অসুস্থতাৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ খালেদা জিয়াৰ… ৭ দিনীয়া শোক ঘোষণা

মঙলবাৰে পুৱা প্ৰায় ৬ বজাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ খালেদা জিয়াই। ৮০ বছৰ বয়সত মঙলবাৰে দেহাৱসান ঘটে তেওঁৰ।

বাংলাদেশৰ ৰাজনীতিৰ এটা যুগৰ অন্ত পৰিল । সংগ্ৰাম, শক্তি আৰু সাহসৰ প্ৰতীক বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ খালেদা জিয়াৰ ৮০ বছৰ বয়সত মঙলবাৰে দেহাৱসান ঘটে । বি এন পি দলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে এই কথা ঘোষণা কৰিছে ।

দলটোৱে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি খালেদা জিয়াই মঙলবাৰে পুৱা প্ৰায় ৬ বজাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । যোৱা ৩৬ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী । হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ সংক্ৰমণত আক্ৰান্ত হৈ ২৩ নৱেম্বৰত হাস্পতালত ভৰ্তি হৈছিল তেওঁ । নিউমোনিয়াতো ভুগিছিল তেওঁ ।

বি এন পিৰ ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা-

ইফালে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে ২০২৫ চনৰ ৩০ ডিচেম্বৰ মঙলবাৰৰ পৰা ৭ দিনীয়া চৰকাৰী শোক ঘোষণা কৰিছে । বি এন পিৰ জ্যেষ্ঠ যুটীয়া সচিব প্ৰধান ৰুহুল কবীৰ ৰিজভিয়ে সংবাদমেলত শোক কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে । নয়াপল্টনত থকা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত আৰু সমগ্ৰ দেশৰ সকলো দলীয় কাৰ্যালয়ত ক’লা পতাকা উৰুৱাই এই শোক পালন কৰা হ’ব ।

তেওঁ কয় যে দলৰ নেতা, কৰ্মী, সমৰ্থকসকলে ক’লা বেজ পিন্ধিব । পাৰ্টিৰ কাৰ্যালয় আৰু অন্যান্য স্থানতো নামাজ সমাৱেশ আৰু কোৰআন পাঠ অনুষ্ঠিত হ’ব । বি এন পিৰ কেন্দ্ৰীয় কাৰ্যালয়, ঢাকাৰ গুলশান কাৰ্যালয় আৰু জিলা কাৰ্যালয়ত সদস্য আৰু জনসাধাৰণে শ্ৰদ্ধাঞ্জলি প্ৰকাশ কৰিবলৈ শোক পুথি মুকলি কৰা হৈছে ।

জনসাধাৰণক প্ৰাৰ্থনাৰ বাবে আবেদন দলৰ-

বি এন পিয়ে এক বিবৃতিত কয় যে বি এন পিৰ অধ্যক্ষ, প্ৰাক্তন প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰীয় নেতা বেগম খালেদা জিয়াই আজি পুৱা ফজৰৰ নামাজৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে । দলটোৱে জনসাধাৰণক তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি প্ৰতিষ্ঠা কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী জিয়াউৰ ৰহমানে । তেওঁৰ পত্নী খালেদা জিয়াই বৰ্তমান দলটোৰ নেতৃত্ব দিছিল । ১৯৭৯, ১৯৯১, ১৯৯৬, ২০০১ চনত এই দলটোৱে ক্ষমতা দখল কৰিছিল । শ্বেখ হাছিনাৰ কাৰ্যকালত বি এন পি বাংলাদেশৰ প্ৰধান বিৰোধী দল আছিল । ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন বৰ্জন কৰিছিল বি এন পিয়ে ।

লগতে পঢ়ক : ঘোৰ অন্ধকাৰ ভৱিষ্যতৰ দিশে পাকিস্তান… দেশ ত্যাগ হাজাৰ হাজাৰ চিকিৎসক–অভিযন্তাৰ

