ইডেনত ভাৰতৰ লজ্জাজনক পৰাজয়; ১-০ৰ অগ্ৰগতি প্ৰ’টিয়াছ বাহিনীৰ

ইডেনত ভাৰতৰ লজ্জাজনক পৰাজয়

কলকাতাত অনুষ্ঠিত শৃংখলাৰ প্রথমখন টেষ্টত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগা হৈছে ভাৰতীয় দল । ভাৰতীয় বেটছমেনৰ বেটিং ব্যৰ্থতাৰ বাবে মেচখনত পৰাজয় স্বীকাৰ কৰিবলগা হয় দলটো । ১২৪ ৰানৰ লক্ষ্য অনুসৰণ কৰা টিম ইণ্ডিয়া ৩০ ৰানত দক্ষিণ আফ্ৰিকাৰ হাতত আত্মসমৰ্পণ কৰে ।

এই জয়েৰে টেম্বা বাভুমাই নিজৰ অধিনায়কত্বত কেতিয়াও পৰাজিত নোহোৱাৰ অভিলেখ অব্যাহত ৰাখিছে । ইফালে আজি পুৱা টিম ইণ্ডিয়া এই মেচত সহজেই জয়ী হ’ব যেন লাগিছিল যদিও বেটিং ব্যৰ্থতাৰ বাবে মেচখনত পৰাজয় হয় ।

প্ৰথম ইনিংছত টিম ইণ্ডিয়াই ৩০ ৰানৰ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাই ৯১ ৰানত ৭ উইকেট হেৰুৱাইছিল । আজি মেচখন আৰম্ভ হোৱাৰ সময়ত দক্ষিণ আফ্ৰিকাই মাত্ৰ ৬৩ ৰানৰ অগ্ৰগতি লাভ কৰিছিল যদিও অধিনায়ক টেম্বা বাভুমাই কৰ্বিন বছৰ সৈতে ৪৪ ৰান সংযোজন কৰি ১০০ ৰান অতিক্ৰম কৰি অগ্ৰগতি লাভ কৰে । মেচখনত অৰ্ধশতক অৰ্জন কৰা একমাত্ৰ বেটছমেন বাভুমাই ৫৫ ৰানত অপৰাজিত হৈ থাকে যেতিয়া দক্ষিণ আফ্ৰিকা দ্বিতীয় ইনিংছত ১৫৩ ৰানত অল আউট হয় ।

১২৪ ৰানৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ টিম ইণ্ডিয়া-

ভাৰতৰ সন্মুখত বৃহৎ লক্ষ্য নাছিল যদিও দ্বিতীয় ইনিংছৰ আৰম্ভণিতে দলটো বিপৰ্যয়ৰ সন্মুখীন হয় । মাৰ্কো জেন্সেনে প্ৰথম অভাৰত যশস্বী জয়ছোৱালক আউট কৰে আৰু তৃতীয় অভাৰত কে এল ৰাহুলক আউট কৰে । ৱাশ্বিংটন সুন্দৰে এটা মূৰত ধৈৰ্য সহকাৰে খেলি আছিল যদিও আনটো মূৰত তেওঁক সমৰ্থন আগবঢ়াব পৰা কোনো নাছিল ।  ধ্ৰুৱ জুৰেলে ১৩ ৰান আৰু ঋষভ পণ্ট ২ ৰানত পেভিলিয়নমুখী হয় । ৰবীন্দ্ৰ জাডেজাৰ ৰূপত ভাৰতে পঞ্চমটো উইকেট হেৰুৱাই । এই সময়ত ভাৰতৰ স্ক’ৰ ৬৪ ৰান আছিল ।

ৱাশ্বিংটন সুন্দৰৰ ইনিংছটোও ৩১ নং অভাৰত শেষ হয়, এইডেন মাৰ্ক্ৰামে তেওঁক আউট কৰে । সুন্দৰে ৩১ ৰান সংগ্ৰহ কৰে, যিটো ভাৰতৰ ইনিংছৰ সৰ্বোচ্চ ৰান আছিল । অৱশেষত অক্ষৰ পেটেলে দ্ৰুততাৰে ইনিংছ খেলে কিন্তু তেওঁ বিশেষ ৰান সংগ্ৰহ কৰাত ব্যৰ্থ হয় । অক্ষৰে ১৭টা বলত ২৬ ৰান সংগ্ৰহ কৰে । ছিৰাজ ভাৰতৰ নৱম উইকেট আছিল আৰু ইয়াৰ লগে লগে টিম ইণ্ডিয়া অল আউট হয় কিয়নো শুভমন গীল ইতিমধ্যেই আঘাতৰ বাবে প্ৰথম টেষ্টৰ পৰা বাহিৰ হৈছিল ।

টেম্বা বাভুমাৰ অভিলেখ-

টছত জয়ী হোৱাৰ পাছত টেম্বা বাভুমাই প্ৰথমে বেটিং কৰিবলৈ বাছি লয় । প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই ১৫৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে প্ৰথম ইনিংছত ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৫টা উইকেট দখল কৰে । অৱশ্যে ভাৰতে প্ৰথম ইনিংছত মাত্ৰ ১৮৯ ৰানহে কৰি মাত্ৰ ৩০ ৰানৰ অগ্ৰগতি লাভ কৰে । কিন্তু দ্বিতীয় ইনিংছত যেতিয়া দক্ষিণ আফ্ৰিকা ১৫৩ ৰানত পতন ঘটিছিল, তেতিয়া লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল মাত্ৰ ১২৪ ৰান ।

প্ৰথম ইনিংছত চাৰিটা উইকেট দখল কৰা ছাইমন হাৰ্মাৰে দ্বিতীয় ইনিংছতো একে সংখ্যক উইকেট (চাৰিটা) লাভ কৰে । তেওঁ মুঠ ৮টা উইকেট দখল কৰে । দ্বিতীয় ইনিংছত মাৰ্কো জেন্সেনে দুটা উইকেট দখল কৰি দুয়োজন অ’পেনাৰ (যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল)ক আউট কৰে ।

