১৭ নৱেম্বৰত শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়দান; বাংলাদেশত হাই এলাৰ্ট

শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়দানক লৈ হাই এলাৰ্ট

বাংলাদেশৰ বিশেষ আদালত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ১৭ নৱেম্বৰত প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়দান কৰিব ৷ এই ৰায়দানৰ পূৰ্বে বাংলাদেশত উত্তেজনাৰ পৰিবেশে বিৰাজ কৰিছে । আনহাতে শ্বেখ হাছিনাৰ দল আৱামি লীগে বৃহস্পতিবাৰে বন্ধৰ আহ্বান জনাইছে ।

আৱামি লীগৰ পৃষ্ঠপোষকতাত চলি থকা বন্ধৰ বাবে ৰাজধানী ঢাকাত নিৰাপত্তা কটকটীয়া আৰু লকডাউনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে । ইফালে বাংলাদেশক এই ৰায়দানৰ পূৰ্বে হাই এলাৰ্টত ৰখা হৈছে । বিচাৰ দলৰ এজন সদস্যই কয় যে অপৰাধ ন্যায়াধিকৰণে নিৰ্ধাৰিত সময় অনুসৰি ৰায়দান কৰিব ।

আৱামি লীগৰ বন্ধ আৰু হাছিনাৰ বিৰুদ্ধে ৰায়দানৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঢাকাত সেনা, সীমান্তৰক্ষী বাংলাদেশ আৰু সংঘৰ্ষ বিৰোধী আৰক্ষী মোতায়েন কৰিছে । ঢাকাৰ পথবোৰ খালী হৈ পৰিছে, যান-বাহনৰ যাতায়ত সীমিত হোৱা পৰিলক্ষিত হৈছে । বহু ব্যক্তিগত প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ে অনলাইনযোগে পাঠদান কৰাৰ সিদ্ধান্ত লৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ঢাকা, মুনছিগঞ্জ, মধ্য টাংগাইল আৰু দক্ষিণ-পশ্চিম গোপালগঞ্জত অচিনাক্ত ব্যক্তিয়ে পাঁচখন খালী বাছত জুই লগাই দিয়ে ।

হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰৰ ৰায়দান ১৭ নৱেম্বৰত ঘোষণা কৰা হ’ব । শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰিছে বিচাৰ বিভাগে । প্রাক্তন গৃহমন্ত্রী আছাদুজ্জামান খান আৰু প্রাক্তন আৰক্ষী অধীক্ষক আব্দুল্লা আল মানুনো এই গোচৰত অভিযুক্ত ৷ বিগত বৰ্ষৰ ছাত্ৰ আন্দোলনক দমন কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে, যাৰ ফলত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি বাংলাদেশ এৰি ভাৰতলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণক লৈ কি ক’লে আমেৰিকা-ৰাছিয়াই ? ইৰাণ-ইজৰাইলৰ শোক প্ৰকাশ

বাংলাদেশত শ্বেখ হাছিনা আৰু ইউনুছ সমৰ্থকৰ মাজত ৰক্তাক্ত সংঘৰ্ষ; ৪ জন নিহত

বাংলাদেশত শ্বেখ হাছিনা আৰু ইউনুছ সমৰ্থকৰ মাজত ৰক্তাক্ত সংঘৰ্ষ

বাংলাদেশৰ পৰিস্থিতি পুনৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে । বুধবাৰে গোপালগঞ্জ অঞ্চলত শ্বেখ হাছিনাৰ দল আৱামি লীগৰ ছাত্ৰ শাখা আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ সমৰ্থকৰ মাজত ৰক্তাক্ত সংঘৰ্ষৰ সূত্ৰপাত হয় । এই ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ডজনৰো অধিক লোক আহত হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি সেনাই টেংকেৰে ৰাজপথত টহল দি অঞ্চলটোৰ দায়িত্ব লয় । উল্লেখ্য যে, বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবৰ ৰহমানৰ জন্মস্থান গোপালগঞ্জ ।