‘ভাৰতলৈ পলায়ন উছমান হাদীৰ হত্যাকাৰী…’ বাংলাদেশৰ অভিযোগৰ প্ৰত্যুত্তৰ ভাৰতৰ

উছমান হাদীৰ হত্যাকাৰী মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে বুলি বাংলাদেশে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিছে বি এছ এফে । বাংলাদেশৰ এই অভিযোগ ভিত্তিহীন বুলি কেইছে সুৰক্ষা বাহিনীয়ে ।

মেঘালয়ত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীয়ে দেওবাৰে বাংলাদেশ আৰক্ষীয়ে ইনকিলাব মঞ্চৰ নেতা শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰাৰ দাবীক খাৰিজ কৰে । বি এছ এফৰ বিষয়াসকলে এই অভিযোগসমূহক ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰে ।

বাংলাদেশ আৰক্ষীৰ দাবীক ভিত্তিহীন আখ্যা বি এছ এফৰ-

প্ৰতিবেদন অনুসৰি মেঘালয়ৰ বি এছ এফৰ মহাপৰিদৰ্শক অ’ পি উপাধ্যায়ে এই দাবী সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰিছে । তেওঁ স্পষ্ট কৰি দিয়ে যে হালুৱাঘাট খণ্ডৰ পৰা কোনো ব্যক্তিয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ মেঘালয়ত প্ৰৱেশ কৰাৰ কোনো প্ৰমাণ পোৱা নাই । তেওঁৰ মতে, বি এছ এফে এনে কোনো অনুপ্ৰৱেশৰ খবৰ পোৱা নাই আৰু এই সন্দৰ্ভত কোনো প্ৰতিবেদন পোৱা নাই ।

ইয়াৰ পূৰ্বে ঢাকা মহানগৰ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই দাবী কৰিছিল যে হত্যাকাণ্ডৰ দুজন মূল সন্দেহযুক্ত লোকে স্থানীয় সহযোগীৰ সহায়ত মেঘালয়ৰ গাৰো হিলছ অঞ্চলত প্ৰৱেশ কৰিছিল । লগতে কয় যে অভিযুক্তক সহায় কৰা দুজন ব্যক্তিক ভাৰতীয় সংস্থাই আটক কৰি ৰাখিছে ।

সীমান্তত হাই এলাৰ্ট, অবৈধ অনুপ্ৰৱেশৰ ওপৰত কঠোৰ সতৰ্কতা-

মেঘালয় আৰক্ষীয়েও এই দাবী নাকচ কৰে । ৰাজ্যখনৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, গাৰো পাহাৰত সন্দেহযুক্ত লোকৰ উপস্থিতি নিশ্চিত কৰা কোনো চোৰাংচোৱা তথ্য উপলব্ধ নহয় । তেওঁ লগতে কয় যে স্থানীয় আৰক্ষী ইউনিটসমূহে কোনো সন্দেহজনক কাৰ্যকলাপৰ খবৰ পোৱা নাই আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে সমন্বয় অব্যাহত আছে ।

বি এছ এফৰ বিষয়াসকলে উল্লেখ কৰিছে যে চুবুৰীয়া বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা বাহিনী হাই এলাৰ্টত আছে । তেওঁলোকে পুনৰ কয় যে এই খণ্ডৰ সীমান্তত নিৰন্তৰ নিৰীক্ষণ চলি আছে আৰু অবৈধভাৱে পাৰ হোৱাৰ যিকোনো প্ৰচেষ্টা তৎক্ষণাত ধৰা পৰিব ।

লগতে পঢ়ক : ‘আমি আওকাণ কৰিব নোৱাৰো…’ বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ মহম্মদ ইউনুছক তিৰস্কাৰ ভাৰতৰ

শ্বেখ হাছিনাৰ আতংক নে শাস্তিৰ ভয় ? কিয় বাংলাদেশৰ পৰা পলায়ন কৰিছিল তাৰিক ৰহমানে ?