টেম্বা বাভুমাই অধিনায়ক হিচাপে ১১খন টেষ্ট খেলিছে, ইয়াৰে ১০খন টেষ্টত দক্ষিণ আফ্ৰিকাই জয়লাভ কৰিছে আৰু এখন ড্ৰ’ হৈছে । এই জয়ৰ জৰিয়তে দক্ষিণ আফ্ৰিকাই শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । ২২ নৱেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট ।

লগতে পঢ়ক : আই পি এল ২০২৬ : চেন্নাইৰ পৰা সৰ্বাধিক, কলকাতাৰ পৰা সৰ্বনিম্ন ৰিটেছন; জানক সম্পূৰ্ণ স্কোৱাড

হিটমেনৰ অভিলেখ; বিশ্বৰ প্ৰথম স্থানৰ এদিনীয়া বেটছমেন ৰোহিত শৰ্মা

প্ৰথম স্থানত হিটমেন ৰোহিত শৰ্মা

অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত ৰোহিত শৰ্মাই আই চি চিৰ এদিনীয়া ৰেংকিঙৰ প্ৰথম স্থান দখল কৰিছে । তেওঁ ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক শুভমন গীলক অতিক্ৰম কৰি এই স্থান লাভ কৰে । ৰোহিত বিশ্বৰ প্ৰথম স্থানৰ এদিনীয়া বেটছমেন হিচাপে পৰিগণিত হোৱা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে । শেহতীয়া এদিনীয়া ৰেংকিঙত গীল আৰু ইব্ৰাহিম জাদ্ৰানক অতিক্ৰম কৰি ৭৮১ ৰেটিং পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই । ইফালে শুভমন গীল প্ৰথমৰ পৰা তৃতীয় স্থানলৈ অৱনমিত হৈছে ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৰোহিতে আন সকলো বেটছমেনক পিছ পেলাই সৰ্বাধিক ৰান সংগ্ৰহ কৰে । প্ৰথমখন মেচত তেওঁ ভাল প্ৰদৰ্শনত ব্যৰ্থ হ’লেও দ্বিতীয়খন এদিনীয়াত অৰ্ধশতক অৰ্জন কৰি অন্তিম মেচত শতকৰে নিজৰ দলক জয়ৰ দিশে আগুৱাই লৈ যায় । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৰোহিতে ১০১ গড়ে ২০২ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই প্ৰদৰ্শনে তেওঁক বিশ্বৰ এদিনীয়া ৰেংকিঙত প্ৰথম স্থানলৈ আগুৱাই লৈ যায় । তেওঁৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে প্ৰথমস্থান অধিকাৰ কৰিছে ।

বিশ্বৰ প্ৰথম স্থানৰ এদিনীয়া বেটছমেন হৈ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই । লগ েলগে প্ৰথম স্থান দখল কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে তেওঁ । ৰোহিতে ৩৮ বছৰ ১৮২ দিন বয়সত এদিনীয়া খেলত প্ৰথম স্থান অৰ্জন কৰে । ১৮ বছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা ৰোহিতে এতিয়া প্ৰথমবাৰৰ বাবে ৰেংকিঙত প্ৰথম স্থান স্থান লাভ কৰিছে ।

এদিনীয়া ক্ৰিকেটত প্ৰথম স্থান অৰ্জন কৰা পঞ্চমজন ভাৰতীয় বেটছমেন ৰোহিত শৰ্মা । শচীন তেণ্ডুলকাৰে প্ৰথমে এই পদত অৰ্জন কৰিছিল । ইয়াৰ পিছত ধোনীয়ে প্ৰথম স্থান অধিকাৰ কৰিছিল । বিৰাট কোহলীয়ে দীৰ্ঘদিন ধৰি এই স্থান দখল কৰি আছিল । খুব কম সময়ৰ ভিতৰতে এদিনীয়া ৰেংকিঙত প্ৰথম স্থান অৰ্জন কৰে শুভমন গীলে । এতিয়া ৰোহিত শৰ্মাই গীলক অতিক্ৰম কৰি এই স্থান দখল কৰিছে ।

লগতে পঢ়ক : আজি ভাৰত-অষ্ট্ৰেলিয়াৰ টি ২০ শৃংখলাৰ প্ৰথমখন মেচ; মূল একাদশ গঠনত প্ৰত্যাহ্বান

টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজক হোৱাইট ৱাশ্ব ভাৰতীয় দলৰ; দ্বিতীয় টেষ্টতো জয়লাভ

টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজক হোৱাইট ৱাশ্ব ভাৰতীয় দলৰ

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতে ৱেষ্ট ইণ্ডিজক ৭ উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে টিম ইণ্ডিয়াই ২ খন টেষ্টৰ শৃংখলা ২-০ ব্যৱধানত দখল কৰিছে । দ্বিতীয় ইনিংছত ভাৰতক জয়ৰ বাবে ১২১ ৰানৰ প্ৰয়োজন হৈছিল, যিটো দলটোৱে প্ৰথম ঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ কৰে । অধিনায়ক হিচাপে শুভমন গীলৰ এইটোৱেই প্ৰথম টেষ্ট শৃংখলা জয় ।

ভাৰতে ৫১৮ ৰানত প্ৰথম ইনিংছ ঘোষণা কৰে । ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ২৪৮ ৰানত সীমাবদ্ধ আছিল, তাৰ পিছত টিম ইণ্ডিয়াই আলহী দলটোক ফ’ল’ অন দিয়ে । দ্বিতীয় ইনিংছত ৱেষ্ট ইণ্ডিজে ৩৯০ ৰান সংগ্ৰহ কৰি ভাৰতৰ বিৰুদ্ধে জয়ী হ’বলৈ ১২১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । এই লক্ষ্য অনুসৰণ কৰি কে এল ৰাহুলে অপৰাজিত ৫৮ ৰান সংগ্ৰহ কৰে আৰু দলক জয়ৰ লক্ষ্যত উপনীত কৰাই ।