তথ্য অনুসৰি নেশ্যনেল চিটিজেন পাৰ্টিয়ে গোপালগঞ্জত এক সমাৱেশৰ আয়োজন কৰিছিল, য’ত পৰিস্থিতিয়ে হিংসাত্মক ৰূপ ধাৰণ কৰে । হিংসাত্মক পৰিস্থিতিৰ পিছতে অঞ্চলটোত জাৰি কৰা হৈছে কাৰ্ফিউ । আৰক্ষীৰ উপৰিও অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হয় । ভাৰতত আশ্ৰয় লৈ থকা শ্বেখ হাছিনাৰ দল আৱামী লীগে ইউনুছ চৰকাৰে দুষ্কৃতিকাৰীৰ জৰিয়তে ৰক্তপাত কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

গোপালগঞ্জৰ হিন্দু অধ্যুষিত অঞ্চলত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত মহম্মদ ইউনুছ চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । হিংসাত্মক অঞ্চলটোত সান্ধ্য আইনৰ মাজতে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে । ইউনুছ চৰকাৰে এই ৰক্তপাতৰ বাবে আৱামী লীগক দোষাৰোপ কৰিছে । আনহাতে শ্বেখ হাছিনাৰ সমৰ্থকসকলে কয় যে ইউনুছ চৰকাৰে দলীয় কৰ্মীক আক্ৰমণ কৰিছে ।

অভিযোগ অনুসৰি শ্বেখ হাছিনা দলৰ সমৰ্থকে এন চি পিৰ সমাৱেশত আক্ৰমণ চলাইছিল । আৱামী লীগৰ ছাত্ৰ শাখা বাংলাদেশ ছাত্ৰ লীগৰ বিৰুদ্ধে হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পিছতে সংঘৰ্ষৰ সৃষ্টি হয় । মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে শ্বেখ হাছিনাৰ সমৰ্থকে বিক্ষোভ আৰম্ভ কৰে । আৰক্ষীৰ গুলীত নিহত হৈছে ৪ জন ।

লগতে পঢ়ক : সত্যজিৎ ৰায়ৰ বাংলাদেশস্থিত পূৰ্বপুৰুষৰ ঘৰ সংৰক্ষণৰ আহ্বান ভাৰত চৰকাৰৰ…

বিপদ বাঢ়িছে শ্বেখ হাছিনাৰ; মানৱতাৰ বিৰুদ্ধে অপৰাধ গোচৰত ফ্ৰেমৱৰ্ক কৰা অভিযোগ

শ্বেখ হাছিনাৰ বাঢ়িছে বিপদ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিপদ শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।ইটোৰ পিছত সিটোকৈ তেওঁ ধাৰাবাহিকভাৱে বিপদৰ সন্মুখীন হৈ আহিছে।

এতিয়া আন এটা গোচৰত বিচাৰৰ সন্মুখীন হ’ব লাগিব প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনা।তেওঁৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছে।

কোৱা হৈছে যে শ্বেখ হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধকে ধৰি ৫টা গোচৰত ঢাকাৰ আদালতত আনুষ্ঠানিক অভিযোগনামা দাখিল কৰা হৈছে।

২০২৪ চনৰ জুলাই–আগষ্ট মাহত হোৱা হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰায় ১৪০০ জন সাধাৰণ নাগৰিকৰ মৃত্যুৰ বাবে ইয়াতহাছিনাক দোষাৰোপ কৰা হৈছে।এই হিংসাত নিহতসকলৰ অধিকাংশই আছিল ছাত্ৰ।

হাছিনাৰ লগতে আৰু দুজন অভিযুক্ত

ন্যায়াধিকৰণে শ্বেখ হাছিনা, প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক আব্দুল্লা আল মামুনৰ বিৰুদ্ধে গোচৰ চলাবলৈ নিৰ্দেশ দিছে।

তেওঁলোক তিনিওজনৰ বিৰুদ্ধে বিগত বৰ্ষৰ জুলাই-আগষ্ট মাহত ছাত্ৰ-ছাত্ৰী নেতৃত্বাধীন প্ৰতিবাদ দমন কৰাৰ অভিযোগ উত্থাপন হৈছে, তেওঁৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন হৈছে।

