“মন্দিৰৰ সমুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি-RSS”; গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

ধুবুৰীৰ হনুমান মন্দিৰৰ সন্মুখত গো মাংস পেলাই তৈ যোৱা ঘটনাক লৈ এইবাৰ মুখখুলিছে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈয়ে কৈছে যে, “মন্দিৰৰ সমুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি-RSSৰ হাত আছে”।

“মন্দিৰৰ বাহিৰত মাংস পেলায়, পিছত পুলিছে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে।কিন্তু যিসক ধৰা পৰে সেই সকল বিজেপি আৰু RSS ৰ মানুহ। আৰু এয়া হৈছে তেওলোকৰ ৰাজনীতি”।

তেওঁ লগতে কয় যে “ক্ষমতাৰ কাৰণে বিজেপিয়ে নিজৰ মন্দিৰৰ আগতে প্ৰদূষিত বাতাবৰণৰ লগতে  ক্ষমতাৰ কাৰণে সংঘাট, বিবাদৰ সৃষ্টি কৰিছে।তেওলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে। তাত কোনো সন্দেহ নাই”।

“বিজেপিয়ে যদি সঁচাকৈয়ে অসমখন ভাল পায়, তেনেহলে সংবিধানৰ মতে কাম কৰক। তাৰ লগতে বাহিৰৰ পৰা সোমোৱা বজৰং দলৰ মানুহৰ ওপৰত চকু দিবলৈ কয় সাংসদগৰাকীয়ে।

লগতে পঢ়ক: টেষ্ট দলত পৰিৱৰ্তন অষ্ট্ৰেলিয়াৰ; আনকেপড অল-ৰাউণ্ডাৰ খেলুৱৈক অন্তৰ্ভুক্ত

অসম পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ জয়জয়কাৰ… কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

অসমৰ পঞ্চায়ত নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ “ঐতিহাসিক বিজয়”ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক ধন্যবাদ জনাইছে । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক্স পোষ্ট পুনৰ পোষ্ট কৰি কয় যে অসমৰ প্ৰগতিৰ প্ৰসাৰৰ বাবে আমাৰ প্ৰচেষ্টা সম্পূৰ্ণ জোৰদাৰে অব্যাহত থাকিব । তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ জনকেন্দ্ৰিক নীতিয়ে লাভ কৰা সমৰ্থনৰ এইটো নিশ্চিতি ।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্স পোষ্টযোগে কয়, “এন ডি এৰ উন্নয়নমূলক কাৰ্যসূচীৰ প্ৰতি স্পষ্ট সমৰ্থন আগবঢ়োৱাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ । অসমৰ প্ৰগতিৰ প্ৰসাৰৰ বাবে আমাৰ প্ৰচেষ্টা সম্পূৰ্ণ জোৰদাৰে অব্যাহত থাকিব । জনসাধাৰণৰ মাজত কাম কৰা আৰু ফলপ্ৰসূভাৱে আমাৰ উন্নয়নৰ কাৰ্যসূচী ৰাইজৰ মাজলৈ প্ৰেৰণ কৰা এন ডি এৰ সকলো কৰ্মকৰ্তাক মই শলাগ লৈছো ।”

জিলা পৰিষদৰ ৩৯৭ খন আসনৰ ভিতৰত ৩০০ খনত জয়ী-

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্টত কয় যে ‘জিলা পৰিষদ’ নিৰ্বাচনত এন ডি এয়ে ৭৬.২২ শতাংশ ভোটৰে ৩৯৭খন আসনৰ ভিতৰত ৩০০খন আসন লাভ কৰাৰ বিপৰীতে ‘আঞ্চলিক পঞ্চায়ত’ নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটে ২১৯২খন আসনৰ ভিতৰত ৬৬ শতাংশ ভোট লাভ কৰি ১৪৩৬খন আসন লাভ কৰে ।

একে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সৰ এটা পোষ্টত কয়, “২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এক ঐতিহাসিক জয় দিয়াৰ বাবে অসমৰ ৰাইজক ধন্যবাদ । এই জয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকেন্দ্ৰিক নীতিৰ সমৰ্থন, যিয়ে অসমত শান্তি আৰু সমৃদ্ধিৰ নতুন যুগ কঢ়িয়াই আনিছে ।”

