‘মই ইচ্ছাকৃতভাৱে কৰা নাছিলো,মনে সজা কথাবোৰ নক’ব…’; অভনীত কৌৰৰ ফটো লাইক কৰাক লৈ বিৰাট কোহলীৰ স্পষ্টিকৰণ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে এখন ফটোত লাইক কৰি এতিয়া সেই সন্দৰ্ভত স্পষ্টীকৰণ দিব লগা হৈছে। আচলতে তেওঁ অভনীত কৌৰৰ ফেন পেজৰ পৰা শ্বেয়াৰ কৰা এখন ফটোত লাইক কৰিছিল। ইয়াৰ পিছত তেওঁক বহুতে ট্ৰ’ল কৰিছে।

ইয়াৰ পিছত বিৰাট কোহলীয়ে নিজৰ ইনষ্টা হেণ্ডেলৰ জৰিয়তে স্পষ্ট কৰি লিখিলে যে এইটো ভুলতে হৈছে গতিকে কথাবোৰ ৰচনা নকৰিব।

বিৰাট কোহলীয়ে নিজৰ ইনষ্টা ষ্ট’ৰীত লিখিছে,”মই স্পষ্ট কৰিব বিচাৰিছো যে মই মোৰ ফিড ক্লিয়াৰ কৰি থাকোঁতে ভুলবশতঃ এটা ইন্টাৰেকচন পঞ্জীয়ন হৈছিল”।

“এনে লাগে যেন এলগৰিদমৰ বাবেই এনেকুৱা হৈছে।ইয়াৰ আঁৰত মোৰ কোনো উদ্দেশ্য নাছিল।মই অনুৰোধ জনাইছো কোনো অপ্ৰয়োজনীয় কথা নুলিয়াৱ । মোক বুজি পোৱাৰ বাবে ধন্যবাদ।”

বিৰাট কোহলীৰ ছ’চিয়েল মিডিয়াত ২৭১ নিযুত অনুৰাগী আছে।ক্ৰিকেটাৰ গৰাকীয়ে যেতিয়া টেলিভিচনৰ অভিনেত্ৰী অভনীতৰ ফেন পেজৰ পৰা শ্বেয়াৰ কৰা ফটোখন লাইক কৰিলে, তেতিয়া ই নেটিজেনসকলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিল।যাৰ বাবে এতিয়া স্পষ্টিকৰণ দিছে ক্ৰিকেটাৰ গৰাকীয়ে।

খেলৰ মাজতে বিৰাট কোহলী আৰু কে এল ৰাহুলৰ সংঘাট! ভিডিঅ’ ভাইৰেল

দেওবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত বিৰাট কোহলী আৰু কে এল ৰাহুলৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক দেখিবলৈ পোৱা গৈছিল।

যাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।দেওবাৰে আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) বনাম দিল্লী কেপিটেলছ (ডি চি)ৰ খেলৰ সময়ত খেলপথাৰতে বিৰাট কোহলী আৰু কে.এল. তৰ্ক হোৱা দেখা পোৱা গৈছিল।

প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে ১৬২ ৰান সংগ্ৰহ কৰে।দিল্লীৰ হৈ কে এল ৰাহুলে সৰ্বাধিক ৰান সংগ্ৰহ কৰে, তেওঁ ৩৯টা বলত ৪১ ৰান সংগ্ৰহ কৰে।

দুয়োৰে মাজত কিয় তৰ্ক হৈছিল সেয়া প্ৰথমতে বিষয়টো স্পষ্ট হোৱা নাছিল।কিন্তু ভাৰতীয় সতীৰ্থ দুগৰাকীৰ মাজত কিয় এই তৰ্ক হ’ল সেই কথা বুজাই দিলে ভাৰতৰ প্ৰাক্তন স্পিনাৰ পিযুষ চাওলাই।

পীয়ুষ চাওলাৰ মতে, বিৰাট কোহলী এইটো কথাত অসন্তুষ্টহৈছিল যে দিল্লী কেপিটেলছে ফিল্ডিং থিক কৰিবলৈ বহু সময় লগাইছিল আৰু এই বিষয়ে তেওঁ কে এল ৰাহুলক অভিযোগ কৰিছিল।

