২০২৫ বৰ্ষত অৱসৰৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তোলা দেশৰ ১০ গৰাকী কিংবদন্তি ক্ৰিকেটাৰ…

২০২৫ বৰ্ষত অৱসৰৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তোলা দেশৰ ১০ গৰাকী কিংবদন্তি ক্ৰিকেটাৰ…

২০২৫ বৰ্ষই আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই আমাৰ পৰা বিদায় লব । জানক চলিত বৰ্ষত ক্ৰিকেটৰ পৰা অৱসৰ লৈ সকলোকে আচৰিত কৰি তোলা ১০ গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ বিষয়ে… আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই ২০২৫ বৰ্ষটোৱে আমাৰ মাজৰ পৰা বিদায় ল’ব । ২০২৫ বৰ্ষত ক্ৰিকেট জগত

২০২৫ বৰ্ষই আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই আমাৰ পৰা বিদায় লব । জানক চলিত বৰ্ষত ক্ৰিকেটৰ পৰা অৱসৰ লৈ সকলোকে আচৰিত কৰি তোলা ১০ গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ বিষয়ে…

আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই ২০২৫ বৰ্ষটোৱে আমাৰ মাজৰ পৰা বিদায় ল’ব । ২০২৫ বৰ্ষত ক্ৰিকেট জগত বহুতো উত্থান-পতনৰ সাক্ষী হ’ল । বহু খেলুৱৈৰ বাবে এই বছৰটো স্মৰণীয় হোৱাৰ বিপৰীতে আন কিছুমানৰ বাবে গভীৰ হতাশা কঢ়িয়ালে ২০২৫ বৰ্ষই । তদুপৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ ক্ৰিকেটাৰে এইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈ অনুৰাগীক আৱেগিক কৰি তুলিছিল । চলিত বৰ্ষক অৱসৰৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তোলা দেশৰ ১০ গৰাকী বিশিষ্ট ক্ৰিকেটাৰৰ বিষয়ে জানক-

বিৰাট কোহলী-

২০২৪ চনত টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা বিৰাট কোহলীয়ে ২০২৫ চনত টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ লোৱাৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল । তেওঁৰ ফিটনেছৰ কথা বিবেচনা কৰি অনুৰাগীয়ে আশা কৰিছিল যে তেওঁ দীৰ্ঘদিন ধৰি টেষ্ট আৰু এদিনীয়া ফৰ্মেটত খেলি থাকিব । অৱশ্যে বৰ্তমান তেওঁ এদিনীয়া ফৰ্মেটত খেলি আছে ।

ৰোহিত শৰ্মা-

বিৰাট কোহলীৰ দৰে ৰোহিত শৰ্মাও এতিয়া কেৱল এদিনীয়া ফৰ্মেটতহে সক্ৰিয় হৈ আছে । ২০২৪ চনত টি-২০ ক্ৰিকেট আৰু ২০২৫ চনত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লয় ‘হিটমেন’এ । ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ ভিতৰত তেওঁ পুনৰ ভাৰতীয় জাৰ্চি পিন্ধিব বুলি আশা কৰিছে অনুৰাগীয়ে ।

চেতেশ্বৰ পূজাৰা-

দেশৰ অভিজ্ঞ টেষ্ট বেটছমেন চেতেশ্বৰ পূজাৰাইয়ো ২০২৫ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লয় । চলিত বৰ্ষৰ ২৪ আগষ্টত যেতিয়া তেওঁ অৱসৰৰ কথা ঘোষণা কৰিছিল তেতিয়া সকলোৰে চমু সেমেকি উঠিছিল ।

অমিত মিশ্ৰ-

অমিত মিশ্ৰইয়ো এই বৰ্ষতে ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলাইছিল । ৪ ছেপ্টেম্বৰত ক্ৰিকেটাৰগৰাকীয়ে সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । বৰ্তমান তেওঁ কমেন্টেটৰ হিচাপে কাম কৰি আছে ।

ঋদ্ধিমান সাহা-

ভাৰতৰ অন্যতম উৎকৃষ্ট উইকেটকীপাৰ ঋদ্ধিমান সাহাই ২০২৫ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লয় । তেওঁ ১ ফেব্ৰুৱাৰীত অৱসৰৰ কথা ঘোষণা কৰিছিল । বৰ্তমান ক্ৰিকেটাৰগৰাকী আই পি এলত সক্ৰিয় হৈ আছে আৰু গুজৰাট টাইটানছৰ হৈ খেলা দেখা যাব তেওঁক ।

পীয়ুষ চাওলা-

প্ৰবীণ স্পীনাৰ পিযুষ চাওলাইয়ো এইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । ৬ জুনত অৱসৰৰ কথা ঘোষণা কৰি তেওঁ সকলোকে আচৰিত কৰি তোলে ।

মোহিত শৰ্মা-

২০২৫ চনৰ ৩ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা মোহিত শৰ্মাই । তেওঁ নিজৰ দেশৰ হৈ ২৬খন এদিনীয়া আৰু ৮খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল ।

বৰুণ এৰন-

বৰুণ এৰনে ২০২৫ চনৰ ১০ জানুৱাৰীত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল । অৱসৰৰ পিছত এতিয়া তেওঁক সঘনাই কমেন্টেটৰ হিচাপে দেখা যায় ।

ঋষি ধাৱান-

ঋষি ধাৱানেও এইবাৰ ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলাই । ২০২৫ চনৰ ৫ জানুৱাৰীত অৱসৰৰ কথা ঘোষণা কৰে তেওঁ ।

ঈশান্ত শৰ্মা-

২০২৫ চনৰ ডিচেম্বৰ মাহত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লোৱা ঈশান্ত শৰ্মাই দেশৰ হৈ বহু স্মৰণীয় খেল খেলিছিল । টেষ্ট ক্ৰিকেটত তেওঁৰ ৩০০ৰো অধিক উইকেট আছে ।

লগতে পঢ়ক : বিজয় হাজাৰে ট্ৰফীৰ প্ৰথম দিনটোতে ভংগ হ’ল এই ১০ টা অভিলেখ… জিলিকিল ৰোহিত-কোহলী