‘ৰাহুল গান্ধীয়ে বিজেপিত যোগদান কৰক…’; বিৰোধী দলপতিক তীব্ৰ সমালোচনা কংগনা ৰানাৱটৰ

মাণ্ডী লোকসভা সমষ্টিৰ সাংসদ কংগনা ৰানাৱটে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীক বিজেপিত যোগদান কৰিবলৈ দিলে পৰামৰ্শ।

মাণ্ডী লোকসভা সমষ্টিৰ সাংসদ কংগনা ৰানাৱটে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীক লক্ষ্য কৰি লয়।তেওঁ ৰাহুল গান্ধীক বিজেপিত যোগদান কৰিবলৈ পৰামৰ্শ দিয়ে।

অভিনেত্ৰী তথা সাংসদ কংগনাই কয় যে,যদি ৰাহুল গান্ধীয়ে নিজকে অটল জীৰ লগত তুলনা কৰিছে তেন্তে তেওঁ বিজেপিত যোগদান কৰা উচিত।

ভগৱানে আপোনাক (ৰাহুল) জীৱন দিছে,আপুনিও অটল জী হ’ব পাৰে।আপুনি কেৱল ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰক।

দৰাচলতে, লোকসভাত বিৰোধী দলৰ নেতা ৰাহুলে দাবী কৰে যে মোদী চৰকাৰে বিদেশী অতিথিক বিৰোধী নেতাগৰাকীক সাক্ষাৎ কৰাত বাধা দিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ কেইঘণ্টামান পূৰ্বে তেওঁ কয়,”সাধাৰণতে ভাৰত ভ্ৰমণ কৰা বিদেশী অতিথিসকলে বিৰোধী দলৰ নেতাক লগ পাই”।

“অটল বিহাৰী বাজপেয়ী জীৰ সময়ত আৰু মনমোহন সিং জীৰ সময়তো এনেকুৱা হৈছিল।আজিকালি এনেকুৱা হয় যে যেতিয়া বাহিৰৰ পৰা কোনোবা আহিলে বা মই ক’ৰবালৈ গ’লে চৰকাৰে পৰামৰ্শ দিয়ে যে বাহিৰৰ পৰা অহা অতিথি বা তেওঁৰ(ৰাহুলৰ) বাহিৰলৈ গ’লে তাত থকা ৰাইজে বিৰোধীৰ নেতাক সাক্ষাৎ নকৰে।”

ৰাহুল গান্ধীৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনা ৰানাৱটে এই মন্তব্য কৰে।কংগনাই কয় যে, “চৰকাৰৰ নিজস্ব সিদ্ধান্ত আছে…অটল জীক লৈ সমগ্ৰ দেশে গৌৰৱ কৰিছিল”।

“তেওঁ জাতীয় সম্পদ, দেশপ্ৰেমিক আছিল।মই নাজোনো ইয়াৰ আঁৰৰ কাৰণ কিন্তু মই মোৰ কথাটো আগবঢ়াই দিছো”।

“দেশৰ প্ৰতি তেওঁৰ (ৰাহুল) অনুভূতিও যথেষ্ট সন্দেহজনক।দেশত দাঙ্গা হওক বা বিভাজনৰ ষড়যন্ত্ৰ…। তেওঁলৈ মোৰ এটাই পৰামৰ্শ হ’ব যে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰক।”

লগতে পঢ়ক: ৰাজ্যৰ নহয়, দেশৰ সকলোতকৈ সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন FIR…

নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন FIR

ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ডৰ গোচৰত নতুনকৈ FIR দাখিল কৰা হৈছে।

ৰাহুল আৰু ৰাজ্যসভাৰ সাংসদ গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই নতুনকৈ এফআইআৰ দাখিল কৰিছে।

এই এফ আই আৰত ৰাহুল আৰু ছোনিয়াৰ লগতে আন ছয়জন লোক আৰু তিনিটা কোম্পানীকো অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।

