

লগতে পঢ়ক: বাৰিষাৰ সময়ত চুলি সৰা কমাব বিচাৰে নেকি? কৰক এইকেইটা কাম

ছালত লগাই নেকি আলু ? সমাধান কৰিব ছালৰ সকলো সমস্যা

ছালত লগাই নেকি আলু ?

আলু অবিহনে হয়তো প্ৰতিটো পাকঘৰেই খালী আৰু প্ৰতিটো ব্যঞ্জনেই আধৰুৱা। আলু ভিটামিন, খনিজ পদাৰ্থ, আইৰণ, ফছফৰাছ আদিৰে সমৃদ্ধ।জুতি লগা খাদ্য ৰন্ধাৰ উপৰিও আলু ব্যৱহাৰ কৰি আমি ছাল, চুলিৰ চিকিৎসা কৰিব পাৰো।

প্ৰায় সংখ্যক লোকেই নাজানে যে আলু আপোনাৰ মুখৰ গ্লো আৰু যত্নৰ বাবে অতি উপযোগী । ই আপোনাৰ পাকঘৰৰ এক অলৌকিক উপাদান যিয়ে আপোনাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে আৰু বহু সমস্যাৰ সমাধান প্ৰদান কৰে ।

আলুত থকা ভিটামিন চি-য়ে ছালত কোলাজেন কোষ বৃদ্ধি কৰাৰ লগতে মুখখন কোঁচ খোৱা তথা বয়স বৃদ্ধি প্ৰতিহত কৰে।

আন ফলৰ ৰসৰ সতে আলুৰ ৰস মিহলাই খাই আপুনি মুখৰ ৰং উন্নত কৰিব পাৰে। মুঠতে আলু ব্যৱহাৰ কৰি আপুনি মুখ সম্পৰ্কীয় সকলো সমস্যাই দূৰ কৰিব পাৰে।

উজ্বল মুখ সকলোৱে বিচাৰে কিন্তু কেতিয়াবা আমাৰ মুখত অবাঞ্চিত দাগ আৰু ক’লা দাগ দেখা যায় । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কটা আলুৰ টুকুৰাবোৰ মুখত ঘঁহিব । আলুৱে মুখখন পৰিষ্কাৰ কৰাত সহায় কৰে আৰু দাগ আঁতৰায় ।

উল্লেখ্য যে, আলুৰ ব্যৱহাৰে চকুৰ চাৰিওফালৰ ফুলা হ্ৰাস কৰাত সহায় কৰে। আলুৰ বাকলিবোৰে চুলিৰ ৰং ক’লা ৰাখে।

ইয়াৰ বাবে আপুনি আলুৰ বাকলিবোৰ পানীত উতলাই  ঠাণ্ডা কৰি ছেম্পু কৰাৰ পিছত সেই পানীৰে মূৰ ধুব।সেয়েহে, প্ৰায় সকলো সমস্যা সমাধানত আলুক অতি উপকাৰী বুলি বিবেচনা কৰা হয়।

যদি আপুনি আপোনাৰ ছালখন উজ্জ্বল আৰু গ্লোয়িং হোৱাটো বিচাৰে তেন্তে আলুৰ ৰস মুখত লগাই ১৫-২০ মিনিটৰ পিছত ধুই ল’ব । ই আপোনাৰ ছালখন কোমল আৰু উজ্জ্বল কৰি তুলিব ।

আলুৰ ৰসত বয়স বৃদ্ধি বিৰোধী গুণো আছে। ইয়াৰ উপৰিও আলুৰ ৰস ছালৰ হাইড্ৰেচনৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।

(এই লেখাটোত দিয়া পৰামৰ্শ সমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক: ‘বেংগালুৰু  ঘটনাৰ বাবে দায়ীসকলক গ্ৰেপ্তাৰ কৰা হ’ব’; মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ বিস্ফোৰক মন্তব্য

গৰমৰ দিনত আপোনাৰ ছালৰ যত্ন কেনেদৰে ল’ব;  কৰক এই কেইটা কাম

এতিয়া গৰমৰ দিন ।গ্ৰীষ্মকাল অহাৰ লগে লগে আমাৰ ছালখনক অধিক যত্নৰ প্ৰয়োজন হয়। ঘাম, ধূলি আৰু আঠাযুক্ত হোৱাৰ বাবে ছালত তেল, ব্ৰণ, ব্ৰেকআউট আৰু ৰঙাপৰা আদি সমস্যা বাঢ়ি যায়।