আমি মিলি এখন উন্নত অসম গঢ়িমঃ শ্বাহ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু দলীয় কৰ্মী সকলক প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নৰ বাৰ্তা প্ৰতি ঘৰলৈ লৈ যোৱাৰ বাবে নিষ্ঠাৰে প্ৰচেষ্টা চলোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিনন্দন জ্ঞাপন কৰে । শ্বাহে কয়, “আমি একেলগে সকলোৰে বাবে এখন উন্নত অসম গঢ়িম ।”

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে বিজেপি মিত্ৰজোঁটে

-ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে বিজেপি মিত্ৰজোঁটে

-অভূতপূৰ্ব সফলতাৰে পঞ্চায়ত নিৰ্বাচনত শক্তি দেখুৱালে শাসকীয় মিত্ৰজোঁটে

-ৰাজ্যৰ ৩৯৭ জিলা পৰিষদৰ ৩০০খন আসন লাভ কৰিলে বিজেপি মিত্ৰজোঁটে

-আঞ্চলিক পঞ্চায়তৰ ২১৯২খন আসনৰ ১৪৩৬খন লাভ কৰে বিজেপি মিত্ৰজোঁটে

-পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে ব্যাপকভাৱে উৎসাহিত কৰিছে বিজেপি-অগপক

-বজালী জিলাত ৫খন আসন আছিল

-৫খন আসনৰ ৪খন আসনে বিজেপিয়ে লাভ কৰিলে

-বৰপেটাত ১৯খন আসন আছিল

-১৯খনৰ ভিতৰত ৭ খন লাভ কৰিছে বিজেপি মিত্ৰজোঁটে

-বিলাসীপাৰাত ৪খন আছিল, ২খন লাভ কৰিছে

-বিশ্বনাথত ১২খনৰ ১২খনেই লাভ কৰিছে

-বঙাইগাঁৱত ১২খন আসনত দুয়োটা দল লগ লাগি ৮খন লাভ কৰিছে

-কাছাৰত ২৫খন আসন আছিল, ১৬খন আসন লাভ কৰিছে

-চৰাইদেউত ৮খনত ৮খনেই লাভ কৰিছে

-দৰঙত ১২খন আছিল,  ৭খন আসনত জয়লাভ কৰিছে

-ধেমাজিত ১২খনত ১২খনেই লাভ কৰিছে

-ধুবুৰীত ১২খনত ৩খনত জয়লাভ কৰিছে

-ঢকুৱাখনাত ৪খনত ৪খনতেই জয়ী হৈছে

-ডিব্ৰুগড়ত ২২খনত ২২খনেই জিকিছে

-গোৱালপাৰাত ১৬খন আসনত ১০খন আসন লাভ কৰিছে

-গোলাঘাট ২০ৰ ২০খনেই লাভ কৰিছে

-গুৱাহাটীত ৬খনত ৬খনেই লাভ কৰিছে

-হাইলাকান্দিত ৮খনৰ ভিতৰত ৩খন লাভ কৰিছে

-হোজাইত ১২খনৰ ভিতৰত ৭খন লভা কৰিছে

-যোৰহাটত ১৬খনৰ ১৬খনেই লাভ কৰিছে

-কলিয়াবৰত ৮ খনৰ ৮খনেই লাভ কৰিছে

-লখিমপুত ১৫খনত ১৩খন লাভ কৰিছে

-মাজুলীত ৪খনৰ ভিতৰত ৪খনেই লাভ কৰিছে

-মৰিগাঁৱত ১২খনৰ ভিতৰত ৮খন লাভ কৰিছে

-নগাঁৱত ১৯খনৰ ভিতৰত ১১খন লাভ কৰিছে

-নলবাৰীত ১২খনৰ ভিতৰত ১১খন লাভ কৰিছে

-উত্তৰ কামৰূপত ১২খনৰ ভিতৰত ১২খন লাভ কৰিছে

-শ্ৰীভূমিত ১৬খনৰ ভিতৰত ১১খন লাভ কৰিছে

-শিৱসাগৰত ১২খনৰ ভিতৰত ১১খন আসন লাভ কৰিছে

-শোণিতপুৰত ২০খনৰ ভিতৰত ২০খনতেই জয়লাভ কৰিছে

-দক্ষিণ কামৰূপত ১২খন আসনৰ ৬খনতেই জয়লাভ কৰিছে

-তিনিচুকীয়াত ২২খনৰ ২২খনতেই জয়লাভ কৰিছে

-পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই ৰাজ্যবাসীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীয়ে

