HSLC অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে জৰুৰী খবৰ: ১৪ আগষ্টৰ ভিতৰত কৰক পুনৰ নামভৰ্তি

শিক্ষা অব্যাহত ৰাখিবলৈ ইচ্ছা কৰা অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে পৰৱৰ্তী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে পুনৰ দশম শ্ৰেণীত নামভৰ্তি কৰাটো বাধ্যতামূলক কৰা হৈছে

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ASSEB), ডিভিজন-১এ ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । পৰিষদৰ শেহতীয়া জাননী অনুসৰি, শিক্ষা অব্যাহত ৰাখিবলৈ ইচ্ছা কৰা অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে পৰৱৰ্তী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে পুনৰ দশম শ্ৰেণীত নামভৰ্তি কৰাটো বাধ্যতামূলক কৰা হৈছে ।

পুনৰ নামভৰ্তিৰ নিয়মসমূ :

বিদ্যালয় নিৰ্বাচন: ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পূৰ্বৰ বিদ্যালয়ত পুনৰ নামভৰ্তি কৰিব পাৰিব । যদি সেই বিদ্যালয়ত আসনৰ অভাৱ থাকে, তেন্তে তেওঁলোকে একেটা পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত অন্য এখন বিদ্যালয়ত নামভৰ্তি কৰিবলৈ সুযোগ পাব ।

পঞ্জীয়ন নম্বৰ: ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পুৰণি পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰিব পাৰিব ।

বিষয় পৰিৱৰ্তন: অৰ্ধ-বাৰ্ষিক পৰীক্ষাৰ পূৰ্বে ঐচ্ছিক বিষয় সলনি কৰাৰ সুবিধা থাকিব । অৰ্ধ-বাৰ্ষিক পৰীক্ষাৰ পিছত কোনো বিষয় পৰিৱৰ্তন কৰিবলৈ দিয়া নহ’ব ।

অৰ্ধ-বাৰ্ষিক পৰীক্ষা: পুনৰ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অৰ্ধ-বাৰ্ষিক পৰীক্ষাত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক । অন্যথা, তেওঁলোক পৰৱৰ্তী HSLC পৰীক্ষাত বহিবলৈ যোগ্য বিবেচিত নহ’ব ।

বিদ্যালয়ৰ দায়িত্ব: বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি নিৰীক্ষণ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে সংশোধনী শ্ৰেণী প্ৰদান কৰিব লাগিব । লগতে ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰসমূহ সঠিক সময়ত পৰিষদলৈ প্ৰেৰণ কৰিব লাগিব ।

শেষ তাৰিখ: পৰিষদে সকলো বিদ্যালয়ক অহা ১৪ আগষ্ট, ২০২৬ তাৰিখৰ ভিতৰত এই নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক : অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিধায়ক পুঁজিৰ পৰিমাণ বৃদ্ধি

সলনি হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ নিয়ম, কম্পাৰ্টমেণ্টেল পৰীক্ষাৰো বিলুপ্তি

হাইস্কুল শিক্ষান্ত পৰীক্ষা পদ্ধতিত ব্যাপক পৰিৱৰ্তনৰ কথা ঘোষণা । শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন এক গ্ৰেডিং পদ্ধতিৰ জৰিয়তে মূল্যায়ন কৰা হ’ব ।

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৈতে সংগতি ৰাখি এক গুৰুত্বপূৰ্ণ সংস্কাৰ হিচাপে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (ASSEB) হাইস্কুল শিক্ষান্ত পৰীক্ষা পদ্ধতিত ব্যাপক পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে । অহা শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হ’ব এই পৰিৱৰ্তনসমূহ ।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (ASSEB) অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে এই ঘোষণা কৰি কয় যে শীৰ্ষস্থান প্ৰাপ্ত বা স্থান লাভ কৰা শিক্ষাৰ্থীৰ তালিকা ঘোষণা কৰাৰ বৰ্তমানৰ ব্যৱস্থাটো বন্ধ কৰা হ’ব । ইয়াৰ পৰিৱৰ্তে শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন এক গ্ৰেডিং পদ্ধতিৰ জৰিয়তে মূল্যায়ন কৰা হ’ব, যাৰ উদ্দেশ্য হৈছে শৈক্ষিক চাপ হ্ৰাস কৰা আৰু সামগ্ৰিক শিক্ষা প্ৰসাৰিত কৰা ।

