২০২৫ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এইসকল বেটছমেনে বিস্তাৰ কৰিলে আধিপত্য…

২০২৫ বৰ্ষটোত ক্ৰিকেট জগতত ঘটিত বহু স্মৰণীয় ঘটনা । এই বৰ্ষটোত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰা কেইজনমান বেটছমেনৰ বিষয়ে জানক…

২০২৫ বৰ্ষটো বহু ক্ৰিকেটাৰৰ বাবে আছিল এক ডাঙৰ বৰ্ষ । এই বছৰটোত কেইবাজনো বেটছমেনে শক্তিশালী প্ৰদৰ্শনেৰে ক্ৰিকেটত নিজৰ আধিপত্য বৰ্তাই ৰাখে । ভাৰতৰ শুভমন গীল ২০২৫ বৰ্ষৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল । এই প্ৰতিবেদনত ২০২৫ চনৰ ১০ জন সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ বিষয়ে জনোৱা হৈছে । এই তালিকাত এজন পাকিস্তানী বেটছমেনো আছে ।

শুভমন গীল-

ভাৰতৰ টেষ্ট আৰু এদিনীয়াৰ অধিনায়ক শুভমন গীল এইবাৰ ৰান সংগ্ৰহৰ তালিকাত শীৰ্ষত থাকে । গীলে টেষ্ট, এদিনীয়া, টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচকে ধৰি ৩৫খন মেচ খেলি ৪৯ গড়ত, ১৭৬৪ ৰান সংগ্ৰহ কৰে । এই বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গীলে ৭টা শতক আৰু তিনিটা অৰ্ধশতক অৰ্জন কৰে । তেওঁৰ সৰ্বোচ্চ স্কৰ আছিল ২৬৯ ।

শ্বাহী হোপ-

ৱেষ্ট ইণ্ডিজৰ উইকেটকীপাৰ বেটছমেন শ্বাহী হোপে ২০২৫ চনত ৪২খন মেচত ১৭৬০ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত হোপে ৫টা শতক আৰু ৯টা অৰ্ধশতক অৰ্জন কৰে ।

জো ৰুট-

ইংলেণ্ডৰ কিংবদন্তি বেটছমেন জো ৰুটে এইবাৰ মাত্ৰ ২৪খন মেচহে খেলিছিল । অৱশ্যে এই সময়ছোৱাত তেওঁ ১৫৯৮ ৰান সংগ্ৰহ কৰে । ২০২৫ চনত ৰুটে ৭টা শতক আৰু ৫টা অৰ্ধশতক অৰ্জন কৰে ।

ব্রায়ান বেনেট-

জিম্বাবুৱেৰ যুৱ বেটছমেন ব্রায়ান বেনেটে ২০২৫ চনত টেষ্ট, এদিনীয়া, টি-২০কে ধৰি মুঠ ৩৯খন মেচ খেলিছিল ৷ এই সময়ছোৱাত তেওঁ ৩টা শতক আৰু ৮টা অৰ্ধশতককে ধৰি ১৫৮৫ ৰান সংগ্ৰহ কৰে ।

ছলমান আলী আঘা-

২০২৫ চনত পাকিস্তানৰ ছলমান আলী আঘাই এটা ডাঙৰ বছৰ পাৰ কৰে । ছলমানে এই বছৰ সৰ্বাধিক মেচ খেলিছিল । তেওঁ ৫৬খন মেচত ১৫৬৯ ৰান সংগ্ৰহ কৰে । ২০২৫ চনত তেওঁ দুটা শতক আৰু ৯টা অৰ্ধশতক অৰ্জন কৰিছিল ।

কৰণবীৰ সিং-

২০২৫ চনত উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা বেটছমেনৰ তালিকাত অষ্ট্ৰেলিয়াৰ কৰণবীৰ সিঙে ২০২৫ চনত ৩২খন মেচত ১৪৮৮ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত তেওঁ দুটা শতক আৰু ১৩টা অৰ্ধশতক অৰ্জন কৰে ।

হেৰী ব্ৰুক-

ইংলেণ্ডৰ হেৰী ব্ৰুকে চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৪৬৮ ৰান সংগ্ৰহ কৰে । ব্ৰুকে ৩৭খন মেচত তিনিটা শতক আৰু ৭টা অৰ্ধশতক অৰ্জন কৰে ।

বেন ডাকেট-

ইংলেণ্ডৰ অ’পেনাৰ বেন ডাকেটেও ২০২৫ চনটোত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শক্তিশালী খেল প্ৰদৰ্শন কৰে । এই বছৰ ডাকেটে ৩২খন মেচত ১৪৪৮ ৰান সংগ্ৰহ কৰে । ২০২৫ চনত তেওঁ তিনিটা শতক আৰু আঠটা অৰ্ধশতক অৰ্জন কৰে ।