১৭ বছৰৰ নিৰ্বাসনৰ অন্তত শুকুৰবাৰে ঢাকালৈ উভতি আহে তাৰিক ৰহমান । তাৰিক ৰহমান পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ পদৰ বাবে আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে ।

বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ অধ্যক্ষ তাৰিক ৰহমানে ১৭ বছৰৰ অন্তত ২৫ ডিচেম্বৰ, শুকুৰবাৰে ঢাকালৈ উভতি আহে । প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ জ্যেষ্ঠ পুত্ৰ তাৰিকক বি এন পিৰ বাস্তৱিক নেতা হিচাপে গণ্য কৰা হয় । ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ পূৰ্বে তেওঁৰ উভতি অহাটো উল্লেখযোগ্য বুলি বিবেচিত হৈছে, কিয়নো বি এন পিয়ে সৰ্বাধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে ।

কাৰাগাৰৰ পৰা মুক্তিৰ পিছত গৈছিল লণ্ডনলৈ-

তাৰিক ৰহমানে ২০০৮ চনত চিকিৎসাৰ অজুহাতত লণ্ডনলৈ গুচি যায় । ৰাজনৈতিক সংকটৰ মাজতে তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল । লণ্ডনত থকাৰ সময়ত তেওঁ দলৰ দায়িত্ব লয়, অনলাইন সভা আৰু ৰেলীৰ জৰিয়তে বি এন পিক একত্ৰিত কৰি ৰাখে । ২০০৯ চনৰ পৰা তেওঁ দলৰ জ্যেষ্ঠ উপ-সভাপতি আৰু পিছলৈ ভাৰপ্ৰাপ্ত সভাপতি হয় । তাত তেওঁ এটা ব্যক্তিগত জনসংযোগ কোম্পানীও আৰম্ভ কৰিছিল ।

ধন সৰবৰাহ আৰু হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ-

শ্বেখ হাছিনাৰ চৰকাৰৰ দিনত তাৰিক ৰহমান ধন সৰবৰাহ আৰু হত্যাৰ ষড়যন্ত্ৰকে ধৰি কেইবাটাও গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল । তেওঁক দোষী সাব্যস্ত কৰা হয় যদিও হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে থকা সকলো গোচৰ বাতিল কৰা হয় । ২০২৫ চনৰ জুলাই মাহত ব্যাপক প্ৰতিবাদৰ পিছত শ্বেখ হাছিনাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু ভাৰতলৈ পলায়ন কৰিছিল । তেতিয়াৰ পৰাই দেশখনত বি এন পিৰ স্থিতি অধিক শক্তিশালী হৈ উঠিছে ।

তাৰিকৰ প্ৰত্যাৱৰ্তনত লাভৱান হ’ব বি এন পি ?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ৰিপাব্লিকান ইনষ্টিটিউটৰ এক সমীক্ষা অনুসৰি সংসদত বি এন পিয়ে সৰ্বাধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে । তাৰিক ৰহমান পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ পদৰ বাবে আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে । তেওঁৰ ৮০ বছৰীয়া মাতৃ খালেদা জিয়া অসুস্থ হৈ ঢাকাত চিকিৎসালয়ত ভৰ্তি হৈ আছে । তাৰিক ঘূৰি অহাৰ মূল কাৰণ হিচাপে তেওঁৰ মাতৃৰ স্বাস্থ্যৰ কথা উল্লেখ কৰা হৈছে ।

বগুৰা-৬ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তাৰিকে-

উভতি অহাৰ লগে লগে তাৰিক ৰহমানে এক বৃহৎ সমাৱেশত সমৰ্থকসকলক সম্বোধন কৰে । তেওঁ মাতৃক লগ কৰি অতি সোনকালে প্ৰচাৰ অভিযান আৰম্ভ কৰিব । তেওঁ বগুৰা-৬ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে । তেওঁৰ আগমনে বি এন পিক নতুন শক্তি প্ৰদান কৰিব আৰু যোৱা কেইমাহমানত হিংসা, অস্থিৰতা, সংখ্যালঘুৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱা দেশখনত ৰাজনৈতিক পৰিৱৰ্তনৰ চিন হিচাপে দেখা গৈছে ।