একে সময়তে বিৰাট কোহলীৰ কথাত কে এল ৰাহুলৰো খং উঠিল।দুয়োৰে মাজত উত্তেজনা স্পষ্টকৈ দেখা গৈছে।কিন্তু এই ঘটনাত পিছত কোনো বিতৰ্ক নোহোৱাকৈ দুয়ো খেলিবলৈ আৰম্ভ কৰিলে।

দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰাৰ পাছত পইণ্ট তালিকাৰ প্ৰথম স্থানলৈ আহিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু।১০খন মেচত এয়া ৭ম জয়, দলটোৱে এতিয়া ১৪ পইণ্ট লাভ কৰিছে।

কিং কোহলীৰ আৰ চি বিৰ সন্মুখত আজি কেপ্তেইন ‘বাপু‘ৰ দিল্লী… জানক কোন কিমান শক্তিশালী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আজি অৰ্থাৎ ১০ এপ্ৰিলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ দল মুখামুখি হ’ব । দিল্লী কেপিটেলছে তিনিখন খেলৰ ভিতৰত তিনিওখন খেলত জয়লাভ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে চাৰিখন খেলৰ ভিতৰত তিনিখন খেলত জয়লাভ কৰিছে । এনে পৰিস্থিতিত এই মেচত দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা যাব । এই খেলখন বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

কলকাতা, চেন্নাই, মুম্বাইৰ দৰে দলক পৰাস্ত কৰিছে আৰ চি বিয়ে । ঘৰুৱা ক্ষেত্ৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে দলটোৱে একমাত্ৰ পৰাজয়ৰ সন্মুখীন হৈছে । কিন্তু ঘৰুৱা দলটো আত্মবিশ্বাসেৰে ভৰি পৰিব কাৰণ বৰ্তমান তাৰকা বেটছমেন বিৰাট কোহলীৰ ফৰ্ম অতি উত্তম ।

কোহলী বনাম ষ্টাৰ্ক আৰু কুলদীপ-

৩৬ বছৰীয়া বিৰাট কোহলীয়ে মিচেল ষ্টাৰ্ক আৰু বাওঁহাতৰ ৰিষ্ট স্পীনাৰ কুলদীপ যাদৱৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । টি-২০ত ষ্টাৰ্কৰ তুলনাত সামান্য আছে কোহলী কাৰণ তেওঁ ৩১টা বলত ৭২ ৰান সংগ্ৰহ কৰিছে যদিও অষ্ট্ৰেলিয়ান পেচাৰগৰাকীয়ে এই ছিজনত ভয়ংকৰ ফৰ্মত আছে । তিনিখন মেচত গড়ে ১১ ৰানত ৯টা উইকেট দখল কৰিছে ষ্টাৰ্কে ।ইয়াত আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰেও ডাঙৰ ভূমিকা পালন কৰিব কাৰণ তেওঁ স্পীনৰ বিৰুদ্ধে খেলিব পৰা এজন উৎকৃষ্ট খেলুৱৈ ।

এই পৰ্যন্ত আই পি এলত আৰ চি বি আৰু দিল্লী কেপিটেলছৰ মাজত ৩১খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে আৰ চি বিয়ে ২০খন খেলত জয়লাভ কৰাৰ বিপৰীতে দিল্লী কেপিটেলছে ১১খন মেচত জয়লাভ কৰিছে ।

আৰ চি বিৰ সম্ভাৱ্য মূল একাদশ :

ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পদ্দিকল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডাভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জোছ হেজলউড, যশ দয়াল, সুয়শ শৰ্মা ।

দিল্লী কেপিটেলছৰ সম্ভাৱ্য মূল একাদশ :

জেক ফ্ৰেজাৰ-মেকগাৰ্ক, কে এল ৰাহুল, অভিষেক পোৰেল, ট্ৰিষ্টান ষ্টাবছ, সমীৰ ৰিজভি, অক্ষৰ পেটেল (অধিনায়ক), আশুতোষ শৰ্মা, বিপ্ৰজ নিজৰাম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মোহিত শৰ্মা, মুকেশ কুমাৰ ।