পাথুম নিশাংকা-

শ্ৰীলংকাৰ বিস্ফোৰক অ’পেনাৰ পাথুম নিশাংকাই ২০২৫ বৰ্ষত ৩৪খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ১৪১৪ ৰান সংগ্ৰহ কৰে ।

ৰাচিন ৰবীন্দ্ৰ

নিউজীলেণ্ডৰ ৰাচিন ৰবীন্দ্ৰই ২০২৫ বৰ্ষত মুঠ ৩২খন মেচ খেলি সকলো ফৰ্মেটতে ১৩৮২ ৰান সংগ্ৰহ কৰে । এইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰাচিনে চাৰিটা শতক আৰু ৬টা অৰ্ধশতক অৰ্জন কৰে ।

লগতে পঢ়ক : ২০২৫ বৰ্ষত অৱসৰৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তোলা দেশৰ ১০ গৰাকী কিংবদন্তি ক্ৰিকেটাৰ…

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে বি চি চি আইৰ ৫টা ডাঙৰ সিদ্ধান্ত… যিয়ে আচৰিত কৰিছে সকলোকে

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে দল নিৰ্বাচনত লোৱা পাঁচটা সিদ্ধান্তই সকলোকে আচৰিত কৰিছে। কি এই পাঁচটা সিদ্ধান্ত জানক…

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৬ চনৰ টি-২০ বিশ্বকাপ আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে টিম ইণ্ডিয়া ঘোষণা কৰিছে । বিশ্বকাপৰ বাবে ৫টা আশ্চৰ্যজনক সিদ্ধান্ত লৈছে বি চি চি আইয়ে । ইয়াৰ ভিতৰত শুভমন গীলক দলৰ পৰা বাদ দিয়াটোও অন্তৰ্ভুক্ত আছে । ইয়াৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ অংশ নোহোৱা ৰিংকু সিঙক টি-২০ বিশ্বকাপ দলৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

বাদ পৰিল শুভমন গীল-

দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা শুভমন গীলক টি-২০ বিশ্বকাপৰ দলৰ পৰা বাদ দিয়া হৈছে । বি চি চি আইৰ এই সিদ্ধান্তই সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে, কিয়নো শেহতীয়াকৈ গীলক ভৱিষ্যতৰ অধিনায়ক হিচাপে প্ৰচাৰ কৰা হৈছিল । টেষ্ট আৰু এদিনীয়া খেলতো তেওঁ টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰে যদিও ধাৰাবাহিকভাৱে দুৰ্বল ফৰ্ম আৰু লেহেমীয়া বেটিংৰ বাবে তেওঁক বিশ্বকাপৰ দলৰ পৰা বাদ দিয়া হৈছে ।

ঈশান কিষনৰ প্ৰত্যাৱৰ্তন-

২০২৩ চনৰ পৰা ভাৰতৰ টি-২০ দলৰ পৰা বাহিৰ হৈ থকা ঈশান কিষনৰ আই পি এল ২০২৫ত বিশেষ প্ৰদৰ্শন নাছিল যদিও ঘৰুৱা ক্ৰিকেটত তেওঁ ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছিল । সদ্য সমাপ্ত ২০২৫ চনৰ চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীত ঈশান কিষনে মাত্ৰ ১০খন খেলত ৫১৭ ৰান সংগ্ৰহ কৰে । তেওঁৰ আকৰ্ষণীয় ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি বি চি চি আইয়ে তেওঁক বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰে । ঈশানৰ বাছনিয়ে সঁচাকৈয়ে আচৰিত কৰি তুলিছে সকলোকে ।

বাহিৰ হ’ল জিতেশ শৰ্মা-

মিষ্টাৰ ফিনিছাৰ নামেৰে পৰিচিত জিতেশ শৰ্মাকো বিশ্বকাপৰ দলৰ পৰা আঁতৰাই ৰখা হৈছে । ২০২৫ চনৰ আই পি এলত উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা জিতেশে আৰ চি বিৰ খিতাপ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ইয়াৰ পিছতে তেওঁ ভাৰতৰ টি-২০ দললৈ উভতি আহে । অৱশ্যে এতিয়া বিশ্বকাপৰ দলৰ পৰা বাদ পৰিছে জিতেশ ।

অক্ষৰ পেটেলক পুনৰ সহ-অধিনায়ক নিযুক্তি-

ভাৰতৰ টি-২০ দলৰ সহ-অধিনায়ক হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে স্পীন অল ৰাউণ্ডাৰ অক্ষৰ পেটেলক । নিউজীলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ লগতে ২০২৬ চনৰ টি-২০ বিশ্বকাপতো ভাৰতক নেতৃত্ব দিব । ইয়াৰ পূৰ্বে শুভমন গীলক সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল । বি চি চি আইৰ এই সিদ্ধান্তও আশ্চৰ্যজনক ।