বাংলাদেশ সকলো ধৰ্মৰ লোকৰঃ তাৰিক

সমাৱেশত সমৰ্থকক সম্বোধন কৰি তাৰিকে কয়, “বাংলাদেশ সকলো ধৰ্মৰ লোকৰ । আজি বাংলাদেশৰ জনসাধাৰণে বাক স্বাধীনতাৰ অধিকাৰ পুনৰ লাভ কৰিব বিচাৰিছে । এতিয়া সময় হৈছে আমি একত্ৰিত হৈ এই দেশখন গঢ়ি তোলাৰ । এই দেশখন পাহাৰ-ভৈয়ামৰ জনসাধাৰণৰ, মুছলমান, হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টানসকলৰ । আমি এক সুৰক্ষিত বাংলাদেশ গঢ়িব বিচাৰো, য’ত প্ৰতিগৰাকী মহিলা, পুৰুষ আৰু শিশুৱে নিৰাপদে ওলাই আহি ঘৰলৈ উভতি যাব পাৰে ।”

পত্নী আৰু কন্যাৰ সৈতে বাংলাদেশত উপস্থিত তাৰিক-

পত্নী জুবেইদা ৰহমান আৰু কন্যা জাইমা ৰহমানৰ সৈতে লণ্ডনৰ পৰা বৃহস্পতিবাৰে বাংলাদেশত উপস্থিত হয় ৬০ বছৰীয়া তাৰিক ৰহমান । বিমানবন্দৰত তেওঁক আদৰণি জনায় বি এন পিৰ জ্যেষ্ঠ নেতা, স্থায়ী সমিতিৰ সদস্য, মহাসচিব মিৰ্জা ফখৰুল ইছলাম আলমগিৰে । কটকটীয়া নিৰাপত্তাৰ মাজতে তেওঁ এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠানলৈ যায়, য’ত তেওঁক লাখ লাখ সমৰ্থকে আদৰণি জনায় ।

লগতে পঢ়ক : শ্বেখ হাছিনাৰ আৱামি লীগৰ ওপৰত নিষেধাজ্ঞা… অংশগ্ৰহণ কৰিব নোৱাৰিব নিৰ্বাচনত

বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ বিৰুদ্ধে হিংসা… আন এজন হিন্দু যুৱকক বৰ্বৰ হত্যা

বাংলাদেশত বুধবাৰে গভীৰ নিশা এজন হিন্দু যুৱকক প্ৰহাৰ কৰি হত্যা কৰে এদল উন্মত্ত বাংলাদেশী নাগৰিকে । ৱকজনক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰা হয় ।

বাংলাদেশত অবিৰতভাৱে হিংসা অব্যাহত আছে । দীপু চন্দ্ৰ দাসৰ পিছত আন এজন হিন্দু যুৱক দেশখনত গণৰোষৰ বলি হৈছে । দেশখনত পুনৰ এগৰাকী হিন্দু যুকক নিষ্ঠুৰভাৱে প্ৰহাৰ কৰি হত্যা কৰা বুলি বৃহস্পতিবাৰে পোহৰলৈ আহিছে । আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণ ধন দাবীৰ সৈতে জড়িত ।

ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি বাংলাদেশৰ ৰাজবাৰী জিলাৰ পানছাত বুধবাৰে গভীৰ নিশা এজন হিন্দু যুৱকক প্ৰহাৰ কৰি হত্যা কৰে এদল উন্মত্ত বাংলাদেশী নাগৰিকে । আৰক্ষীয়ে জনোৱা মতে, নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা ।

দেশখনৰ আৰক্ষীয়ে জনোৱা মতে, মৃত ব্যক্তিজনৰ নাম অমৃত মণ্ডল ওৰফে সম্ৰাট, যাৰ বিৰুদ্ধে ধন দাবীৰ কেইবাটাও গোচৰ ৰুজু হৈ আছিল । আৰক্ষীয়ে জনোৱা মতে অমৃত আছিল “সম্ৰাট বাহিনী”ৰ মুৰব্বী । অমৃত মণ্ডল ওৰফে সম্ৰাট (৩০) হুছেইনদংগাৰ অক্ষয় মণ্ডলৰ পুত্ৰ । সম্ৰাটৰ এজন সহযোগী মহম্মদ চেলিমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি, পাংছা চক্ৰৰ সহকাৰী আৰক্ষী অধীক্ষক দেবৰাতা সৰকাৰে জনোৱা মতে, স্থানীয় ৰাইজৰ পৰা এজন লোকক আক্ৰমণ কৰা বুলি তথ্য লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । সম্ৰাট নামেৰেও পৰিচিত অমৃত মণ্ডল নামৰ যুৱকজনক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰা হয় ।

দীপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুকক হত্যাৰ মাত্ৰ কেইদিনমান পিছতে এই ঘটনা সংঘটিত হৈছে । মইমনছসিঙৰ ভালুক অঞ্চলত ২৭ বছৰীয়া হিন্দু যুৱকগৰাকীক ৰাইজে প্ৰহাৰ কৰি হত্যা কৰে আৰু তাৰ পিছত তেওঁৰ মৃতদেহ জ্বলাই দিয়ে ।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে দীপু চন্দ্ৰক হত্যা কৰা ঘটনাক গৰিহণা দি কয় যে দেশত হিংসা আৰু সাম্প্ৰদায়িক হিংসাৰ কোনো স্থান নাই ।

লগতে পঢ়ক : অস্থিৰতাৰ মাজতে বনবাসৰ অন্ত পেলাই বাংলাদেশলৈ ঘূৰিল তাৰিক ৰহমান, ভংগ কৰিলে প্ৰতিশ্ৰুতি !

বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ হাওৰাত তীব্ৰ প্ৰতিবাদ, আৰক্ষী আৰু বিজেপি সমৰ্থকৰ সংঘাত

বাংলাদেশত সংঘটিত হোৱা হিংসাত্মক ঘটনা তথা ভাৰত বিৰোধী ঢৌৰ বিৰুদ্ধে ভাৰততো আৰম্ভ হৈছে প্ৰকিবাদ । বুধবাৰে হাওৰাত বাংলাদেশত হিন্দু যুৱকক হত্যাৰ ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে ।

বুধবাৰে কলকাতাত বাংলাদেশত হিন্দু যুৱকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে বিক্ষোভৰ সময়ত আৰক্ষী আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । হাওৰা দলং পোৱাৰ পূৰ্বেই আৰক্ষীয়ে বিজেপিৰ পদযাত্ৰা বন্ধ কৰি দিয়াৰ বাবে এই সংঘৰ্ষৰ সূত্ৰপাত হয় ।

হাওৰা আৰক্ষীয়ে জনোৱা মতে, “আমি কাকো প্ৰতিবাদৰ নামত স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মাবলৈ আৰু যাতায়তকাৰীক হাৰাশাস্তি কৰিবলৈ নিদিওঁ । আমি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম যাতে কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয় ।”

আৰক্ষীয়ে পদযাত্ৰাট আগবাঢ়ি যোৱাত বাধা দিয়াৰ লগে লগে প্ৰতিবাদকাৰীসকলে পথত বহি বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে, যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয় । বুধবাৰে পুৱা হাওৰা দলং অভিমুখে বিজেপিৰ নেতা-কৰ্মীসকলে পদযাত্ৰা কৰি আছিল যদিও দলং পোৱাৰ আগতেই আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে । অঞ্চলটো ঘেৰি ৰখাৰ লগতে যেতিয়া প্ৰতিবাদকাৰীয়ে পথত বহি শ্লোগান দিবলৈ আৰম্ভ কৰে তেতিয়া আৰক্ষীয়ে তেওঁলোকক ছত্ৰভংগ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে । আৰক্ষীৰ অভিযোগ যে প্ৰতিবাদকাৰীসকল আগ্ৰাসী হৈ পৰে, যাৰ ফলত নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক ছত্ৰভংগ দিয়াৰ ব্যৱস্থা ল’বলৈ বাধ্য হয় ।

উল্লেখ্য যে, বাংলাদেশৰ মইমনসিং জিলাৰ বালুকাত ১৮ ডিচেম্বৰত বস্ত্ৰ কাৰখানাৰ শ্ৰমিক দীপু চন্দ্ৰ দাস (২৫) নামৰ এজন হিন্দু যুৱকক প্ৰহাৰ কৰি মৃতদেহ জ্বলাই দিয়া হৈছিল । মঙলবাৰে চুবুৰীয়া দেশখনত সংখ্যালঘু লোকৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ প্ৰতিবাদত শতাধিক লোকে বাংলাদেশৰ উপ-উচ্চায়ুক্তলৈ সমদল উলিয়াবলৈ চেষ্টা কৰিছিল যদিও মাজভাগতে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয় আৰু কেইবাজনো লোক আহত হয় ।