প্ৰথম ইনিংছত যশস্বী আৰু গীলৰ শতক-

অৰুণ জেটলী ষ্টেডিয়ামৰ পিটচ বেটিঙৰ বাবে উপযোগী আছিল, যাৰ বাবে শুভমন গীলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথম দিনাই যশস্বী জয়ছোৱালে শতক অৰ্জন কৰে, কে এল ৰাহুলৰ উইকেট (৩৮) পতনৰ পিছত জয়ছোৱালে সাই সুদৰ্শনৰ সৈতে ১৯৩ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ৮৭ ৰান সংগ্ৰহ কৰি আউট হয় সুদৰ্শন । দ্বিতীয় দিনা জয়ছোৱাল দ্বি-শতকৰ পৰা বঞ্চিত হয় । গীলৰ সৈতে সমন্বয়ৰ অভাৱত ১৭৫ ৰানত ৰান আউট হয় তেওঁ । এই ইনিংছত জয়ছোৱালে ২২টা চাৰি কোবাই ।

দ্বিতীয় দিনা অধিনায়ক শুভমন গীলেও নিজৰ শতক সম্পূৰ্ণ কৰে, তেওঁ অপৰাজিত হৈ থাকে আৰু ভাৰতে ৫১৮/৫ ৰানত প্ৰথম ইনিংছ ঘোষণা কৰে । নীতিশ কুমাৰ ৰেড্ডীয়ে ৪৩ ৰান আৰু ধ্ৰুৱ জুৰেলে ৪৪ ৰান সংগ্ৰহ কৰে ।

প্ৰথম ইনিংছত কুলদীপৰ ৫ উইকেট-

তৃতীয় দিনাৰ দ্বিতীয় অধিবেশনত ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ২৪৮ ৰানত সীমাবদ্ধ আছিল । কুলদীপ যাদৱে ৫টা উইকেট দখল কৰে, তেওঁ এলিক ইথানাজ, শ্বাহী হোপ, টেভিন ইমলাচ, জাষ্টিন গ্ৰীভছ আৰু জেডেন ছিলছেও ৰূপত এই ৫ উইকেট দখল কৰে । তেওঁৰ উপৰি ৰবীন্দ্ৰ জাদেজাই ৩টা উইকেট দখল কৰে, দ্বিতীয় দিনা তিনিটা উইকেট দখল কৰে তেওঁ । প্ৰথম ইনিংছত মহম্মদ চিৰাজ আৰু যশপ্ৰীত বুমৰাহে ১-১ উইকেট লাভ কৰে ।

ৱেষ্ট ইণ্ডিজে ফ’ল’ অনক ৰক্ষা কৰাত ব্যৰ্থ হয়, ইয়াৰ পিছত ভাৰতে ৱেষ্ট ইণ্ডিজক পুনৰ বেটিং কৰিবলৈ মাতে । আলহী দলৰ প্ৰথম ২টা উইকেট (তেজনাৰায়ণ চন্দৰপল আৰু আলিক ইথানাজ) ৩৫ ৰানত পতন ঘটে যদিও তাৰ পিছত জন কেম্পবেল আৰু শ্বাহী হোপে ইনিংছৰ দায়িত্ব গ্ৰহণ কৰি ১৭৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।

জন কেম্পবেলে ১১৫ ৰান আৰু শ্বাহী হোপে ১০৩ ৰান সংগ্ৰহ কৰে । কেম্পবেলৰ এইটোৱেই আছিল প্ৰথম টেষ্ট শতক আৰু ২০০২ চনৰ পিছত ভাৰতত টেষ্ট শতক অৰ্জন কৰা প্ৰথমজন ৱেষ্ট ইণ্ডিজৰ বেটছমেন । ২০১৭ চনৰ পিছত হোপে প্ৰথমটো টেষ্ট শতক অৰ্জন কৰে ।

ভাৰতৰ সন্মুখত ১২১ ৰানৰ লক্ষ্য-

কেম্পবেল আৰু হোপৰ শতকৰ পাছত ৰষ্টন চেজ আৰু জাষ্টিন গ্ৰীভছেও ভাল বেটিং কৰি ৱেষ্ট ইণ্ডিজক ইনিংছ পৰাজয়ৰ পৰা ৰক্ষা কৰে । চেজে ৪০ ৰান আৰু গ্ৰীভছে ৫০ ৰান সংগ্ৰহ কৰে । জেডেন ছিলছে ৩২ ৰান সংগ্ৰহ কৰে, যাৰ সহায়ত ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে জয়ৰ বাবে ১২১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হয় । ইতিহাসত চতুৰ্থবাৰৰ বাবেহে এনেকুৱা হৈছিল যেতিয়া ভাৰতে বিপক্ষ দলক ফ’ল’ অন দিছিল আৰু তাৰ পিছত ভাৰতে চতুৰ্থ ইনিংছত বেটিং কৰিবলৈ ওলাই আহিবলগীয়া হয় ।

প্ৰথম ইনিংছত ১৭৫ ৰান সংগ্ৰহ কৰা যশস্বী জয়ছোৱালে দ্বিতীয় ইনিংছত ৮ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছত কে এল ৰাহুল আৰু ছাই সুদৰ্শনৰ মাজত ৭৯ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে ।  মেচৰ শেষৰ দিনটোত সুদৰ্শনে ৩৯ ৰান সংগ্ৰহ কৰে আৰু উইকেট বিসৰ্জন দিয়ে । ইয়াৰ পাছতে শুভমন গীলেও ১৩ ৰানৰ দ্ৰুত ইনিংছ খেলি আউট হয় । কে এল ৰাহুলে অপৰাজিত অৰ্ধশতক (৫৮) খেলি ৩৬ অভাৰৰ দ্বিতীয়টো বলত চাৰি আঘাত কৰি ভাৰতক বিজয়ৰ সোৱাদ দিয়ে ।

লগতে পঢ়ক : দ্বিতীয় টেষ্টত দৰ্শনীয় শতকেৰে ইতিহাস সৃষ্টি শুভমন গীলৰ; ভংগ কৰিলে এই পাঁচটা ডাঙৰ অভিলেখ

