দ্বিতীয় টেষ্টত যশপ্ৰীত বুমৰাহৰ উপস্থিতি সন্দৰ্ভত ডাঙৰ বক্তব্য কৰিলে অধিনায়ক গীলে…

যশপ্ৰীত বুমৰাহৰ উপস্থিতি সন্দৰ্ভত ডাঙৰ বক্তব্য কৰিলে অধিনায়ক গীলে

২ জুলাইৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট মেচ আৰম্ভ হ’ব । বৰ্তমান ছিৰিজত ০-১ ব্যৱধানত পিছ পৰি আছে টিম ইণ্ডিয়া আৰু পৰৱৰ্তী মেচত জয়লাভ কৰিলেহে ছিৰিজত ১-১ ব্যৱধানত সমতা স্থাপন কৰিব পাৰিব গীল বাহিনীয়ে । পাঁচখনীয়া মেচৰ শৃংখলাৰ প্রথমখন টেষ্টত ৫ উইকেটত পৰাস্ত হোৱাৰ পাছত টিম ইণ্ডিয়াৰ বাবে এই মেচখন অতি গুৰুত্বপূর্ণ ৷ দ্বিতীয় টেষ্টত এডগবাষ্টনত দুয়োটা দল মুখামুখি হ’ব ।

দ্বিতীয় টেষ্টত বুমৰাহৰ উপস্থিতিৰ বিষয়ে ক’লে শুভমন গীলে-

যশপ্ৰীত বুমৰাহ উপলব্ধ । আমি সঠিক দিশ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছো যিয়ে ২০টা উইকেট ল’ব পাৰে আৰু লগতে ৰান কৰিব পাৰে । আজি আমি শেষবাৰৰ বাবে উইকেট চোৱাৰ পিছত চূড়ান্ত সিদ্ধান্ত লম ।”

যশপ্ৰীত বুমৰাহে মাত্ৰ তিনিখন মেচ খেলাৰ বিষয়ে ক’লে গীলে-

“এয়া কঠিন কিন্তু আমি ভাৰতৰ পৰা শ্ৰেষ্ঠ খেলুৱৈ বাছনি কৰিছো । ই অসম্ভৱ কাম নহয়, আন বলাৰ ভাল, আমাৰ ভাল পুল আছে”।

মেচখনৰ প্ৰাকক্ষণত শুভমন গীলে কয়, “সাধাৰণতে ইংলেণ্ডত দুজন স্পীনাৰ খেলা দেখা পোৱা নাযায় । কিন্তু বতৰ তেনেকুৱা হোৱা নাই, কিছু বৰষুণ হৈছে আৰু ৰ’দো ভালদৰে জিলিকি আছে । আনকি যোৱা মেচখনতো আমি অনুভৱ কৰিছিলো যে যদি আমাৰ আৰু এজন অতিৰিক্ত স্পীনাৰ থাকিলহেঁতেন তেন্তে মেচখন ভাল হ’ব পাৰিলেহেঁতেন । উইকেটত কিছুমান পেচ আছিল, যাৰ সুবিধা আমি ল’ব পাৰিলোহেঁতেন ।”

দ্বিতীয় স্পীনাৰৰ বিষয়ে কয় শুভমন গীলে-

“যদি বেগী বলাৰসকলে ইমানবোৰ সুযোগ সৃষ্টি কৰিব নোৱাৰে, তেন্তে তেওঁলোকে অনুভৱ কৰে যে দ্বিতীয়জন স্পীনাৰে, এই উইকেটবোৰত, যদিও তেওঁ সুযোগ সৃষ্টি নকৰিলেও, আপোনাক ৰান কৰিবলৈ নিদিয়ে, যেতিয়ালৈকে দ্বিতীয়টো নতুন বল নাহে, য’ত সুযোগ বেছি হ’ব । গতিকে শেষৰখন মেচখন চোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে যদি উইকেটটো শেষৰ মেচখনৰ দৰেই হ’ব, তেন্তে দ্বিতীয়জন স্পীনাৰজন বেয়া বিকল্প নহ’ব ।”

