বেয়া খবৰ…চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পূৰ্বে আঘাতপ্ৰাপ্ত বিৰাট কোহলী ! বন্ধ কৰিব লগা হ’ল অনুশীলন

দেওবাৰে (৯ মাৰ্চ) ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ চূড়ান্ত মেচ । এই খিতাপ মেচত ভাৰতীয় দলে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব । এই ফাইনেলৰ মাত্ৰ এদিন পূৰ্বে ভাৰতীয় অনুৰাগীৰ বাবে এক দুঃখবৰ খবৰ প্ৰকাশ পাইছে ।

ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আঘাতপ্ৰাপ্ত হৈছে । এই দাবী কৰিছে পাকিস্তানী ৱেবছাইট জিঅ’ নিউজে । ৱেবছাইটটোৱে প্ৰতিবেদনত কয় যে অনুশীলনৰ সময়ত কোহলী আঘাতপ্ৰাপ্ত হয় । বলটোৱে তেওঁৰ আঁঠুৰ ওচৰত খুন্দা মাৰে । ইয়াৰ পিছত ইমানেই কষ্ট হৈছিল যে কোহলীয়ে নিজৰ অনুশীলন বন্ধ কৰিব লগা হয় ।

আঘাতৰ পিছত অনুশীলন বন্ধ কৰি দিলে কোহলীয়ে-

আঘাত পোৱাৰ লগে লগে ভাৰতীয় দলৰ ফিজিঅ’ই কোহলীক চিকিৎসা কৰি স্প্ৰে’ লগাই বেণ্ডেজ লগাই দিয়ে । অৱশ্যে দল পৰিচালনাই নিশ্চিত কৰিছে যে কোনো চিন্তাৰ কাৰণ নাই । ফাইনেল মেচত খেলিবলৈ উপযুক্ত কোহলী ।

যদিও আঘাতৰ পিছত হয়তো কোহলীয়ে অনুশীলন বন্ধ কৰি দিছিল, তথাপিও খেলপথাৰ এৰি যোৱা নাছিল । এই সময়ছোৱাত কোহলীয়ে কেৱল আন খেলুৱৈসকলে অনুশীলন কৰা চাই আছিল । কোহলীৰ বাবে ফাইনেলত দলত থকাটো অতি জৰুৰী, কাৰণ এই মুহূৰ্তত তেওঁ ভাল ফৰ্মত আছে । ইফালে সম্প্ৰচাৰক চেনেলটোৱে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত কোহলীয়ে অনুৰাগীসকলক আহি ফাইনেল চাবলৈ আহ্বান জনাইছে ।

ক্ৰীছ গেইলৰ অভিলেখ ভংগ কৰিব পাৰে কোহলীয়ে-

ইতিমধ্যে কোহলীয়ে ৰান চেজ কৰি ৮ হাজাৰৰো অধিক ৰানৰ সীমা অতিক্ৰম কৰিছে । যদি এই ফাইনেলত তেওঁৰ বেটে কাম কৰে আৰু তেওঁ ৪৬ ৰান কৰে, তেন্তে তেওঁ এক অভিলেখ গঢ়িব পাৰে । ইয়াৰ পিছত তেওঁ এই প্ৰতিযোগিতাত ক্ৰীছ গেইলক অতিক্ৰম কৰিব পাৰে । কোহলীয়ে এইবাৰ চেম্পিয়নছ ট্ৰফীত পাকিস্তান (১০০*) আৰু অষ্ট্ৰেলিয়া (৮৪)ৰ বিৰুদ্ধে ইনিংছ খেলিছে আৰু তেওঁ অতি সুন্দৰ ফৰ্মত আছে ।

চেম্পিয়নছ ট্ৰফীত কোহলীয়ে ১৭খন খেলত ৭৪৬ ৰান সংগ্ৰহ কৰিছে । যিটো ভাৰতীয় যিকোনো বেটছমেনৰ দ্বাৰা সৰ্বাধিক । মুঠতে এতিয়া মাত্ৰ ক্ৰীছ গেইলহে আগবাঢ়ি আছে, যিয়ে ১৭খন মেচত ৭৯১ ৰান সংগ্ৰহ কৰিছে । অৰ্থাৎ ফাইনেলত ৪৬ ৰান সংগ্ৰহ কৰাৰ লগে লগে কোহলীয়ে ক্ৰীছ গেইলৰ অভিলেখ ভংগ কৰিব । এই তালিকাৰ তৃতীয় স্থানত আছে ২২খন মেচত ৭৪২ ৰান সংগ্ৰহ কৰা মহেলা জয়ৱৰ্ধন ।

পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীয়ে ৰচিলে ইতিহাস; আইচিচি টুৰ্ণামেণ্টত এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ খেলুৱৈ

ভাৰত বনাম পাকিস্তানৰ মেচখনত, টীম ইণ্ডিয়া আকৌ এবাৰ বিজয়ী হৈছে। ৰোহিত শৰ্মাৰ অধিনায়কত্বত টীম ইণ্ডিয়াই পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে।