দ্বিতীয় টেষ্টত দৰ্শনীয় শতকেৰে ইতিহাস সৃষ্টি শুভমন গীলৰ; ভংগ কৰিলে এই পাঁচটা ডাঙৰ অভিলেখ

দ্বিতীয় টেষ্টত দৰ্শনীয় শতকেৰে ইতিহাস সৃষ্টি শুভমন গীলৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত দ্বিতীয় টেষ্টত আজি শতক অৰ্জেনেৰে ইতিহাস সৃষ্টি কৰিছে বৰ্তমানৰ ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুভমন গীলে । অধিনায়কগৰাকীয়ে ১২৯ ৰানত অপৰাজিত হৈ থাকে । লগতে তেওঁ এই শতকেৰে বহু অভিলেখো ভংগ কৰে ।

উল্লেখ্য যে অধিনায়ক হিচাপে যোৱা ১২টা টেষ্ট ইনিংছত এইটো হৈছে শুভমন গীলৰ পঞ্চমটো শতক । যশস্বী জয়ছোৱালৰ ১৭৫ ৰানৰ পিছত গীলৰ অপৰাজিত এই শতকৰ বাবেই টিম ইণ্ডিয়াই প্ৰথম ইনিংছত ৫১৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ভাৰতে ৫১৮ ৰানত নিজৰ ইনিংছ ঘোষণা কৰে । এই শতক অৰ্জনৰ লগে লগে গীলে ভংগ কৰে পাঁচটা ডাঙৰ অভিলেখ ।

শুভমন গীলে ভংগ কৰিলে ৫টা ডাঙৰ অভিলেখ-

ভাৰতীয় টেষ্টৰ অধিনায়কৰ দ্বাৰা এবছৰত সৰ্বাধিক শতকঃ অধিনায়ক হোৱাৰ পাছত শুভমন গীলে পাঁচটা শতক অৰ্জন কৰিছে । ভাৰতৰ কোনো টেষ্ট অধিনায়কে এবছৰত সৰ্বাধিক শতক অৰ্জন কৰাৰ বিৰাট কোহলীৰ অভিলেখ স্পৰ্শ কৰিছে তেওঁ । বিৰাটে ২০১৭ আৰু ২০১৮ চনত অধিনায়ক হিচাপে পাঁচটাকৈ শতক অৰ্জন কৰিছিল । শচীন টেণ্ডুলকাৰে অধিনায়ক হিচাপে চাৰিটা শতক অৰ্জন কৰিছিল ।

ঘৰুৱা টেষ্ট মেচত সৰ্বাধিক ব্যক্তিগত স্ক’ৰঃ ঘৰুৱা টেষ্ট মেচত এয়া হৈছে শুভমন গীলৰ সৰ্বোচ্চ টেষ্ট স্ক’ৰ । ভাৰতীয় মাটিত তেওঁৰ পূৰ্বৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ আছিল ১২৮, যিটো তেওঁ ২০২৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৰ্জন কৰিছিল । এতিয়া তেওঁ নিজৰ স্ক’ৰ উন্নত কৰি ১২৯ ৰান সংগ্ৰহ কৰিছে ।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ হৈ সৰ্বাধিক ৰানঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ হৈ আগশাৰীৰ ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে শুভমন  । এতিয়া তেওঁৰ নামত আছে ২,৮২৬ ৰান । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এই পৰ্যন্ত ২৭৩১ ৰান সংগ্ৰহ কৰা ঋষভ পণ্টক অতিক্ৰম কৰিছে গীলে । ২,৭১৬ ৰানেৰে দ্বিতীয় স্থানত আছে ৰোহিত শৰ্মা আৰু ২৬১৭ ৰানেৰে চতুৰ্থ স্থানত আছে বিৰাট কোহলী ।

বাবৰ আজমক অতিক্ৰমঃ বাবৰ আজম আৰু ৰোহিত শৰ্মাক অতিক্ৰম কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত অধিনায়ক হিচাপে সৰ্বাধিক শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে গীলে । ডব্লিউ টি চিত এতিয়া গীলৰ পাঁচটা শতক আছে, আনহাতে ৰোহিত শৰ্মা আৰু বাবৰ আজমে অধিনায়ক হিচাপে চাৰিটাকৈ শতক অৰ্জন কৰিছে । ডব্লিউ টি চিৰ অধিনায়ক হিচাপে আঠবাৰকৈ ১০০ ৰানৰ সীমাত উপনীত হোৱা জো ৰুটে বেছিভাগ শতকৰ অভিলেখ গঢ়িছে ।

এবছৰত সৰ্বাধিক টেষ্ট শতকঃ এবছৰত সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰাৰ ক্ষেত্ৰত শুভমন গীলে সুনীল গাভাস্কাৰ আৰু বিৰাট কোহলীৰ অভিলেখ স্পৰ্শ কৰিছে । একেটা বছৰতে ৫টা টেষ্টত শতক অৰ্জন কৰাৰ কৃতিত্বও অৰ্জন কৰিছে তেওঁ । অৱশ্যে এবছৰত টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰাৰ ভাৰতীয় অভিলেখ ২০১০ চনত ৭টা শতক অৰ্জন কৰা শচীন টেণ্ডুলকাৰৰ হাতত আছে ।

লগতে পঢ়ক : ১৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব পাৰে আই পি এল ২০২৬ৰ নিলাম…

আই চি চিৰ জুলাই মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ শুভমন গীল… ইংলেণ্ড ভ্ৰমণৰ সময়ত আগবঢ়াইছিল শক্তিশালী প্ৰদৰ্শন

আই চি চিৰ জুলাই মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ শুভমন গীল

ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুভমন গীলক আই চি চিৰ জুলাই মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে । শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণত গীলে ভাল প্ৰদৰ্শন আগবঢ়াইছিল । এই বঁটাৰ বাবে দৌৰত তেওঁ ইংলেণ্ডৰ টেষ্টৰ অধিনায়ক বেন ষ্ট’কছ আৰু দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ উইয়ান মাল্ডাৰক অতিক্ৰম কৰে । ২৫ বছৰীয়া বেটছমেনগৰাকীয়ে জুলাই মাহত খেলা তিনিখন টেষ্ট মেচত গড়ে ৯৪.৫০ ত ৫৬৭ ৰান সংগ্ৰহ কৰিছিল, য’ত দুটা শতকো অন্তৰ্ভুক্ত আছে । মহিলা শাখাত ইংলেণ্ডৰ বেটছমেন ছফিয়া ডাংকলেই এই বঁটা লাভ কৰে ।