সংবাদ মাধ্যমক সম্বোধন কৰি জৈনে কয়, “অহা বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা শিক্ষাৰ্থীসকলৰ নাম ঘোষণা কৰাৰ কোনো ব্যৱস্থা নাথাকিব । ফলাফলসমূহ গ্ৰেডৰ ওপৰত ভিত্তি কৰি ঘোষণা কৰা হ’ব ।”

বোৰ্ডৰ দ্বাৰা ঘোষিত আন এক অন্যতম পৰিৱৰ্তন হ’ল কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বিলুপ্তি । পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা শিক্ষাৰ্থীসকলে একেটা শিক্ষাবৰ্ষতে পুনৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত বহাৰ সুযোগ নাপাব । ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নতুন নীতি নিৰ্দেশনা অনুসৰি সংশোধিত মূল্যায়ন গাঁথনি অনুসৰণ কৰিব লাগিব ।

এই সংস্কাৰসমূহ অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাক ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ লক্ষ্যৰ সৈতে মিলাই ৰখাৰ এক ব্যাপক প্ৰচেষ্টাৰ অংশ, য’ত যোগ্যতা ভিত্তিক মূল্যায়ন, পৰীক্ষাৰ মানসিক চাপ হ্ৰাস আৰু শিক্ষাৰ্থীৰ সামৰ্থ্যৰ অধিক বিস্তৃত মূল্যায়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

শিক্ষা বিষয়াসকলৰ মতে, গ্ৰেডিং পদ্ধতিলৈ এই পৰিৱৰ্তনে অস্বাস্থ্যকৰ প্ৰতিযোগিতা হ্ৰাস কৰি আৰু মুখস্থ বিদ্যাৰ পৰিৱৰ্তে ধাৰণাগত বুজাবুজিৰ ওপৰত গুৰুত্ব দি এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিব ।

এই পৰিৱৰ্তনসমূহে ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোনো প্ৰভাৱ নেপেলায়, যাৰ ফলাফল ইতিমধ্যে বৰ্তমানৰ ব্যৱস্থাৰ অধীনত ঘোষণা কৰা হৈছে । ইয়াৰ পৰিৱৰ্তে নতুন নিয়মসমূহ পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী কৰা হ’ব, যাতে বিদ্যালয় আৰু শিক্ষাৰ্থীসকলে সংশোধিত গাঁথনিৰ সৈতে খাপ খুৱাই ল’বলৈ পৰ্যাপ্ত সময় পায় ।

এই সংস্কাৰৰ গুৰুত্ব উল্লেখ কৰি জৈনে কয় যে এই পদক্ষেপে মূল্যায়ন প্ৰক্ৰিয়াটো শিক্ষাৰ্থী-বান্ধৱ আৰু সমতাপূৰ্ণ কৰি তুলিব বুলি আশা কৰা হৈছে । তেওঁ লগতে কয় যে গ্ৰেডিং গাঁথনি আৰু মূল্যায়ন পদ্ধতিৰ সন্দৰ্ভত বিতং নিৰ্দেশনা বোৰ্ডৰ ফালৰ পৰা যথা সময়ত জাৰি কৰা হ’ব ।

এই ঘোষণাই অসমৰ শিক্ষা ব্যৱস্থাত এক বৈপ্লৱিক পদক্ষেপ হিচাপে চিহ্নিত হৈছে, যিয়ে স্থান-ভিত্তিক প্ৰতিযোগিতাৰ পৰা এক অন্তৰ্ভুক্তিমূলক আৰু সামগ্ৰিক মূল্যায়ন দৃষ্টিভংগীলৈ পৰিৱৰ্তনৰ ইংগিত দিছে । এই পদক্ষেপে অনাগত বছৰবোৰত শিক্ষাৰ্থীৰ প্ৰদৰ্শন মূল্যায়নৰ ধৰণ পুনৰ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ঘোষণা হ’ল মেট্ৰিকৰ ৰিজাল্ট, এতিয়াই চাওক ফলাফল