খেলখনৰ সময়ত, বিৰাট কোহলীয়ে এটা শতক অৰ্জন কৰে আৰু সকলোকে প্ৰভাৱিত কৰে। মেচখনত বিৰাট কোহলীক প্লেয়াৰ অফ দ্য মেচ বঁটা প্ৰদান কৰা হৈছিল।

ইয়াৰ লগতে, বিৰাট কোহলীয়ে এনে এক কাম কৰিছে যিটো আগতে আইচিচি টুৰ্ণামেণ্টত কেতিয়াও হোৱা নাছিল। অৰ্থাৎ, বিৰাট কোহলী হৈছে বিশ্বৰ একমাত্ৰ খেলুৱৈ যিয়ে এই কৃতিত্ব অৰ্জন কৰিছে।

চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত খেলা খেলখনত বিৰাট কোহলীয়ে ১১১ টা বলত অপৰাজিত ১০০ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ দুটা কেচও লৈছিল।

আইচিচি টুৰ্ণামেণ্টত পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীৰ এইটো পঞ্চম প্লেয়াৰ অফ দ্য মেচ বঁটা।বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে পাঁচবাৰ যি কৰিছে, বাকী বিশ্বৰ আন কোনো খেলুৱৈয়ে তিনিবাৰতকৈ অধিক কৰিব পৰা নাই।

অৰ্থাৎ একেটা দলৰ বিৰুদ্ধে আইচিচি টুৰ্ণামেণ্টত সৰ্বাধিক বাৰ প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ কৰা খেলুৱৈ হৈছে বিৰাট কোহলী।

বিৰাট কোহলীয়ে ২০১২ চনত এই যাত্ৰা আৰম্ভ কৰিছিল। সেই বছৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হৈছিল। বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে ৬১ টা বলত অপৰাজিত ৭৮ ৰাণ সংগ্ৰহ কৰিছিল।

সেই ইনিংছৰ বাবে তেওঁক প্লেয়াৰ অফ দ্য মেচ বঁটা প্ৰদান কৰা হৈছিল।২০১৫ চনত, এদিনীয়া বিশ্বকাপৰ সময়ত, বিৰাট কোহলীয়ে এডিলেডত অনুষ্ঠিত এই খেলখনত ১২৬ টা বলত ১০৭ ৰাণ সংগ্ৰহ কৰিছিল।

কোহলীক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হৈছিল। ২০১৬ চনত, যেতিয়া ভাৰত আৰু পাকিস্তানৰ দলবোৰে টি-২০ বিশ্বকাপত পুনৰ মুখামুখি হৈছিল, কোহলীয়ে ৩৭ টা বলত অপৰাজিত ৫৫ ৰাণ সংগ্ৰহ কৰিছিল।

কোহলী এই খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হৈছিল। ২০২২ চনত, টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত আন এখন খেল হৈছিল। সেই খেলখনত কোহলীয়ে ৫৩ টা বলত অপৰাজিত ৮২ ৰাণ সংগ্ৰহ কৰে।

তাৰ পিছত, চেম্পিয়নছ ট্ৰফীৰ খেলখনত, তেওঁ ১১১ টা বলত অপৰাজিত ১০০ৰাণ সংগ্ৰহ কৰে আৰু প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ কৰে।

হাতত তিৰংগা , মুখত প্ৰশান্তিৰ হাঁহি ; ভাৰতৰ বিজয়ত নাচি উঠিল অমিতাভ বচ্চন

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে চেম্পিয়নছ ট্ৰফীৰ খেলখনত পাকিস্তানৰ বিৰুদ্ধে এক সুন্দৰ শতক অৰ্জন কৰে, যাৰ ফলত ভাৰতে বিজয় সাব্যস্ত কৰে।

টীম ইণ্ডিয়াই পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে।

খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলা হৈছিল, আৰু বলীউড তথা দক্ষিণৰ বহুতো চেলিব্ৰিটি এই খেলখন চাবলৈ ডুবাইত উপস্থিত হৈছিল।

সোনম কাপুৰ, অনুপম খেৰ, দক্ষিণৰ মেগাষ্টাৰ চিৰঞ্জীৱী আৰু বিবেক অবেৰয়ৰ পিছত, অমিতাভ বচ্চনে এতিয়া টীম ইণ্ডিয়াৰ প্ৰচণ্ড বিজয়ৰ আনন্দ প্ৰকাশ কৰিছে।

ভাৰতীয় দলটোৱে খেলখনত ৬ উইকেটত এটা ডাঙৰ বিজয় অৰ্জন কৰিছিল। অমিতাভ বচ্চনে সামাজিক মাধ্যমত এই বিজয় উদযাপন কৰিছিল। খেলখনৰ পিছত, তেওঁ আনন্দ প্ৰকাশ কৰিছিল।

অমিতাভে লিখিছিল যে – ‘আমি জিকিলো’। ইয়াৰ লগতে, তেওঁ ত্ৰিৰংগাখনৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁক টীম ইণ্ডিয়াৰ বিজয় উদযাপন কৰা দেখা গৈছে।