আজি আই পি এলত মুম্বাই-বেংগালুৰুৰ যুঁজ… বুমৰাহৰ প্ৰত্যাৱৰ্তন নিশ্চিত, কোহলী আৰু ৰোহিতৰ ওপৰতো চকু

আজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ ২০ সংখ্যক মেচত মুখামুখি হ’ব শক্তিশালী মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) । দুয়োটা দলৰ মাজত এই খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই মেচত হাৰ্দিক পাণ্ডিয়াই মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে খেলিব, আনহাতে আৰ চি বি দলৰ দায়িত্বত আছে ৰজত পাটিদাৰ ।

বুমৰাহৰ প্ৰত্যাৱৰ্তন নিশ্চিত !

চলিত ছিজনত এই পৰ্যন্ত ৩ খন খেলৰ ভিতৰত ২ খন খেলত জয়লাভ কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে । এতিয়া গুজৰাট টাইটানছ (জি টি)ৰ বিৰুদ্ধে শেষৰখন খেলত হোৱা পৰাজয় পাহৰি দুৰ্দান্ত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাব আৰ চি বিয়ে । আনহাতে, মুম্বাই ইণ্ডিয়ানছে এই পৰ্যন্ত চাৰিখন খেলৰ ভিতৰত মাত্ৰ এখন খেলত জয়লাভ কৰিছে । ৱাংখেড়ে ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ বিৰুদ্ধে মুম্বাইৰ একমাত্ৰ জয় আৰু দলটোৰ খেলুৱৈসকলে এই মেচখনৰ পৰা প্ৰেৰণা ল’বলৈ চেষ্টা কৰিব ।

যদি মুম্বাই ইণ্ডিয়ানে নিজৰ অভিযানক পুনৰ জয়ৰ পথলৈ আনিব বিচাৰে, তেন্তে তেওঁলোকৰ বেটছমেনসকলে ভাল প্ৰদৰ্শন কৰিব লাগিব । মুম্বাইৰ ফালৰ পৰা সামগ্ৰিকভাৱে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে কেৱল সূৰ্যকুমাৰ যাদৱ আৰু ৰিয়ান ৰিকেলটনে । দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই এতিয়াও বিশেষ অৱদান আগবঢ়াব পৰা নাই । মিডল অৰ্ডাৰ বেটছমেন তিলক বাৰ্মায়ো নিজৰ ভাল আৰম্ভণিক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব পৰা নাই । আঁঠুৰ আঘাতৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অন্তিমখন খেল খেলিব নোৱাৰিলে ৰোহিতে । ৰোহিতক এতিয়া আজিৰ মেচত খেলা দেখা যাব পাৰে । ইয়াৰ ইংগিত দিছে দলৰ মুখ্য প্ৰশিক্ষক মহেলা জয়ৱৰ্ধনে ।

মুম্বাই ইণ্ডিয়ানছৰ বলিং বিভাগেও বিশেষ প্ৰদৰ্শন কৰিব পৰা নাই । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই পাঁচ উইকেট দখল কৰাৰ পাছতো মুম্বাইৰ বলাৰসকলে ৰানৰ প্ৰবাহ বন্ধ কৰিব নোৱাৰিলে । ইয়াৰ পিছত তেওঁলোকৰ বেটছমেনসকল লক্ষ্যত উপনীত হ’ব নোৱাৰিলে । মুম্বাইৰ বাবে ভাল খবৰটো হ’ল আৰ চি বিৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে দলটোত যোগদান কৰিছে ইয়াৰ মূল বেগী বলাৰ যশপ্ৰীত বুমৰাহে । এই মেচত বুমৰাহ বাছনিৰ বাবে উপলব্ধ হৈছে ।