‘অসমীয়া সমাজখনক শক্তিশালী কৰাৰ বাবে কাম কৰি আছে বিজেপিয়ে’… দলৰ প্ৰতিষ্ঠা দিৱসত ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বিজেপিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে বিজেপিক দুৰ্বল কৰা মানে ভাৰতৰ বিশ্বব্যাপী নেতাৰ পদ অৰ্জনৰ পথত বাধাৰ সৃষ্টি কৰা । সূৰ্য-চন্দ্ৰ থকালৈকে বিজেপি দলে দেশৰ সেৱা কৰিব । যদি বিজেপি নাথাকিলহেঁতেন তেন্তে ৱাকফ বিলৰ দৰে ঐতিহাসিক আইন গৃহীত নহ’লহেঁতেন । যদি বিজেপি নাথাকিলহেঁতেন তেন্তে ৩৭০ অনুচ্ছেদ বিলুপ্ত নহ’লহেঁতেন বা সংখ্যালঘু মহিলাসকলে তিনি তালাকৰ পৰা ন্যায় নাপালেহেঁতেন ।

প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিজেপিক দুৰ্বল কৰাৰ অৰ্থ কোনো ব্যক্তিক দুৰ্বল কৰা নহয় । ইয়াৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় গৌৰৱক দুৰ্বল কৰা । বিজেপিক দুৰ্বল কৰা মানে ভাৰতবৰ্ষক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ পথত বাধাৰ সৃষ্টি কৰা । শৰ্মাই প্ৰতিজন দলীয় কৰ্মীক ভাৰতক বিশ্বব্যাপী নেতা হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

তেওঁ কয় যে আগন্তুক সময়ত প্ৰগতি আৰু শক্তিৰ দিশত আগবাঢ়ি যোৱা দলটোক বহু শ্ৰেণীয়ে দুৰ্বল আৰু বদনাম কৰাৰ চেষ্টা কৰিব । চচিয়েল মিডিয়াৰ সহায়ত বিজেপিক বদনাম আৰু দুৰ্বল কৰিব পাৰে । গতিকে আমি ছ’চিয়েল মিডিয়াতো শক্তিশালী হ’ব লাগে যাতে আমি ৰাইজৰ মাজত ইতিবাচক কথা বিয়পাব পাৰো । শৰ্মাই কয় যে ৰাম মন্দিৰ নিৰ্মাণ কেৱল এটা সাধাৰণ মন্দিৰ নিৰ্মাণ প্ৰক্ৰিয়া নহয় বৰঞ্চ ৫০০ বছৰীয়া দাসত্বৰ পৰা নিজকে মুক্ত কৰাৰ নিদৰ্শন । ব্যক্তিগত আকাংক্ষাৰ আগত ৰাষ্ট্ৰ আহে আৰু ৰাষ্ট্ৰৰ স্বাৰ্থৰ আগত একো নাহে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

তেওঁ কয় যে যদি বিজেপি নাথাকিলহেঁতেন তেন্তে ৱাকফ বিলৰ দৰে ঐতিহাসিক আইন গৃহীত নহ’লহেঁতেন । যদি বিজেপি নাথাকিলহেঁতেন তেন্তে ৩৭০ অনুচ্ছেদ বিলুপ্ত নহ’লহেঁতেন বা সংখ্যালঘু মহিলাসকলে তিনি তালাকৰ পৰা ন্যায় নাপালেহেঁতেন । বিজেপি অবিহনে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন হ’ব নোৱাৰে । অসমৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিজেপিয়ে ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে । সেইবাবেই প্ৰতিখন স্বায়ত্তশাসিত পৰিষদ, পৌৰসভা আৰু পঞ্চায়তত বিজেপিৰ ক্ষমতা আছে । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিজেপিয়ে সমাজৰ গৌৰৱ উন্নীত কৰি অসমীয়া সমাজখনক শক্তিশালী কৰাৰ বাবে কাম কৰি আছে ।