বিগ বিৰ টুইটটো সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ আছে। বলীউডৰ মেগাষ্টাৰৰ উপৰিও আন বহুতো তাৰকাই ভাৰতৰ বিজয় উদযাপন কৰি ছ’চিয়েল মিডিয়াত তেওঁলোকৰ আনন্দ প্ৰকাশ কৰে।

সোনম কাপুৰ তেওঁৰ স্বামীৰ সৈতে ডুবাই ষ্টেডিয়ামত উপস্থিত হৈছিল খেলখন চাবলৈ। আনহাতে, চিৰঞ্জীৱীকো ভাৰতীয় দলৰ বাবে উল্লাস কৰা দেখা গৈছিল। ভাৰতীয় দলৰ বিজয়ৰ পিছৰে পৰা, ভাৰতত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে।

আই পি এলৰ আগত ডাঙৰ ঘোষণা, বিৰাট কোহলী নহয় এইগৰাকী ক্ৰিকেটাৰ হ’ব আৰ চি বিৰ নতুন অধিনায়ক

আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বৃহৎ সালসলনি । ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু তথা আৰ চি বিয়ে আই পি এলৰ নতুন অধিনায়ক নিশ্চিত কৰিছে । দলটোৰ নতুন অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰজত পাটিদাৰ ।

ইয়াৰ পূৰ্বে এই পদৰ বাবে আগশাৰীৰ খেলুৱৈ আছিল বিৰাট কোহলী, যিয়ে ২০১৩ চনৰ পৰা ২০২১ চনলৈকে ফ্ৰেঞ্চাইজিৰ নেতৃত্ব দিছিল । ইয়াৰ উপৰিও ২০২৩ চনৰ আই পি এলত তিনিখন মেচৰ অধিনায়ক আছিল তেওঁ ।

২০২১ চনৰ পৰা আৰ চি বিৰ সৈতে জড়িত ৰজত পাটিদাৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া মেগা নিলামৰ পূৰ্বে তেওঁলোকৰ তিনিজন ৰিটেইনড খেলুৱৈৰ ভিতৰত অন্যতম আছিল । ৩১ বছৰীয়া পাটিদাৰে নিজৰ ৰাজ্যিক দল মধ্যপ্ৰদেশৰ ২০২৪–২৫ ছিজনত চৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত অধিনায়কত্ব কৰিছিল ।

২০১৩ চনৰ পৰা ২০২১ চনৰ ভিতৰত আৰ চি বিৰ অধিনায়ক আছিল বিৰাট কোহলী । তেওঁৰ পিছত ফাফ ডু প্লেচিছে দায়িত্ব লয় । কিন্তু যোৱা বছৰৰ মেগা নিলামৰ পূৰ্বে ২০২২ চনৰ পৰা ২০২৪ চনলৈকে তেওঁলোকৰ অধিনায়ক হিচাপে থকা ডু প্লেছিছক আৰ চি বিয়ে মুকলি কৰি দিছিল । ৪০ বছৰীয়া ডু প্লেছিছে এই ছিজনত দিল্লী কেপিটেলছৰ হৈ খেলিব ।

আৰচিবিৰ ৮ম অধিনায়ক হ’ব ৰজত পাটিদাৰ । ইয়াৰ পূৰ্বে ৰাহুল দ্ৰাবিড় (১৪), কেভিন পিটাৰছন (৬), অনিল কুম্বলে (৩৫), ডেনিয়েল ভেট্ট’ৰী (২৮), বিৰাট কোহলি (১৪৩), শ্বেন ৱাটছন (৩) আৰু ফাফ ডু প্লেছিছ (৪২) দলৰ অধিনায়ক হিচাপে আছিল ।

নিলামৰ পূৰ্বে আৰ চি বিয়ে ধৰি ৰখা খেলুৱৈসকলৰ ভিতৰত আছিল ৰজত পাটিদাৰ (১১.০০ কোটি টকা) । চৈয়দ মুস্তাক আলী ট্ৰফী (এছ এম টি) আৰু বিজয় হাজাৰে ট্ৰফীত মধ্যপ্ৰদেশক নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে । পাটিদাৰে মধ্যপ্ৰদেশক নেতৃত্ব দি এছ এম টি ২০২৪/২৫ৰ ফাইনেলত মুম্বাইৰ হাতত ৫ উইকেটত পৰাস্ত হয় । ইয়াৰ উপৰিও অজিংক্য ৰাহানে (৪৬৯)ৰ পিছত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে ১০খন মেচত গড়ে ৬১.১৪ আৰু ষ্ট্ৰাইক ৰেট ১৮৬.০৮ ৰান কৰি ৪২৮ ৰান সংগ্ৰহ কৰে ।

১৪৩খন মেচত আৰচিবিৰ অধিনায়কত্ব কৰিছিল কোহলীয়ে-

আই পি এলত ১৪৩খন মেচত আৰ চি বিক নেতৃত্ব দিয়া কোহলীয়ে এম এছ ধোনীৰ পিছত অধিনায়ক হিচাবে দ্বিতীয় সৰ্বাধিক । তেওঁলোকৰ অভিলেখ হৈছে ৬৮টা জয় আৰু ৭১টা পৰাজয় আৰু চাৰিটাত কোনো ফলাফল নাই । আৰ চি বিয়ে আই পি এলত জয়ী হোৱা নাই যদিও ২০১৬ চনত কোহলীয়ে তেওঁলোকক ফাইনেললৈ লৈ গৈছিল, যিটো ছিজনত তেওঁ অভিলেখ ৯৭৩ ৰান সংগ্ৰহ কৰিছিল ।