কোহলীৰ পৰা ডাঙৰ ইনিংছৰ সম্ভাৱনা-

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ ক্ষেত্ৰত মুম্বাইৰ বেটিঙৰ দুৰ্বলতাৰ সুযোগ ল’বলৈ চেষ্টা কৰিব দলটোৱে । কে কে আৰৰ বিৰুদ্ধে ৫৯ ৰান সংগ্ৰহ কৰাৰ পাছত আশানুৰূপ অৱদান আগবঢ়াব নোৱাৰা তাৰকা বেটছমেন বিৰাট কোহলীৰ পৰা ভাল প্ৰদৰ্শনৰ আশা কৰিব দলটোৱে । আৰ চি বিৰ ফিল ছল্ট আৰু দেৱদত্ত পাডিক্কালৰ দৰে বেটছমেন আছে, যিয়ে দলটোক আগ্ৰাসী ৰূপ প্ৰদান কৰে ।

অধিনায়ক ৰজত পাটিদাৰো ডাঙৰ ডাঙৰ শ্বট খেলাত পাকৈত । অষ্ট্ৰেলিয়াৰ টিম ডেভিদে অন্তিম অভাৰত ভাল বেটিং কৰিছে যিটো দলৰ বাবে ভাল লক্ষণ । জোছ হেজলউড আৰু ভুৱনেশ্বৰ কুমাৰৰ ৰূপত তীব্ৰ বেগী বলিং আক্রমণ আছে যদিও ইয়াৰ স্পীনাৰসকলে এতিয়াও ভাল প্রদর্শন কৰিব পৰা নাই ৷

মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য মূল একাদশ :

ৰিয়ান ৰিকেলটন (উইকেটকীপাৰ), ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), মিচেল ছেণ্টনাৰ, যশপ্ৰীত বুমৰাহ, ভিগনেশ পুথুৰ, ট্ৰেণ্ট ব’ল্ট, দীপক চহৰ ।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সম্ভাৱ্য মূল একাদশ :

ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পডিক্কাল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, যশ দয়াল, জোছ হেজলউড, ভুৱনেশ্বৰ কুমাৰ ।

আজি কোহলীৰ মুখামুখি হ’ব ডি এছ পি ছিৰাজ… চিন্নস্বামী ষ্টেডিয়ামত বেংগালুৰু-গুজৰাটৰ যুঁজ

বুধবাৰে আই পি এল ২০২৫ৰ চতুৰ্দশ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব । আৰ চি বিয়ে নিজৰ ঘৰুৱা খেলপথাৰত এই ছিজনৰ প্ৰথমখন মেচ খেলিব । তেওঁলোকৰ লক্ষ্য হ’ব বলাৰৰ উৎকৃষ্ট ফৰ্মৰ ভিত্তিত জয়ৰ হেট্ৰিক অৰ্জন কৰা । আজি (২ এপ্ৰিল) সন্ধিয়া ৭.৩০ বজাৰ পৰা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত আৰম্ভ হ’ব এই মেচখন ।

ইডেন গাৰ্ডেনছত কলকাতা আৰু চেপাউকত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক পৰাস্ত কৰি আৰ চি বিয়ে এক সুন্দৰ আৰম্ভণি কৰিছে । গুজৰাটৰ দলটোৱে এতিয়ালৈকে দুয়োখন উদ্বোধনী মেচ নিজৰ ঘৰুৱা খেলপথাৰত খেলিছে । প্ৰথমখন খেলত পঞ্জাব কিংছৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে দলটোৱে ।

এতিয়ালৈকে আই পি এলত আৰ চি বি আৰু গুজৰাটৰ মাজত ৫ খন মেচ অনুষ্ঠিত হৈছে । এই সময়ছোৱাত আৰ চি বিয়ে ৩ খন মেচত জয়লাভ কৰাৰ বিপৰীতে গুজৰাটে ২ খন মেচত জয়লাভ কৰিছে ।

অৱশ্যে চিন্নস্বামী ষ্টেডিয়ামৰ খেলপথাৰ বেটছমেনৰ বাবে সহায়ক আৰু ইয়াত তিনিবাৰকৈ ২৬০ৰো অধিক স্ক’ৰ হৈছে । চুটি বাউণ্ডেৰী আৰু দ্ৰুত আউটফিল্ডে বলাৰসকলক সদায় অসুবিধা দি আহিছে যদিও ৰয়েল চেলেঞ্জাৰছৰ মতে ইয়াৰ দুজন বলাৰ জোছ হেজলউড আৰু ভুৱনেশ্বৰ কুমাৰে বেটছমেনক ৰোধ কৰিব পাৰে ।