ৰিংকু সিঙৰ দলত অন্তৰ্ভুক্তি-

এই পৰ্যন্ত ভাৰতৰ হৈ ভাগ্যৱান বুলি প্ৰমাণিত হোৱা ৰিংকু সিঙক ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে । ২০২৪ চনৰ টি-২০ বিশ্বকাপ দলৰো অংশ আছিল যদিও কোনো মেচত খেলাৰ সুযোগ পোৱা নাছিল ৰিংকু সিঙে । ২০২৫ চনৰ এছিয়া কাপৰ দলৰো অংশ থকা ৰিংকুৱে কেৱল ফাইনেলতহে খেলিছিল । খিতাপৰ মেচখনত তেওঁ চাৰি কোবাই দলক বিজয় সাব্যস্ত কৰাত সহায় কৰিছিল । বি চি চি আইয়ে ২০২৬ চনৰ বিশ্বকাপৰ দলত ৰিংকুক অন্তৰ্ভুক্ত কৰি সকলোকে আচৰিত কৰি তুলিছে, কিয়নো প্ৰথমতে তেওঁক পৰিকল্পনাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ।

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ ১৫ জনীয়া দলঃ

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ঈশান কিষন (উইকেটকীপাৰ), ৰিংকু সিং, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল (সহ-অধিনায়ক), অৰ্শদ্বীপ সিং, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তী ।

লগতে পঢ়ক : বিশ্বকাপ দলৰ পৰা কিয় বাদ পৰিল শুভমন গীল ? জনালে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে

বিশ্বকাপ দলৰ পৰা কিয় বাদ পৰিল শুভমন গীল ? জনালে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে

শনিবাৰে টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলৰ পৰা বাদ পৰিল তাৰকা বেটছমেন শুভমন গীল । খেলুৱৈগৰাকীক নিৰ্বাচন নকৰা সন্দৰ্ভত অজিত আগাৰকাৰে প্ৰকাশ কৰিলে এই কথা…

আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টিম ইণ্ডিয়াই নিজৰ খিতাপ অক্ষুন্ন ৰখাৰ উদ্দেশ্যৰে যুঁজত নামিব । অধিনায়ক সূৰ্য্য, মুখ্য নিৰ্বাচক অজিত আগৰকাৰ, বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়া উপস্থিত থকা সংবাদমেলত এই দলটো ঘোষণা কৰা হয় । সংবাদমেলত আটাইতকৈ ডাঙৰ আলোচনাৰ বিষয় আছিল শেহতীয়াকৈ টি-২০ দলৰ সহ-অধিনায়ক হিচাপে দায়িত্বত থকা তাৰকা বেটছমেন শুভমন গীল দলৰ পৰা বাদ পৰাটো । মুখ্য নিৰ্বাচক অজিত আগৰকাৰে গীল বিশ্বকাপৰ দলৰ পৰা বাদ পৰাৰ মূল কাৰণ ব্যাখ্যা কৰে ।

কিয় বাদ দিয়া হ’ল শুভমন গীলক ?

মুখ্য নিৰ্বাচক অজিত আগৰকাৰে শুভমন গীল বাদ পৰাৰ কাৰণ প্ৰকাশ কৰি কয় যে গীলৰ শেহতীয়া ছন্দ আৰু দলৰ সংমিশ্ৰণৰ বাধাই এই সিদ্ধান্তৰ আঁৰৰ কাৰণ । অজিত আগৰকাৰে কয়, “আমি জানো যে তেওঁ কিমান মানসম্পন্ন খেলুৱৈ, কিন্তু হয়তো তেওঁ এই মুহূৰ্তত তেওঁৰ কেইটামান ৰান কম আছে । যোৱা বিশ্বকাপতো বাদ পৰাটো দুৰ্ভাগ্যজনক আছিল, কিয়নো আমি বিভিন্ন কম্বিনেচনৰ সৈতে গৈছিলো । কিন্তু এই সিদ্ধান্ত আন সকলোতকৈ বেছি কম্বিনেচনৰ বাবেই লোৱা হৈছে । যেতিয়া ১৫জন বাছনি কৰা হয়, তেতিয়া কোনোবা বাদ পৰিব লগা হয় হয় আৰু দুৰ্ভাগ্যজনকভাৱে, এইবাৰ গীলৰ ক্ষেত্ৰত এনে হয় ।”

উল্লেখ্য যে, শুভমন গীলৰ শেহতীয়া প্ৰদৰ্শন যথেষ্ট দুৰ্বল । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল । তেওঁ মাত্ৰ ৪, ৪, ০, আৰু ২৮ ৰানৰ ইনিংছ খেলিছিল । তদুপৰি ২০২৫ চনত টি-২০ ফৰ্মেটত তেওঁ এটাও ডাঙৰ ইনিংছ খেলিব পৰা নাছিল, এটাও অৰ্ধশতক অৰ্জন কৰিব পৰা নাছিল । ইয়াৰ ফলত নিৰ্বাচকসকলে এই উল্লেখযোগ্য সিদ্ধান্ত ল’বলৈ বাধ্য হয় । পৰৱৰ্তী সময়ত তেওঁ আঘাতৰ বাবে চূড়ান্ত মেচত অংশ লোৱাত ব্যৰ্থ হয় ।

