তৃণমূল সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত ভয়ংকৰ আক্ৰমণ

তৃণমূল সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত ভয়ংকৰ আক্ৰমণ

তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ সোনাৰপুৰত নিৰ্বাচনৰ পৰৱৰ্তী হিংসাৰ ঘটনাৰ ভুক্তভোগীক সাক্ষাৎ কৰিবলৈ যোৱা তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । শনিবাৰে বিয়লি কামৰাবাদ অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, য’ত প্ৰতিবাদকাৰীসকলে সাংসদগৰাকীক লক্ষ্য

তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে

পশ্চিম বংগৰ সোনাৰপুৰত নিৰ্বাচনৰ পৰৱৰ্তী হিংসাৰ ঘটনাৰ ভুক্তভোগীক সাক্ষাৎ কৰিবলৈ যোৱা তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । শনিবাৰে বিয়লি কামৰাবাদ অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, য’ত প্ৰতিবাদকাৰীসকলে সাংসদগৰাকীক লক্ষ্য কৰি কেঁচা কণী নিক্ষেপ কৰাৰ লগতে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ঘটনাৰ বিৱৰণ-

শনিবাৰে আবেলি প্ৰায় চাৰে চাৰি বজাত অভিষেক বেনাৰ্জী তেওঁৰ দলৰ এগৰাকী মৃত কৰ্মীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ কামৰাবাদত উপস্থিত হয় । তেওঁ অহাৰ পূৰ্বৰে পৰা অঞ্চলটোত বিজেপিৰ নেতা-কৰ্মীৰ লগতে একাংশ উত্তেজিত লোকৰ ভিৰ আছিল । প্ৰতিবাদকাৰীসকলে মহিলাসকলক সন্মুখত ৰাখি তেওঁৰ পথ আগচি ধৰে ।

তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হৈ অভিষেক বেনাৰ্জীয়ে তেওঁৰ চাৰিচকীয়া বাহন এৰি বাইকেৰে ভিতৰলৈ সোমাবলৈ চেষ্টা কৰে । কিন্তু ভুক্তভোগীৰ ঘৰৰ পৰা কিছু দূৰত প্ৰতিবাদকাৰীসকলে তেওঁক ৰখাই ‘চোৰ-চোৰ’ বুলি শ্লোগান দিবলৈ আৰম্ভ কৰে । এই সময়তে উত্তেজিত ভিৰটোৱে ৰাস্তাত মটৰচাইকেল পেলাই দি পৰিস্থিতি উত্তপ্ত কৰি তোলে । অৱশেষত নিৰাপত্তাৰক্ষীয়ে তৎপৰতা দেখুৱাই অভিষেক বেনাৰ্জীক হেলমেট পিন্ধাই সুৰক্ষিতভাৱে নিৰাপত্তা বেষ্টনীৰ মাজেৰে সেই স্থানৰ পৰা আঁতৰাই নিয়ে ।

কি কৈছে স্থানীয় ৰাইজে ?

এই আক্ৰমণৰ আঁৰত কোনো ৰাজনৈতিক দল নহয়, বৰঞ্চ স্থানীয় লোকৰ পুঞ্জীভূত ক্ষোভহে প্ৰতিফলিত হোৱা বুলি দাবী কৰিছে একাংশ বাসিন্দাই । স্থানীয় লোকৰ অভিযোগ :

আন্তঃগাঁথনিৰ অভাৱ : দীৰ্ঘদিন ধৰি অঞ্চলটোৰ প্ৰায় এক কিলোমিটাৰ ৰাস্তা অতি শোচনীয় অৱস্থাত আছে। বৰষুণ দিলে কৃটিম বানপানীৰ সৃষ্টি হয় ।

উপেক্ষিত জনসাধাৰণ : মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পৰা আৰম্ভ কৰি চৰকাৰলৈ বহুবাৰ আবেদন জনোৱাৰ পিছতো ৰাস্তা মেৰামতি আৰু পানীৰ ব্যৱস্থা উন্নত নহ’ল ।

ক্ষমতাত থাকিও উন্নয়নহীন : স্থানীয় ৰাইজৰ প্ৰশ্ন- ১৫ বছৰ ধৰি তৃণমূল ক্ষমতাত থকাৰ পিছতো কিয় এই অঞ্চলৰ উন্নয়ন নহ’ল ?

অভিষেক বেনাৰ্জীৰ প্ৰতিক্ৰিয়া-

নিজৰ ওপৰত হোৱা আক্ৰমণৰ বাবে অভিষেক বেনাৰ্জীয়ে পোনপটীয়াকৈ বিজেপিক দায়ী কৰিছে । তেওঁ কয়, “এইটো সম্পূৰ্ণৰূপে বিজেপি প্ৰায়োজিত আক্ৰমণ । এয়াই তেওঁলোকৰ গণতন্ত্ৰৰ নমুনা । আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল, এই ঘটনাৰ সময়ত ঘটনাস্থলীত কোনো পুলিচ উপস্থিত নাছিল ।”

বৰ্তমানৰ পৰিস্থিতি-

এই ঘটনাক লৈ সমগ্ৰ সোনাৰপুৰ অঞ্চলত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে । তৃণমূলে ইয়াক বিৰোধীৰ এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহিত কৰাৰ বিপৰীতে বিজেপিয়ে ইয়াক স্থানীয় ৰাইজৰ স্বতঃস্ফূৰ্ত ক্ষোভ বুলি দাবী কৰিছে । বৰ্তমান অঞ্চলটোত আৰক্ষীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে যদিও দুয়োটা ৰাজনৈতিক দলৰ মাজত বাকযুদ্ধ তুংগত উঠিছে ।

লগতে পঢ়ক : কৰ্ণাটকত ‘শিৱকুমাৰৰ’ নামত আজি লাগিব মোহৰ; ৩ জুনত শপত গ্ৰহণৰ সম্ভাৱনা