অৱশ্যে হাছিনা আৰু আছাদুজ্জামান খান শুনানিৰ বাবে বাংলাদেশত নাই তেওঁলোক।ইফালে আব্দুল্লা আল মামুন জেলত আছে আৰু তেওঁৰ বিৰুদ্ধে থকা অভিযোগ মানি লৈছে।

লগতে পঢ়ক: বিহাৰত অব্যাহত থাকিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ; নিৰ্বাচন আয়োগৰ কাৰ্য্যবিধি স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নতুন বিপদ; আদালতে বিহিলে ছমাহৰ কাৰাদণ্ড

শ্বেখ হাছিনাক ছমাহৰ কাৰাদণ্ড

বিপদে যেন লগ নেৰা হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ।বাংলাদেশৰ পৰা পলাই থকাৰ পিছত এইবাৰ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে বুধবাৰে বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰীক অৱজ্ঞাৰ গোচৰত এই শাস্তি প্ৰদান কৰে। বাংলাদেশলে গ’লেই গ্ৰেপ্তাৰ হ’ব হাছিনা।

ক’ত আছে শ্বেখ হাছিনা

ন্যায়াধীশ মহম্মদ গুলাম মুৰ্তাজা মজুমদাৰৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ তিনিজনীয়া বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

একেটা সিদ্ধান্ততে ন্যায়াধিকৰণে গাইবন্ধাৰ গোবিন্দগঞ্জৰ ছাকিল আকন্দ বুলবুলক দুমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

১১ মাহ পূৰ্বে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশ এৰি যোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আৱামী লীগৰ নেত্ৰীগৰাকীক কোনো গোচৰত শাস্তি প্ৰদান কৰা হৈছে। বৰ্তমান ভাৰতত আছে হাছিনা।

হাছিনাৰ দলত নিষেধাজ্ঞা আৰোপ

উল্লেখযোগ্য যে, ইতিমধ্যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ দলৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে।

তেওঁৰ দল আৱামী লীগক বাংলাদেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।ইউনুছে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰিছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু বহু গোচৰ

বাংলাদেশত কেইবাটাও গোচৰত বিচাৰৰ সন্মুখীন হৈছে শ্বেখ হাছিনা।হাছিনাৰ বিৰুদ্ধে দুৰ্নীতিৰ পৰা আৰম্ভ কৰি হত্যালৈকে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

বাংলাদেশৰ ইউনুছ চৰকাৰে ভাৰতক প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক ঘূৰাই পঠিয়াবলৈ বাৰে বাৰে অনুৰোধ জনাই আহিছে।অৱশ্যে এই অনুৰোধৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই ভাৰত চৰকাৰে।

লগতে পঢ়ক: ৫খন দেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী; ব্ৰিকছ সন্মিলনতো কৰিব অংশগ্ৰহণ

আজি বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত অভিযোগৰ শুনানি… চৰকাৰী টিভিত হ’ব লাইভ

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত অভিযোগৰ শুনানি

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগৰ শুনানি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই শুনানি বাংলাদেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় টেলিভিছন (বিটিভি)ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । যোৱা বছৰৰ ৫ আগষ্টত ছাত্ৰ নেতৃত্বাধীন ব্যাপক প্ৰতিবাদৰ পিছত ক্ষমতাৰ পৰা অপসাৰণ কৰা হাছিনা কেইবাটাও গোচৰৰ সন্মুখীন হৈছে, যাৰ শুনানি এতিয়ালৈকে কেমেৰাৰ পৰা আঁতৰত ৰখা হৈছে । আই চি টি-বি ডিৰ এই সিদ্ধান্তই এই পৰম্পৰা ভংগ কৰিবলৈ সাজু হৈছে ।