আনহাতে, উইকেটকীপাৰ-বেটছমেন জিতেশ শৰ্মাও দলত স্থানৰ পৰা বঞ্চিত হয় । আগৰকাৰে কয় যে তেওঁ শীৰ্ষ ক্ৰমত অধিক উইকেটৰক্ষক থকাতো বিচাৰে আৰু তেনে কৰিবলৈ তেওঁ এজন মূল বেটছমেনক ত্যাগ কৰিব লগা হয় । আগৰকাৰে কয়, “আমি কম্বিনেচনটো চাইছো । জিতেশে বিশেষ ভুল কৰা নাই । অৱশ্যে তেওঁ নিম্ন ক্ৰমত বেটিং কৰে আৰু শীৰ্ষ ক্ৰমত উইকেটকীপাৰ-বেটছমেনৰ প্ৰয়োজনীয়তাৰ বাবে ঈশান কিষনক তেওঁৰ ঠাইত সুযোগ দিয়া হৈছে ।”

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, বাদ পৰিল কেইবাজনো খেলুৱৈ

কৰ্তন হ’ব পাৰে ৰোহিত-কোহলীৰ দৰমহা ! লাভৱান হ’ব শুভমন গীল !

হ্ৰাস পাব পাৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বাৰ্ষিক দৰমহা । আনহাতে লাভৱান হ’ব পাৰে শুভমন গীল ।

আগন্তুক দিনত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বাৰ্ষিক দৰমহা হ্ৰাস পাব পাৰে বুলি খবৰ প্ৰকাশ পাইছে । তেওঁলোকে পূৰ্বতকৈ ২ কোটি টকা কম লাভ কৰিব পাৰে । বিচিচিআই এপেক্স কাউন্সিলৰ বাৰ্ষিক সাধাৰণ সভা ২২ ডিচেম্বৰত অনুষ্ঠিত হ’ব, য’ত এই তাৰকা ভাৰতীয় খেলুৱৈসকলৰ চুক্তি আৰু ঘৰুৱা ক্ৰিকেটত মহিলা ক্ৰিকেটাৰৰ চুক্তিৰ সংশোধন কৰা হ’ব ।

এক প্ৰতিবেদন অনুসৰি বিচিচিআই এপেক্স কাউন্সিলৰ সাধাৰণ বৈঠক অনলাইনযোগে অনুষ্ঠিত হ’ব, য’ত টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ লোৱা ৰোহিত আৰু বিৰাটক এ+ গ্ৰেডত ৰখা উচিত নে এ গ্ৰেডলৈ অৱনমিত কৰা উচিত সেই সম্পৰ্কে আলোচনা হ’ব বুলি আশা কৰা হৈছে ।

খবৰ অনুসৰি ৰোহিত আৰু বিৰাটৰ গ্ৰেড অৱনমিত হোৱাৰ সম্ভাৱনা আছে । অৰ্থাৎ তেওঁলোকক এ+ৰ পৰা এ গ্ৰেডলৈ অৱনমিত হ’ব পাৰে, যাৰ ফলত তেওঁলোকৰ বাৰ্ষিক দৰমহাত প্ৰভাৱ পৰিব । বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি অনুসৰি এ+ গ্ৰেডৰ খেলুৱৈয়ে বাৰ্ষিক ৭ কোটি  দৰমহা লাভ কৰে, যিটো বৰ্তমান ৰোহিত আৰু বিৰাটৰ দৰমহা । কিন্তু পুনৰীক্ষণৰ পিছত যদি তেওঁলোকক এ গ্ৰেডলৈ অনা হয় তেন্তে তেওঁলোকৰ দৰমহা ৫ কোটি লৈ হ্ৰাস পাব, যিটো এই গ্ৰেডৰ খেলুৱৈসকলৰ দৰেই ।

প্ৰতিবেদন অনুসৰি শুভমন গীলে গ্ৰেড প্ৰমোচন লাভ কৰিব পাৰে । গীলে তিনিওটা ফৰ্মেটতে টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰে আৰু বৰ্তমান বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ অধীনত গ্ৰেড এত আছে । কিন্তু ২২ ডিচেম্বৰৰ সাধাৰণ সভাই তেওঁৰ গ্ৰেড বৃদ্ধিৰ সংশোধন কৰাৰ সম্ভাৱনা আছে । অৰ্থাৎ তেওঁক গ্ৰেড এৰ পৰা গ্ৰেড এ+লৈ উন্নীত কৰা হ’ব পাৰে ।

যদি এনে হয় তেন্তে তেওঁ যে বহুত লাভৱান হ’ব সেয়া স্পষ্ট । তেওঁৰ বাৰ্ষিক দৰমহা আৰু ২ কোটি বৃদ্ধি পাব । এ গ্ৰেডত ৫ কোটি টকা উপাৰ্জন কৰা শুভমন গীল এ+ গ্ৰেডলৈ উন্নীত হোৱাৰ লগে লগে বছৰি ৭ কোটি টকা লাভ কৰিব ।