গৰমৰ বাবে ছালৰ সৌন্দৰ্য আৰু উজ্জ্বলতা খুব সোনকালে নাইকিয়া হয়। গতিকে ছালখন ভালে ৰাখিবলৈ বেছিকৈ যত্ন কৰিব লগা হয়। ইয়াৰ বাবে ঘৰত থকা বিভিন্ন উপাদানেৰেই ছালখনৰ সহজে যত্ন ল’ব পাৰিব।

সাম্প্ৰতিক সময়ত সকলোৰে ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ নিজৰ কামত ওলাই যাব লগোৱা হয়। গতিকে প্ৰখৰ ৰ’দৰ পৰা নিজক ৰক্ষা কৰিবলৈ ছানস্কীণ লগাবলৈ নাপাহৰিব ৷

লগতে , কেতিয়াও আপোনাৰ ছাল খনক ময়শ্বৰাইজাৰ লগাবলৈও নাপাহৰিব ৷ কাৰণ ময়শ্বৰাইজাৰে আপোনাৰো ছাল খনক সতেজ কৰি ৰাখে। অন্যহাতে দিনৰ ভাগত ময়শ্বৰাইজাৰ ব্যৱহাৰ কৰোঁতে এচপিএফ সমৃদ্ধ ময়শ্বৰাইজাৰহে লগাব ৷

গৰমৰ দিনত প্ৰচুৰ পৰিমাণে পানী খাব লাগে।আপোনাৰ সামগ্ৰিক স্বাস্থ্য আৰু আপোনাৰ ছালৰ সুস্থতা দুয়োটাৰে বাবে হাইড্ৰেটেড হৈ থকাটো অতি প্ৰয়োজনীয়। দিনটোত কমেও ৮ গিলাচ পানী খালে ছালখন ডাঠ, মসৃণ আৰু উজ্জ্বল কৰি ৰখাত সহাযক হয়।

তিয়হ , নেমুৰ ৰস মিহলাই আইচ কিউব বনাই থ’ব ।সেই আইচ কিউব মাজে মাজে মুখত ঘহিব । মুখখন উজ্বল হ’ব আৰু  শালমইনা ও কমিব।

তৰমুজ, বিলাহী, ষ্ট্ৰবেৰীৰ দৰে সুস্থ ছালৰ বাবে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থও প্ৰদান কৰে। সেয়ে গৰমৰ দিনত প্ৰচুৰ পৰিমাণে বতৰৰ ফলমূল খাওঁক।

গ্ৰীষ্মকালত ছানস্ক্ৰীণ ব্যৱহাৰ কৰাটো আপোনাৰ ছালৰ যত্নৰ বাবে লোৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আপোনাৰ ছালখন অত্যধিক ৰ’দৰ সংস্পৰ্শলৈ আহিলে ছালৰ ক্ষতি হ’ব পাৰে। সেয়ে ছালৰ সকলো উন্মুক্ত অংশত এছ পি এফ ৩০ থকা ছানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে।

পুৱা বিচনাৰ পৰা উঠিয়েই কৰক এই কাম ; গোটেই দিনটোৰ বাবে অক্ষুণ্ণ থাকিব মুখমণ্ডলৰ সতেজতা

ৰাতিপুৱাৰ সময়খিনি হৈছে নিজৰ লগতে ছালখনক সতেজ কৰাৰ। সেয়েহে, দিনটো যিমান সম্ভৱ সোনকালে আৰম্ভ কৰক আৰু সদায়ে ছালৰ যত্নেৰে আৰম্ভ কৰক।

আপুনি নিজৰ ছালখনৰ যত্ন যিমানে ল’ব, সিমানেই উজ্জ্বল হ’ব। গতিকে, ৰাতিপুৱা ছালৰ যত্ন কেনেদৰে ল’ব লাগে জানো আহক

ৰাতিপুৱা ছালৰ যত্নৰ ৰুটিন:

মুখখন পৰিষ্কাৰ পানীৰে ধুব: ৰাতিপুৱা প্ৰথম কথা, আপোনাৰ মুখখন পৰিষ্কাৰ পানীৰে ধুব। ৰাতিপুৱা ফেচৱাছ ব্যৱহাৰ কৰিব যিয়ে আপোনাক সতেজ আৰু কোমল ছাল প্ৰদান কৰিব।

শালমইনা প্ৰৱণ ছাল বা বন্ধ ছিদ্ৰ থকা ছালৰ বাবে, চেলিচিলিক এচিড ফেচৱাছ ব্যৱহাৰ কৰাটো এক উত্তম বিকল্প।