“খেলখন উপভোগ কৰিবলৈ শিকক”; বিৰাট কোহলীক লৈ হৰভজন সিঙৰ ডাঙৰ মন্তব্য

টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ কৰিছে।১৩ বছৰৰ পিছত, বিৰাট কোহলীয়ে ৰঞ্জী ট্ৰফীত খেলিবলৈ খেলপথাৰত নামিছে।

তাৰ পিছত বহু সংখ্যক অনুৰাগীয়ে তেওঁক চাবলৈ ষ্টেডিয়ামত উপস্থিত হয়।বিৰাট কোহলী শেহতীয়া দিনবোৰত তেওঁৰ ষ্টাৰডমৰ বাবে চৰ্চাত আছিল।

বিৰাট কোহলীক চাবলৈ অহা অনুৰাগীসকলৰ সন্দৰ্ভত মানুহে বিভিন্ন প্ৰতিক্ৰিয়া দিছিল। ইফালে, টীম ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈ হৰভজন সিঙেও এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিছে।

প্ৰাক্তন ভাৰতীয় অফ স্পিনাৰ হৰভজন সিঙে বিৰাট কোহলীক ৰঞ্জী ট্ৰফীত ৰাণ সংগ্ৰহকৰাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে তেওঁৰ খেল উপভোগ কৰিবলৈ পৰামৰ্শ দিছিল।

বিৰাটে ১২বছৰৰ পিছত দিল্লী আৰু ৰে’লৱেৰ মাজত অনুষ্ঠিত ৰঞ্জী ট্ৰফী খেলখনত অংশগ্ৰহণ কৰে।এজন অনুৰাগীয়ে আনকি পথাৰত প্ৰৱেশ কৰি বিৰাটৰ ভৰি স্পৰ্শ কৰিছিল,যি জনতাক যথেষ্ট উৎসাহিত কৰিছিল।

হৰভজনৰ মতে, বিৰাটৰ মুখ্য উদ্দেশ্য হ’ব লাগে ক্ৰিকেট উপভোগ কৰা আৰু যুৱ খেলুৱৈসকলক অনুপ্ৰাণিত কৰা, তেওঁ ৰাণ সংগ্ৰহ কৰক বা নকৰক।

তেওঁ কৈছিল যে বিৰাট এজন আদৰ্শ আৰু যুৱ খেলুৱৈসকলে তেওঁৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব।যদি মই তেওঁৰ ঠাইত থাকোঁ, মই ইয়াক উপভোগ কৰিম।

হৰভজনে বিশ্বাস কৰে যে বিৰাটে চাপ অবিহনে খেলখন উপভোগ কৰা উচিত আৰু যুৱসকলক কেনেকৈ বিৰাট কোহলী হ’ব লাগে দেখুৱাব লাগে।

বিৰাটে ঘৰুৱা বৰ্তনীলৈ এনে সময়ত উভতি আহিছে যিটো সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ শেহতীয়া প্ৰদৰ্শনে প্ৰত্যাশা পূৰণ কৰাত ব্যৰ্থ হৈছে।

২০২৪ চনত, বিৰাটে ২৩ খন মেচ আৰু ৩২ টা ইনিংছত ২১.৮৩গড়ে মাত্ৰ ৬৫৫ ৰাণ সংগ্ৰহ কৰিছিল।যাৰ ভিতৰত আছিল এটা শতক আৰু দুটা অৰ্ধ-শতক।

টেষ্ট ক্ৰিকেটতো তেওঁৰ প্ৰদৰ্শন হতাশাজনক আছিল, ১০ খন টেষ্ট মেচত এটা শতক আৰু এটা অৰ্ধশতকৰ সৈতে মাত্ৰ ৪১৭ ৰাণ সংগ্ৰহ কৰিছিল। অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত তেওঁৰ দুৰ্বল ফৰ্মৰ বাবে, টীম ইণ্ডিয়াই গুৰুত্বপূৰ্ণ লোকচানৰ সন্মুখীন হৈছিল।

দিল্লীৰ মূল একাদশত কোহলী…১৩ বছৰৰ পাছত ৰঞ্জী ট্ৰফীলৈ প্ৰত্যাৱৰ্তন

বিৰাট কোহলীৰ বাবে বিগত বৰ্ষটো অত্যন্ত হতাশাজনক আছিল । কোনো ছিৰিজতে তেওঁ আশাব্যঞ্জক প্ৰদৰ্শন কৰিব পৰা নাছিল । একে সময়তে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত তেওঁ শোচনীয় প্ৰদৰ্শন কৰিছিল । সমগ্ৰ ছিৰিজখনত তেওঁ মাত্ৰ ২৩.৭৫ গড়ে মাত্ৰ ১৯০ ৰানহে সংগ্ৰহ কৰিছিল । এনে পৰিস্থিতিত নিজৰ ফৰ্ম পুনৰ উদ্ধাৰ কৰিবলৈ আৰু শক্তিশালী প্ৰত্যাৱৰ্তনৰ বাবে তেওঁ ৰঞ্জি ট্ৰফীৰ ফালে মুখ কৰিছে ।