ইয়াৰ পূৰ্বে অসম বিজেপিৰ মুৰব্বী দিলীপ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক মুখ্য কাৰ্যালয়ত জ্যেষ্ঠ নেতা আৰু সাধাৰণ সদস্যৰ উপস্থিতিত দলৰ পতাকা উত্তোলন কৰে । শৰ্মাই কয় যে ৰাষ্ট্ৰীয়তাবাদৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সেইসকল কৰ্মীলৈ মোৰ শ্ৰদ্ধাঞ্জলি । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি ভাৰতৰ প্ৰতিটো শ্ৰেণীৰ আকাংক্ষা পূৰণৰ লগতে ভাৰতৰ গৌৰৱ পুনৰ প্ৰতিষ্ঠা কৰাৰ মাধ্যমত পৰিণত হৈছে ।

 ‘ৰাইজে বিজেপিৰ সুশাসন দেখিছে…’ বিজেপিৰ প্ৰতিষ্ঠা দিৱসত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাইজে দলটোৰ সুশাসন এজেণ্ডালৈ দেখিছে, যিটো বিগত কেইবছৰমানৰ পৰা লাভ কৰা ঐতিহাসিক জনাদেশত প্ৰতিফলিত হৈছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা ধাৰাবাহিক পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘দলটোৰ প্ৰতিষ্ঠা দিৱসত সকলো বিজেপি কৰ্মীলৈ অভিনন্দন । যোৱা কেইবাটাও দশকত আমাৰ দলটোক শক্তিশালী কৰাৰ বাবে নিজকে উৎসৰ্গা কৰা সকলোকে আমি মনত পেলাইছো ।‘

‘আমাৰ চৰকাৰে সমাজৰ সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰিব’

প্ৰধানমন্ত্ৰীয়ে কয় যে এই গুৰুত্বপূৰ্ণ দিনটোৱে ভাৰতৰ প্ৰগতিৰ বাবে কাম কৰাৰ লগতে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিবলৈ বাধ্য কৰে । প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতবাসীয়ে আমাৰ দলৰ সুশাসনৰ এজেণ্ডা দেখিছে, যিটো আমি বিগত কেইবছৰমানৰ পৰা লাভ কৰা ঐতিহাসিক জনাদেশতো প্ৰতিফলিত হৈছে, সেয়া লোকসভা নিৰ্বাচনেই হওক, বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনেই হওক বা সমগ্ৰ দেশৰ বিভিন্ন স্থানীয় সংস্থাৰ নিৰ্বাচনেই হওক ।’

তেওঁ কয়, ‘আমাৰ চৰকাৰে সমাজৰ সেৱা আগবঢ়াই যাব আৰু সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰিব । আমাৰ দলৰ মূল আমাৰ সকলো কঠোৰ পৰিশ্ৰমী কৰ্মীলৈ মোৰ শুভেচ্ছা থাকিল, কিয়নো তেওঁলোকে তৃণমূল পৰ্যায়ত সক্ৰিয়ভাৱে কাম কৰি আছে আৰু আমাৰ সুশাসনৰ এজেণ্ডা আগবঢ়াই লৈ গৈছে ।’

দলীয় কৰ্মীসকলক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিজেপি কৰ্মীসকলে দেশৰ প্ৰতিটো প্ৰান্তত ২৪ ঘণ্টাই কাম কৰি দৰিদ্ৰ, বঞ্চিত আৰু প্ৰান্তীয় লোকক সেৱা আগবঢ়াইছে বুলি গৌৰৱ অনুভৱ কৰে । তেওঁলোকৰ শক্তি আৰু উৎসাহ সঁচাকৈয়ে প্ৰেৰণাদায়ক বুলিও তেওঁ কয় । উল্লেখযোগ্য যে ১৯৮০ চনত তেতিয়াৰ ভাৰতীয় জনসংঘৰ নেতাসকলে বিজেপি প্ৰতিষ্ঠা কৰিছিল ।

১৯৮৪ চনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমটো সাধাৰণ নিৰ্বাচনত মাত্ৰ দুখন লোকসভাৰ আসনহে লাভ কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত অটল বিহাৰী বাজপেয়ী আৰু এল কে আদৱানীৰ নেতৃত্বত দ্ৰুতগতিত আগবাঢ়িছিল আৰু ৯০ দশকত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল । ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিয়ে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল, তেতিয়াৰ পৰা এই দলটোৱেই ক্ষমতাৰ কেন্দ্ৰবিন্দু ।