চিৰাম লগাওক; ৰাতিপুৱা, আপোনাৰ ছালখন হাইড্ৰেট কৰিবলৈ এক উৎকৃষ্ট চিৰাম ব্যৱহাৰ কৰক। চিৰামে কেৱল ছালক হাইড্ৰেট কৰাই নহয়, বয়স বৃদ্ধিও ৰোধ কৰে।

আপুনি চিৰামৰ বাবে হাইলুৰোনিক ব্যৱহাৰ কৰিব পাৰে। হাইলুৰোনিক এচিড চিৰামৰ সৈতে, আপুনি নিয়াচিনামাইডও ব্যৱহাৰ কৰিব পাৰে। ই গোটেই দিনটো চিবাম উৎপাদন নিয়ন্ত্ৰণ কৰাত আৰু ছালখন উন্নত কৰাত সহায় কৰিব।

ময়শ্চাৰাইজ কৰক: চিৰাম প্ৰয়োগ কৰাৰ পিছত, আপোনাৰ মুখখন ময়শ্চাৰাইজ কৰা উচিত। ময়শ্চাৰাইজিংয়ে  ছালখনক গভীৰ হাইড্ৰেচন প্ৰদান কৰে আৰু আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে।

ময়শ্চাৰাইজাৰৰ বাবে ভিটামিন ই, শ্বিয়া বাটাৰ, চেৰামাইড, আৰু হাইলুৰোনিক এচিডৰ দৰে উপাদান থকা সামগ্ৰী বাছনি কৰক।

চানস্ক্ৰীণ:আপোনাৰ ছালৰ বাবে চানস্ক্ৰীণ অতি গুৰুত্বপূৰ্ণ। ই আপোনাৰ ছালখনক সূৰ্যৰ ৰশ্মিৰ ফলত হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে আৰু বয়স বৃদ্ধিৰ প্ৰাৰম্ভিক লক্ষণো হ্ৰাস কৰে।

ছালত চানস্ক্ৰীণ প্ৰয়োগ কৰিলে সূৰ্যৰ ইউভিএ আৰু ইউভিবি ৰশ্মিৰ পৰা সুৰক্ষা দিব পাৰে, ছালৰ টেনিং প্ৰতিহত কৰিব পাৰে।

৩০ ৰ পিছত, ছালৰ যত্নৰ ৰুটিনত ৰাখক এইসমূহ বস্তু ;  বয়সতকৈ দেখাব সৰু

বৰ্তমান ৩০ অতিক্ৰম কৰাৰ লগে লগে মুখত কোঁচ আৰু বলিৰেখা আৰম্ভ হয় আৰু সেইবোৰে কম বয়সতে বৃদ্ধ দেখাবলৈ আৰম্ভ কৰে। আপুনি কেতিয়াবা ভাবিছেনে যে ইমান কম বয়সত বলিৰেখা কিয় দেখা যায়?

প্ৰকৃততে, ইয়াৰ আঁৰৰ কাৰণ হৈছে ছালৰ যত্নৰ অৱহেলা। এনে পৰিস্থিতিত, ছালৰ বয়স বৃদ্ধি আৰু ক্ষতিৰ পৰা সুৰক্ষিত কৰিবলৈ ছালৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। স্বাস্থ্যকৰ আৰু উজ্জ্বল ছালৰ বাবে আমি কি যত্ন ল’ব লাগিব জানো আহক।

ৰাতিপুৱা ছাল পৰিষ্কাৰ কৰিবলৈ নাপাহৰিব। ৰাতিপুৱা কপাহৰে ছালখন ভালদৰে পৰিষ্কাৰ কৰক। তাৰ পিছত পানীৰে মুখ খন ধুই ছালত ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰক।

বাহিৰলৈ যাওঁতে সদায়এছপিএফ ৫০ বা তাতকৈ ভাল চানস্ক্ৰীণ প্ৰয়োগ কৰিব। লগতে, যেতিয়াই আপুনি বাহিৰৰ পৰা আহে, মুখখন পৰিষ্কাৰ কৰিব।

যদি আপুনি ৩০ বছৰ বয়স অতিক্ৰম কৰিছে, কোনো স্ক্ৰাব বা ফেচৱাছ কৰিবলৈ ভুলটো নাপাহৰিব। কিন্তু ছালৰ প্ৰকাৰ অনুসৰিহে স্ক্ৰাব আৰু ফেচৱাছ ব্যৱহাৰ কৰিব।