লগতে পঢ়ক : ভাৰতৰ সৈতে সুসম্পৰ্কৰ ওপৰত আমাৰ সমৃদ্ধি নিৰ্ভৰ কৰে… বাংলাদেশৰ পৰিস্থিতিক লৈ ইউনুছক তীব্ৰ সমালোচনা শ্বেখ হাচিনাৰ

বাংলাদেশত ভাৰত বিৰোধী জুই জ্বলোৱা ৫ খলনায়ক কোন ?  

বাংলাদেশত ক্ৰমে তব্ৰতৰ হৈ পৰিছে ভাৰত বিৰোধী প্ৰতিবাদ । কেৱল ইউনুছ চৰকাৰেই নহয় দেশখনত ভাৰত বিৰোধী ঢৌ সৃষ্টিৰ আঁৰৰ আন কেতবোৰ কাৰণো আছে…

বাংলাদেশত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰ ক্ষমতালৈ অহাৰ প্ৰায় ডেৰ বছৰ পাৰ হৈ গ’ল যদিও দেশখনত ৰাজনৈতিক অস্থিৰতা, হিংসা, উগ্ৰবাদ এতিয়াও শাম কটা নাই । মহম্মদ ইউনুছক সমৰ্থন কৰা চৰমপন্থী গোটসমূহে চৰকাৰক সংস্কাৰত বিলম্ব কৰা, ন্যায় অস্বীকাৰ কৰা আৰু ধৰ্মনিৰপেক্ষ নীতি অনুসৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইনকিলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ডই হিংসাত্মক পৰিস্থিতি আৰু অধিক তীব্ৰতৰ কৰি তুলিছে ।

বিশেষজ্ঞসকলৰ মতে, ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনৰ পূৰ্বে এই শক্তিসমূহে এতিয়া অস্থিৰতা সৃষ্টিৰ চেষ্টা চলাইছে, যাৰ ফলত বাংলাদেশী সংখ্যালঘু অৰ্থাৎ হিন্দুসকলৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে । ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ আগষ্টৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে ২৩২৬টাতকৈও অধিক গোচৰ পঞ্জীয়ন হৈছিল, য’ত মন্দিৰত আক্ৰমণ, সম্পত্তি লুণ্ঠন, হত্যা আদি আন্তৰ্ভূক্ত আছে ।

বাংলাদেশত ক্ৰমবৰ্ধমান উগ্ৰবাদ কেৱল ইউনুছ চৰকাৰৰ বাবেই নহয়, ইয়াৰ আঁৰত প্ৰধান পাঁচ খলনায়ক আছে-

-উগ্ৰবাদৰ প্ৰচাৰ কৰা জামাত-ই-ইছলামী

এই গোটটোৰ ওপৰত শ্বেখ হাছিনাৰ কাৰ্যকালত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যদিও ক্ষমতালৈ অহাৰ লগে লগে ইউনুছে এই নিষেধাজ্ঞা উঠাই লয় । এতিয়া এই গোটটোৱে নিৰ্বাচনী সংস্কাৰৰ দাবী উত্থাপন কৰিছে যদিও সংখ্যালঘুৰ ওপৰত আক্ৰমণ আৰু ভাৰত বিৰোধী প্ৰতিবাদতো সক্ৰিয় হৈ পৰিছে । জামাত-ই-ইছলামীৰ বিৰুদ্ধে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সম্পৰ্ক থকাৰো অভিযোগ উত্থাপন হৈছে । বিশেষজ্ঞসকলৰ মতে হাদীৰ হত্যাৰ ফলত জামাত-ই-ইছলামীৰ লাভ হ’ব ।