৩০ জানুৱাৰী বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ৰেলৱেৰ বিৰুদ্ধে খেলখনত দিল্লী দলে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰিবলৈ বাছি লৈছে । দিল্লীৰ মূল একাদশত কোহলীৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । অৰ্থাৎ ১৩ বছৰৰ পাছত তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । উল্লেখ্য যে কোহলীয়ে ২০১২ চনৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে শেষৰখন ৰঞ্জী মেচ খেলিছিল ।

কিমান নম্বৰত বেটিং কৰিব কোহলীয়ে ?

টিম ইণ্ডিয়াৰ হৈ টেষ্টত ৪ নম্বৰ স্থানত বেটিং কৰে বিৰাট কোহলীয়ে । শেষৰখন ৰঞ্জী মেচতো তেওঁ একে নম্বৰত বেটিং কৰিবলৈ আহিছিল । দিল্লী দলৰ অধিনায়ক আয়ুষ বদোনীয়ে ৰে’লৱেৰ বিৰুদ্ধেও একে নম্বৰতে কোহলীক বেটিং কৰা দেখা যাব বুলি কয় ৷ এই প্ৰতিযোগিতাত কোহলীয়ে শেষবাৰৰ বাবে ২০১২ চনত খেলিছিল । এই মেচত ৪ নম্বৰত বেটিং কৰি ১৪ আৰু ৪৩ ৰান সংগ্ৰহ কৰিছিল তেওঁ । এইখন হ’ব কোহলীৰ ২৪ সংখ্যক ৰঞ্জী মেচ । ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতাত ২৩খন মেচ খেলি ৫০.৭৭ গড়ে ১৫৭৪ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ৫টা শতকো অৰ্জন কৰে ।

ইফালে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামৰ ভিতৰত আৰু বাহিৰত কোহলীক চাবলৈ বিপুল জনসমাগম দেখা গৈছে । এই সময়ছোৱাত তাৰকা বেটছমেনজনক চাবলৈ অনুৰাগীৰ মাজত হেতাউপৰা লগা পৰিলক্ষিত হয় । একে সময়তে ছ’চিয়েল মিডিয়াত বহু ভিডিঅ’ ভাইৰেল হৈ আছে য’ত তেওঁক চাবলৈ ২ কিলোমিটাৰ পৰ্যন্ত অনুৰাগীৰ দীঘল লাইন  লাগিছে ।

২০২৪ৰ শ্ৰেষ্ঠ টি-২০ দলৰ অধিনায়ক হ’ল ৰোহিত, চাৰিজন ভাৰতীয়ৰ ভিতৰত নাই বিৰাট-সূৰ্য

শুকুৰবাৰে শ্ৰেষ্ঠ এদিনীয়া আৰু টেষ্ট দল ঘোষণা কৰাৰ পিছত শনিবাৰে আই চি চি য়ে ঘোষণা কৰে শ্ৰেষ্ঠ টি-২০ দল । ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ পুৰুষৰ দলত চাৰিগৰাকী ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা হৈছে যদিও ইয়াত নাই বিৰাট কোহলী বা বৰ্তমানৰ টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নাম । দুয়োজনেই যোৱা বছৰ টি-২০ বিশ্বকাপ জয় কৰা দলটোৰ অংশ আছিল । একে সময়তে দলটোৰ কমাণ্ড বিশ্ব চেম্পিয়ন অধিনায়ক ৰোহিত শৰ্মাৰ হাতত অৰ্পণ কৰা হৈছে । ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৰোহিত আৰু বিৰাটে ।

একে সময়তে তিনিগৰাকী ভাৰতীয়ক শ্ৰেষ্ঠ মহিলা টি-২০ দলত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত আছে স্মৃতি মন্ধানা, ৰিচা ঘোষ আৰু দীপ্তি শৰ্মাৰ নাম । দলটোত সৰ্বাধিক তিনিজন খেলুৱৈৰ সংখ্যা ভাৰতৰ থকাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ দুগৰাকী খেলুৱৈয়ে দলটোত স্থান লাভ কৰিছে । দলৰ কমাণ্ড দক্ষিণ আফ্ৰিকাৰ এল উলভাৰ্ডক গতাই দিয়া হৈছে । ২০২৪ চনৰ আই চি চিৰ মহিলা এদিনীয়া দলৰ অধিনায়ক হিচাপেও উলভাৰ্ডক নিৰ্বাচিত কৰা হৈছে ।

শ্ৰেষ্ঠ পুৰুষ দলত আৰু কোন আছে ?