পইচা বচাবৰ বাবে সস্তীয়া ছালৰ যত্নৰ সামগ্ৰী ব্যৱহাৰ নকৰিব। সস্তীয়া সামগ্ৰীয়ে মুখমণ্ডল ক্ষতিগ্ৰস্ত কৰে। ছালৰ যত্ন ল’বলৈ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ সামগ্ৰী ব্যৱহাৰ কৰিব।

ইয়াত ভিটামিন চি আৰু ই-ৰ দৰে বস্তু যোগ দিয়ক, যি ছালক মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে।

ছালৰ যত্নৰ বাবে ঘৰুৱা প্ৰতিকাৰ যেনে ময়দা, হালধি, দৈ, মৌ আৰু এলোভেৰা ব্যৱহাৰ কৰিব। লগতে, নিশা শুবলৈ যোৱাৰ আগতে মেকআপ আঁতৰাওক। আনকি আপুনি মেকআপ নকৰিলেও, মুখখন পানীৰে ভালদৰে ধুই শুবলৈ যাওঁক।

ছাল আৰু শৰীৰ হাইড্ৰেটেড ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী খাব। যথেষ্ট টোপনি লওক কিয়নো ছালৰ বাবে টোপনি অতি গুৰুত্বপূৰ্ণ।

অত্যাধিক চাপ আৰু হতাশাৰ ফলত, ছাল ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ কৰে আৰু সূক্ষ্ম ৰেখা আৰু বলিৰেখা আহিবলৈ আৰম্ভ কৰে, সেয়েহে চাপ নল’ব।

৪০ বছৰ বয়সটো ২৫ বছৰীয়া হৈ থাকিব বিচাৰে নেকি?  মাত্ৰ  আহাৰত অন্তৰ্ভুক্ত কৰক এই কেইটা খাদ্য

সকলো লোকেই ধুনীয়া আৰু সৰু দেখাবলৈ ভাল পায়।  কিন্তু আজিৰ সময়ত, আমি কম বয়সতে ডাঙৰ দেখা আৰম্ভ কৰোঁ। দৰাচলতে, আজিৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসও ইয়াৰ বাবে যথেষ্ট পৰিমাণে দায়ী।

আমি সকলোৱে দীৰ্ঘদিন ধৰি স্বাস্থ্যৱান আৰু যুৱ হৈ থাকিব বিচাৰো। অৱশ্যে, এনে খুব কম হয় কিয়নো, বয়স হোৱাৰ লগে লগে, আমাৰ শৰীৰত বহুতো পৰিৱৰ্তন হয় আৰু বয়সৰ সৈতে, আহাৰৰ বিশেষ যত্ন লোৱা উচিত।

বৃদ্ধ বয়সত, যদি ছালৰ সঠিক যত্ন লোৱা নহয়, মুখত ৰেখা আৰু আন বহুতো সমস্যা দেখা দিবলৈ আৰম্ভ কৰে। বলি ৰেখাবোৰে মুখমণ্ডলৰ সৌন্দৰ্য প্ৰভাৱিত কৰে।

ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আহাৰত পুষ্টি অন্তৰ্ভুক্ত কৰিব পাৰে। বহুলোকে মুখৰ বলি ৰেখা হ্ৰাস কৰিবলৈ বজাৰত উপলব্ধ ব্যয়বহুল সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু মুখত অধিক সামগ্ৰী ব্যৱহাৰ কৰিলে ছাল নষ্ট হ’ব পাৰে।

ব্যয়বহুল সামগ্ৰীবোৰে ছালখন বাহিৰৰ পৰা ভাল দেখাব পাৰে। কিন্তু পুষ্টিসমৃদ্ধ আহাৰে ছালখন ভিতৰৰ পৰা স্বাস্থ্যৱান কৰি তোলে। গতিকে দীঘলীয়া সময়ৰ বাবে ধুনীয়া হৈ থাকিবলৈ কি খাব লাগে জানো আহক।

ডালিম-ডালিম হৈছে এনে এক ফল যাক স্বাস্থ্য, সোৱাদ আৰু সৌন্দৰ্যৰ বাবে জনা যায়। ডালিম খাই ছাল সুন্দৰ  কৰিব পাৰি। কিয়নো ইয়াত বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি সূৰ্যৰ ৰশ্মিৰ পৰা সুৰক্ষা দিয়াত আৰু বলি ৰেখাহ্ৰাস কৰাত সহায় কৰিব পাৰে।