এফআইআৰৰ মতে,অভিযোগ কৰা হৈছে যে কংগ্ৰেছৰ সৈতে জড়িত কোম্পানী এ জে এল (এছ’চিয়েটেড জাৰ্নেলছ লিমিটেড)ক প্ৰৱঞ্চনাৰে নিজৰ দখল কৰিবলৈ অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল।

এই এফআইআৰ ৩ অক্টোবৰত বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) অভিযোগৰ ভিত্তিত ৰুজু কৰা হৈছিল।ইডিয়ে দিল্লী আৰক্ষীৰ সৈতে তদন্তৰ প্ৰতিবেদন শ্বেয়াৰ কৰিছিল। পিএমএলএৰ ধাৰা ৬৬(২)ৰ অধীনত ইডিয়ে যিকোনো সংস্থাক নিৰ্ধাৰিত অপৰাধ পঞ্জীয়ন কৰিবলৈ ক’ব পাৰে।

এফআইআৰত অভিযুক্ত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, ছেম পিত্রোডা (ভাৰতীয় বহিঃৰাজ্য কংগ্ৰেছৰ মুৰব্বী)কে ধৰি আন তিনিজন লোকো আছে।লগতে  এ জে এল, ইয়ং ইণ্ডিয়ান, ডটেক্স মাৰ্চেণ্ডাইজ প্ৰাইভেট লিমিটেড নামৰ তিনিটা কোম্পানীও আছে।

লগতে পঢ়ক: “মই কংগ্ৰেছৰ এজন নিষ্ঠাবান জোৱান…”; ৰাজনৈতিক বিতৰ্কক লৈ কি ক’লে ডি কে শিৱকুমাৰে?

“হাৰিয়ানাত ২৫ লাখ ৪১ হাজাৰ ভোট চুৰি হৈছিল ”; পুনৰ ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি ভোট চুৰিৰ বিষয়টো পুনৰ উত্থাপন কৰে।তেওঁ কয় যে হাৰিয়ানাত ভোট চুৰি হৈছিল।

ৰাহুলে দাবী কৰে যে হাৰিয়ানাৰ ২৫ লাখ ভোটাৰ ভুৱা বুলি প্ৰমাণ তেওঁৰ হাতত আছে।হাৰিয়ানাত প্ৰতি ৮ জন ভোটাৰৰ ভিতৰত ১ জন ভুৱা।

ৰাহুল গান্ধীয়ে কয় যে, “আমাৰ হাতত ‘এইচ’ ফাইলবোৰ আছে আৰু ই এনে এটা বিষয়ত আছিল যে কেনেকৈ এখন ৰাজ্যক চুৰি কৰা হৈছিল।আমাৰ সন্দেহ আছিল যে এইটো ব্যক্তিগত সমষ্টিত নহয়,বৰঞ্চ ৰাজ্যিক পর্যায় আৰু ৰাষ্ট্ৰীয় পর্যায়ত ঘটি আছে৷”

সাংসদগৰাকীয়ে কয় যে, ‘হাৰিয়ানাত আমাৰ প্ৰাৰ্থীৰ পৰা বহু অভিযোগ পাইছিলোঁ যে কিবা এটা ভুল হৈছে আৰু কাম কৰা নাই।তেওঁৰ সকলো ভৱিষ্যদ্বাণী ভুল হৈ গ’ল’।

“আমি এই অভিজ্ঞতা মধ্য প্ৰদেশ, ছত্তীশগড়, মহাৰাষ্ট্ৰত অনুভৱ কৰিছিলো, কিন্তু আমি হাৰিয়ানাত মনোনিৱেশ কৰাৰ আৰু তাত যিবোৰ হৈছিল, তাৰ ওপৰত অধিক জানিবলৈ সিদ্ধান্ত লৈছিলো।”

তেওঁ আৰু কয় যে, ‘সকলো এগজিট প’লে হাৰিয়ানাত কংগ্ৰেছৰ জয়ৰ দিশলৈ আঙুলিয়াই দিছিল। দ্বিতীয়তে যিটো কথাই আমাক আচৰিত কৰিছিল,সেইটো আছিল যে হাৰিয়ানাৰ নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে পষ্টেল ভোট প্ৰকৃত ভোটদানতকৈ পৃথক আছিল’।