চলিত আই পি এলত হেজলউডে ৬তকৈ কম ইকনমি ৰেটত ৰান দিয়াৰ বিপৰীতে চেন্নাইৰ বিৰুদ্ধে খেলখনত ভুৱনেশ্বৰে প্ৰতি অভাৰত গড়ে মাত্ৰ ৬.৬ ইকনমিৰে ৰান দিছিল ।

গুজৰাট টাইটানছৰো অতি সক্ষম বেটছমেন আছে । অধিনায়ক শুভমন গীল আৰু সাই সুদৰ্শনে ভাল অ’পেনিং যুটি গঠন কৰিছে । আৰ চি বিয়ে তেওঁলোকক আৰম্ভণিতে ৰোধিবলৈ চেষ্টা কৰিব ।

নতুন বল চুইং কৰিব পৰাৰ ক্ষমতাৰে ভুৱনেশ্বৰ আৰু সঠিক বলিঙৰ দক্ষতাৰে হেজলউডে একেলগে তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে । বাওঁহাতৰ বেগী বলাৰ য়শ দয়ালো উপযোগী বুলি প্ৰমাণিত হৈছে ।

স্পীন বিভাগত ক্ৰুনাল পাণ্ডিয়া আৰু সুয়াশ শৰ্মাক দুৰ্বল দেখা গৈছে, আনহাতে গুজৰাটত ৰছিদ খান আৰু আৰ চাই কিশোৰৰ দৰে বিপজ্জনক স্পীনাৰ আছে ।

এনে পৰিস্থিতিত স্পীনাৰৰ সন্মুখত বিৰাট কোহলী, ফিল ছল্ট, অধিনায়ক ৰজত পাটিদাৰ আৰু দেৱদত্ত পাদিক্কালৰ প্ৰকৃত পৰীক্ষা হ’ব । গুজৰাটত আছে কাগিছ’ ৰাবাদা আৰু মহম্মদ ছিৰাজৰ দৰে বেগী বলাৰ । পূৰ্বে আৰ চি বিৰ হৈ খেলা ছিৰাজক নিলামত ক্ৰয় কৰিছিল গুজৰাটে ।

কোহলী আৰু ছল্টে যোৱা দুখন মেচত ৯৫ আৰু ৪৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছে । চিন্নাস্বামী ষ্টেডিয়ামত দুয়োজন বিপদজনক হৈ উঠিব পাৰে ।

আৰ চি বিৰ সম্ভাৱ্য মূল একাদশ : ফিল ছল্ট (উইকেটকীপাৰ), বিৰাট কোহলী, টিম ডেভিদ, জিতেশ শৰ্মা, ৰজত পাটিদাৰ (অধিনায়ক), দেৱদত্ত পাদিক্কাল, লিয়াম লিভিংষ্টন, ক্ৰুনাল পাণ্ডিয়া, য়শ দয়াল, জোছ হেজলউড, ভুৱনেশ্বৰ কুমাৰ ।

গুজৰাট টাইটানছৰ সম্ভাব্য মূল একাদশ : জোছ বাটলাৰ (উইকেটকীপাৰ), শুভমন গীল (অধিনায়ক), ছাই সুদৰ্শন, শ্বাৰফেন ৰাদাৰফোৰ্ড, শ্বাহৰুখ খান, ৰছিদ খান, ৰাহুল টেৱাটিয়া, চাই কিশোৰ, কাগিছো ৰাবাদা, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ চিৰাজ ।

বিৰাট কোহলী আৰু এম এছ ধোনীৰ মাজত আজি হ’ব মহাযুদ্ধ ; বেটছমেনৰ বাবে অগ্নিপৰীক্ষা হ’ব চেন্নাইৰ খেলপথাৰখন