-শ্বৰীয়ত আইন প্ৰৱৰ্তন কৰিব বিচাৰিছে হেফাজাত ই ইছলামে

ইষ্ট এছিয়া ফ’ৰামৰ এক প্ৰতিবেদন অনুসৰি এই গোটটো চুন্নী ইছলামিক আৰু তেওঁলোকৰ বিশাল মাদ্ৰাছা নেটৱৰ্ক আৰু সমৰ্থকৰে গঠিত, যিয়ে মহিলাৰ অধিকাৰ আৰু ধৰ্মনিৰপেক্ষ সংস্কাৰৰ বিৰুদ্ধে কাম কৰে । মহিলাৰ সম সম্পত্তিৰ অধিকাৰৰ প্ৰস্তাৱক লৈ হেফাজাত-ই-ইছলামে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে । বাংলাদেশত শ্বৰীয়ত আইন প্ৰণয়নৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ সময়তে গোটটোৰ নেতা মামুনুল হকে ইউনুছকো সাক্ষাৎ কৰে । শ্বেখ হাছিনাই এই গোটটো নিষিদ্ধ কৰিছিল যদিও ইউনুছৰ চৰকাৰৰ অধীনত এই গোটটো মুকলি কৰি দিয়া হৈছিল ।

-বাংলাদেশত আইছিছৰ পতাকা উত্তোলন কৰা হিজবুৎ তাহৰিৰ

এছ ৰাজাৰত্নম স্কুল অৱ ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ এক প্ৰতিবেদন অনুসৰি ছ’চিয়েল মিডিয়া আৰু শিক্ষানুষ্ঠানৰ জৰিয়তে বাংলাদেশী যুৱক-যুৱতীক নিযুক্তি দি হিজবুৎ তাহৰিৰে দ্ৰুতগতিত সম্প্ৰসাৰণ কৰিছে । ২০০৯ চনত এই গোটটো নিষিদ্ধ কৰা হৈছিল যদিও ২০২৪ চনত ইউনুছ চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল । এই গোটত খিলাফত আৰু শ্বৰীয়ত আইন পুনৰুদ্ধাৰৰ আহ্বান জনোৱা হৈছে । ইউনুছৰ কাৰ্যকালত ২০২৪ চনত হিজবুত তাহৰিৰে ঢাকাত বৃহৎ বিক্ষোভ প্ৰদৰ্শন কৰি আইছিছৰ দৰে পতাকা উত্তোলন কৰিছিল । ইয়াক ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে ইউনুছ চৰকাৰৰ বিৰুদ্ধে ।

উগ্ৰ ইছলামিক সংস্কৃতিৰ পোষকতা কৰা ইনকিইলাব মঞ্চ-

আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ জুলাই মাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পিছত এই গোটটো প্ৰতিষ্ঠা কৰা হৈছিল । ইনকিলাব মঞ্চৰ বিশিষ্ট নেতা শ্বৰীফ উছমান হাদী নিজেও ভাৰত বিৰোধী আৰু উগ্ৰ মতামত ৰাখিছিল । হাদীৰ হত্যাৰ পিছত ইনকিলাব মঞ্চই ইউনুছ চৰকাৰক উৎখাত কৰাৰ ভাবুকি দিছিল । পূৰ্বে এই গোটটোৱে ইউনুছক সমৰ্থন কৰিছিল যদিও এতিয়া চৰকাৰ আৰু ইনকিলাব মঞ্চৰ মাজত প্ৰত্যক্ষ সংঘাত । ফলত হাদীৰ মৃত্যুৰ পিছত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ ফলত বাতৰি কাকতৰ কাৰ্যালয় জ্বলাই দিয়া হয় । ইনকিলাব মঞ্চেই দেশত এক উগ্ৰ ইছলামিক সংস্কৃতি জাপি দিব বিচাৰে ।