“হাৰিয়ানাত আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। সেই কাৰণে,আমি ভাবিছিলো যে বিতংভাৱে জানিব পাৰিম।এই তথ্য যেতিয়া মই প্ৰথম দেখিছিলো, যিটো আপোনালোকে চাবলৈ গৈ আছে,তেন্তে মই বিশ্বাস কৰা নাই। মই থতমত খালোঁ। মই দলটোক কেইবাবাৰো ক্ৰছ চেক কৰিবলৈ ক’লোঁ।”

লগতে পঢ়ক: নিউয়ৰ্কৰ প্ৰথমগৰাকী মুছলমান মেয়ৰ; ভাৰতীয় মূলৰ জোহৰান মামদানীয়ে ৰচিলে ইতিহাস

ৰাহুল গান্ধীৰ বিৰুদ্ধে বিহাৰ বিজেপিৰ এজাহাৰ; প্ৰধানমন্ত্ৰীৰ নৃত্যক অশ্লীল আখ্যা

ৰাহুল গান্ধীৰ বিৰুদ্ধে বিহাৰ বিজেপিৰ এজাহাৰ

ভাৰতীয় জনতা পাৰ্টিয়ে বৃহস্পতিবাৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত এজাহাৰ দাখিল কৰে।

এই অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তেওঁৰ নৃত্য বক্তব্য সন্দৰ্ভত দাখিল কৰা হৈছে।অভিযোগটোত কোৱা হৈছে যে ২৯ অক্টোবৰত মুজাফ্ফৰপুৰ আৰু দৰভঙাত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অত্যন্ত অপমানজনক, অশ্লীল আৰু ব্যক্তিগত মন্তব্য কৰিছিল।

সংসদ সদস্য তথা লোকসভাৰ বিৰোধী দলপতি গৰাকীৰ বিৰুদ্ধে গুৰুতৰ গোচৰ ৰুজু কৰিবলৈ আবেদন জনোৱা হৈছে।

২০২৫ চনৰ ২৯ অক্টোবৰত বিহাৰৰ মুজাফ্ফৰপুৰ আৰু দৰভঙাত নিৰ্বাচনী সভাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লৈছিল।

এজাহাৰত উল্লেখ আছে যে ৰাজহুৱা ভাষণৰ সময়ত ৰাহুল গান্ধীয়ে কয়,‘নিৰ্বাচনৰ পূৰ্বে মোদীয়ে ভোট লাভ কৰিবলৈ নাচিবও পাৰে।

বিজেপিয়ে কয় যে, কংগ্ৰেছৰ সাংসদগৰাকীৰ এই বক্তব্যই কেৱল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতি অপমান কৰাই নহয়, বৰঞ্চ ই শালীনতা আৰু গণতান্ত্ৰিক বক্তৃতাৰ সকলো সীমা অতিক্ৰম কৰে।

এনে মন্তব্য ব্যক্তিগত, কটু আৰু ভাৰত গণৰাজ্যৰ সৰ্বোচ্চ সাংবিধানিক কাৰ্যালয়ৰ মৰ্যাদাক অপমান কৰা। সাংসদ গৰাকীয়ে দিয়া বক্তব্যই মাননীয় প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত চৰিত্ৰ আৰু মৰ্যাদাক পোনপটীয়াকৈ আক্ৰমণ কৰিছে।

ৰাহুল গান্ধীয়ে দিয়া বক্তব্য মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ ব্যক্তিগত চৰিত্ৰ আৰু মৰ্যাদাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰু ৰাজহুৱা নীতি বা কৰ্মক্ষমতাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।ই ব্যক্তিগত নিন্দা আৰু আৰ্হি আচৰণ বিধিৰ মনোভাৱ আৰু আখৰ উলংঘা কৰিছে।”

দৰালতে বুধবাৰে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটৰ বাবে যিকোনো কাম কৰিব পাৰে বুলি অভিযোগ কৰি তীব্ৰ আক্ৰমণ চলায়।