১৮ ফেব্ৰুৱাৰীত তিনিজনীয়া ন্যায়াধিকৰণে হাছিনাৰ বিৰুদ্ধে তদন্ত এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল । ৰাষ্ট্ৰীয় সংবাদ সংস্থা বি এছ এছৰ মতে, দেওবাৰে আই চি টি-বিডিত ২০২৪ চনৰ জুলাই-আগষ্ট বিদ্ৰোহৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ দাখিল কৰিব বিচাৰ বিভাগে । আই চি টি-বিডিৰ অভিযোজক গাজী এম এইচ তামিমে কয় যে শুনানি স্থানীয় সময় অনুসৰি পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু বিটিভিক লাইভ সম্প্ৰচাৰ কৰিবলৈ কোৱা হৈছে । ষ্টুডেণ্টছ এগেইনষ্ট ডিচক্ৰিমিনেচন (এছ এ ডি)ৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ পিছত ২০২৪ চনৰ ৫ আগষ্টত হাছিনাৰ আৱামি লীগ চৰকাৰক উৎখাত কৰা হয় ।

ইতিমধ্যে আই চি টি-বিডিয়ে হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ বিপৰীতে অন্তৱৰ্তীকালীন চৰকাৰে তেওঁক প্ৰত্যাৰ্পণৰ বাবে ভাৰতলৈ কূটনৈতিক নোট প্ৰেৰণ কৰিছে । ২০২৪ চনৰ জুলাই-আগষ্টৰ হিংসাত্মক ঘটনাৰ সময়ত শ শ লোকৰ মৃত্যুৰ পিছত হাছিনা চৰকাৰৰ অধিকাংশ জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল । ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি যোৱা বছৰৰ ১৫ জুলাইৰ পৰা ১৫ আগষ্টৰ ভিতৰত প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছিল । চৰকাৰৰ পতনৰ পাছতো হিংসাত্মক পৰিস্থিতি অব্যাহত আছিল ।

লগতে পঢ়ক : ‘মই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ গলো…’ পাকিস্তানৰ ৰেলিত পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ডৰ স্বীকাৰোক্তি

‘মোক গুলীয়াই বংগভৱনত সমাধিস্থ কৰক…; শ্বেখ হাছিনাৰ বিস্ফোৰক মন্তব্য

মোক গুলীয়াই বংগভৱনত সমাধিস্থ কৰক

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বাবে ২০২৪ বৰ্ষটো একেবাৰে ভাল নাছিল। দেশত তীব্ৰ প্ৰতিবাদৰ হোৱাত তেওঁ পদত্যাগ কৰিবলগীয়া হয়।

বিষয়টো ইমানেই ভয়ংকৰ হৈ পৰিল যে তেওঁ দেশ এৰি যোৱাৰ সিদ্ধান্ত ল’বলগীয়া হ’ল, কিন্তু এতিয়া বাংলাদেশৰ ৰাজনীতিত অভ্যুত্থানৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে।

আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণৰ অধিবক্তা মহম্মদ তাজুল ইছলামে আদালতত শুনানিৰ সময়ত শ্বেখ হাছিনাৰ সৈতে জড়িত ঘটনা সন্দৰ্ভত মন্তব্য দিছে।

তেওঁ কৈছিল যে, ২০২৪ চনৰ ৫ আগষ্টত যেতিয়া অভ্যুত্থানৰ সময়ত সেনা বিষয়াই শ্বেখ হাছিনাক পদত্যাগ কৰিবলৈ কয় তেতিয়া শ্বেখ হাছিনাৰ কৈছিল যে ‘মোৰ গুলীয়াই দিয়া আৰু বংগভৱনত সমাধিস্থ কৰি দিয়া’।

এইটো শ্বেখ হাছিনাই পদ এৰাৰ পূৰ্বে শেষৰটো বাক্য আছিল। ইয়াৰ পিছতে তেওঁ ভাৰতত শৰনাপন্ন হৈছিল।

২০২৪ চনত ৫ আগষ্টত বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে অভ্যুত্থান ঘটিছিল।তেওঁৰ পিছত মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী নিযুক্তি দিয়া হয়।

কিছু মাহৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হৈ পৰে।বাংলাদেশত ছাত্ৰ-ছাত্ৰীসকলে অবিৰতভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মহম্মদ ইউনুছে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।