লগতে পঢ়ক : এছিয়া কাপ ২০২৫ৰ নতুন তাৰিখ প্ৰকাশ ! এই স্থানত হ’ব পাৰে ভাৰত-পাকিস্তানৰ মেচ

প্ৰথম ইনিংছত ৪৭১ ৰানত অল আউট ভাৰতীয় দল; যশস্বী, গীল আৰু ঋষভৰ দৰ্শনীয় শতক

প্ৰথম ইনিংছত ৪৭১ ৰানত অল আউট ভাৰতীয় দল

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা ৩৫৯/৩ ৰ পৰা খেলি ভাৰতীয় দলে ৪৭১ ৰান সংগ্ৰহ কৰি অল আউট হয় । ভাৰতৰ হৈ প্ৰথম দিনাই শতক অৰ্জন কৰে যশস্বী জয়ছোৱাল (১০১) আৰু শুভমন গীলে (১৪৭) । দ্বিতীয় দিনা ঋষভ পন্টে (১৩৪) এই শতকৰ ক্লাবত যোগদান কৰে । দ্বিতীয় দিনা ভাৰতৰ ইনিংছ শেষ হোৱাৰ পাছত বৰষুণৰ বাবে মেচখন বাধাগ্ৰস্ত হয় । ইয়াৰ বাবে কিছু সময়ৰ বাবে খেল বন্ধ কৰিব লগা হয় । উল্লেখ্য যে, ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এই ৫খনীয়া মেচৰ শৃংখলা জয় কৰা দলটোক এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী দিয়া হ’ব । প্ৰথম দিনাই ভাৰতীয় দলে ষ্টাম্পলৈকে তিনি উইকেটত ৩৫৯ ৰান সংগ্ৰহ কৰিছিল । বৰ্তমান ইংলেণ্ড ক্ৰীজত নামিছে ।

৪৭১ ৰানত অল আউট ভাৰতীয় দল-

প্ৰথম দিনাৰ খেল ৩৫৯/৩ স্ক’ৰত শেষ হয় । যশস্বী জয়ছোৱালে প্ৰথম দিনাই ১৫৯ বলত ১০১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দিনটোৰ খেলৰ শেষলৈকে শুভমন গীলে ১৬ চাৰি আৰু এটা ছয়ৰ সহায়ত ১৭৫ টা বলত ১২৭ ৰান সংগ্ৰহ কৰি ক্ৰীজত উপস্থিত থাকে আৰু সহ-অধিনায়ক ঋষভ পণ্টে ছটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ১০২ টা বলত ৬৫ ৰান সংগ্ৰহ কৰি ক্ৰীজত থাকে । শনিবাৰে ১১২ ৰান সংযোজন কৰি বাকী ৭টা উইকেট হেৰুৱাই ভাৰতীয় দলে । ইয়াৰ লগে লগে দলটোৱে ৪৭১ ৰানত অল আউট হয় ।

ইংলেণ্ডৰ হৈ জোছ টংগ আৰু বেন ষ্ট’কে চাৰিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ব্ৰাইডন কাৰ্ছ আৰু শ্বোৱেইব বছিৰে এটাকৈ উইকেট লাভ কৰে ।

এই অবাঞ্চিত ক্লাবত যোগদান ভাৰতীয় দলৰ-

ইয়াৰ লগে লগে ভাৰতীয় দলে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ অবাঞ্চিত ক্লাবত যোগদান কৰে । প্ৰকৃততে এই তিনিটা দলে তিনিশ ৰান কৰাৰ পিছতো ৫০০ ৰানৰ ঘৰ স্পৰ্শ কৰিব পৰা নাছিল । ভাৰতীয় দল এতিয়া এই ক্লাবত যোগদান কৰে । উল্লেখ্য যে, ভাৰতীয় দলৰ তিনিজন বেটছমেনে শতক অৰ্জন কৰিছিল যদিও দলটোৱে ৫০০ ৰান স্পৰ্শ কৰাত ব্যৰ্থ হয় ।