মুজাফ্ফৰপুৰত এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ভোট চুৰিৰো অভিযোগ উত্থাপন কৰিছিল।

লগতে পঢ়ক: আজৱঃ বাংলাদেশৰ জাতীয় সংগীতেৰে আৰম্ভ হ’ল কংগ্ৰেছৰ সভা

আজি অসমলৈ আহিব ৰাহুল গান্ধী; জুবিন গাৰ্গক জনাব শ্ৰদ্ধাঞ্জলী

আজি অসমলৈ আহিব ৰাহুল গান্ধী

আজি অসমলৈ আহিব ৰাহুল গান্ধী। দুপৰীয়া প্ৰায় ডেৰ মান বজাত গুৱাহাটীত আহি উপস্থিত হ’ব ৰাহুল গান্ধী। বিমান বন্দৰৰ পৰা পোনে পোনে কংগ্ৰেছৰ নেতাগৰাকী ৰাওনা হ’ব সোণাপুৰৰ জুবিনৰ সমাধিক্ষেত্ৰলৈ। তাৰ পৰা গৰিমা শইকীয়া গাৰ্গক কাহিলীপাৰাস্থিত বাসগৃহক সাক্ষাৎ কৰিব তেওঁ।

কেৱল জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবেহে আজি গুৱাহাটীলৈ আহিব কংগ্ৰেছ নেতা গৰাকী। গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰি পুনৰ দিল্লীলৈ উভতিব ৰাহুল গান্ধী।  

লগতে পঢ়ক: ‘কেৱল মোৰ স্বামীক হেৰুওৱা নাই…’ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্ট

‘তেওঁ সকলো স্থানতে দেশখনক বদনাম কৰে…’; ৰাহুল গান্ধীক কংগনা ৰানাৱতে ক’লে কলংক

ৰাহুল গান্ধীক কংগনা ৰানাৱতে ক’লে ‘কলংক’

ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে।

কংগনা ৰানাৱটে বিৰোধী নেতা গৰাকীক কলংক বুলি অভিহিত কৰিছে। বিৰোধী দলৰ নেতা গৰাকীয়ে সকলোতে গৈ ভাৰতক বদনাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে সাংসদ কংগনাই।

ৰাহুল গান্ধীক লক্ষ্য কৰি কংগনাই কয়-“তেওঁ এটা কলংক।সকলোৱে জানে যে তেওঁ সকলোতে দেশক বদনাম কৰিবলৈ চেষ্টা কৰিছে”।

“দেশক সমালোচনা কৰে।তেওঁ দেশক সমালোচনা কৰিছে, ইয়াৰ মানুহবোৰে কাজিয়া কৰে,ইয়াৰ মানুহ সৎ নহয়। এই সকলোবোৰ কথাৰে তেওঁ ভাৰতৰ জনসাধাৰণক মূৰ্খ বুলি দেখুৱাবলৈ চেষ্টা কৰিছে”।

” তেওঁ সেইটোৱেই ক’ব বিচাৰে, সেইবাবেই মই তেওঁক কলংক বুলি কৈছো। তেওঁ সদায় দেশখনত লাজক পেলাই।সেয়ে দেশৰো তেওঁ ওপৰত লাজ লাগে।”

লগতে পঢ়ক: কিৰেন ৰিজিজু আৰু ওৱেইছিৰ মাজত তীব্ৰ বিতৰ্ক; সংখ্যালঘু আঁচনিক লৈ X ত সংঘৰ্ষ

‘কংগ্ৰেছে সদায় ভুৱা আখ্যান বিয়পাই’; ৰাহুল গান্ধীক লৈ অমিত শ্বাহৰ ডাঙৰ বক্তব্য

ৰাহুল গান্ধীক লৈ অমিত শ্বাহৰ ডাঙৰ বক্তব্য

ভোট চুৰিৰ অভিযোগক লৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছিল।তেওঁ ভোটাৰ ৰাইটছ যাত্ৰাক অনুপ্ৰৱেশকাৰী ৰক্ষাৰ যাত্ৰা বুলি অভিহিত কৰে।