ঘোষণা হ’ল মেট্ৰিকৰ ৰিজাল্ট, এতিয়াই চাওক ফলাফল

পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা কৰা হয় মেট্ৰিকৰ ৰিজাল্ট

ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে শুকুৰবাৰে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে । পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা কৰা হয় মেট্ৰিকৰ ৰিজাল্ট । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ উত্তীৰ্ণৰ হাৰ ৬৫.৬২ শতাংশ । পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,২৯,২৪৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২,৮১,৭০১ গৰাকী শিক্ষাৰ্থী সফলতাৰে উত্তীৰ্ণ হৈছে ।

ঘোষণা কৰা ফলাফল অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ত মেধাৰ ভিত্তিত প্ৰথম চাৰিটা স্থানত উজ্বলিল চাৰিগৰাকীকৈ শিক্ষাৰ্থী । প্ৰথম স্থানত শংকৰদেৱ শিশু নিকেটন, পাটাছাৰকুছিৰ জ্যোতিৰ্ময় দাস, দ্বিতীয় স্থানত অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়, বিশ্বনাথৰ আকাংক্ষা ভূঞা, তৃতীয় স্থানত লিটল ফ্লাৱাৰ স্কুল, ডিব্ৰুগড়ৰ জিয়া ফাৰা ইছলাম, চতুৰ্থ স্থানত লিটল ফ্লাৱাৰ স্কুল, নলবাৰীৰ সুৰজিত আখতাৰ ।

জিয়া ফাৰাহ ইছলাম, সুৰজিত আখতাৰে লাভ কৰিছে ৯৮ %, জ্যোতিৰ্ময় দাসে লাভ কৰিছে ৯৮.৫ শতাংশ, আকাংক্ষা ভূঞাই লাভ কৰিছে ৯৮.১ শতাংশ নম্বৰ ।

উল্লেখ্য যে, যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আজি, ১০ এপ্ৰিলত ফলাফল ঘোষণা কৰা হয় । মুঠ ৪,৩৮,৫৬৪ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাৰ বাবে আবেদন কৰিছিল, যাৰ ভিতৰত ৯,৩১৫ গৰাকী অনুপস্থিত আছিল আৰু ১৩৫ গৰাকীক বহিষ্কাৰ কৰা হৈছিল । ৫ গৰাকী শিক্ষাৰ্থীৰ ফলাফল স্থগিত ৰখা হৈছে । পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত ১,৮৬,৪৬৮ গৰাকী ছাত্ৰ আৰু ২,৪২,৭৮১ গৰাকী ছাত্ৰী আছিল । ফলাফলৰ ক্ষেত্ৰত ছাত্ৰসকলৰ উত্তীৰ্ণৰ হাৰ ৬৭.৭৮ শতাংশ আৰু ছাত্ৰীসকলৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৬ শতাংশ ।

ঘোষণা কৰা ফলাফল অনুসৰি ৮৫,১৮৯ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ লাভ কৰিছে, যাৰ ভিতৰত ৩,৯৮৩ গৰাকীয়ে ডিষ্টিংচন আৰু ১৩,৬৮১ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে । মুঠ ১,৫০,১৬৭ গৰাকী প্ৰাৰ্থীয়ে দ্বিতীয় বিভাগত আৰু ৪৬,৩৪৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । বিভিন্ন বিষয়ত মুঠ ৯৯,০৬২ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ মাৰ্ক লাভ কৰিছে ।

৮৮.২৩ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ডিমা হাচাও জিলা শীৰ্ষস্থানত থকাৰ বিপৰীতে শিৱসাগৰ ৮৪.০৮ শতাংশৰে দ্বিতীয় আৰু ডিব্ৰুগড় ৭৮.৪৬ শতাংশৰে তৃতীয় স্থানত আছে । কাছাৰ জিলাত উত্তীৰ্ণৰ হাৰ আটাইতকৈ কম (৪৯.১৩ শতাংশ) ৰেকৰ্ড কৰা হৈছে ।