সুদৰ্শন-নায়াৰৰ ব্যৰ্থতা-

ভাৰতৰ হৈ ৰাহুল আৰু যশস্বীয়ে ভাল আৰম্ভণি কৰি প্ৰথম উইকেটত ৯১ ৰান সংযোজন কৰে । টেষ্টত অভিষেক ঘটোৱা ছাই সুদৰ্শন, আঠ বছৰৰ মূৰত টেষ্টত প্ৰত্যাৱৰ্তন কৰা কৰুণ নায়ায়ৰ আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহে প্ৰথম ইনিংছত একাউণ্টো খোলাত ব্যৰ্থ হয় । এই তিনিওজন বেটছমেন কোনো ৰান সংগ্ৰহ নকৰাকৈ পেভিলিয়নমুখী হয় । একে সময়তে জাডেজাই ১১ ৰান আৰু প্ৰসিদ্ধ কৃষ্ণই এক ৰান সংগ্ৰহ কৰে । দ্বিতীয় অধিবেশনৰ আৰম্ভণিতে ভাৰতীয় দলে বাকী থকা উইকেট হেৰুৱাই । ভাৰতৰ বাবে হতাশাজনক কথাটো হ’ল তিনিজন বেটছমেনে শতক অর্জন কৰাৰ পাছতো দলটোৱে ৫০০ ৰানৰ সীমা স্পর্শ কৰাত ব্যৰ্থ হয় ৷

অভিষেক অধিনায়কত্বত শতক অৰ্জন কৰা চতুৰ্থজন খেলুৱৈ শুভমন গীল

অধিনায়ক হিচাপে প্ৰথমখন মেচ খেলি প্ৰথম ইনিংছত শতক অৰ্জন কৰা দেশৰ চতুৰ্থ অধিনায়ক হিচাপে পৰিগণিত হৈছে শুভমন গীল । তেওঁৰ পূৰ্বে এই কৃতিত্ব লিপিবদ্ধ হৈছিল প্ৰাক্তন ক্ৰিকেটাৰ বিজয় হাজাৰে, সুনীল গাভাস্কাৰ আৰু বিৰাট কোহলীৰ নামত । এতিয়া শতক অৰ্জন কৰি গীলেও এই বিশেষ তালিকাত যোগদান কৰিছে ।

যশস্বী জয়ছোৱালৰ ডাঙৰ কৃতিত্ব-

হেডিংলিৰ লীডছত ইনিংছ মুকলি কৰি শতক অৰ্জন কৰা দেশৰ প্ৰথমজন অ’পেনাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী জয়ছোৱাল । প্ৰথমখন টেষ্ট মেচৰ প্ৰথম ইনিংছত ভাৰতৰ হৈ ইনিংছ মুকলি কৰাৰ সময়তে মুঠ ১৫৯টা বলৰ মুখামুখি হয় তেওঁ । এই সময়ছোৱাত ৬৩.৫২ ষ্ট্ৰাইক ৰেটত ১০১ ৰান কৰিবলৈ সক্ষম হয় তেওঁ । তেওঁৰ বেটৰ পৰা ১৬টা চাৰি আৰু এটা ছয় আহে ।

লগতে পঢ়ক : লীডছত ঋষভ পন্টৰ দৰ্শনীয় শতক; ভংগ কৰিলে এই অভিলেখ

‘ৰোহিত-বিৰাট নাই…টিম ইণ্ডিয়াত শূন্যতা..’; হৰভজন সিঙে বিশ্বাসত ল’ব পৰা নাই নেকি শুভমন গীলক?

হৰভজন সিঙে

শনিবাৰে ভাৰতীয় দলৰ অধিনায়ক হিচাপে শুভমন গীলক নিযুক্তি দিয়াৰ বিপৰীতে ঋষভ পন্ত উপ-অধিনায়ক হয়।অহা মাহত ইংলেণ্ড ভ্ৰমণৰ জৰিয়তে নতুন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰম্ভ হ’ব।

ভাৰতীয় প্রাক্তন স্পিনাৰ হৰভজন সিঙে কয় যে বিৰাট কোহলী আৰু ৰোহিত শর্মাৰ অনুপস্থিতিত নতুন টেষ্ট অধিনায়ক শুভমন গীলে সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব, কিন্তু যুৱ দলটোৰ ইমান সোনকালে মূল্যায়ন কৰা উচিত নহয়৷