আই পি এল ২০২৫ত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছ ৰ মাজত অনুষ্ঠিত হ’ব অষ্টমখন মেচ। এই খেলখন সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।

দুয়োটা দলে প্ৰথমখন মেচত জয়লাভ কৰি আজি খেলিব। প্ৰথমখন খেলত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰে আৰ চি বিয়ে। একে সময়তে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চেন্নাইৰ চি এছ কে প্ৰথমখন খেলত জয়লাভ কৰে।

আজিৰ খেলখনত আটাইতকৈ ৰোমাঞ্চকৰ যুঁজখন দেখা যাব বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনিৰ মাজত। এই পৰ্যন্ত আই পি এল ২০২৫ত উচ্চ স্ক’ৰিং মেচ দেখা গৈছে।

কিন্তু, চেন্নাইৰ পিটচ বেটছমেনসকলৰ বাবে এক প্ৰকৃত পৰীক্ষা।কাৰণ, ইয়াত বলটো বেটত ৰৈ যায় আৰু বেটছমেনসকলৰ বাবে শ্বট খেলাটো ইমান সহজ নহয়। ইয়াত চেন্নাই দলটোক সদায় শক্তিশালী দল বুলি গণ্য কৰা হৈছে। ইয়াত টছৰ ভূমিকাও গুৰুত্বপূৰ্ণ।

এই খেলপথাৰত অন্তিমখন খেলত চি এছ কেৰ অধিনায়ক ঋতুৰাজ গাইকৱাদে টছত জয়লাভ কৰি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা প্রথমখন খেলত প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৷

সমগ্ৰ মুম্বাই দলটোৱে ৯টা উইকেট হেৰুৱাই মাত্ৰ ১৫৫ ৰানহে কৰিবলৈ সক্ষম হৈছিল। লক্ষ্য খেদি খেদি চি এছ কেয়ে ৫টা বল বাকী থকা অৱস্থাত লক্ষ্যত উপনীত হয়।

আৰ চি বি আৰু চি এছ কেৰ মাজত অনুষ্ঠিত হোৱা খেলখনত টছত জয়ী হোৱা দলটোৱে লক্ষ্য খেদিব বিচাৰিব বুলিও বিশ্বাস কৰা হয়।

জিলিকিল কুলদীপ-জাডেজা… আই চি চিৰ ৰেংকিঙত হিটমেন ৰোহিতৰ লাভ, পিছ পৰিল কোহলী

পাকিস্তানে আয়োজন কৰা আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দল আৰু খেলুৱৈসকলে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াইছিল । ৯ মাৰ্চত ডুবাইত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতীয় দলটোৱে নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰে । ইয়াৰ পিছত এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বুধবাৰে (১২ মাৰ্চ) খেলুৱৈৰ শেহতীয়া ৰেংকিং প্ৰকাশ কৰিছে ।

ভাৰতীয় দলৰ তাৰকা স্পীনাৰ কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাডেজাই আই চি চিৰ এদিনীয়া বলিং ৰেংকিঙত আলোড়নৰ সৃষ্টি কৰিছে । চেম্পিয়নছ ট্ৰফীত দুয়োজনে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল, যাৰ বাবে তেওঁলোক লাভান্বিত হৈছে ।

বলিং ৰেংকিঙৰ শীৰ্ষ দহটা স্থানত স্থান লাভ জাডেজাৰ-

কুলদীপ আৰু জাডেজাই ৩টাকৈ স্থান আগবাঢ়িছে । কুলদীপে তৃতীয় স্থান দখল কৰিছে । আনহাতে জাডেজাই শীৰ্ষ দহৰ ভিতৰত প্ৰৱেশ কৰিছে । এতিয়া তেওঁ ১০ নম্বৰত উপনীত হৈছে । শীৰ্ষ দহজন বলাৰৰ ভিতৰত আছে এই দুজন ভাৰতীয় । আনহাতে শ্ৰীলংকাৰ মহীশ তীক্ষ্ণনা শীৰ্ষত আছে ।