লগতে পঢ়ক : নিউ চণ্ডীগড়ত আজি ভাৰত–দক্ষিণ আফ্রিকাৰ দ্বিতীয় টি–২০ গিল, সূর্যকুমাৰৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট

নিউ চণ্ডীগড়ত আজি ভাৰত–দক্ষিণ আফ্রিকাৰ দ্বিতীয় টি–২০ গিল, সূর্যকুমাৰৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট

পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাৰ দ্বিতীয়খন মেচত আজি মুখামুখি হ’ব ভাৰত-দক্ষিণ আফ্রিকা । তাৰকা বেটাৰ শুভমন গিল আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট ৷

ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব ৷ শৃংখলাৰ প্রথমখন মেচত সহজ বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে আজিৰ মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছে ৷

মঙলবাৰে কটকত অনুষ্ঠিত মেচখনত ভাৰতীয় দলটোৱে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰিলেও তাৰকা বেটাৰ শুভমন গিল আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট ৷ চলিত বর্ষত গিলে এতিয়ালৈকে ১৩খন মেচ খেলিছে যদিও এখনতো অর্ধশতক কৰিবলৈ সক্ষম হোৱা নাই ৷ গিলৰ সর্বোচ্চ ৰান হ’ল ৪৭ ৷

ইফালে, অধিনায়ক সূর্যকুমাৰে চলিত বর্ষত ১৮খন মেচ খেলিছে যদিও অর্ধশতকৰ মুখ দেখা নাই ৷ অধিনায়কগৰাকীৰ সর্বোচ্চ ৰান হ’ল অপৰাজিত ৪৭ ৷ এই দুয়োগৰাকী তাৰকা বেটাৰৰ দুর্বল ফর্মক লৈ সম্প্রতি চিন্তিত হৈ পৰিছে দলীয় মেনেজমেণ্ট ৷ অৱশ্যে আজিৰ মেচত দুয়োগৰাকী বেটাৰে নিজৰ ছন্দ ঘূৰাই আনিব পাৰিব বুলি আশাবাদী দলীয় মেনেজমেণ্ট ৷

ইফালে, আজিৰ মেচখনৰ মূল একাদশত স্থান লাভৰ বাবে যুঁজ চলিব অর্শদীপ সিং আৰু কুলদীপ যাদৱৰ মাজত ৷ বেটিং ক্রমৰ অষ্টম স্থানটো শক্তিশালী কৰাৰ বাবে আজিৰ মেচখনত কুলদীপে মূল একাদশত স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে ৷

লগতে পঢ়ক : আই চি চিৰ ৰেংকিঙত ৰোহিত-কোহলীৰ দপদপনি… বুমৰাহ-বৰুণ-অভিষেকৰো আধিপত্য

গুৱাহাটী ভ্ৰমণ নিশ্চিত শুভমন গীলৰ… কিন্তু দ্বিতীয় টেষ্টত অংশগ্ৰহণত অনিশ্চয়তা

গুৱাহাটী ভ্ৰমণ নিশ্চিত শুভমন গীলৰ

টিম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীলৰ গুৱাহাটী ভ্ৰমণ নিশ্চিত হৈছে । এই তথ্য প্ৰকাশ পাইছে বিচিচিআইৰ শেহতীয়া আপডেটত । অৱশ্যে ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনত তেওঁ খেলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কলকাতা টেষ্টৰ দ্বিতীয় দিনা ডিঙিত আঘাত পোৱাত গীলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁক চিকিৎসাক কৰি পৰ্যবেক্ষণত ৰখা হৈছিল আৰু পিছদিনা তেওঁক ডিচচাৰ্জ দিয়া হৈছিল ।

বিচিচিআইৰ চিকিৎসা দলৰ মতে, শুভমন গীলে চিকিৎসাৰ ক্ষেত্ৰত ভাল সঁহাৰি দিছে । ১৯ ​​নৱেম্বৰত গীল দলৰ সৈতে গুৱাহাটীলৈ আহিব বুলি সিদ্ধান্ত লোৱা হৈছে । কিন্তু তেওঁৰ আঘাতৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰা হ’ব আৰু চিকিৎসা দলৰ প্ৰতিবেদনৰ ভিত্তিত দ্বিতীয়খন টেষ্টত অংশগ্ৰহণৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ।

এতিয়া যদি গীল গুৱাহাটী টেষ্টৰ বাবে ফিট নহয়, তেন্তে তেওঁৰ ঠাইত দায়িত্ব ল’ব ঋষভ পণ্টে । গীলৰ ৪ নং স্থানত খেলিব পাৰে ছাই সুদৰ্শন বা দেৱদত্ত পাডিক্কালে । ইফালে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই শৃংখলা জয়ৰ বাবে অন্ততঃ ড্ৰ’ৰ ওপৰত চকু ৰাখিব ।

লগতে পঢ়ক : শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়দানৰ প্ৰভাৱ ? ভাৰত-বাংলাদেশ শৃংখলাক লৈ বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত !

গুৱাহাটীলৈ নাহে শুভমন গীল! দ্বিতীয় টেষ্টত খেলাক লৈ সংশয়

গুৱাহাটীলৈ নাহে শুভমন গীল!

২২ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দ্বিতীয়খন টেষ্টত অধিনায়ক শুভমন গীলৰ অংশগ্ৰহণক লৈ সংশয়ে বিৰাজ কৰিছে । বুধবাৰে দলৰ সৈতে অধিনায়কগৰাকী গুৱাহাটীলৈ যাত্ৰা নকৰে বুলি খবৰ প্ৰকাশ পাইছে । কলকাতা টেষ্টৰ সময়ত ডিঙিত আঘাত পোৱাত চিকিৎসালয়ত ভৰ্তি হৈছিল গীল । দেওবাৰে তেওঁক চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ দিয়া হয় ।

বুধবাৰে দলৰ সৈতে গুৱাহাটীলৈ নাহে শুভমন গীল-

জানিব পৰা মতে বুধবাৰে টীম ইণ্ডিয়াৰ সৈতে গুৱাহাটীলৈ যাত্ৰা নকৰে গীলে । তেওঁ ডিঙিত কলাৰ পিন্ধি থাকিব । তেওঁক তিনি-চাৰি দিন জিৰণি লোৱাৰ লগতে বিমান যাত্ৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । এই পৰিস্থিতিত তেওঁক গুৱাহাটীলৈ যাবলৈ পৰামৰ্শ দিয়া হোৱা নাই । অৱশ্যে তেওঁৰ অগ্ৰগতি নিৰীক্ষণ কৰি থকা হৈছে আৰু মঙলবাৰৰ ভিতৰত এই সংশয়ক লৈ স্পষ্ট ছবি প্ৰকাশ পাব বুলি জানিব পৰা গৈছে ।

কোনে ল’ব গীলৰ ঠাই-

দ্বিতীয় আৰু অন্তিম টেষ্টৰ বাবে বুধবাৰে কলকাতাৰ পৰা গুৱাহাটীলৈ ৰাওনা হ’ব ভাৰতীয় দল । প্ৰথম টেষ্টৰ পিছত সংবাদমেলত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে কয় যে গীলৰ মূল্যায়ন এতিয়াও চলি আছে, ফিজিঅ’ আৰু চিকিৎসা কৰ্মচাৰীৰ দ্বাৰা আন এক ৰাউণ্ডৰ মূল্যায়ন কৰা হ’ব । শুভমন গীলৰ অনুপস্থিতিত ভাৰতীয় দলটোৱে প্ৰথম টেষ্টৰ চতুৰ্থ ইনিংছত ১২৪ ৰানৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈ ৩০ ৰানত পৰাস্ত হয় । যদি গীলক বাদ দিয়া হয় তেন্তে ভাৰতে বি ছাই সুদ্ৰশন আৰু দেৱদত্ত পাদিক্কলৰ বিকল্প লাভ কৰিব ।

লগতে পঢ়ক : ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াৰ আত্মসমৰ্পণ… গীল বাহিনীৰ পৰাজয়ৰ আঁৰৰ কাৰণ

চিকিৎসালয়ৰ পৰা ৰিলিজ… দ্বিতীয় টেষ্টৰ বাবে অনিশ্চয়তাত শুভমন গীল!

দ্বিতীয় টেষ্টৰ বাবে শুভমন গীলৰ সন্মুখত প্ৰত্যাহ্বান

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ সময়ত ডিঙিত আঘাত পাই শনিবাৰে সন্ধিয়া কলকাতাৰ হাস্পতালত ভৰ্তি হৈছিল ভাৰতীয় অধিনায়ক শুভমন গীল । কিন্তু এতিয়া গীলক হাস্পটালৰ পৰা মুকলি কৰা হৈছে । গীল দলৰ হোটেললৈ উভতি আহে আৰু বৰ্তমান তেওঁ সুস্থিৰ, খোজ কাঢ়িব পাৰিছে আৰু ডিঙি লৰচৰ কৰিবও পৰা হৈছে । প্ৰথমতে সহায়ক কৰ্মচাৰীসকলক চিন্তিত কৰা বিষ এতিয়া বহু পৰিমাণে হ্ৰাস পাইছে শুভমন গীলৰ ।

এতিয়াৰ বাবে শুভমন গীল টিম হোটেলখনতে তীক্ষ্ণ নিৰীক্ষণত থাকিব, য’ত চিকিৎসক আৰু বিচিচিআই মেডিকেল ইউনিটে তেওঁৰ অগ্ৰগতি নিৰীক্ষণ কৰিব । গুৱাহাটীত দ্বিতীয়খন টেষ্টৰ বাবে দলৰ সৈতে যাত্ৰা কৰিব নে নকৰে সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই আৰু অনাগত দিনত জিৰণি আৰু চিকিৎসাৰ ক্ষেত্ৰত তেওঁৰ সঁহাৰিৰ ওপৰত নিৰ্ভৰ কৰিব ।