চতুৰ্থবাৰৰ বাবে এই বঁটা লাভ-

শুভমন গীলে চতুৰ্থবাৰৰ বাবে আই চি চিৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছে, যিটো যিকোনো পুৰুষ খেলুৱৈৰ ভিতৰত সৰ্বাধিক । ইয়াৰ পূৰ্বে ২০২৩ চনৰ জানুৱাৰী, ২০২৩ চনৰ ছেপ্টেম্বৰ আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত গীলে এই বঁটা লাভ কৰিছিল । ভাৰতৰ টেষ্ট অধিনায়ক হিচাপে গীলৰ এয়া প্ৰথম ভ্ৰমণ আছিল আৰু ২৫ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে এই সন্মান লাভ কৰাটো তেওঁৰ বাবে এক বৃহৎ সন্মান বুলি কয় । আই চি চিৰ উদ্ধৃতিৰে গীলে কয় যে, “জুলাই মাহৰ বাবে আই চি চিৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাটোত আনন্দিত । এইবাৰ এই বঁটা আৰু অধিক গুৰুত্বপূৰ্ণ কাৰণ অধিনায়ক হিচাপে মোৰ প্ৰথম টেষ্ট শৃংখলাত মোৰ প্ৰদৰ্শনৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে ।“

গীলে কয়, ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অধিনায়ক হিচাপে মোৰ বাবে এক শিক্ষণ অভিজ্ঞতা আছিল আৰু দুয়োটা দলে কিছুমান উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছিল, যিটো দুয়োটা দলৰ খেলুৱৈয়ে বহুদিনলৈ মনত ৰাখিব বুলি মই নিশ্চিত । এই বঁটাৰ বাবে মোক নিৰ্বাচিত কৰাৰ বাবে জুৰী আৰু এই ৰোমাঞ্চকৰ শৃংখলাৰ সময়ত মোৰ লগত থকা মোৰ সতীৰ্থসকলক ধন্যবাদ জনাইছো । আগন্তুক ছিজনতো মোৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ আৰু দেশলৈ আৰু অধিক বঁটা কঢ়িয়াই আনিবলৈ আগ্ৰহী ।

ইংলেণ্ড ভ্ৰমণত অধিনায়ক হিচাপে জিলিকি উঠিছিল গীল-

ইংলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত হোৱা পাঁচখন টেষ্ট শৃংখলাত সন্মুখৰ পৰা আগবাঢ়ি থকা শুভমন গীলে বহু বেটিং অভিলেখ গঢ়িবলৈ সক্ষম হয় । ভাৰতৰ যুৱ দলটোৱে শৃংখলাটো ২–২ ব্যৱধানত সমতা স্থাপন কৰে । গীলে এই ছিৰিজত গড়ে ৭৫.৪০ আৰু চাৰিটা শতকৰ সহায়ত ৭৫৪ ৰান সংগ্ৰহ কৰে । লগতে তেওঁ দ্বি শতকো অৰ্জন কৰে । ২৫ বছৰীয়া বেটছমেনগৰাকীয়ে ভাৰতীয় অধিনায়কৰ শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰি সুনীল গাভাস্কাৰৰ অভিলেখ (৭৩২) ভংগ কৰে । গীলৰ এই প্ৰদৰ্শন এতিয়া সৰ্বকালৰ অধিনায়কৰ তালিকাত ছাৰ ড’নাল্ড ব্ৰেডমেন (৮১০ ৰান)ৰ পিছতে দ্বিতীয় স্থানত আছে ।

লগতে পঢ়ক : ২০২৫ৰ এদিনীয়া বিশ্বকাপৰ সূচী… জানক কেতিয়া আৰু কাৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰতীয় দল

শুভমন গীলৰ নেতৃত্বত ডব্লিউ টি চিৰ নতুন চক্ৰত ভাল আৰম্ভণি ভাৰতৰ… জানক পইন্ট টেবুলত ভাৰত-ইংলেণ্ডৰ অৱস্থান

শুভমন গীলৰ নেতৃত্বত ডব্লিউ টি চিৰ নতুন চক্ৰত ভাল আৰম্ভণি ভাৰতৰ

ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ খনীয়া মেচৰ টেষ্ট শৃংখলাৰ অতি ৰোমাঞ্চকৰ ৰূপত অন্ত পৰিল । ২০ জুনত লিডছত আৰম্ভ হোৱা এই টেষ্ট শৃংখলাৰ ৪ আগষ্টত অ’ভেলত অন্ত পৰে । অভেল টেষ্টত ৬ ৰানৰ ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰি শুভমন গীলৰ নেতৃত্বাধীন টিম ইণ্ডিয়াই ড্ৰ’ত শৃংখলাৰ অন্ত পেলায় । অভেল টেষ্টৰ ফলাফলে কেৱল ছিৰিজৰ স্ক’ৰলাইনত প্ৰভাৱ পেলোৱাই নহয় বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুলতো দেখা গ’ল ইয়াৰ প্ৰভাৱ । এই জয়ৰ লগে লগে ভাৰতে পইণ্টত টেবুল ইংলেণ্ডক পিছু পেলাইছে ।