এতিয়াও শীৰ্ষস্থান দখল কৰি আছে শুভমন গীলে-

আনহাতে, এদিনীয়া বেটিং ৰেংকিঙত শীৰ্ষত আছে ভাৰতীয় অ’পেনাৰ শুভমন গীল । দ্বিতীয় স্থানত আছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম । অৱশ্যে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই দুটা স্থান আগবাঢ়িছে । তেওঁ এতিয়া তৃতীয় স্থানত উপনীত হৈছে ।

আনহাতে বিৰাট কোহলীয়ে এটা স্থান অৱনমিত হৈছে । এতিয়া তেওঁ পঞ্চন স্থান লাভ কৰিছে । এদিনীয়া বেটিং ৰেংকিঙৰ শীৰ্ষ দহটা স্থানত আছে মাত্ৰ চাৰিজন ভাৰতীয় । গীল, কোহলী আৰু ৰোহিতৰ বাহিৰেও চতুৰ্থ ভাৰতীয় খেলুৱৈ হৈছে অষ্টম স্থানত থকা শ্ৰেয়াছ আয়াৰ ।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী নিউজীলেণ্ডৰ ৰচিন ৰবিন্দ্ৰই চতুৰ্দশ স্থান লাভ কৰিছে । এতিয়া তেওঁ এদিনীয়া বেটিং ৰেংকিঙত ১৪ নম্বৰ স্থান দখল কৰিছে । ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হোৱা কিৱি দলৰ ডেৰিল মিচেল শীৰ্ষ দহৰ ভিতৰত থকা একমাত্ৰ বেটছমেন । এটা পজিচন জপিয়াই ষষ্ঠ স্থানত উপনীত হৈছে তেওঁ ।

আই পি এলত দ্ৰুততম শতক অৰ্জন কৰা শীৰ্ষ ৫ গৰাকী খেলুৱৈ… কিমান নম্বৰত আছে বিৰাট কোহলী

আই পি এলৰ ইতিহাসত কোনজন বেটছমেনে দ্ৰুততম শতক অৰ্জন কৰিছে জানেনে ? এই তালিকাৰ শীৰ্ষ ৫ বেটছমেনৰ নাম কাৰ ?  লগতে এই তালিকাত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰাট কোহলী কিমান নম্বৰত আছে ?  আচলতে আই পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ ক্ৰীছ গেইলৰ নামত আছে । আই পি এল ২০১৩ ছিজনত পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে মাত্ৰ ৩০টা বলত শতক অৰ্জন কৰিছিল ক্ৰীছ গেইলে । একে সময়তে ক্ৰীছ গেইলৰ পিছত এই তালিকাত দ্বিতীয় স্থানত আছে ইউছুফ পাঠান ।

এই বেটছমেনসকলে আই পি এল মেচত দ্ৰুততম শতক অৰ্জন কৰিছে-

আই পি এলত মাত্ৰ ৩৭টা বলত শতক অৰ্জন কৰাৰ কৃতিত্ব অৰ্জন কৰিছে ইউছুফ পাঠানে । আই পি এল ২০১০ ছিজনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল । সেই সময়ত ইউছুফ পাঠান ৰাজস্থান ৰয়েলছ দলৰ অংশ আছিল । ক্ৰীছ গেইল আৰু ইউছুফ পাঠানৰ পিছত তৃতীয় স্থানত আছে ডেভিদ মিলাৰ । আই পি এল ২০১৩ ছিজনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ৩৮টা বলত শতক অৰ্জন কৰিছিল ডেভিদ মিলাৰে । আই পি এলৰ ইতিহাসত এয়া তৃতীয় দ্ৰুততম শতক । সেই সময়ত ডেভিদ মিলাৰ পঞ্জাব কিংছৰ অংশ আছিল ।

তালিকাত ক’ত আছে বিৰাট কোহলী ?