‘ৱাকফ বিধেয়কৰ জৰিয়তে চৰকাৰে কোনো ধৰ্মীয় বিষয়ত হস্তক্ষেপ নকৰে’…  লোকসভাত ৰিজিজুৰ বক্তব্য

আজি লোকসভাত উত্থাপন কৰা হয় ৱাকফ সংশোধনী বিধেয়ক । এই বিধেয়কখন সন্দৰ্ভত চৰকাৰৰ উদ্দেশ্যক লৈ বিৰোধীয়ে অহৰহ প্ৰশ্ন উত্থাপন কৰি আহিছে । এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে লোকসভাত দিয়া ভাষণত স্পষ্ট কৰি দিয়ে যে চৰকাৰে ৱাকফ বিধেয়কৰ জৰিয়তে কোনো ধৰ্মীয় বিষয়ত হস্তক্ষেপ নকৰে । তেওঁ কয় যে এই বিধেয়কখন কেৱল সম্পত্তি পৰিচালনাৰ সৈতে জড়িত আৰু ইয়াৰ সৈতে মন্দিৰ বা মছজিদ বা কোনো ধৰ্মীয় স্থান পৰিচালনাৰ কোনো সম্পৰ্ক নাই ।

ৱাকফ বিধেয়ক কেৱল সম্পত্তি ব্যৱস্থাপনাৰ সৈতে জড়িত-

লোকসভাত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰাৰ পিছত আলোচনাৰ সময়ত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, ‘ৱাকফ বিধেয়কখনে কোনো ধৰ্মীয় ব্যৱস্থা, কোনো ধৰ্মীয় অনুষ্ঠান বা কোনো ধৰ্মীয় প্ৰথাত কোনো ধৰণৰ হস্তক্ষেপ কৰা নাই । ই কেৱল সম্পত্তি ব্যৱস্থাপনাৰ কথা কৈছে । যদি কোনোবাই এই মৌলিক পাৰ্থক্যটো বুজিব নোৱাৰে বা ইচ্ছাকৃতভাৱে বুজিব নিবিচাৰে, তেন্তে মোৰ হাতত ইয়াৰ কোনো সমাধান নাই ।’

‘ৱাকফৰ সম্পত্তি ব্যক্তিগত সম্পত্তি’

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে ‘বিশ্বৰ সৰ্ববৃহৎ ৱাকফৰ সম্পত্তি ভাৰতত আছে ।’ কোৱা হয় যে ৰেলৱে আৰু প্ৰতিৰক্ষা খণ্ডৰ পিছতে ভাৰতত ৱাকফ ব’ৰ্ডৰ তৃতীয় বৃহত্তম ভূমি আছে যদিও ৰে’ল আৰু প্ৰতিৰক্ষা খণ্ডৰ সম্পত্তি দেশৰ সম্পত্তি । ৰে’লৱেৰ সম্পত্তি সমগ্ৰ দেশৰ মানুহে ব্যৱহাৰ কৰে আৰু প্ৰতিৰক্ষা খণ্ডৰ ভূমি দেশৰ নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰে, আনহাতে ৱাকফ ব’ৰ্ডৰ সম্পত্তি ব্যক্তিগত সম্পত্তি । যদি ৱাকফ ব’ৰ্ডৰ লাখ লাখ একৰ মাটি আৰু লাখ লাখ কোটিৰ সম্পত্তি আছে তেন্তে দেশৰ দুখীয়া মুছলমান সকলৰ বাবে কিয় ব্যৱহাৰ কৰা হোৱা নাই ?  যদি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এই চৰকাৰখনে দৰিদ্ৰ মুছলমানৰ উন্নতিৰ বাবে কাম কৰি আছে, তেন্তে ইয়াৰ ওপৰত আপত্তি কিয় ?