ডব্লিউ টি চিৰ চতুৰ্থ চক্ৰত ভাৰত আৰু ইংলেণ্ডে প্ৰথমখন ছিৰিজ খেলিছিল । ইংলেণ্ডে জয়েৰে শৃংখলা আৰম্ভ কৰিছিল যদিও টিম ইণ্ডিয়াই পুনৰ উভতি আহি এডগবাষ্টনত সমতা স্থাপন কৰিছিল । তাৰ পাছত লৰ্ডছত খেলা তৃতীয়খন টেষ্টত ইংলেণ্ডে এক ৰোমাঞ্চকৰ জয় লাভ কৰি অগ্ৰগতি লাভ কৰে । মানচেষ্টাৰ টেষ্টত পৰাজয়ৰ পৰা হাত সাৰি ড্ৰ’ লাভ কৰে টিম ইণ্ডিয়াই । ইয়াৰ পিছত সকলোৰে দৃষ্টি ছিৰিজৰ সিদ্ধান্তৰ বাবে অভেল টেষ্টৰ ওপৰত আছিল ।

অভেল টেষ্টৰ পাছত ভাৰত আৰু ইংলেণ্ডৰ অৱস্থান-

মানচেষ্টাৰ টেষ্টৰ পিছত ইংলেণ্ডে ২৬ পইণ্ট আৰু ৫৪.১৭ পইণ্ট শতাংশ (পি চি টি) লাভ কৰি ডব্লিউ টি চি পইণ্ট তালিকাত তৃতীয় স্থানত আছিল । ১৬ পইণ্ট আৰু ৩৩.৩৩ পি চি টিৰে চতুৰ্থ স্থানত আছিল টিম ইণ্ডিয়া । অভেল টেষ্টত টিম ইণ্ডিয়াৰ জয়ৰ লগে লগে পৰিস্থিতি সলনি হয় । পঞ্চম টেষ্টত জয়লাভ কৰাৰ পাছত টিম ইণ্ডিয়াই ২৮ পইণ্ট আৰু ৪৬.৬৭ পি চি টি লাভ কৰি ইংলেণ্ডৰ পৰা তৃতীয় স্থান কাঢ়ি লৈ যায় । ইংলেণ্ডৰ হাতত মাত্ৰ ২৬ পইণ্ট বাকী থকাৰ বিপৰীতে পি চি টি ৪৩.৩৩ লৈ হ্ৰাস পাই চতুৰ্থ স্থানলৈ অৱনমিত হয় ।

পইণ্ট টেবুলৰ বাকী দলসমূহৰ কথা ক’বলৈ গ’লে প্ৰাক্তন চেম্পিয়ন অষ্ট্ৰেলিয়া এতিয়াও প্ৰথম স্থানত আছে, যিয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিওখন মেচতে জয়লাভ কৰিছে । দ্বিতীয় স্থানত আছে শ্ৰীলংকা, যিয়ে বাংলাদেশৰ বিৰুদ্ধে এখন মেচত জয়লাভ কৰি এখন মেচ ড্ৰ’ কৰিছিল । ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ আফ্ৰিকাৰ বাহিৰেও পাকিস্তান আৰু নিউজীলেণ্ডে এই চক্ৰত এতিয়াও অভিযান আৰম্ভ কৰা নাই ।

লগতে পঢ়ক : অভেল টেষ্টত ভাৰতীয় দলৰ ঐতিহাসিক বিজয়… শ্বাসৰুদ্ধকৰ মেচত ৬ ৰানত জয়লাভ টীম ইণ্ডিয়াৰ

মানচেষ্টাৰ ইউনাইটেডৰ ফুটবল খেলুৱৈক সাক্ষাৎ গীল বাহিনীৰ; গম্ভীৰ-ৰুবেনো উপস্থিত

মানচেষ্টাৰ ইউনাইটেডৰ ফুটবল খেলুৱৈক সাক্ষাৎ গীল বাহিনীৰ

বৰ্তমান ইংলেণ্ড ভ্ৰমণত থকা ভাৰতীয় দলটোৱে পাঁচখন মেচৰ টেষ্ট শৃংখলা খেলি আছে । দেওবাৰে শুভমন গীলৰ নেতৃত্বত গঠিত দলটোৱে বিশ্ববিখ্যাত ফুটবল ক্লাব মানচেষ্টাৰ ইউনাইটেডৰ খেলুৱৈসকলক সাক্ষাৎ কৰে । এই সময়ত দুয়োটা দলৰ খেলুৱৈয়ে জাৰ্চি বিনিময় কৰে আৰু অভ্যাসৰ সময়ত মত বিনিময় কৰে ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ‘ইউনাইটেড ইন মানচেষ্টাৰ’ কেপচন দি এই সাক্ষাতৰ কেইবাখনো ফটো শ্বেয়াৰ কৰে য’ত শুভমন গীল আৰু ঋষভ পণ্টৰ দৰে খেলুৱৈয়ে তেওঁলোকৰ সৈতে কেৰিংটনৰ ক্লাবৰ প্ৰশিক্ষণ খেলপথাৰত ফুটবল খেলি থকা দেখা যায় । এডিডাছে শ্বেয়াৰ কৰা এখন ফটোত ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজে তাৰকা ডিফেণ্ডাৰ হেৰী মেগুৱেৰৰ সৈতে বলিং কৰা দেখা গৈছে ।

২৩ জুলাইৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্ট খেলিবলৈ মানচেষ্টাৰত আছে ভাৰতীয় ক্ৰিকেট দলটো । লিডছ আৰু লণ্ডনত জয়লাভ কৰি পাঁচখন মেচৰ শৃংখলাত ১-২ ব্যৱধানত আগবাঢ়ি আছে ইংলেণ্ড । মানচেষ্টাৰ ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক ৰুবেন আমোৰিম আৰু ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা এই বিখ্যাত ক্লাবৰ অনুৰাগী গৌতম গম্ভীৰৰ একেলগে থকা ফটোও ভাইৰেল হৈছে ।

এই সময়ছোৱাত গীলে ব্ৰুনো ফাৰ্নাণ্ডেছৰ সৈতে, আমাদ ডায়েলোৰ সৈতে চিৰাজে আৰু মেছন মাউণ্ট আৰু হেৰী মেগুৱেৰৰ সৈতে যশপ্ৰীত বুমৰাহৰ সৈতে মত বিনিময় কৰে । দুয়োটা দল আৰু তেওঁলোকৰ সহায়ক কৰ্মচাৰীৰ যৌথ ফটোও প্ৰকাশ পাইছে । মানচেষ্টাৰ ইউনাইটেডৰ জ্যেষ্ঠ বিষয়া আৰু ক্লাবৰ কিংবদন্তিসকলে উষ্ম আদৰণি জনোৱাৰ পিছত দুয়োটা দলৰ মাজত প্ৰতীকীভাৱে জাৰ্চি বিনিময় কৰা হয় । এই সময়ত লঘু ফুটবল আৰু ক্ৰিকেট অনুশীলনৰ উপৰিও খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ মাজত মত বিনিময় হয় ।

