১৭ নৱেম্বৰত শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়দান; বাংলাদেশত হাই এলাৰ্ট

১৭ নৱেম্বৰত শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়দান; বাংলাদেশত হাই এলাৰ্ট

শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়দানক লৈ হাই এলাৰ্ট বাংলাদেশৰ বিশেষ আদালত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ১৭ নৱেম্বৰত প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়দান কৰিব ৷ এই ৰায়দানৰ পূৰ্বে বাংলাদেশত উত্তেজনাৰ পৰিবেশে বিৰাজ কৰিছে । আনহাতে শ্বেখ হাছিনাৰ দল আৱামি লীগে বৃহস্পতিবাৰে বন্ধৰ আহ্বান জনাইছে । আৱামি লীগৰ

শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়দানক লৈ হাই এলাৰ্ট

বাংলাদেশৰ বিশেষ আদালত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ১৭ নৱেম্বৰত প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়দান কৰিব ৷ এই ৰায়দানৰ পূৰ্বে বাংলাদেশত উত্তেজনাৰ পৰিবেশে বিৰাজ কৰিছে । আনহাতে শ্বেখ হাছিনাৰ দল আৱামি লীগে বৃহস্পতিবাৰে বন্ধৰ আহ্বান জনাইছে ।

আৱামি লীগৰ পৃষ্ঠপোষকতাত চলি থকা বন্ধৰ বাবে ৰাজধানী ঢাকাত নিৰাপত্তা কটকটীয়া আৰু লকডাউনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে । ইফালে বাংলাদেশক এই ৰায়দানৰ পূৰ্বে হাই এলাৰ্টত ৰখা হৈছে । বিচাৰ দলৰ এজন সদস্যই কয় যে অপৰাধ ন্যায়াধিকৰণে নিৰ্ধাৰিত সময় অনুসৰি ৰায়দান কৰিব ।

আৱামি লীগৰ বন্ধ আৰু হাছিনাৰ বিৰুদ্ধে ৰায়দানৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঢাকাত সেনা, সীমান্তৰক্ষী বাংলাদেশ আৰু সংঘৰ্ষ বিৰোধী আৰক্ষী মোতায়েন কৰিছে । ঢাকাৰ পথবোৰ খালী হৈ পৰিছে, যান-বাহনৰ যাতায়ত সীমিত হোৱা পৰিলক্ষিত হৈছে । বহু ব্যক্তিগত প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ে অনলাইনযোগে পাঠদান কৰাৰ সিদ্ধান্ত লৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ঢাকা, মুনছিগঞ্জ, মধ্য টাংগাইল আৰু দক্ষিণ-পশ্চিম গোপালগঞ্জত অচিনাক্ত ব্যক্তিয়ে পাঁচখন খালী বাছত জুই লগাই দিয়ে ।

হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰৰ ৰায়দান ১৭ নৱেম্বৰত ঘোষণা কৰা হ’ব । শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰিছে বিচাৰ বিভাগে । প্রাক্তন গৃহমন্ত্রী আছাদুজ্জামান খান আৰু প্রাক্তন আৰক্ষী অধীক্ষক আব্দুল্লা আল মানুনো এই গোচৰত অভিযুক্ত ৷ বিগত বৰ্ষৰ ছাত্ৰ আন্দোলনক দমন কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে, যাৰ ফলত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি বাংলাদেশ এৰি ভাৰতলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণক লৈ কি ক’লে আমেৰিকা-ৰাছিয়াই ? ইৰাণ-ইজৰাইলৰ শোক প্ৰকাশ

শেহতীয়া প্ৰৱন্ধসমূহ