কিৰেন ৰিজিজুৱে কয়, ‘এতিয়া ৱাকফ ব’ৰ্ডত ছিয়া, চুন্নী, বহৰা, পিছপৰা মুছলমান, মহিলা আৰু বিশেষজ্ঞ অমুছলমান লোকো থাকিব । মই নিজৰ উদাহৰণ দিছোঁ । ধৰি লওক মই মুছলমান নহয় কিন্তু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী । তাৰ পিছত মই কেন্দ্ৰীয় ৱাকফ পৰিষদৰ অধ্যক্ষ হওঁ । মোৰ স্থিতি যিয়েই নহওক কিয়, পৰিষদত সৰ্বাধিক ৪ জন অমুছলমান সদস্য থাকিব পাৰে আৰু ইয়াৰে ২ গৰাকী মহিলা হ’ব লাগিব ।’

আজি লোকসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰাৰ প্ৰস্তুতি… একত্ৰিত এন ডি এ আৰু বিৰোধী

সমগ্ৰ দেশৰ ৱাকফ ব’ৰ্ডসমূহৰ জবাবদিহিতা আৰু স্বচ্ছতা নিশ্চিত কৰাৰ বাবে আজি দিনৰ ১২ বজাত লোকসভাত উত্থাপন কৰা হ’ব ৱাকফ সংশোধনী বিধেয়ক । ইয়াৰ জৰিয়তে বৰ্তমানৰ ৱাকফ আইনত পৰিৱৰ্তন কৰা হ’ব । বিজনেছ এডভাইজাৰী কমিটীয়ে বিধেয়কখনৰ সন্দৰ্ভত আলোচনাৰ বাবে আঠ ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে ।

এই অধিৱেশনতেই দুয়োটা সদনত বিধেয়কখন গৃহীত কৰাৰ প্ৰচেষ্টা-

বিৰোধীকে ধৰি বহু মুছলমান সংগঠনে বিধেয়কখনৰ বিৰোধিতা কৰিছে যদিও এন ডি এৰ মিত্ৰ দলৰ সহায়ত বিধেয়কখন গৃহীত কৰাৰ প্ৰস্তুতি চলাইছে শাসকীয় বিজেপিয়ে । এই বিধেয়ক সন্দৰ্ভত চৰকাৰৰ লগত আছে তেলেগু দেশম পাৰ্টি আৰু জনতা দল-ইউ ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে এই অধিবেশনতে এই বিধেয়কখন দুয়োটা সদনত গৃহীত কৰাৰ উদ্দেশ্য চৰকাৰৰ । বিজেপি, কংগ্ৰেছকে ধৰি বহু দলে নিজৰ সাংসদৰ উপস্থিতি নিশ্চিত কৰিবলৈ হুইপ জাৰি কৰিছে । বুধবাৰে লোকসভাৰ সাংসদসকলক সমগ্ৰ দিনটো সদনত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়াৰ বিপৰীতে ৰাজ্যসভাৰ সাংসদসকলক বৃহস্পতিবাৰে দিনটো সদনত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

বিতং আলোচনাৰ অন্তত পৰৱৰ্তী অধিবেশনত দাখিল কৰিবলৈ দাবী জনাইছে বিৰোধীয়ে-

ইয়াৰ পূৰ্বে সোমবাৰে লোকসভা আৰু বি এ চিৰ বৈঠকত বিধেয়কখনক লৈ বিৰোধীয়ে হুলস্থুলৰ সৃষ্টি কৰে । এই হুলস্থুলৰ বাবেই প্রশ্ন ঘণ্টাৰ পাছত দুঘণ্টাৰ বাবে লোকসভাৰ কার্যসূচী স্থগিত ৰখা হয় ৷ একে সময়তে বি এ চিৰ বৈঠকত বিৰোধীয়ে ১২ ঘণ্টীয়া আলোচনা আৰু বিশদ আলোচনাৰ অন্তত পৰৱৰ্তী অধিবেশনত উপস্থাপন কৰাৰ দাবী জনায় । এই দাবী মানি নোলোৱাৰ পিছত বিৰোধী সদস্যই সভা বৰ্জন কৰে ।

সাংসদৰ উপস্থিতি নিশ্চিত কৰিবলৈ হুইপ জাৰি-

সহযোগী দলৰ বাহিৰেও বিজেপিয়ে একাংশ নিৰপেক্ষ দলৰ সৈতে আলোচনাত মিলিত হৈছে । এন ডি এৰ সকলো সদস্য দল একত্ৰিত হৈছে । টি ডি পিৰ তিনিটা সংশোধনী আৰু মিত্ৰশক্তিৰ পৰামৰ্শ চৰকাৰে মানি লৈছে । সমৰ্থনত টি ডি পিয়ে হুইপ জাৰি কৰিছে । একে সময়তে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে জে ডি ইউৰ সাংসদ সঞ্জয় ঝা আৰু লালন সিঙৰ বৈঠকৰ অন্তত দলটোৱে বিধেয়কখনৰ সমৰ্থনত নিজৰ সাংসদসকলৰ উপস্থিতি নিশ্চিত কৰিবলৈ হুইপ জাৰি কৰে ।