হৰভজনে গীলক অধিনায়ক হিচাপে নিৰ্বাচিত হোৱাক আদৰণি জনায় যদিও সন্মুখত বহু প্ৰত্যাহ্বান আছে বুলি কয়।হৰভজনে কয়, “ফ্ৰেঞ্চাইজি ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰা শুভমন গীলৰ দৰে যুৱ অধিনায়ক থকাটো নিশ্চিতভাৱে এক ডাঙৰ পদক্ষেপ”।

“কিন্তু ই এক কঠিন ভ্ৰমণ হ’ব।ইংলেণ্ড কেতিয়াও সহজ ভ্ৰমণ নাছিল। এইটো এটা যুৱ দল।ইয়াত বিৰাট কোহলী বা ৰোহিত শৰ্মা নাই, হঠাৎ সেই দলটোত এটা ডাঙৰ শূন্যতা আহি পৰিছে আৰু সেইটোও পূৰণ কৰিব লাগিব, গতিকে শুভমনে সাৱধানে খোজ দি আগবাঢ়িব লাগিব”।

হৰভজনে কয় যে গীলৰ দলটোক সময় দিব লাগিব।তেওঁ কয়, “মই মানুহক এইটোও ক’ব বিচাৰো যে এই ভ্ৰমণ তেওঁলোকৰ বাবে অনুকূল নহ’লেও তেওঁলোকে বেছি সোনকালে বিচাৰ আৰম্ভ কৰিব নালাগে”।

“তেওঁলোকে জয়ী নহ’লেও কোনো কথা নাই কাৰণ তেওঁলোকে ইয়াৰ পৰা শিকিব।এই ভ্ৰমণলৈ যোৱা সকলো খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিব বুলি মোৰ বিশ্বাস।”

লগতে পঢ়ক:‘শীঘ্ৰেই ধ্বংস হ’ব ৰাছিয়া…’; ভ্লাদিমিৰ পুটিনক পাগল আখ্যা ড’নাল্ড ট্ৰাম্পৰ

‘শুভমন গীলৰ বাবে অধিনায়কত্ব কঠিন প্ৰত্যাহ্বান’; দলৰ বাহিৰত থকা পূজাৰাৰ ডাঙৰ মন্তব্য

শুভমন গীল

প্ৰবীণ টেষ্ট খেলুৱৈ চেতেশ্বৰ পূজাৰাই দেওবাৰে শুভমান গীলক লৈ ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে ইংলেণ্ডত কঠিন পৰিস্থিতিত ভাৰতৰ অধিনায়কত্ব শুভমন গীলৰ দৰে যুৱ খেলুৱৈৰ বাবে প্ৰত্যাহ্বান হ’ব।

পূজাৰাই কয় যে এয়া গিলৰ বাবে এক ডাঙৰ সুযোগ হ’বও পাৰে।এই ভ্ৰমণত যদি তেওঁ অধিনায়ক হিচাপে সফলতা লাভ কৰে তেন্তে ইয়াৰ দ্বাৰা তেওঁৰ আত্মবিশ্বাস বহু পৰিমাণে বৃদ্ধি পাব।

শনিবাৰে ৰোহিত শৰ্মাৰ ঠাইত গীলক নতুন টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।পূজাৰাই দেওবাৰে কয় যে, ‘আপুনি যুৱ খেলুৱৈ হওক বা অভিজ্ঞ খেলুৱৈয়ে হওক, কেপ্তেইন হিচাপে বিদেশলৈ গ’লে প্ৰত্যাহ্বান হ’বই।’

ইংলেণ্ডত আৰম্ভণি কৰাটো শুভমন গীলৰ বাবে সহজ নহ’ব যদিও এজন যুৱ খেলুৱৈৰ বাবে ই এক সুন্দৰ সুযোগ’।

পূজাৰাই কয়, ‘আমি শুনিছো যে বুমৰাহ ইংলেণ্ডত পাঁচোখন মেচ খেলিব নোৱাৰিব, সেয়েহে গীলক দলটোৰ নেতৃত্ব দিয়াৰ দায়িত্ব দিয়া হৈছে’।