যোৱা বছৰ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত সেনাই দায়িত্ব ল’লে।এনে পৰিস্থিতিত এতিয়া সেনাই বিচাৰিছে যে দেশত অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত হওক, যাতে সেনাই নিজৰ বেৰেকলৈ উভতি যাব পাৰে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা; ‘সংখ্যালঘু অধ্যুষিত খিলঞ্জীয়া লোকক দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ’

‘আমেৰিকাৰ ওচৰত বাংলাদেশ বিক্ৰী কৰিছে ইউনুছে’… গুৰুতৰ অভিযোগ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

শ্বেখ হাছিনাৰ অভিযোগ

বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ মাজতে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । শ্বেখ হাছিনাই কয় যে ইউনুছে সন্ত্ৰাসবাদীৰ সহায়ত বাংলাদেশত ক্ষমতা দখল কৰিছে আৰু এই সন্ত্ৰাসবাদী সংগঠনসমূহৰ বহুতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিষিদ্ধ কৰা সংগঠন ।

বাংলাদেশৰ কাৰাগাৰ এতিয়া খালী-

তেওঁৰ ফেচবুক পোষ্টত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে ইউনুছে ক্ষমতা দখল কৰিবলৈ নিষিদ্ধ লোকৰ সহায় লৈছে, যাৰ পৰা আমি এতিয়ালৈকে বাংলাদেশৰ নাগৰিকক সুৰক্ষা দি আহিছিলো । মাত্ৰ এটা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলোঁ । বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও এতিয়া বাংলাদেশৰ জেল খালী । ইউনুছে এনে সকলো মানুহক মুকলি কৰি দিলে আৰু এতিয়া সেই সন্ত্ৰাসবাদীয়ে বাংলাদেশত শাসন কৰে ।

শ্বেখ হাছিনাই কয় যে আমাৰ মহান বাঙালী ৰাষ্ট্ৰৰ সংবিধান যি আমি দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু মুক্তিযুদ্ধৰ জৰিয়তে লাভ কৰিছো । অবৈধভাৱে ক্ষমতা দখল কৰা এই উগ্ৰপন্থী নেতাক সংবিধান স্পৰ্শ কৰাৰ অধিকাৰ কোনে দিলে ? তেওঁলোকৰ হাতত ৰাইজৰ আদেশ নাই, তেওঁলোকৰ কোনো সাংবিধানিক ভিত্তি নাই । তেওঁ কয় যে ইউনুছ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত হোৱাৰ কোনো ভিত্তি নাই আৰু ইয়াৰ অস্তিত্বও নাই । এনে পৰিস্থিতিত সংসদ অবিহনে তেওঁ কেনেকৈ আইন সলনি কৰিব, এইটো অবৈধ । তেওঁ দেশত আৱামি লীগ নিষিদ্ধ কৰিছে ।

আমি এক ইঞ্চি মাটিও দিব নোৱাৰো-

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পিতৃৰ সময়ৰ কথা উল্লেখ কৰি কয় যে যেতিয়া আমেৰিকাই ছেইণ্ট মাৰ্টিন দ্বীপ বিচাৰিছিল, তেতিয়া মোৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানে এই কথাত সন্মতি দিয়া নাছিল । তেওঁ প্ৰাণ আহুতি দিব লগা হৈছিল আৰু সেয়াই আছিল মোৰ ভাগ্য । কাৰণ দেশখন বিক্ৰী কৰি ক্ষমতাত থাকিব লাগে বুলি মোৰ মনলৈ কেতিয়াও নাহিল আৰু জাতিৰ পিতা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ আহ্বানত অস্ত্ৰ তুলি লোৱা দেশৰ জনসাধাৰণে ৩০ লাখ মানুহক মুক্ত কৰিবলৈ যুঁজ দি প্ৰাণ আহুতি দিলে । সেই দেশৰ এক ইঞ্চি মাটিও কাকো দিয়াটো কাৰো উদ্দেশ্য হ’ব নোৱাৰে । কিন্তু আজি ইউনুছে আমেৰিকাক বাংলাদেশ বিক্ৰী কৰিছে ।