দুয়োখন সদনত চৰকাৰৰ সৈতে সংখ্যাবল :

লোকসভা- এন ডি এৰ ২৯৩ জন সদস্য । যিটো সংখ্যাগৰিষ্ঠতকৈ ২১ জন বেছি । ৫ জন নিৰ্দলীয় আৰু অন্যান্য দলীয় সাংসদো চৰকাৰৰ লগত আছে ।

ৰাজ্যসভা (বৰ্তমান ২৩৬ জন সদস্য)- সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ১১৯ । বিজেপিৰ সদস্য ৯৮, এন ডি এৰ সদস্য ১১৫ । ৬জন মনোনীত সদস্যৰে চৰকাৰৰ কাম হ’ব । এ আই এ ডি এম কেৰ চাৰিজন সদস্য, তিনিজন নিৰ্দলীয় আৰু সৰু দলৰ এজনেও যোগদান কৰিব পাৰে ।

এইবোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ব-

-ৱাকফৰ সম্পত্তিৰ বিবাদৰ ওপৰত ন্যায়াধিকৰণৰ সিদ্ধান্ত চূড়ান্ত নহয়; ভুক্তভোগীয়ে উচ্চ ন্যায়ালয়লৈ যোৱাৰ অধিকাৰ পাব ।

-ৱাকফ ব’ৰ্ডে দান অবিহনে কোনো সম্পত্তিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে । ইয়াৰ পূৰ্বে কেৱল ব’ৰ্ডে ইয়াৰ ওপৰত কৰা দাবীৰ বাবেই সম্পত্তি ৱাকফ হৈ পৰিছিল ।

-ৱাকফ ব’ৰ্ডত মহিলা আৰু অন্য ধৰ্মৰ সদস্যকো প্ৰৱেশৰ অনুমতি দিয়া হ’ব । পুৰণি নিষেধাজ্ঞা আঁতৰাই দিয়া হ’ল ।

-ৱাকফৰ সম্পত্তি জৰীপ আৰু নিৰ্ধাৰণ কৰাৰ অধিকাৰ সংগ্ৰাহকৰ আছে ।

পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’ল বিজেপি… জিলাই জিলাই বিভিন্ন নেতাক দিলে দায়িত্ব

-পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’ল বিজেপি

-জিলাই জিলাই বিভিন্ন নেতাক দিলে দায়িত্ব ?

-ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ মেনিফেষ্টো সমিতি আৰু জিলা প্ৰভাৰীৰ নাম