‘যদি শুভমনক দায়িত্ব দিয়া হৈছে তেন্তে তাৰ অৰ্থ হ’ল দল পৰিচালনা আৰু নিৰ্বাচকসকলে ভাবিছে যে তেওঁ দীৰ্ঘদিনলৈ দলটোক নেতৃত্ব দিব পাৰিব’।

ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলা ২০ জুনৰ পৰা আৰম্ভ হ’ব।তেওঁ কয়, ‘বেটছমেন হিচাপে শুভমন গীলৰ ডাঙৰ দায়িত্ব আছে, অৱশ্যে গীলৰ যি ধৰণৰ প্ৰতিভা আছে তাৰে ইংলেণ্ডত সফল হ’ব বুলি মই নিশ্চিত।

ইয়াৰ ফলত তেওঁলোকক ভাল প্ৰদৰ্শন কৰিবলৈ নিশ্চিতভাৱে প্ৰেৰণা যোগাব।অধিনায়ক হোৱাৰ ফলত তেওঁৰ ভিতৰত থকা শ্ৰেষ্ঠখিনি ওলাই আহিব নে নাই নাজানো, কিন্তু বেটছমেন হিচাপে তেওঁ সদায় দলৰ হৈ ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আহিছে।

লগতে পঢ়ক: হ্ৰাস পালে আইফোন ১৪ৰ মূল্য; Amazon এ পুনৰ বাৰ কমালে দাম

টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; শুভমন গীললৈ অধিনায়কৰ দায়িত্ব

ভাৰতীয় দল ঘোষণা

অপেক্ষাৰ অন্ত । ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে । এই শৃংখলাৰ বাবে ভাৰতীয় দলৰ ১৮ জনীয়া তালিকা ঘোষণা কৰা হৈছে ।

ইংলেণ্ডৰ বিৰুদ্ধে অহা ২০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিয়ে ঘোষণা কৰিছে টিম ইণ্ডিয়াক।

শনিবাৰে মুম্বাইত অনুষ্ঠিত সংবাদমেলৰ সময়ত মুখ্য নিৰ্বাচক অজিত আগৰকাৰে টেষ্ট ছিৰিজৰ বাবে কোন কোন খেলুৱৈক নিৰ্বাচিত কৰা হৈছে সেই বিষয়ে অৱগত কৰে।

ৰোহিত শৰ্মাৰ পিছত শুভমান গীলক ভাৰতৰ নতুন টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু নিৰ্বাচকসকলে শুভমান গীলৰ ওপৰত আস্থা প্ৰকাশ কৰিছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিয়ে শুভমান গীলক টেষ্টৰ অধিনায়ক হিচাপে লৈ পৰীক্ষা কৰিব বিচাৰিছে।

আনহাতে ভাৰতীয় দলৰ উপ অধিনায়কৰ দায়িত্ব দিয়া হৈছে ঋষভ পন্টক। এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ লিটমাছ টেষ্টত শুভমন গীল উত্তীৰ্ণ হয় নে নহয় সেয়া চাবলৈ উল্লেখনীয় হ’ব।

টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়াত কোন কোন

শুভমন গীল, ঋষভ পন্ত, যশস্বী জয়ছৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, অভিমন্যু ইশ্বৰন, কৰুণ নাইৰ, নীতিশ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আকাশদ্বীপ, আৰ্ষদ্বীপ সিং, কুলদীপ যাদৱ

ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খন মেচৰ হাই প্ৰফাইল টেষ্ট শৃংখলা ২০ জুনৰ পৰা আৰম্ভ হ’ব। দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলা ২০ জুনৰ পৰা ৪ আগষ্ট লৈকে হ’ব।

লগতে পঢ়ক:ডনাল্ড ট্ৰাম্পৰ শুল্ক ধমকি; ভাৰতত বৃদ্ধি হ’ব নেকি IPhone ৰ দাম

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ঘূৰিল ফৰ্মলৈ…ইংলেণ্ডৰ বিৰুদ্ধে শুভমন গীলৰ বিস্ফোৰক শতক