ভাৰতৰ চাৰিজন খেলুৱৈৰ উপৰিও শ্ৰেষ্ঠ পুৰুষ দলত অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান, ৱেষ্ট ইণ্ডিজ, আফগানিস্তান, শ্ৰীলংকা আৰু জিম্বাবুৱেৰ এজনকৈ খেলুৱৈ আছে । ৰোহিতৰ উপৰিও এই চাৰিজন ভাৰতীয় খেলুৱৈৰ ভিতৰত আছে অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া, পেচাৰ যশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিং । দলটোত আছে অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড, ইংলেণ্ডৰ ফিল ছল্ট, ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পৰাণ (উইকেটকীপাৰ), আফগানিস্তানৰ ৰছিদ খান, শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগা আৰু জিম্বাবুৱেৰ আলেকজেণ্ডাৰ । ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডতে বাহিৰ হোৱা পাকিস্তান দলৰ বাবৰ আজমো আই চি চিৰ শ্ৰেষ্ঠ টি-২০ প্লেইং-১১ৰ ভিতৰত আছে ।

দীৰ্ঘদিনৰ পিছত টি-২০লৈ উভতি আহিছিল ৰোহিত-

দীৰ্ঘদিন পিছত যোৱা বছৰ টি-২০ ইণ্টাৰনেশ্যনেললৈ উভতি আহিছিল ৰোহিত । ২০২৪ চনত তেওঁ ১১খন মেচত গড়ে ৪২ আৰু ষ্ট্ৰাইক ৰেট ১৬০.১৬ ৰে ৩৭৮ ৰান সংগ্ৰহ কৰিছিল । ইয়াত তেওঁৰ সৰ্বোত্তম স্ক’ৰ আছিল ১২১ ৰান । এই সময়ছোৱাত তেওঁ মাত্ৰ এটা শতকহে অৰ্জন কৰিছিল । একে সময়তে অল ৰাউণ্ডাৰ হাৰ্দিকে যোৱা বছৰ ১৭খন মেচত ৩৫২ ৰান সংগ্ৰহ কৰি ১৬টা উইকেট দখল কৰিছিল । তেওঁৰ সৰ্বোত্তম স্ক’ৰ আছিল ৫০ ৰান । একে সময়তে তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ২০ ৰানত তিনিটা উইকেট ।

বুমৰাহ আৰু অৰ্শদীপে কৰিছিল চেম্পিয়ন-

ভাৰতৰ টি-২০ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুমৰাহে যোৱা বছৰ টি-২০ৰ ৮খন মেচত ১৫টা উইকেট দখল কৰিছিল । এই সময়ছোৱাত তেওঁৰ বলিং গড় আছিল ৮.২৬ । একে সময়তে তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৭ ৰানত তিনিটা উইকেট । বুমৰাহৰ উপৰিও অৰ্শদীপেও বিধ্বংসী ৰূপ ধাৰণ কৰে । ২০২৪ চনত ১৮খন মেচত ১৩.৫০ বলিং গড়ৰে ৩৬টা উইকেট দখল কৰিছিল তেওঁ । অৰ্শদীপৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৯ ৰানত ৪ উইকেট ।

২০২৪ চনৰ আই চি চি টি-২০ আন্তঃৰাষ্ট্ৰীয় পুৰুষৰ শ্ৰেষ্ঠ দল :

ৰোহিত শৰ্মা (অধিনায়ক, ভাৰত), ট্ৰেভিছ হেড (অষ্ট্ৰেলিয়া), ফিল ছল্ট (ইংলেণ্ড), বাবৰ আজম (পাকিস্তান), নিকোলাছ পৰাণ (উইকেটকীপাৰ, ৱেষ্ট ইণ্ডিজ), চিকন্দৰ ৰাজা (জিম্বাব’ৱে), হাৰ্দিক পাণ্ডিয়া (ভাৰত), ৰছিদ খান (আফগানিস্তান), ৱানন্দু হাছাৰংগা (শ্ৰীলংকা), যশপ্ৰীত বুমৰাহ (ভাৰত) আৰু অৰ্শদীপ সিং (ভাৰত)।

২০২৪ চনৰ আই চি চিৰ মহিলা টি-২০ দল : এল উলভাৰ্ড (অধিনায়ক, দক্ষিণ আফ্ৰিকা), মাৰিজান কাপ (দক্ষিণ আফ্ৰিকা), স্মৃতি মন্ধানা (ভাৰত), ৰিচা ঘোষ (উইকেটকীপাৰ, ভাৰত), দীপ্তি শৰ্মা (ভাৰত); চামাৰী আটাপাট্টু (শ্ৰীলংকা); হেলি মেথিউছ (ৱেষ্ট ইণ্ডিজ); নেট চেৱাৰ্ড-ব্ৰাণ্ট (ইংলেণ্ড); মেলি কাৰ (অষ্ট্ৰেলিয়া), অৰ্লা প্ৰেণ্ডাৰগাষ্ট (আয়াৰলেণ্ড) আৰু ছাদিয়া ইকবাল (পাকিস্তান) ।

বিৰাট-ৰোহিত অবিহনে প্ৰথমবাৰৰ বাবে ইংলেণ্ডৰ মুখামুখি হ’ল টিম ইণ্ডিয়া…সূৰ্য ব্ৰিগেডে স্মৰণীয় কৰি তুলিলে মেচ