এই খেলুৱৈসকলৰ পিছতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ট্ৰেভিছ হেডৰ নাম আছে । যোৱা ছিজনত ট্ৰেভিছ হেডে ৩৯টা বলত শতক অৰ্জন কৰিছিল । আই পি এলৰ ইতিহাসত চতুৰ্থটো দ্ৰুততম শতক । কিন্তু কিমান নম্বৰত আছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বেটছমেন বিৰাট কোহলী ?  আই পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰিবলৈ বিৰাট কোহলীয়ে কিমান বলৰ সন্মুখীন হৈছে ?  দৰাচলতে আই পি এলৰ ইতিহাসত বিৰাট কোহলীৰ আটাইতকৈ দ্ৰুততম শতক ৫৩ টা বলত অৰ্জন কৰিছে । ২০১৬ চনৰ আই পি এলত এই কৃতিত্ব অৰ্জন কৰিছিল বিৰাট কোহলীয়ে । এনেদৰে আই পি এলৰ মেচত দ্ৰুততম শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত বিৰাট কোহলীৰ নাম বহু তলত আছে ।

মহম্মদ ছামীৰ মাতৃৰ ভৰি চুই আশীৰ্বাদ ল’লে বিৰাট কোহলীয়ে… বিশ্বজুৰি চৰ্চিত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ এই দৃশ্য

নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ জয় কৰিবলৈ সক্ষম হৈছে ভাৰত । ৭৬ ৰানৰ ৰাজকীয় ইনিংছ খেলা অধিনায়ক ৰোহিত শৰ্মাক ‘মেন অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হয় । কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীয়ে শক্তিশালী বলিং কৰে । কঠিন সময়ত দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় কে এল ৰাহুলে । এই জয়েৰে ভাৰত তিনিবাৰকৈ চেম্পিয়নছ ট্ৰফী জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে ২০০২ আৰু ২০১৩ চনত ভাৰতে এই ট্ৰফী লাভ কৰিছিল ।

ছামীৰ মাতৃৰ চৰণ স্পৰ্শ কৰিলে কোহলীয়ে-

এই ঐতিহাসিক জয়ৰ পিছত টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত কোহলীয়ে মহম্মদ ছামীৰ মাতৃক চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লোৱা দেখা গৈছে । এই ভিডিঅ’টোত মহম্মদ ছামীয়ে মাতৃক লৈ বিৰাট কোহলীক লগ কৰিবলৈ যোৱা দেখা গৈছে । ছামীৰ মাতৃক দেখি কোহলী অত্যন্ত সুখী আৰু অলপ আৱেগিক হৈ পৰিল । তেওঁ ছামীৰ মাতৃৰ ভৰি চুই তেওঁৰ আশীৰ্বাদ লয় আৰু তাৰ পিছত দুয়োজনে ইজনে সিজনক আঁকোৱালি লয় ।

চেম্পিয়নছ ট্ৰফী ২০২৫ত বিৰাট কোহলীয়ে শক্তিশালী প্ৰদৰ্শন কৰিছিল । অৱশ্যে অন্তিম মেচখনত তেওঁ ৰান সংগ্ৰহত ব্যৰ্থ হয় আৰু মাত্ৰ ১ ৰান কৰি আউট হয় । পাকিস্তানৰ বিৰুদ্ধে খেলখনত তেওঁ শতক অৰ্জন কৰে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলতো অৰ্ধশতক অৰ্জন কৰে বিৰাটে । এই প্ৰতিযোগিতাত ৫খন মেচত বিৰাটে গড়ে ৫৪ ৰান কৰি ২১৮ ৰান সংগ্ৰহ কৰে । সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত তেওঁ ৫ম স্থানত থাকে ।

ইফালে চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতৰ বাবে মহম্মদ ছামী অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয় । টিম ইণ্ডিয়াৰ হৈ ৫ খন মেচত তেওঁ ৯ টা উইকেট দখল কৰে । ছামীয়ে মুঠ ৪১ অভাৰ বলিং কৰে । এই সময়ছোৱাত ২৩৩ ৰান দিয়ে তেওঁ । ভাৰতৰ হৈ সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত ছামীয যৌথভাৱে প্ৰথম স্থানত থাকে । বৰুণ চক্ৰৱৰ্তীয়ে ৩খন মেচত ৯টা উইকেট দখল কৰে ।