বাৰে বাৰে দিব নোৱাৰিব অসামৰিক সেৱাৰ পৰীক্ষা! ইউ পি এছ চিৰ ডাঙৰ সিদ্ধান্ত

বাৰে বাৰে দিব নোৱাৰিব অসামৰিক সেৱাৰ পৰীক্ষা! ইউ পি এছ চিৰ ডাঙৰ সিদ্ধান্ত

এই বছৰ আয়োগে সেৱা আবণ্টন আৰু ডিজিটেল সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন সাধন কৰিছে । ইউ পি এছ চিয়ে গ্ৰুপ এ সেৱাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত ২০২৬ চনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবেও নিয়ম সংশোধন কৰিছে । কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২৬ চনৰ ৪ ফেব্ৰুৱাৰীত

এই বছৰ আয়োগে সেৱা আবণ্টন আৰু ডিজিটেল সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন সাধন কৰিছে । ইউ পি এছ চিয়ে গ্ৰুপ এ সেৱাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত ২০২৬ চনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবেও নিয়ম সংশোধন কৰিছে ।

কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২৬ চনৰ ৪ ফেব্ৰুৱাৰীত অসামৰিক সেৱা পৰীক্ষাৰ বাবে এই অধিসূচনা প্ৰকাশ কৰিছে । এই বছৰ আয়োগে সেৱা আবণ্টন আৰু ডিজিটেল সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন সাধন কৰিছে । আই পি এছৰ বাবে নিয়মসমূহ অধিক স্পষ্ট আৰু কঠোৰ কৰা হৈছে ।

যদি কোনো প্ৰাৰ্থী ইতিমধ্যে আই পি এছৰ বাবে নিৰ্বাচিত হৈছে তেন্তে চি এছ ই ২০২৬ৰ জৰিয়তে আই পি এছৰ বাবে বিকল্প নিৰ্বাচন কৰিব নোৱাৰিব । তদুপৰি সেৱা আগবঢ়োৱা আই এ এছ আৰু আই এফ এছ বিষয়াসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব । যদি মেইনছ পৰীক্ষাৰ পূৰ্বে এই সেৱাসমূহত কোনো প্ৰাৰ্থী নিযুক্তি দিয়া হয় তেন্তে তেওঁলোকক মূল পৰীক্ষাত উপস্থিত থাকিবলৈ অনুমতি দিয়া নহ’ব ।

চি এছ ই ২০২৫ বা তাৰ পূৰ্বে কোনো সেৱাত যোগদান কৰা প্ৰাৰ্থীসকলক ২০২৬ বা ২০২৭ চনত তেওঁলোকৰ বাকী থকা প্ৰচেষ্টাসমূহ ব্যৱহাৰ কৰিবলৈ এটা চূড়ান্ত সুযোগ (পদত্যাগ নকৰাকৈ) দিয়া হৈছে ।

এই প্ৰাৰ্থীসকলৰ বাবে সলনি কৰা হৈছে নিয়ম-

ইউ পি এছ চিয়ে গ্ৰুপ এ সেৱাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত ২০২৬ চনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবেও নিয়ম সংশোধন কৰিছে । এনে পৰীক্ষাৰ্থীয়ে সংশ্লিষ্ট বিভাগৰ পৰা প্ৰশিক্ষণৰ ৰেহাই লাভ কৰিলেহে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব । কিন্তু যদিহে তেওঁলোকে প্ৰশিক্ষণত উপস্থিত নাথাকে আৰু ৰেহাই বিচৰা নাই তেন্তে তেওঁলোকৰ ২০২৬ চনৰ আবেদন বাতিল কৰা হ’ব । তদুপৰি ২০২৭ চনত যদি পুনৰ সফল হয় তেন্তে দুয়োটা সেৱাৰ ভিতৰত এটা বাছি ল’ব লাগিব আৰু আনটো বাতিল বুলি গণ্য কৰা হ’ব ।

ইয়াৰ উপৰিও পৰীক্ষাৰ জালিয়াতি ৰোধ কৰিবলৈ এ আই ভিত্তিক মুখ চিনাক্তকৰণ আৰু আধাৰ পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে । এতিয়া প্ৰাৰ্থীসকলে চাৰিটা স্তৰৰ নতুন পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব, যিটো পৰ্টেল সম্পূৰ্ণৰূপে আধাৰ সংযুক্ত হ’ব ।

উল্লেখ্য যে, ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে ভাৰতৰ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব । ভাৰতীয় বন সেৱাৰ (আই এফ এছ) প্ৰাৰ্থীয়ে পশুপালন, পশু চিকিৎসা বিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূতত্ত্ব, গণিত, পদাৰ্থ বিজ্ঞান, পৰিসংখ্যা, প্ৰাণীবিজ্ঞান আৰু কৃষি আদি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব ।

লগতে পঢ়ক : ‘আমি ন্যায় পোৱা নাই’; SIR ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত মমতা বেনাৰ্জী

শেহতীয়া প্ৰৱন্ধসমূহ