হ্ৰাস পাব পাৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বাৰ্ষিক দৰমহা । আনহাতে লাভৱান হ’ব পাৰে শুভমন গীল ।
আগন্তুক দিনত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বাৰ্ষিক দৰমহা হ্ৰাস পাব পাৰে বুলি খবৰ প্ৰকাশ পাইছে । তেওঁলোকে পূৰ্বতকৈ ২ কোটি টকা কম লাভ কৰিব পাৰে । বিচিচিআই এপেক্স কাউন্সিলৰ বাৰ্ষিক সাধাৰণ সভা ২২ ডিচেম্বৰত অনুষ্ঠিত হ’ব, য’ত এই তাৰকা ভাৰতীয় খেলুৱৈসকলৰ চুক্তি আৰু ঘৰুৱা ক্ৰিকেটত মহিলা ক্ৰিকেটাৰৰ চুক্তিৰ সংশোধন কৰা হ’ব ।
এক প্ৰতিবেদন অনুসৰি বিচিচিআই এপেক্স কাউন্সিলৰ সাধাৰণ বৈঠক অনলাইনযোগে অনুষ্ঠিত হ’ব, য’ত টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ লোৱা ৰোহিত আৰু বিৰাটক এ+ গ্ৰেডত ৰখা উচিত নে এ গ্ৰেডলৈ অৱনমিত কৰা উচিত সেই সম্পৰ্কে আলোচনা হ’ব বুলি আশা কৰা হৈছে ।
খবৰ অনুসৰি ৰোহিত আৰু বিৰাটৰ গ্ৰেড অৱনমিত হোৱাৰ সম্ভাৱনা আছে । অৰ্থাৎ তেওঁলোকক এ+ৰ পৰা এ গ্ৰেডলৈ অৱনমিত হ’ব পাৰে, যাৰ ফলত তেওঁলোকৰ বাৰ্ষিক দৰমহাত প্ৰভাৱ পৰিব । বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি অনুসৰি এ+ গ্ৰেডৰ খেলুৱৈয়ে বাৰ্ষিক ৭ কোটি দৰমহা লাভ কৰে, যিটো বৰ্তমান ৰোহিত আৰু বিৰাটৰ দৰমহা । কিন্তু পুনৰীক্ষণৰ পিছত যদি তেওঁলোকক এ গ্ৰেডলৈ অনা হয় তেন্তে তেওঁলোকৰ দৰমহা ৫ কোটি লৈ হ্ৰাস পাব, যিটো এই গ্ৰেডৰ খেলুৱৈসকলৰ দৰেই ।
প্ৰতিবেদন অনুসৰি শুভমন গীলে গ্ৰেড প্ৰমোচন লাভ কৰিব পাৰে । গীলে তিনিওটা ফৰ্মেটতে টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰে আৰু বৰ্তমান বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ অধীনত গ্ৰেড এত আছে । কিন্তু ২২ ডিচেম্বৰৰ সাধাৰণ সভাই তেওঁৰ গ্ৰেড বৃদ্ধিৰ সংশোধন কৰাৰ সম্ভাৱনা আছে । অৰ্থাৎ তেওঁক গ্ৰেড এৰ পৰা গ্ৰেড এ+লৈ উন্নীত কৰা হ’ব পাৰে ।
যদি এনে হয় তেন্তে তেওঁ যে বহুত লাভৱান হ’ব সেয়া স্পষ্ট । তেওঁৰ বাৰ্ষিক দৰমহা আৰু ২ কোটি বৃদ্ধি পাব । এ গ্ৰেডত ৫ কোটি টকা উপাৰ্জন কৰা শুভমন গীল এ+ গ্ৰেডলৈ উন্নীত হোৱাৰ লগে লগে বছৰি ৭ কোটি টকা লাভ কৰিব ।