প্ৰথম টেষ্টৰ পৰা বাহিৰ হৈছিল গীল-

দ্বিতীয় দিনৰ অন্তিম মুহূৰ্তত সংঘটিত হোৱা এক চিন্তনীয় ঘটনাৰ পিছত প্ৰথম টেষ্টৰ বাকী অংশৰ পৰা বাহিৰ হয় শুভমন গীল । ড্ৰিংকছ ব্ৰেকৰ পিছত তেওঁ ক্ৰীজলৈ উভতি আহি ছাইমন হাৰ্মাৰৰ প্ৰথম বলটো ডিফেণ্ড কৰে, তাৰ পিছত পৰৱৰ্তী ডেলিভাৰীটো স্লগ-ছুইপ কৰি বাউণ্ডেৰীলৈ ঠেলে । কিন্তু এই শ্বটৰ বাবে তেওঁ আগাতপ্ৰাপ্ত হয় । লগে লগে ফিজিঅ’ খেলপথাৰত উপস্থিত হয় আৰু মাত্ৰ তিনিটা বলৰ পিছত ভাৰতীয় অধিনায়কজনে আঘাতৰ বাবে ক্ৰীজ ত্যাগ কৰে । পিছদিনা সন্ধিয়া তেওঁক সাৱধানতাৰ উদ্দেশ্যে ছাৰ্ভাইকেল কলাৰ পিন্ধাই চিকিৎসালয়লৈ লৈ যোৱা হয় ।

দেওবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি সৌৰভ গাংগুলীয়ে ১৫ মিনিটৰ বাবে চিকিৎসালয়ত উপস্থিত হৈ শুভমন গীলৰ অৱস্থাৰ বিষয়ে খবৰ লোৱাৰ লগতে চিকিৎসক আৰু কৰ্মীসকলৰ সৈতে কথা পাতে ।

উল্লেখ্য যে, কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ভাৰত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগা হয় । দলটোৱে ১২৪ ৰানৰ লক্ষ্য কৰিছিল যদিও বেটিং ব্যৰ্থতাৰ বাবে বিজয় লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে ।  

লগতে পঢ়ক : ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াৰ আত্মসমৰ্পণ… গীল বাহিনীৰ পৰাজয়ৰ আঁৰৰ কাৰণ

ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াৰ আত্মসমৰ্পণ… গীল বাহিনীৰ পৰাজয়ৰ আঁৰৰ কাৰণ

ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াৰ আত্মসমৰ্পণ

কলকাতাৰ ইডেন গাৰ্ডেনছত ইতিহাস ৰচনা কৰিলে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলে । টেম্বা বাভুমাৰ অধিনায়কত্বত থকা আফ্ৰিকান দলটোৱে ভাৰতক প্ৰথম টেষ্টত ৩০ ৰানত পৰাস্ত কৰে । টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকাৰ এই জয়ো বিশেষ কাৰণ ১৫ বছৰৰ পাছত দলটোৱে টেষ্ট ক্ৰিকেটত ভাৰতক পৰাস্ত কৰিছে । এই জয়ৰ জৰিয়তে দক্ষিণ আফ্ৰিকাই এতিয়া ২খন খেলৰ এই শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । ভাৰতৰ এই লজ্জাজনক পৰাজয়ৰ ৫টা কাৰণ জানক ।

ভাৰতৰ বেটিং ব্যৰ্থা, টি-২০ শৈলীৰ প্ৰভাৱ-

ইডেন গাৰ্ডেন টেষ্টৰ দুয়োটা ইনিংছতে ভাৰতীয় বেটিং লাইন আপ সম্পূৰ্ণৰূপে ব্যৰ্থ হয় । প্ৰথম ইনিংছত ভাৰতে মুঠ ১৮৯ ৰান সংগ্ৰহ কৰে । কিন্তু এজনো বেটছমেনে পঞ্চাশৰ ঘৰ স্পৰ্শ কৰাত ব্যৰ্থ হয় । শীৰ্ষ অৰ্ডাৰ দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হয় । মিডল অৰ্ডাৰৰ বেটছমেনসকলক টি-২০ শৈলীত বেটিং কৰা দেখা যায় । আনহাতে পিটচখন একেবাৰেই উপযোগী নাছিল । কিন্তু প্ৰতিজন বেটছমেনে আক্ৰমণাত্মক চিন্তাৰে আহিছিল আৰু উইকেট হেৰুৱাইছিল । ফলত ভাৰতে সামান্য অগ্ৰগতি লাভ কৰে ।