বুধবাৰে (২২ জানুৱাৰী) কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ইংলেণ্ডৰ মাজত এখন ঐতিহাসিক মেচ অনুষ্ঠিত হয়, য’ত টিম ইণ্ডিয়াই ৭ উইকেটত জয়লাভ কৰে । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে এই খেলখনত মাত্ৰ ১২.৫ অভাৰতে জয়লাভ কৰে ।

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা ৫খনীয়া খেলৰ টি-২০ শৃংখলাৰ এইখন আছিল প্ৰথমখন মেচ । এইদৰে টিম ইণ্ডিয়াই শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত ক্ৰিকেট ইতিহাসত এইখন প্ৰথম টি-২০ মেচ য’ত বিৰাট কোহলী বা ৰোহিত শৰ্মাৰ কোনো এজনে খেলা নাছিল ।

কোহলী আৰু ৰোহিত অবিহনে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টি-২০ মেচ-

ভাৰতীয় দল আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টি-২০ মেচ ২০০৭ চনৰ টি-২০ বিশ্বকাপত অনুষ্ঠিত হৈছিল । তাত খেলিছিল ৰোহিত শৰ্মাই । তেতিয়াৰ পৰা ভাৰতীয় দল আৰু ইংলেণ্ডৰ মাজত খেলা সকলো টি-২০ মেচতে ৰোহিত বা কোহলীৰ কোনোবা এজনে খেলিছে অথবা দুয়োগৰাকীয়ে খেলিছে ।

কিন্তু কলকাতাৰ এই মেচখন আছিল প্ৰথমখন টি-২০ মেচ য’ত কোহলী আৰু ৰোহিত দুয়োজনেই খেলা নাছিল বা দুয়োৰে কোনোৱেই খেলা নাছিল । ইয়াৰ কাৰণ হ’ল দুয়োগৰাকী প্ৰবীণ খেলুৱৈৰ অৱসৰ । টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল কৰি ৰোহিত আৰু কোহলীয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল ।

২০টা বলত দ্ৰুত অৰ্ধশতক অভিষেকৰ-

এই বিশ্বকাপৰ পিছত তিনিওটা ফৰ্মেটতে ভাৰত আৰু ইংলেণ্ডৰ মাজত এইখনেই আছিল প্ৰথমখন মেচ । এই মেচখনত ইংলেণ্ডে ১৩৩ ৰানৰ লক্ষ্য বান্ধি দিছিল, যিটো ভাৰতীয় দলে ১২.৫ অভাৰত মাত্ৰ ৩টা উইকেট হেৰুৱাই উপনীত হয় । এই বিজয়ৰ বীৰ আছিল অভিষেক শৰ্মা, অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী । অ’পেনাৰ অভিষেকে মাত্ৰ ২০টা বলত অৰ্ধশতক অৰ্জন কৰে ।

কলকাতাত অনুষ্ঠিত টি-২০ মেচখনত অভিষেকে ৩৪টা বলত ৭৯ ৰানৰ ইনিংছ খেলিছিল। এই ইনিংছত তেওঁ ৮টা ছয় আৰু ৫টা চাৰিটা আঘাত কৰে। তৃতীয় উইকেটৰ বাবে অভিষেক আৰু তিলক বৰ্মাই ৪২টা বলত ৮৪ ৰান সংযোজন কৰে। ইংলেণ্ডৰ হৈ সফল হৈছিল কেৱল বেগী বলাৰ জফ্ৰা আৰ্চাৰ। এই দুয়োটা উইকেট তেওঁ লৈছিল।

বৰুণ আৰু অৰ্শদীপৰ হাতত বিধ্বস্ত ইংলেণ্ড দল-

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ইংলেণ্ড দলৰ আৰম্ভণি অতি দুৰ্বল আছিল । ইংৰাজ দলটোৰ ওপৰত অৰ্শদীপ সিঙে আৰম্ভণিৰে পৰাই সম্পূৰ্ণ আধিপত্যশীল বিস্তাৰ কৰিছিল । প্ৰথম অভাৰতে তেওঁ ফিল ছল্টক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছতে ইনিংছৰ তৃতীয় অভাৰত বেন ডাকেটক আউট কৰে অৰ্শদীপে ।

এইদৰে ইংলেণ্ডে মাত্ৰ ১৭ ৰানত দ্বিতীয়টো উইকেট হেৰুৱাইছিল যদিও অধিনায়ক জোছ বাটলাৰে দলটোৰ নিয়ন্ত্ৰণ লয় আৰু স্ক’ৰ ৫০ ৰানৰ বাহিৰলৈ লৈ যায় । ইয়াৰ পিছতে স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে একেটা অভাৰতে হেৰী ব্ৰুক আৰু লিয়াম লিভিংষ্টনক আউট কৰি ইংলেণ্ডক ৬৫ ৰানত চতুৰ্থটো আঘাত দিয়ে ।