লগতে পঢ়ক : চতুৰ্থ টেষ্টৰ পূৰ্বে টীম ইণ্ডিয়াত মোক্ষম আঘাত; একেলগে বাহিৰ হ’ল দুজনকৈ খেলুৱৈ

পুনৰ গৰজিল শুভমন গীলৰ বেটে; দ্বি শতকৰ পাছত পুনৰ খেলিলে শতকীয় ইনিংছ

পুনৰ গৰজিল শুভমন গীলৰ বেটে

পুনৰ দৰ্শনীয় প্ৰদৰ্শনেৰে অনুৰাগীৰ হৃদয় জয় কৰিছে ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুভমন গীলে । টিম ইণ্ডিয়াৰ অধিনায়কৰ দায়িত্ব পোৱাৰ পিছতেই এতিয়া শুভমন গীলৰ বেটৰ পৰা ৰানৰ বৰষুণ নামিছে । ইংলেণ্ড ভ্ৰমণত ধাৰাবাহিকভাৱে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াই অহা শুভমনে এতিয়া এডগবাষ্টনত ইতিহাস সৃষ্টি কৰিছে । এডগবাষ্টনত চলি থকা দ্বিতীয়খন টেষ্ট মেচত প্ৰথম ইনিংছত দ্বি শতক অর্জন কৰাৰ পাছত ভাৰতীয় অধিনায়ক গীলে দ্বিতীয় ইনিংছতো শতক অর্জন কৰিছে ৷ এডগবাষ্টন টেষ্টৰ চতুৰ্থ দিনা বেটিং কৰিবলৈ অহা গীলে দ্বিতীয় ইনিংছত উজ্জ্বল বেটিং কৰি শতক সম্পূৰ্ণ কৰে । ইয়াৰ লগে লগে তেওঁ ভাৰতৰ দ্বিতীয়জন বেটছমেন আৰু এখন টেষ্ট মেচত দ্বি শতক আৰু শতক অৰ্জন কৰা বিশ্বৰ নৱম বেটছমেন হিচাপে পৰিগণিত হয় ।

দ্বি শতকৰ পিছত শতক অৰ্জন-

লিডছ টেষ্টত শতকৰে এই ভ্ৰমণ আৰু অধিনায়কত্বৰ কাৰ্যকাল আৰম্ভ কৰা শুভমন গীলে এডগবাষ্টনতো নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখিছে । এই টেষ্টৰ প্ৰথম ইনিংছত ২৬৯ ৰান সংগ্ৰহ কৰি ইতিহাস সৃষ্টি কৰে গীলে । টেষ্ট ক্ৰিকেটত সৰ্ববৃহৎ ইনিংছ খেলি ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় তেওঁ । প্ৰথম ইনিংছত দ্বি শতক অৰ্জন কৰাৰ পিছত দ্বিতীয় ইনিংছতো শতক অৰ্জন কৰি অভিলেখ সৃষ্টি কৰে গীলে, যিটো অতি কম সংখ্যক বেটছমেনে কৰিবলৈ সক্ষম হৈছে ।

শনিবাৰে এই টেষ্টৰ চতুৰ্থ দিনটোত যেতিয়া টিম ইণ্ডিয়াই দ্বিতীয় ইনিংছ অব্যাহত ৰাখিবলৈ ওলাই আহিছিল, তেতিয়া দ্বিতীয়টো উইকেট অলপ সময়ৰ ভিতৰতে পতন ঘটে । ইয়াৰ পিছতে অধিনায়ক গীল খেলপথাৰত প্ৰৱেশ কৰে আৰু ইয়াৰ পিছত তেওঁ প্ৰথম ইনিংছত য’ৰ পৰা শেষ কৰিছিল তাৰ পৰাই বেটিং আৰম্ভ কৰিছিল । ইংলেণ্ডৰ কোনো বেটছমেনে গীলক সমস্যাত পেলোৱাত ব্যৰ্থ হয় আৰু দ্বিতীয় অধিবেশনত ভাৰতীয় অধিনায়কগৰাকীয়ে ১২৯ বলত স্মৰণীয় শতক সম্পূৰ্ণ কৰে । এয়া গীলৰ কেৰিয়াৰৰ অষ্টমটো শতক, এই ছিৰিজৰ তৃতীয় আৰু ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম টেষ্ট শতক ।

৫৪ বছৰীয়া ইতিহাসৰ পুনৰাবৃত্তি-

এই শতকৰ সৈতে গীলে এনেকুৱা কাম কৰিলে যিটো টেষ্ট ক্ৰিকেটৰ প্ৰায় ১৫০ বছৰীয়া ইতিহাসত ইয়াৰ আগতে মাত্ৰ ৮ বাৰহে হৈছে । টেষ্ট মেচত দ্বি শতক আৰু শতক অৰ্জন কৰা বিশ্বৰ নৱমগৰাকী বেটছমেন হিচাপে পৰিগণিত হয় শুভমন গীল । কিন্তু আটাইতকৈ বিশেষ কথাটো হ’ল ভাৰতৰ পৰা এই অভিলেখ দ্বিতীয়বাৰৰ বাবেহে ঘটিছে । ইয়াৰ পূৰ্বে মহান বেটছমেন সুনীল গাভাস্কাৰে ৫৪ বছৰ পূৰ্বে ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম ইনিংছত ১২৪ ৰান আৰু দ্বিতীয় ইনিংছত ২২০ ৰান সংগ্ৰহ কৰিছিল । তেতিয়া গাভাস্কাৰ বিশ্বৰ দ্বিতীয়জন বেটছমেনহে আছিল । অৱশ্যে গীলৰ এই কৃতিত্বও বিশেষ কাৰণ তেওঁ অধিনায়ক হিচাপে এনে এক কৃতিত্ব অৰ্জন কৰিছে ।