ভাৰতীয় দলৰ তাৰকা অ’পেনাৰ শুভমন গীল বৰ্তমান দুৰ্দান্ত ফৰ্মত আছে । শেহতীয়াকৈ তেওঁ ঘৰুৱা প্ৰতিযোগিতা ৰঞ্জি ট্ৰফীত শতক অৰ্জন কৰে । ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাত প্ৰৱেশ কৰি দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে তেওঁ । ইংৰাজ দলৰ বিৰুদ্ধে তিনিওখন এদিনীয়া খেলতে ৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰিছে গীলে ।

প্ৰথমখন এদিনীয়া নাগপুৰত অনুষ্ঠিত হৈছিল, য’ত গিলে ৮৭ ৰান সংগ্ৰহ কৰে । ইয়াত তেওঁ শতক অৰ্জনৰ কাষ চাপিছিল যদিও শতক বঞ্চিত হবলগা হয় । ইয়াৰ পিছত দ্বিতীয়খন এদিনীয়া কটকত অনুষ্ঠিত হৈছিল, য’ত গীলক বিস্ফোৰক ফৰ্মত দেখা যায় । এই মেচখনত তেওঁ ৬০ ৰানৰ মেচ বিজয়ী ইনিংছ খেলিছিল । এই দুয়োখন খেলতে ভাৰতীয় দলে জয়লাভ কৰে ।

৯৫ বলত শতক সম্পূৰ্ণ গীলৰ-

বুধবাৰে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় আৰু শেষৰ খন এদিনীয়া মেচ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে, য’ত গীলক পুনৰবাৰ প্ৰচণ্ড ফৰ্মত দেখা গৈছে । ছিৰিজৰ প্ৰথম দুখন মেচত গীল শতক বঞ্চিত হ’ল যদিও তৃতীয়খন এদিনীয়াত শতক অৰ্জন কৰে তেওঁ ।

আহমেদাবাদৰ এদিনীয়াত টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ আহিছিল ভাৰতীয় দলটোৱে । এনে পৰিস্থিতিত গীলৰ ওপৰত ভাল আৰম্ভণিৰ হেঁচা পৰিছিল । তেওঁ সেই দায়িত্ব পালন কৰি ৯৫টা বলত শতক সম্পূৰ্ণ কৰে । এই সময়ছোৱাত গীলে ২টা ছয় আৰু ১৪টা চাৰি কোবাই ।

এদিনীয়াত গীলৰ এয়া সপ্তমটো শতক । ইয়াৰ বাহিৰেও তেওঁ টেষ্ট ক্ৰিকেটত ৫টা শতক অৰ্জন কৰিছে । আনহাতে গীলে টি-২০ ইণ্টাৰনেশ্যনেলতো শতক অৰ্জন কৰিছে । এইদৰে এই ষ্টাৰ অ’পেনাৰগৰাকীয়ে তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰিছে ।

আজিৰ মেচত ১০২ টা বলত ১১২ ৰাণ সংগ্ৰহ কৰি আদিল ৰছিদৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে গীলে ।

ঐতিহাসিক অভিলেখ গঢ়িলে গীলে-

ভাৰতৰ হৈ ৫০ সংখ্যক এদিনীয়া মেচ (৫০সংখ্যক ইনিংছ) খেলাৰ সময়ত শুভমন গীলে সৃষ্টি কৰিছে আন এক ঐতিহাসিক অভিলেখ । ৫১ সংখ্যক এদিনীয়া ইনিংছত ২৫০০ ৰানৰ সীমা অতিক্ৰম কৰা দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি হাছিম আমলাৰ অভিলেখ ভংগ কৰিলে গীলে ।

এদিনীয়া মেচত ২৫০০ ৰান সম্পূৰ্ণ কৰিবলৈ অ’পেনাৰ গীলক ২৫ ৰানৰ প্ৰয়োজন হৈছিল আৰু ভাৰতীয় ইনিংছৰ দশম অভাৰৰ পঞ্চম বলত গাছ এটকিনছনৰ বলত চাৰিটা কোবাই এই লক্ষ্যত উপনীত হয় গীল ।