শ্বেখ হাছিনাই আৰু কয় যে আজি কি দুৰ্ভাগ্য, এনে এজন ব্যক্তি ক্ষমতালৈ আহিল, সমগ্ৰ দেশৰ জনসাধাৰণে বহুত ভালপোৱা এজন ব্যক্তি, সমগ্ৰ বিশ্বই ভালপোৱা এজন ব্যক্তি আৰু আজি যেতিয়া তেওঁ ক্ষমতালৈ আহিল, তেতিয়া সেইজন ব্যক্তিৰ কি হ’ল ?

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক অপসাৰণৰ প্ৰস্তুতি চলি আছে । ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে সেনা আৰু বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে । এই সন্দৰ্ভত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে কৈছে যে যদি তেওঁৰ ওপৰত নিৰ্বাচন বা আন কোনো বিষয়ত অপ্ৰয়োজনীয় হেঁচা প্ৰয়োগ কৰা হয় তেন্তে তেওঁ জনসাধাৰণৰ সৈতে লগ লাগি প্ৰত্যুত্তৰ দিব ।

লগতে পঢ়ক : বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী পদত বাহাল থাকিব মহম্মদ ইউনুছ…

বিপদ বাঢ়িব শ্বেখ হাছিনাৰ ? ৰেড কৰ্ণাৰ নটিচ জাৰি কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে বাংলাদেশে

বিপদ বাঢ়িব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বাংলাদেশ আৰক্ষীয়ে ১২জন লোকৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নটিচ জাৰি কৰিবলৈ ইন্টাৰপ’লক অনুৰোধ জনাইছে । বাংলাদেশ আৰক্ষীৰ ৰাষ্ট্ৰীয় কেন্দ্ৰীয় ব্যুৰোৱে প্ৰকাশ কৰা এই তালিকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । বাংলাদেশ আৰক্ষীয়ে ইন্টাৰপ’লৰ সৈতে যোগাযোগ কৰি হাছিনাৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নটিচ জাৰি কৰিবলৈ অনুৰোধ কৰা বুলি জানিবলৈ দিছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে এই আবেদনসমূহ তদন্তৰ সময়ত বা চলি থকা যিকোনো গোচৰৰ প্ৰক্ৰিয়াত উত্থাপিত অভিযোগৰ সম্পৰ্কত দাখিল কৰা হয় । এজন ব্যক্তিক সাময়িকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ ইন্টাৰপলে ৰেড কৰ্ণাৰ নটিচ ব্যৱহাৰ কৰে । যাতে গ্ৰেপ্তাৰৰ পিছত তেওঁক প্ৰত্যাৰ্পণ কৰিব পৰা যায় । উল্লেখ্য যে ইন্টাৰপলে বিদেশত বাস কৰা পলাতকসকলক বিচাৰি উলিওৱাত সহায় কৰে আৰু এবাৰ নিশ্চিত হ’লে এই তথ্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতেও ভাগ-বতৰা কৰে ।

বৰ্তমানৰ চৰকাৰক সমালোচনা কৰিছিল শ্বেখ হাছিনাই-

কিছুদিন পূৰ্বে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হোৱা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰিছিল । সেই সময়ত তেওঁ ইউনুছক “আত্মকেন্দ্ৰিক ঋণী” বুলি অভিহিত কৰিছিল যিয়ে বিদেশৰ সৈতে ষড়যন্ত্ৰ কৰি ক্ষমতাৰ পিয়াহ দূৰ কৰিবলৈ দেশ ধ্বংস কৰিছিল । আঠ মিনিটৰ ভিডিঅ’ ভাষণত বিদ্ৰোহৰ মুখ হৈ পৰা ছাত্ৰ প্ৰতিবাদকাৰী আবু ছাইদৰ মৃত্যুৰ কাৰণ কি সেই সম্পৰ্কেও সন্দেহ প্ৰকাশ কৰে তেওঁ । যোৱা বছৰৰ আগষ্ট মাহত শ্বেখ হাছিনাই নিজৰ জীৱন ৰক্ষাৰ বাবে বাংলাদেশৰ পৰা ভাৰতলৈ পলায়ন কৰিছিল । কিছুদিন পূৰ্বে বাংলাদেশলৈ উভতি যোৱাৰ প্ৰতিজ্ঞা কৰি তেওঁ কৈছিল যে এই কাৰণেই আল্লাহে তেওঁক জীয়াই ৰাখিছে ।