এই সকলোবোৰৰ মাজতে বাটলাৰে ৩৪টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে । শেষত ৪৪টা বলত ৬৮ ৰান সংগ্ৰহ কৰি বাটলাৰ আউট হয় । ইফালে ইংলেণ্ডৰ ৭জন বেটছমেনে দহকৰ ঘৰতো উপনীত হ’ব নোৱাৰিলে । শেষত ইংলেণ্ড দলটোৱে ১৩২ ৰান সংগ্ৰহ কৰি অল আউট হয় । ভাৰতীয় বলাৰসকলৰ ভিতৰত বৰুণ চক্ৰৱৰ্তীয়ে সৰ্বাধিক ৩টা উইকেট দখল কৰে । আনহাতে অৰ্শদীপ সিং, হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে ২-২কৈ সফলতা লাভ কৰে ।

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ আধিপত্য-

টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলে সদায় আধিপত্য বিস্তাৰ কৰি আহিছে । এতিয়ালৈকে দুয়োটা দলৰ মাজত ২৫খন টি-২০ মেচ অনুষ্ঠিত হৈছে । ইয়াত ভাৰতীয় দলটোৱে ১৪খন মেচত জয়লাভ কৰাৰ বিপৰীতে ইংলেণ্ডে ১১খন খেলত সফল হৈছে । যেতিয়াই দুয়োটা দল মুখামুখি হয় তেতিয়াই ভাৰতীয় দলে আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হৈছে ।

ভাৰতৰ ৫ জন বেটছমেন, যিয়ে চেম্পিয়নছ ট্ৰফীত সংগ্ৰহ কৰিছে বহু ৰান…এতিয়াও অব্যাহত আছে ২জনৰ যাদু

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে । ইতিমধ্যে সকলো দলে আগন্তুক প্ৰতিযোগিতাখনৰ বাবে কৌশল ৰচনা কৰিবলৈ আৰম্ভ কৰিছে । টিম ইণ্ডিয়াইও এই সন্মানীয় খিতাপ দখল কৰিবলৈ অশেষ কষ্ট কৰিছে । চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতৰ ১৫ জনীয়া দলটোও অতি সোনকালে ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে । আগন্তুক টুৰ্ণামেণ্টৰ পূৰ্বে চেম্পিয়নছ ট্ৰফীত এতিয়ালৈকে দেশৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈসকলৰ কথা জানি লওক-

শিখৰ ধাৱান-

আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহৰ বিশেষ অভিলেখ আছে প্ৰাক্তন অ’পেনাৰ শিখৰ ধাৱানৰ নামত । ৩৯ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ইয়াত টিম ইণ্ডিয়াৰ হৈ মুঠ ১০টা ইনিংছত বেটিং কৰিছে । এই সময়ছোৱাত তেওঁ গড়ে ৭৭.৮৯ ৰান কৰি ৭০১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা তিনিটা শতক আৰু তিনিটা অৰ্ধশতক আহিছে ।

সৌৰভ গাংগুলী-

আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী । এই প্ৰতিযোগিতাত দেশৰ হৈ মুঠ ১১টা ইনিংছত বেটিং কৰিছিল গাংগুলীয়ে । এই সময়ছোৱাত তেওঁ গড়ে ৭৩.৮৯ ৰান কৰি ৬৬৫ ৰান কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ বেটৰ পৰা তিনিটা শতক আৰু তিনিটা অৰ্ধশতক দেখা গৈছিল ।

ৰাহুল দ্ৰাবিড়-

চেম্পিয়নছ ট্ৰফীত দেশৰ হৈ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে স্থান লাভ কৰিছে প্ৰাক্তন অধিনায়ক তথা মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে । চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াৰ হৈ দ্ৰাবিড়ে মুঠ ১৫টা ইনিংছত বেটিং কৰিছে ।  প্ৰতিযোগিতাখনত তেওঁ  ৪৮.২৩ গড়ে ৬২৭ ৰান কৰিবলৈ সক্ষম হৈছে । চেম্পিয়নছ ট্ৰফীত ছটা অৰ্ধশতক অৰ্জন কৰিছে দ্ৰাবিড়ে ।

বিৰাট কোহলী-

চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা চতুৰ্থজন বেটছমেন আন কোনো নহয়, তেওঁ হৈছে বৰ্তমানৰ তাৰকা বিৰাট কোহলী । বৰ্তমান সময়লৈকে কোহলীয়ে চেম্পিয়নছ ট্ৰফীত ১২টা ইনিংছত বেটিং কৰিছে । প্ৰতিযোগিতাখনত তেওঁ ৮৮.১৭ গড়ে ৫২৯ ৰান কৰিবলৈ সক্ষম হৈছে । চেম্পিয়নছ ট্ৰফীত কোহলীয়ে ৫টা অৰ্ধশতক অৰ্জন কৰিছে ।

ৰোহিত শৰ্মা-

বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা পঞ্চমজন খেলুৱৈ । ‘হিটমেন’ শৰ্মাই ইয়াত ১০খন খেল খেলিছে । প্ৰতিযোগিতাখনত  তেওঁৰ বেটে গড়ে ৫৩.৪৪ ৰান কৰি ১০ ইনিংছত ৪৮১ ৰান সংগ্ৰহ কৰিছে । চেম্পিয়নছ ট্ৰফীত শৰ্মাৰ নামত এটা শতক আৰু চাৰিটা অৰ্ধশতক আছে ।