-বজালীত মন্ত্ৰী কৌশিক ৰায়ক দায়িত্ব

-বৰপেটাত জয়ন্ত মল্ল বৰুৱা

-বিলাসীপাৰাত অশোক সিংঘল

-বিশ্বনাথত ৰনোজ পেগু

-বঙাইগাঁৱত জয়ন্ত মল্ল বৰুৱা

-কাছাৰত কৃষ্ণেন্দু পাল

-চৰাইদেউত ৰূপেশ গোৱালা

-দৰঙত ৰঞ্জিত কুমাৰ দাস

-ধেমাজিত বিমল বড়া

-ধুবুৰীত অশোক সিংঘল

-ডিব্ৰুগড়ত ৰূপেশ গোৱালা

-ঢকুৱাখনাত বিমল বড়া

-গোৱালাপাৰাত জয়ন্ত মল্ল বৰুৱা

-গোলাঘাটত নন্দিতা গাৰ্লোচা

-গুৱাহাটীত যোগেন মহন

-হাইলাকান্দিত কৃষ্ণেন্দু পাল

-হোজাই পীযুষ হাজৰীকা

-যোৰহাটত অজন্তা নেওগ

-কলিয়াবৰ অজন্তা নেওগ

-শ্ৰীভূমিত কৌশিক ৰায়

-লখিমপুৰত ৰণোজ পেগু

-মাজুলীত  বিমল বড়া

-মৰিগাঁৱত চন্দ্ৰমোহন পাটোৱাৰী

-নগাঁৱত পীয়ুষ হাজৰিকা

-নলবাৰীত কৌশিক ৰায়

-উত্তৰ কামৰূপত ৰঞ্জিত কুমাৰ দাস

-শিৱসাগৰত যোগেন মহন

-শোণিতপুৰত পীয়ুষ হাজৰি

-দক্ষিণ কামৰূপত ৰঞ্জিত কুমাৰ দাস

-দক্ষিণ শালমাৰা মানকাছৰত অশোক সিংঘল

-তিনিচুকীয়া প্ৰশান্ত ফুকনক দায়িত্ব

ৰোহিত শৰ্মাৰ মেদবহুলতাৰ ওপৰত মন্তব্য কৰি বিতৰ্কত কংগ্ৰেছৰ মুখপাত্ৰ;  বিজেপি কৰ্মীয়ে দিলে প্ৰত্যুত্তৰ

বিজেপি নেতা ৰাধিকা খেৰাই কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰৰ ওপৰত তীব্ৰ আক্ৰমণ কৰিছে।ইয়াৰ লগতে তেওঁ সামাজিক মাধ্যমত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু জয়ৰাম ৰমেশকো টেগ কৰি ব্যংগাত্মক মন্তব্য কৰিছে।

দৰাচলতে, কংগ্ৰেছৰ মুখপাত্ৰ ড০ শ্বামা মহম্মদে ৰোহিত শৰ্মাক সামাজিক মাধ্যমত তেওঁৰ স্বাস্থ্য সম্পৰ্কে কিছু মন্তব্য কৰিছিল।বিজেপি নেত্ৰী গৰাকীয়ে এই মন্তব্যক লৈ কংগ্ৰেছক আক্ৰমণ কৰিছে।  

দৰাচলতে কংগ্ৰেছৰ মুখপাত্ৰ ড০ শ্বামা মহম্মদে সামাজিক মাধ্যমত এটা পোষ্টত কৈছিল যে, “এজন খেলুৱৈ হিচাপে ৰোহিতৰ ওজন অধিক”।তেওঁ ওজন হ্ৰাস কৰাৰ প্ৰয়োজন আছে। আৰু তেওঁ এতিয়ালৈকে ভাৰতৰ আটাইতকৈ হতাশাজনক অধিনায়ক।

তাৰ প্ৰত্যুত্তৰত বিজেপি নেত্ৰী ৰাধিকা খেৰাই কয়, “কংগ্ৰেছৰ মুখপাত্ৰ সংস্থাই ৰোহিত শৰ্মাক লজ্জিত কৰিছে, যিটো যথেষ্ট বেয়া কথা”। এইটো সেই একেই কংগ্ৰেছ যিয়ে কেইবা দশক ধৰি খেলুৱৈসকলক অপমানিত কৰি আহিছে।

তেওঁলোকক পৰিচয় দিয়া নাছিল আৰু এতিয়া এজন ক্ৰিকেট কিংবদন্তীক উপহাস কৰাৰ ধৃষ্টতা কৰিছে? স্বজন পোষণৰ দ্বাৰা বিকশিত হোৱা এটা দলে এজন স্ব-নিৰ্মিত চেম্পিয়নক উপদেশ দিছে নেকি?

তেওঁ আৰু কৈছিল যে ৰোহিত শৰ্মা হৈছে বিশ্বকাপ জয় কৰা অধিনায়ক। আপোনালোকৰ নেতা ৰাহুল গান্ধীয়ে নিজৰ দলটোৰেই অধিনায়কত্ব কৰিব নোৱাৰে!

জয়ৰাম ৰমেশ,  আপোনাৰ দলৰ দ্বাৰা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা ব্যক্তিজনক অপমান কৰাৰ পৰিৱৰ্তে, আপুনি আৰু আপোনাৰ মুখপাত্ৰসকলে সেই প্ৰকৃত ‘ওজন’ৰ ওপৰত গুৰুত্ব দিয়া উচিত, যিয়ে আপোনাৰ দলটোক হ্ৰাস কৰিছে – প্ৰাসংগিকতা, বিশ্বাসযোগ্যতা, আৰু নিৰ্বাচন!

ৰাধিকা খেৰাই লগতে কৈছিল যে কংগ্ৰেছে ভাৰতৰ গৌৰৱক সস্তীয়া প্ৰহাৰ কৰাৰ পূৰ্বে নিজৰ ডুব যোৱা বংশবাদৰ বিষয়ে চিন্তিত হোৱা উচিত।