বিহাৰৰ ৰোহতাছত কৰ্মীসকলক সম্বোধন কৰি তেওঁ কংগ্ৰেছ দলে উন্নয়নৰ বিষয়ক আওকাণ কৰা আৰু বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

গৃহমন্ত্ৰী অমিত শ্বাহে কয়,কংগ্ৰেছে প্ৰতিবাৰেই ভুৱা আখ্যান বিয়পাই দিয়ে।ৰাহুল গান্ধীয়ে এটা যাত্ৰা কৰিছিল…তেওঁৰ যাত্ৰাৰ বিষয় ভোট চুৰি নাছিল।

তেওঁৰ বিষয়টো ভাল শিক্ষা, কৰ্মসংস্থাপন, বিদ্যুৎ, ৰাস্তা-ঘাট নাছিল,বৰঞ্চ বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক বচাবলৈহে আছিল।এইটো ৰাহুল গান্ধীৰ অনুপ্ৰৱেশকাৰী ৰক্ষা কৰাৰ যাত্ৰা আছিল।”

কংগ্ৰেছৰ ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰশ্ন কৰে যে, অনুপ্ৰৱেশকাৰীৰ ভোটাধিকাৰ থাকিব লাগে নে বিনামূলীয়া ৰেচন থাকিব লাগে? অনুপ্ৰৱেশকাৰীয়ে ৫ লাখ টকা পৰ্যন্ত চাকৰি, ঘৰ, চিকিৎসা লাভ কৰিব লাগেনে? আমাৰ যুৱক-যুৱতীসকলৰ সলনি ৰাহুল গান্ধীয়ে বেংক অনুপ্ৰৱেশকাৰীক ভোট দিবলৈ চাকৰি দিছে।”

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ভোটাৰ অধিকাৰ যাত্ৰাৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয়, “আপোনালোকে (বিজেপি কৰ্মীসকলে) জানেনে ইয়াৰ উদ্দেশ্য কি আছিল?ইয়াৰ উদ্দেশ্য আছিল বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া”।

“আপোনালোক সম্পূৰ্ণ ৰাজ্যখনলৈ যোৱা উচিত, প্ৰতিটো ঘৰলৈ যাব লাগে আৰু মানুহক কোৱা উচিত যে যদি তেওঁলোক (বিৰোধী মিত্ৰজোঁট) ক্ষমতালৈ আহে তেন্তে বিহাৰৰ প্ৰতিখন জিলা অনুপ্ৰৱেশকাৰীৰে ভৰি পৰিব।”

লগতে পঢ়ক: নেপালৰ প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ…

‘হাইড্ৰজেন বোমা আহিব, সকলো মচি পেলোৱা হ’ব’; ৰায়বৰেলীত ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য

ৰায়বৰেলীত ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ নিজৰ সংসদীয় সমষ্টি ৰায়বাৰেলীলৈ দুদিনীয়া ভ্ৰমণ কৰে।

ৰায়বৰেলী ভ্ৰমণৰ দ্বিতীয় আৰু অন্তিম দিনটোত স্থানীয় সাংসদ ৰাহুল গান্ধীয়ে বচাট ভৱনত আয়োজিত এখন সভাত অংশগ্ৰহণ কৰে,য’ত উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হৈছিল।এই বৈঠকত ৰাহুল গান্ধীয়ে পুনৰ হাইড্ৰজেন বোমাৰ বিষয়টো উত্থাপন কৰে।

ৰাহুলে কয় যে বিজেপি (ভাৰতীয় জনতা পাৰ্টি)ৰ লোক সকল যি উত্তেজিত হৈ পৰিছে, তেওঁলোকক ক’ব বিচাৰিছো যে আপোনালোক উত্তেজিত নহ’ব।

তেওঁ কয় যে, হাইড্ৰজেন বোমা আহি আছে। হাইড্ৰজেন বোমা আহিলেই সকলো পৰিষ্কাৰ হ’ব। ৰাহুল গান্ধীয়ে কয় যে সমগ্ৰ দেশত ‘ভোট চোৰ,সিংহাসন এৰি দিয়ক’ শ্লগান চলি আছে, জুইৰ দৰে বিয়পি পৰিছে।কাৰণ এইটোৱেই সত্য।