দুৰ্নীতিৰ অভিযোগত কঠোৰ আদালত… শ্বেখ হাছিনা আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে আন এক গ্ৰেপ্তাৰী পৰোৱানা জাৰি

বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিপদ কমি অহাৰ কোনো লক্ষণ দেখা পোৱা নাই । এতিয়া আৱাসিক প্লট কেলেংকাৰীৰ গোচৰত ঢাকা মেট্ৰ’পলিটান জ্যেষ্ঠ বিশেষ ন্যায়াধীশ আদালতে শ্বেখ হাছিনা, তেওঁৰ পুত্ৰ ছাজিব ৱাজেদ আৰু আন ১৬ জনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে । ইয়াৰ পূৰ্বে দেওবাৰে (১৩ এপ্ৰিল ২০২৫) ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি মাটি অধিগ্ৰহণ কৰাৰ অভিযোগত শ্বেখ হাছিনা, তেওঁৰ ভগ্নী শ্বেখ ৰেহানা আৰু ভতিজী টিউলিপ ছিদ্দিকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল ।

ঘটনাটো কি ?

পূৰ্বাঞ্চল নিউ টাউনত প্লট অধিগ্ৰহণৰ ক্ষেত্ৰত সংঘটিত হোৱা অনিয়মৰ দুটা গোচৰত দুৰ্নীতি বিৰোধী আয়োগৰ অভিযোগনামা শুনানি গ্ৰহণ কৰি আদালতে এই ৱাৰেণ্ট জাৰি কৰিছে । বিচাৰ বিভাগৰ অধিবক্তাগৰাকীৰ মতে, অভিযুক্তৰ অধিকাংশই আছিল চৰকাৰী বিষয়া ।

আদালতৰ এগৰাকী বিষয়াই কয় যে ন্যায়াধীশ জাকিৰ হুছেইনে ৰাজধানী ঢাকা আৰু সমগ্ৰ দেশৰ বিভিন্ন আৰক্ষী থানাক শ্বেখ হাছিনা আৰু অন্যান্য অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেই সন্দৰ্ভত ২৯ এপ্ৰিলত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । আদালতে কৰ্তৃপক্ষক এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ কয়, যাৰ উত্তৰত এ চি চিয়ে তেওঁক পলাতক বুলি কয় ।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৩ এপ্ৰিল (দেওবাৰ)ত বাংলাদেশৰ ঢাকা মেট্ৰ’পলিটানৰ জ্যেষ্ঠ বিশেষ ন্যায়াধীশ জাকিৰ হুছেইনে ষড়যন্ত্ৰ কেলেংকাৰীৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত শ্বেখ হাছিনা, তেওঁৰ ভগ্নী শ্বেখ ৰেহানা, ব্ৰিটিছ সাংসদ তথা ভতিজী টিউলিপ ৰিজোৱানা ছিদ্দিকী আৰু আন ৫০ জনৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল ।

ভাৰতত আশ্ৰয় গ্ৰহণ শ্বেখ হাছিনাৰ-

২০২৪ চনত বাংলাদেশত সংঘটিত হিংসাত্মক আন্দোলনৰ পিছত শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় লৈছিল । ২০২৪ চনৰ ৫ আগষ্টৰ পৰা ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আহিছে হাছিনাই । আন্দোলন ইমানেই হিংসাত্মক আছিল যে ১৬ বছৰীয়া আৱামি লীগৰ শাসন আঁতৰাই পেলোৱা হৈছিল । মহম্মদ ইউনুছে আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক হাছিনাক প্ৰত্যাৰ্পণ কৰিবলৈ অনুৰোধ জনাইছে ।