আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

ৰাজ্যজুৰি আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। সমগ্ৰ ৰাজ্যৰ মুঠ ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থীয়ে এই গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হৈছে । আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । এইবাৰ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ASSEB-ৰ নতুন নিয়মেৰে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে

ৰাজ্যজুৰি আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। সমগ্ৰ ৰাজ্যৰ মুঠ ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থীয়ে এই গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হৈছে ।

আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । এইবাৰ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ASSEB-ৰ নতুন নিয়মেৰে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে । সমগ্ৰ ৰাজ্যৰ মুঠ ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থীয়ে এই গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হৈছে । পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব লগা এই পৰীক্ষাত এইবাৰ কেইবাটাও নতুন নিয়ম বলবৎ কৰা হৈছে । উল্লেখযোগ্য যে, এইবাৰ প্ৰশ্নকাকতত প্ৰতিটো ভাষাৰ প্ৰশ্ন পৃথকভাৱে উপলব্ধ হ’ব ।

পৰীক্ষাৰ স্বচ্ছতা আৰু শৃংখলা ৰক্ষাৰ বাবে কৰ্তৃপক্ষই অত্যন্ত কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । পৰীক্ষা কেন্দ্ৰত সোমোৱাৰ আগতে প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে এই নিয়মসমূহ পালন কৰাটো বাধ্যতামূলক কৰা হৈছে । পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ লগত কেৱল কলম, এডমিট কাৰ্ড, ক্লিপ ব’ৰ্ড, কম্পাছ আৰু পানীৰ বটলহে নিব পাৰিব । পৰীক্ষা হলৰ ভিতৰলৈ মোবাইল ফোন বা যিকোনো ধৰণৰ ইলেকট্ৰনিক ডিভাইছ নিয়াটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । ইয়াৰ উপৰিও পৰীক্ষাৰ্থীয়ে নিজৰ লগত কোনো অতিৰিক্ত কাগজ ৰাখিব নোৱাৰিব ।

সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো চিচি টিভি কেমেৰাৰ তীক্ষ্ণ নজৰত অনুষ্ঠিত কৰা হৈছে । পৰীক্ষাৰ্থীৰ সামান্য ভুল বা নিয়ম উলংঘাই তেওঁলোকক বিপদত পেলাব পাৰে ।  গতিকে পৰীক্ষাৰ্থীসকলক সাৱধানতাৰে আৰু নিয়ম মানি পৰীক্ষাত বহিবলৈ আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক : বাৰে বাৰে দিব নোৱাৰিব অসামৰিক সেৱাৰ পৰীক্ষা! ইউ পি এছ চিৰ ডাঙৰ সিদ্ধান্ত

শেহতীয়া প্ৰৱন্ধসমূহ