শ্ৰেণী অনুসৰি অনুসূচিত জনজাতি (ভৈয়াম) বা ST (P) প্ৰাৰ্থীসকলৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ৭৩.৬৫ শতাংশ, ইয়াৰ পিছতে আছে অন্যান্য পিছপৰা শ্ৰেণী বা OBC (৭১.৬৫ শতাংশ) আৰু অতিৰিক্ত পিছপৰা শ্ৰেণী বা MOBC (৭০.৯৪ শতাংশ)। চাহ জনজাতিৰ প্ৰাৰ্থীসকলৰ উত্তীৰ্ণৰ হাৰ আটাইতকৈ কম অৰ্থাৎ ৫০.৫১ শতাংশ ।

লগতে পঢ়ক : আজি প্ৰকাশ পাব মেট্ৰিকৰ ৰিজাল্ট, পুৱা ১০.৩০ বজাত ঘোষণা হ’ব ফলাফল

আজি প্ৰকাশ পাব মেট্ৰিকৰ ৰিজাল্ট, পুৱা ১০.৩০ বজাত ঘোষণা হ’ব ফলাফল

অসম মাধ্যমিক শিক্ষা পৰিষদে আজি ঘোষণা কৰিব মেট্ৰিকৰ ৰিজাল্ট

আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । অসম মাধ্যমিক শিক্ষা পৰিষদে আজি ঘোষণা কৰিব মেট্ৰিকৰ ৰিজাল্ট । চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে মুঠ ১,০৪৬ টা পৰীক্ষা কেন্দ্ৰত ৪,৩৮,৫৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰে ১,৯০,২৪৩ গৰাকী ছাত্র আৰু ২,৪৮,৩২২ গৰাকী ছাত্রী আছিল ।

ইতিমধ্যে ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে ১০ এপ্ৰিল, শুকুৰবাৰে পুৱা ১০.৩০ বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি ঘোষণা কৰিছে । লগতে তেওঁ সামাজিক মাধ্যমৰ এক পোষ্ট যোগে কোন কেইটা ৱেবছাইটত ফলাফল উপলব্ধ হ’ব সেই তথ্য প্ৰকাশ কৰিছে । ১৬ টাকৈ ৱেবছাইটযোগে উপলব্ধ হ’ব ফলাফল ।

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হৈছিল ।

কোনকেইটা ৱেবছাইটত উপলব্ধ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬-ৰ ফলাফল :

https://sebaonline.org, www.indiaresults.com, https://results.digilocker.gov.in, www.results.shiksha, www.assam.shiksha, www.schools9.com, www.assamresult.in, www.assamjobalerts.com, www.iresults.net, www.iresults.in, www.fastresults.in, https://www.necareer.com, www.jagranjosh.com, https://timesofindia.indiatimes.com/education, https://ndtv.in, https://www.ndtv.com

ৱেবছাইটত ফলাফল চাবলৈ আৰু ডাউনলোড কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে এডমিট কাৰ্ডৰ তথ্য ব্যৱহাৰ কৰি লগ-ইন কৰিব লাগিব । আপোনাৰ ফলাফল চাবলৈ এই পদক্ষেপসমূহ অনুসৰণ কৰক :

-অসম বৰ্ডৰ অফিচিয়েল ৱেবছাইটলৈ যাওক ।

-Results (ফলাফল)ত ক্লিক কৰক ।

-Assam HSLC Result 2026 লিংকটো বাচনি কৰক।

-আপোনাৰ ৰোল নম্বৰ দিয়ক কৰক আৰু Submit বুটামত ক্লিক কৰক।

-আপোনাৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬-ৰ ফলাফল স্ক্ৰীণত দৃশ্যমান হ’ব।

-অফিচিয়েল ফলাফলটো ডাউনলোড কৰক।

লগতে পঢ়ক : বিধানসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান : অসমত ৮৫.৩৮% আৰু পুডুচেৰীত ৮৯.৮৩%ৰে ভংগ হ’ল সৰ্বকালৰ অভিলেখ

আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

ৰাজ্যজুৰি আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। সমগ্ৰ ৰাজ্যৰ মুঠ ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থীয়ে এই গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হৈছে ।

আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । এইবাৰ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ASSEB-ৰ নতুন নিয়মেৰে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে । সমগ্ৰ ৰাজ্যৰ মুঠ ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থীয়ে এই গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হৈছে । পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব লগা এই পৰীক্ষাত এইবাৰ কেইবাটাও নতুন নিয়ম বলবৎ কৰা হৈছে । উল্লেখযোগ্য যে, এইবাৰ প্ৰশ্নকাকতত প্ৰতিটো ভাষাৰ প্ৰশ্ন পৃথকভাৱে উপলব্ধ হ’ব ।

পৰীক্ষাৰ স্বচ্ছতা আৰু শৃংখলা ৰক্ষাৰ বাবে কৰ্তৃপক্ষই অত্যন্ত কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । পৰীক্ষা কেন্দ্ৰত সোমোৱাৰ আগতে প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে এই নিয়মসমূহ পালন কৰাটো বাধ্যতামূলক কৰা হৈছে । পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ লগত কেৱল কলম, এডমিট কাৰ্ড, ক্লিপ ব’ৰ্ড, কম্পাছ আৰু পানীৰ বটলহে নিব পাৰিব । পৰীক্ষা হলৰ ভিতৰলৈ মোবাইল ফোন বা যিকোনো ধৰণৰ ইলেকট্ৰনিক ডিভাইছ নিয়াটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । ইয়াৰ উপৰিও পৰীক্ষাৰ্থীয়ে নিজৰ লগত কোনো অতিৰিক্ত কাগজ ৰাখিব নোৱাৰিব ।

সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো চিচি টিভি কেমেৰাৰ তীক্ষ্ণ নজৰত অনুষ্ঠিত কৰা হৈছে । পৰীক্ষাৰ্থীৰ সামান্য ভুল বা নিয়ম উলংঘাই তেওঁলোকক বিপদত পেলাব পাৰে ।  গতিকে পৰীক্ষাৰ্থীসকলক সাৱধানতাৰে আৰু নিয়ম মানি পৰীক্ষাত বহিবলৈ আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক : বাৰে বাৰে দিব নোৱাৰিব অসামৰিক সেৱাৰ পৰীক্ষা! ইউ পি এছ চিৰ ডাঙৰ সিদ্ধান্ত

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা; মানি চলিব লাগিব এই সমূহ নিয়ম

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ১,০৪৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। কাইলৈ পুৱা ৯ বজাৰ পৰাই আৰম্ভ হ’ব পৰীক্ষা।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৪ লাখ ৩৮ হাজাৰ ৫৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। মুঠ ১,০৪৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা।

পৰীক্ষা কেন্দ্ৰত সামান্য ভুল কৰিলেই বিপদত পৰিব পাৰে পৰীক্ষাৰ্থী।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰা আৰু সুউচ্চ দেৱাল থকাটো বাধ্যতামূলক। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধত চৰকাৰে ১৬৩ ধাৰা জাৰি কৰিছে।

পৰীক্ষাৰ সময়ত কেন্দ্ৰৰ ওচৰে-পাজৰে কোনো অচিনাকি লোকৰ সমাগমো নিষিদ্ধ কৰা হৈছে।জানিব পৰা মতে মুঠ ৪৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব উত্তৰ বহীৰ মূল্যায়ন প্ৰক্ৰিয়া

আনহাতে ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব HSৰ চূড়ান্ত পৰীক্ষা। ৮২১ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। HSৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩,৩০,৩৪৪ পৰীক্ষাৰ্থী।  

লগতে পঢ়ক: অনলাইন গেমেই কাল হ’ল মহম্মদ কাঈফৰ; ৰক্তচাপ বৃদ্ধি হৈ ফাটিলে মগজুৰ শিৰা