তেওঁ আৰু কয় যে ভাৰতৰ যুৱক-যুৱতীসকলে ভালদৰে শুনিব লাগে,সত্যটো হ’ল ভোট চুৰি কৰি চৰকাৰ গঠন কৰা হৈছে।ৰাহুল গান্ধীয়ে কৈছিল যে আমি নিশ্চয় আপোনালোকক প্ৰমাণ দিম।

বিহাৰ ভোটাৰ তালিকা পুনৰীক্ষণৰ বিষয়ত তেওঁ কয় যে SIR ৰ বিষয়টো বিহাৰত আছে।মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু কৰ্ণাটকৰ নিৰ্বাচনত ভোট চুৰি হৈছে।

লোকসভাৰ বিৰোধী নেতাই দাবী কৰিছিল যে আমি বেংগালুৰু চেণ্ট্ৰেলৰ ক’লা-বগা প্ৰমাণ দিলোঁ। আগন্তুক সময়ত আমি আপোনালোকক আৰু এটা বিস্ফোৰক প্ৰমাণ দিম।

মন কৰিবলগীয়া যে বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাহুল গান্ধীয়ে ৰায়বাৰলীত উপস্থিত হয়। বিৰোধী নেতা গৰাকী ৰায়বৰেলী ভ্ৰমণৰ বিৰুদ্ধে ইউ পি চৰকাৰৰ মন্ত্ৰী দীনেশ প্ৰতাপ সিঙৰ নেতৃত্বত বিজেপি সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক: নেপালত অভ্যুত্থানৰ পিছত ডাঙৰ খবৰ; প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হ’ব নেকি সুশীলা কাৰ্কী?

‘চুৰি হৈছে ৰাহুল গান্ধীৰ মগজু…!’; মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছৰ ডাঙৰ মন্তব্য

‘চুৰি হৈছে ৰাহুল গান্ধীৰ মগজু…!’

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে বিহাৰ ভ্ৰমণৰ সময়তে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে। কংগ্ৰেছ দলৰ এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰা অপমানজনক মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘মই আগতেও কৈছিলোঁ যে ৰাহুল গান্ধীৰ মগজু চুৰি হৈছে আৰু যেতিয়া মগজুটো চুৰি হয় তেতিয়াই মানুহে এনেধৰণৰ কথা কয়’।

‘আপোনাক ৰাষ্ট্ৰীয় নেতা বুলি ক’বলৈ কিবা অধিকাৰ আছে নে? মই ভাবো যেতিয়া কাৰোবাৰ মগজু চুৰি হয় তেতিয়া তাক আওকাণ কৰা উচিত’।

যোৱা কেইদিনমানৰ পৰা লোকসভাৰ বিৰোধী নেতাই প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে যি সুৰত বক্তব্য দিছে এই বিষয়ক লৈ বিজেপিৰ নেতা-কৰ্মীয়ে ৰাহুল গান্ধীক সমালোচনা কৰিছে।

ইয়াৰ পিছত বৃহস্পতিবাৰে সীমা অতিক্ৰম কৰিলে কাৰণ দৰভঙাত যি ঘটিল সেয়া কোনো সভ্য সমাজত মানি ল’ব নোৱাৰি।

বিৰোধী দলৰ সভাপতি গৰাকীয়ে যেতিয়া গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে তেতিয়া  তেওঁৰ কংগ্ৰেছ দলৰ কৰ্মীসকলে পি এম মোদীক লেতেৰা ভাষাত গালি-গালাজ কৰিবলৈ ধৰিলে,প্ৰধানমন্ত্ৰী মোদীৰ বাবে অপশব্দ ব্যৱহাৰ কৰাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

লগতে পঢ়ক: তেওঁলোকে চেষ্টা কৰি আছে যে যদি কেতিয়াবা জেললৈ যায়…’সাংবিধানিক সংশোধনী বিধেয়ক’ক লৈ অমিত শ্বাহৰ মন্তব্য