আজি প্ৰকাশ পাব মেট্ৰিকৰ ৰিজাল্ট, পুৱা ১০.৩০ বজাত ঘোষণা হ'ব ফলাফল

আজি প্ৰকাশ পাব মেট্ৰিকৰ ৰিজাল্ট, পুৱা ১০.৩০ বজাত ঘোষণা হ’ব ফলাফল

অসম মাধ্যমিক শিক্ষা পৰিষদে আজি ঘোষণা কৰিব মেট্ৰিকৰ ৰিজাল্ট আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । অসম মাধ্যমিক শিক্ষা পৰিষদে আজি ঘোষণা কৰিব মেট্ৰিকৰ ৰিজাল্ট । চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে মুঠ ১,০৪৬ টা পৰীক্ষা কেন্দ্ৰত ৪,৩৮,৫৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসম হাইস্কুল শিক্ষান্ত

অসম মাধ্যমিক শিক্ষা পৰিষদে আজি ঘোষণা কৰিব মেট্ৰিকৰ ৰিজাল্ট

আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । অসম মাধ্যমিক শিক্ষা পৰিষদে আজি ঘোষণা কৰিব মেট্ৰিকৰ ৰিজাল্ট । চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে মুঠ ১,০৪৬ টা পৰীক্ষা কেন্দ্ৰত ৪,৩৮,৫৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰে ১,৯০,২৪৩ গৰাকী ছাত্র আৰু ২,৪৮,৩২২ গৰাকী ছাত্রী আছিল ।

ইতিমধ্যে ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে ১০ এপ্ৰিল, শুকুৰবাৰে পুৱা ১০.৩০ বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি ঘোষণা কৰিছে । লগতে তেওঁ সামাজিক মাধ্যমৰ এক পোষ্ট যোগে কোন কেইটা ৱেবছাইটত ফলাফল উপলব্ধ হ’ব সেই তথ্য প্ৰকাশ কৰিছে । ১৬ টাকৈ ৱেবছাইটযোগে উপলব্ধ হ’ব ফলাফল ।

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হৈছিল ।

কোনকেইটা ৱেবছাইটত উপলব্ধ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬-ৰ ফলাফল :

https://sebaonline.org, www.indiaresults.com, https://results.digilocker.gov.in, www.results.shiksha, www.assam.shiksha, www.schools9.com, www.assamresult.in, www.assamjobalerts.com, www.iresults.net, www.iresults.in, www.fastresults.in, https://www.necareer.com, www.jagranjosh.com, https://timesofindia.indiatimes.com/education, https://ndtv.in, https://www.ndtv.com

ৱেবছাইটত ফলাফল চাবলৈ আৰু ডাউনলোড কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে এডমিট কাৰ্ডৰ তথ্য ব্যৱহাৰ কৰি লগ-ইন কৰিব লাগিব । আপোনাৰ ফলাফল চাবলৈ এই পদক্ষেপসমূহ অনুসৰণ কৰক :

-অসম বৰ্ডৰ অফিচিয়েল ৱেবছাইটলৈ যাওক ।

-Results (ফলাফল)ত ক্লিক কৰক ।

-Assam HSLC Result 2026 লিংকটো বাচনি কৰক।

-আপোনাৰ ৰোল নম্বৰ দিয়ক কৰক আৰু Submit বুটামত ক্লিক কৰক।

-আপোনাৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬-ৰ ফলাফল স্ক্ৰীণত দৃশ্যমান হ’ব।

-অফিচিয়েল ফলাফলটো ডাউনলোড কৰক।

লগতে পঢ়ক : বিধানসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান : অসমত ৮৫.৩৮% আৰু পুডুচেৰীত ৮৯.৮৩%ৰে ভংগ হ’ল সৰ্বকালৰ অভিলেখ

শেহতীয়া প্ৰৱন্ধসমূহ