আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত নিজৰ চৰ্ত দাখিল কৰিছে ট্ৰাম্পে।ট্ৰাম্পে কয় যে আজি মই এটা সিদ্ধান্ত ল’ম।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধবিৰতিৰ বাবে নিজৰ চৰ্তসমূহ আগবঢ়াইছে। য’ত কোৱা হৈছে যে ইৰানে এই কথা স্বীকাৰ কৰিব লাগিব যে তেওঁলোকে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ বা বোমা নিৰ্মাণ নকৰে। হৰমুজ প্ৰণালী কোনো টোল অবিহনে, উভয় দিশৰ পৰা নিৰ্বিঘ্ন জাহাজ চলাচলৰ বাবে তৎক্ষণাৎ মুকলি কৰিব লাগিব। যদি কোনো পানীত ডুব যোৱা বাৰুদ (মাইন) আছে, তেন্তে সেয়া ধ্বংস কৰিব লাগিব। ট্ৰাম্পে ‘ট্ৰুথ ছচিয়েল’ত উল্লেখ কৰা অনুসৰি, আমেৰিকাই ইতিমধ্যে নিজৰ শক্তিশালী মাইন চাফা কৰা সঁজুলিৰে বহুতো মাইন নিষ্ক্ৰিয় কৰিছে আৰু বাকী থকাখিনিও ইৰানে তাৎক্ষণিকভাৱে আঁতৰাবলৈ বা ধ্বংস কৰিবলৈ বাধ্য হ’ব।
তদুপৰি, ট্ৰাম্পে কয় যে ইৰানে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সৈতে সমন্বয় ৰাখি ইউৰেনিয়াম সমৃদ্ধকৰণ প্ৰক্ৰিয়া বন্ধ কৰিব লাগিব আৰু থকা ইউৰেনিয়াম সম্পূৰ্ণৰূপে ধ্বংস কৰিব লাগিব। ইয়াৰ লগতে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে কোনো ধৰণৰ ধনৰ লেনদেন নহ’ব। ট্ৰাম্পে দাবী কৰে যে তেওঁ এই বিষয়ত চূড়ান্ত সিদ্ধান্ত ল’বলৈ বৈঠক কৰি আছে।
আনহাতে, ইৰানে ট্ৰাম্পৰ এই দাবীক অস্বীকাৰ কৰিছে। ইৰানৰ মতে, ট্ৰাম্পে বুজাবুজিৰ চৰ্তসমূহ ভুলকৈ উপস্থাপন কৰিছে। তেওঁলোকে কয় যে হৰমুজ প্ৰণালী মুকলি কৰা বা পাৰমাণৱিক সামগ্ৰী ধ্বংস কৰাৰ কথা কোনো চুক্তিত অন্তৰ্ভুক্ত নহয়। ইৰানৰ চৰ্ত অনুসৰি, আলোচনা আগবঢ়োৱাৰ পূৰ্বে আমেৰিকাই ইৰানৰ ১২ বিলিয়ন ডলাৰৰ সম্পত্তি মুকলি কৰিব লাগিব আৰু লেবাননত (হিজবুল্লাহৰ চৰ্ত অনুসৰি) সম্পূৰ্ণ যুদ্ধবিৰতি স্থাপন কৰাটো জৰুৰী। এই প্ৰস্তাৱটো এতিয়াও ইৰানত চূড়ান্ত অনুমোদনৰ অপেক্ষাত আছে।
লগতে পঢ়ক: ‘ক্ৰেজি লাভ’…ইজৰাইল-ভাৰতৰ সম্পৰ্কক লৈ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ মন্তব্য