লগতে পঢ়ক : এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ; বি চি চি আইয়ে জাৰি কৰিলে বিবৃতি

একেৰাহে দ্বিতীয় টেষ্টতো শতক অৰ্জন গীলৰ; বঞ্চিত জয়ছোৱাল

একেৰাহে দ্বিতীয় টেষ্টতো শতক অৰ্জন গীলৰ

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ আৰম্ভণিৰ দিনা ৫টা উইকেট হেৰুৱাই ৩১০ ৰান সংগ্ৰহ কৰিছে ভাৰতে । বুধবাৰৰ খেলৰ শেষলৈকে শুভমন গীল ১১৪ ৰান আৰু ৰবীন্দ্ৰ জাডেজাই ৪১ ৰানেৰে ক্ৰীজত আছে । দুয়োৰে মাজত ৯৯ ৰানৰ অংশীদাৰিত্ব গঢ়িছে । উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ এডগবাষ্টনত অনুষ্ঠিত হৈছে । এই মেচত ইংলেণ্ডে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ।

দুই ৰান সংগ্ৰহ কৰি আউট কে এল ৰাহুল-

দ্বিতীয় টেষ্টত প্ৰথম ইনিংছৰ আৰম্ভণিতেই জোকাৰণিৰ সন্মুখীন হয় ভাৰত । মাত্ৰ দুই ৰান সংগ্ৰহ কৰি আউট হয় অ’পেনাৰ কে এল ৰাহুল । তেওঁ ক্ৰীছ ৱ’কছৰ বলি হয় । ইয়াৰ পিছত যশস্বী জয়ছোৱালে কৰুণ নায়াৰৰ সমৰ্থন লাভ কৰে । দ্বিতীয় উইকেটত দুয়োৰে মাজত ৮০ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে । ব্ৰাইডন কাৰ্ছে এই অংশীদাৰিত্ব ভংগ কৰে । তেওঁ কৰুণ নায়াৰক পেভিলিয়নৰ বাট দেখুৱাই । পাঁচটা চাৰিৰ সহায়ত ৫০টা বলত ৩১ ৰান সংগ্ৰহ কৰি আউট হয় কৰুণ ।

শতক বঞ্চিত জয়ছোৱাল-

ইয়াৰ পিছত যশস্বী জয়ছোৱাল আৰু শুভমন গীলে ভাৰতৰ ইনিংছৰ দায়িত্ব লয় । দুয়োৰে মাজত ৬৬ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে । অ’পেনাৰ জয়ছোৱাল ৮৭ ৰান সংগ্ৰহ কৰি আউট হয় । তেওঁ শতক বঞ্চিত হয় । বেন ষ্ট’কছৰ বলত তেওঁ নিজৰ উইকেট বিসৰ্জন দিয়ে । জয়ছোৱালৰ পিছত গীলে পন্টৰ সমৰ্থন লাভ কৰে । চতুর্থ উইকেটৰ বাবে দুয়োজনে কিছু ভাল শ্বট খেলি ৪৭ ৰান সংযোজন কৰে যদিও শ্বোয়াইব বছিৰে পন্টক আউট কৰে । ৪২টা বলত ২৫ ৰান সংগ্ৰহ কৰি আউট হয় পন্ট । একে সময়তে ইংলেণ্ডৰ মাটিত প্ৰথমখন মেচ খেলা নীতিশ কুমাৰ ৰেড্ডীয়ে মাত্ৰ এক ৰানহে কৰিবলৈ সক্ষম হয় । তেওঁক বল্ড কৰে ক্ৰীছ ৱ’কেছে ।

দ্বিতীয় টেষ্টতো শতক অৰ্জন গীলৰ-

লীডছৰ পিছত এডগবাষ্টন টেষ্ট তথা দ্বিতীয় টেষ্টতো শতক অৰ্জন কৰে গীলে । ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে তিনিখন টেষ্ট মেচত শতক অৰ্জন কৰা পঞ্চমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে গীল । এই বিষয়ত তেওঁ মহম্মদ আজহাৰুদ্দিন আৰু ৰাহুল দ্ৰাবিড়ৰ দৰে কিংবদন্তিৰ অভলেখ স্পৰ্শ কৰিছে । ভাৰতীয় অধিনায়কগৰাকীয়ে ১৯৯টা বলত টেষ্ট কেৰিয়াৰৰ সপ্তমটো শতক সম্পূৰ্ণ কৰে । তেওঁক ভাল ফৰ্মত দেখা গৈছে ।

ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেলতো গীলে শতক অৰ্জন কৰিছিল । তাৰ পূৰ্বে ২০২৪ চনত যেতিয়া ইংলেণ্ডৰ দলটোৱে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ভাৰতলৈ আহিছিল, তেতিয়া ধৰ্মশালাত খেলা মেচখনত গীলে ১১০ ৰান সংগ্ৰহ কৰিছিল । এইদৰে গীল ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে তিনিটা শতক অৰ্জন কৰা পঞ্চমজন ভাৰতীয় হিচাপে পৰিগণিত হয় । অধিনায়ক হিচাপেও গীলে ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়টো শতক অৰ্জন কৰা তেওঁ তৃতীয়গৰাকী ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় । তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল বিজয় হাজাৰে আৰু মহম্মদ আজহাৰুদ্দিনে । দুয়োজনে এই কৃতিত্ব ক্ৰমে দিল্লী আৰু ব্ৰাবৰ্ণ (১৯৫১-৫২) আৰু লৰ্ডছ আৰু অল্ড ট্ৰেফৰ্ড (১৯৯০)ত কৰিছিল ।

লগতে পঢ়ক : অলিম্পিক ২০৩৬ৰ বাবে দাবী উত্থাপন ভাৰতৰ; এইখন চহৰত আয়োজন কৰাৰ প্ৰস্তাৱ