দ্বিতীয় ইনিংছত খহি পৰিল বেটিং দুৰ্গ-

প্ৰথম ইনিংছৰ পৰা শিক্ষা লোৱাৰ পৰিৱৰ্তে দ্বিতীয় ইনিংছতো ভাৰতীয় দলটোৱে অত্যন্ত হতাশাজনক প্ৰদৰ্শন আগবঢ়ায় । দক্ষিণ আফ্ৰিকাই মাত্ৰ ১২৪ ৰানৰ লক্ষ্য দিছিল দলটোক । তৃতীয় দিনৰ খেল আছিল । কিন্তু ভাৰতীয় বেটছমেনে আৰম্ভণিৰে পৰাই শোচনীয় প্ৰদৰ্শন অব্যাহত ৰাখে । ভাৰতৰ অ’পেনিং যুটী প্ৰ’টিয়াছৰ বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি পেভিলিয়নমুখী হয় । দুয়োটা ইনিংছতে চূড়ান্ত ব্যৰ্থ হয় যশস্বী । ফলত ৯৩ ৰানতে দলটোৱে আত্মসমৰ্পণ কৰে ।

স্পীন প্ৰত্যাহ্বান-

ভাৰতীয় বেটিং শক্তিয়ে স্পীন ভালদৰে খেলে বুলি যিদৰে জনা যায় সেই ধাৰণাৰ সম্পূৰ্ণ বিপৰীতে দেখা গ’ল । কোনো বেটছমেনে স্পীনাৰ বলাৰক প্ৰতিহত কৰিব নোৱাৰিলে । পণ্টক প্ৰথম বলৰ পৰাই পৰীক্ষামূলক শ্বট খেলা দেখা গৈছিল । জুৰেলেও নিজৰ উইকেট বিসৰ্জন দিয়ে । কোনো বেটছমেনে দীঘলীয়া ইনিংছ খেলিব পৰা নাছিল । ফলত ভাৰতীয় ইনিংছ ৯৩ ৰানতে সমাপ্ত হয় ।

যশস্বীৰ ব্যৰ্থতা, পন্টৰ ধৈৰ্য্যৰ অভাৱ-

এই পৰাজয়ৰ এটা প্ৰধান কাৰণ আছিল যশস্বীৰ ফৰ্মৰ অভাৱ । দুয়োটা ইনিংছতে যশস্বী দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হয় । দ্বিতীয় ইনিংছতো তেওঁ নিজৰ একাউণ্ট খুলিব পৰা নাছিল । পণ্টে অৱশ্যে প্ৰথম ইনিংছত ২৭ ৰান সংগ্ৰহ কৰিছিল যদিও দ্বিতীয় ইনিংছৰ প্ৰথম বলৰ পৰাই ধৈৰ্য্যশীল ইনিংছৰ চাহিদা থকাৰ পিছতো তেওঁক আক্ৰমণাত্মক মোডত দেখা গৈছিল । ফলত তেওঁ মাত্ৰ ২ ৰান সংগ্ৰহ কৰি আউট হয় ।

গীলৰ আঘাত-

অধিনায়ক গীলৰ আঘাতো ইডেন গাৰ্ডেন টেষ্টত ভাৰতৰ পৰাজয়ৰ এটা কাৰক আছিল । প্ৰথম ইনিংছত অধিনায়ক গীলৰ আঘাতো এটা কাৰক আছিল । বেটিং কৰিবলৈ আহি তেওঁ মাত্ৰ তিনিটা বল খেলিবলৈ সক্ষম হৈছিল । তাৰ পিছত তেওঁ ডিঙিৰ সমস্যাৰ সন্মুখীন হৈ খেলপথাৰ এৰিব লগা হয় । দ্বিতীয় ইনিংছতো খেলিব নোৱাৰিলে তেওঁ । গীলৰ অনুপস্থিতি ভাৰতীয় দলৰ বাবে এক ডাঙৰ আঘাত ।

মুঠৰ ওপৰত ইডেন গাৰ্ডেন টেষ্টত ভাৰতৰ পৰাজয়ৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল এই দলটোৱে অভিজ্ঞতা বা ধৈৰ্য্য দেখুৱাব পৰা নাছিল । আৰম্ভণি ভাল নহ’লেও ধৈৰ্য্যৰ প্ৰয়োজন হৈছিল । কিন্তু বেটছমেনসকলে ধৈৰ্যশীলভাৱে খেলাত ব্যৰ্থ হয় । তেওঁলোকে অংশীদাৰিত্ব গঢ়ি তুলিব পৰা নাছিল । ৱাছিংটন সুন্দৰ আছিল একমাত্ৰ বেটছমেন যিয়ে ৫০টাতকৈ অধিক বল খেলিছিল । আন কোনো বেটছমেনে আনকি ৫০টা বলো খেলিব পৰা নাছিল ।

লগতে পঢ়ক : ইডেনত ভাৰতৰ লজ্জাজনক পৰাজয়; ১-০ৰ অগ্ৰগতি প্ৰ’টিয়াছ বাহিনীৰ