সেউজীয়া শাক-পাচলি- সেউজীয়া পাচলিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।সেউজীয়া পাচলি যেনে পালেং শাক, ব্ৰকলিত যথেষ্ট পৰিমাণে পুষ্টি পোৱা যায়। এইবোৰত কেৱল ভিটামিন আৰু খনিজ পদাৰ্থই নহয়, লগতে এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণথাকে, যি ছালখন দীঘলীয়া সময়ৰ বাবে ধুনীয়া আৰু সৰু কৰি ৰখাত সহায় কৰিব পাৰে।

ডাৰ্ক চকলেট-ডাৰ্ক চকলেটত ফ্লেভানোল থাকে, যি হৈছে এণ্টিঅক্সিডেণ্ট। ইয়াক সেৱন কৰি, ছালখন দীঘলীয়া সময়ৰ বাবে সুন্দৰ কৰিব পাৰি।

(এই সামগ্ৰীয়ে কেৱল সাধাৰণ তথ্য প্ৰদান কৰে; ই কোনো প্ৰকাৰে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়; অধিক তথ্যৰ বাবে সদায়ে বিশেষজ্ঞ বা আপোনাৰ নিজৰ চিকিৎসকৰ পৰামৰ্শ লওঁক।

পুনৰ ঘূৰি আহিব মুখমণ্ডলৰ হেৰুওৱা উজ্জ্বলতা; বীটত এই ২টা বস্তু মিহলি কৰি কৰক ব্যৱহাৰ

আপুনি এইটো ভাবে নে যে বীটত পোৱা উপাদানবোৰ কেৱল আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে?

যদি ভাৱে তেন্তে আপুনি যিমান সম্ভৱ সোনকালে আপোনাৰ ভুল ধাৰণা সলনি কৰা উচিত কিয়নো বীটত আপোনাৰ ছালখন উন্নত কৰাত কাৰ্যকৰী প্ৰমাণিত হ’ব পাৰে। আপোনাৰ ছালৰ যত্নৰ ৰুটিনত বীট কেনেদৰে অন্তৰ্ভুক্ত কৰিব লাগে জানো আহক।

বীটৰ ফেচপেক তৈয়াৰ কৰিবলৈ, আপোনাক গুৰি কৰি লোৱা বীট, দুই চামুচ দৈ আৰু এক চামুচ মৌৰ প্ৰয়োজন হ’ব। এই তিনিটা বস্তু এটা বাটিত উলিয়াওক আৰু ভালদৰে মিহলি কৰক।

এই ৰাসায়নিক-মুক্ত পেষ্টৰ সহায়ত, ছালখন যথেষ্ট উন্নত হ’ব। এই ফেচপেকটো আপোনাৰ ছালৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে।

এই ফেচপেকটো গোটেই মুখ আৰু ডিঙিত প্ৰয়োগ কৰক। যদি আপুনি তাৎক্ষণিক ফলাফল প্ৰাপ্ত কৰিব বিচাৰে, তেন্তে আপুনি এই ফেচপেকটো প্ৰায় ১৫ ৰ পৰা ২০ মিনিটৰ বাবে ৰাখিব লাগিব।

তাৰ পিছত কুহুমীয়া পানীৰে মুখ ধুব পাৰে।উজ্জ্বল ছাল পাবলৈ সপ্তাহত দুবাৰকৈ এই ফেচপেকটো ব্যৱহাৰ কৰিব পাৰে।

বীটৰ ফেচপেকে আপোনাৰ ছালৰ উজ্জ্বলতা বহুগুণে বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰিও, ছালৰ শুষ্কতা আঁতৰাবলৈ আৰু শীতকালত ছাল কোমল কৰিবলৈও এই ফেচ পেকটো ব্যৱহাৰ কৰিব পাৰি।

বীট, দৈ আৰু মৌত পোৱা উপাদানবোৰে ছালৰ হেৰুওৱা আৰ্দ্ৰতা ঘূৰাই দিয়াত কাৰ্যকৰী প্ৰমাণিত হ’ব পাৰে। অৱশ্যে, গোটেই মুখমণ্ডলত এই ফেচপেকটো প্ৰয়োগ কৰাৰ পূৰ্বে পৰীক্ষা কৰিবলৈ নাপাহৰিব।

(এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যেৰে লিখা হৈছে । বাতৰিটো পঢ়ি নিশ্চিতভাৱে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ।)