-মামুনুল হক আৰু মুফতি জাচিমুদ্দিন ৰহমানীৰ প্ৰভাৱ

ইউনুছ চৰকাৰৰ দিনত মুকলি কৰি দিয়া আল কায়দাৰ সৈতে জড়িত এটা গোটৰ নেতা আছিল মুফতি জাছিমুদ্দিন ৰহমানী । ৰহমানীয়ে আল কায়দাৰ সৈতে জড়িত সন্ত্ৰাসবাদী সংগঠন আনছাৰুল্লাহ বাংলা টিমৰ মুৰব্বী । এই সন্ত্ৰাসবাদীৰ মুক্তিয়ে ভাৰতৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, কিয়নো সন্ত্ৰাসবাদী সংগঠনটোৱে শ্লীপাৰ চেলৰ জৰিয়তে জেহাদী নেটৱৰ্ক গঢ়ি তোলাৰ চেষ্টা চলাইছে ।

হিংসাৰ উচটনি দিয়াৰ অপৰাধত কাৰাগাৰত বন্দী হৈছিল মামুনুল হক যদিও পিছত মুকলি কৰি দিয়া হৈছিল আৰু এতিয়া সক্ৰিয় হৈ আছে । মামুনুল হকক বাংলাদেশৰ এজন নেতা হিচাপে গণ্য কৰা হয় যিয়ে চৰকাৰী নীতিত ইছলামিক নীতি ৰূপায়ণ কৰে, শ্বৰীয়ত আইনৰ পোষকতা কৰে, আৰু পৰম্পৰাগত ইছলামিক প্ৰথাক প্ৰচাৰ কৰে ।

ভাৰতৰ বিৰুদ্ধে বিয়পাইছে বিষ-

এই গোটসমূহে সামূহিকভাৱে শ্বৰীয়ত আইনৰ অধীনত সংস্কাৰ, মহিলাৰ অধিকাৰৰ ওপৰত বাধা আৰোপ, ভাৰত বিৰোধী শ্লোগান আদিৰ বাবে ঠেলি দিছে । কেইবাটাও প্ৰতিবেদনত এই গোটসমূহৰ সম্পৰ্ক পাকিস্তান আৰু অন্যান্য বিদেশী শক্তিৰ সৈতে জড়িত বুলি কোৱা হৈছে । এই শক্তিসমূহক নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবে ইউনুছ চৰকাৰৰ বিৰুদ্ধে অভিযোগ ক্ৰমাৎ বৃদ্ধি পাইছে, যাৰ ফলত সংখ্যালঘুৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে আৰু দেশত অস্থিৰতা বৃদ্ধি পাইছে ।

লগতে পঢ়ক : ভাৰতৰ সৈতে সুসম্পৰ্কৰ ওপৰত আমাৰ সমৃদ্ধি নিৰ্ভৰ কৰে… বাংলাদেশৰ পৰিস্থিতিক লৈ ইউনুছক তীব্ৰ সমালোচনা শ্বেখ হাচিনাৰ

ভাৰতৰ সৈতে সুসম্পৰ্কৰ ওপৰত আমাৰ সমৃদ্ধি নিৰ্ভৰ কৰে… বাংলাদেশৰ পৰিস্থিতিক লৈ ইউনুছক তীব্ৰ সমালোচনা শ্বেখ হাচিনাৰ

বাংলাদেশৰ শেহতীয়া পৰিস্থিক লৈ উদ্বেগ প্ৰকাশ কৰিছে দেশখনৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই । মহম্মদ ইউনুছক তীব্ৰ সমালোচনা কৰি হাচিনাই কয় যে, তেওঁ কোনো ৰাজনীতিবিদ নহয়, তেওঁৰ জটিল দেশ চলোৱাৰ কোনো অভিজ্ঞতাও নাই ।

বাংলাদেশৰ পৰিস্থিতি পুনৰ অৱনতি ঘটিছে । সংখ্যালঘুৰ বিৰুদ্ধে হিংসা সংঘটিত হৈছে আৰু ঠায়ে ঠায়ে ধ্বংসাত্মক কাৰ্য, অগ্নিসংযোগৰ খবৰ প্ৰকাশ পাইছে । ভাৰত বিৰোধী প্ৰতিবাদো বৃদ্ধি পাইছে । পৰিৱৰ্তিত পৰিস্থিতিৰ মাজতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই কয় যে ইউনুছৰ কাৰ্যকালত আইন-শৃংখলাৰ অৱনতি ঘটিছে, হিংসা সাধাৰণ হৈ পৰিছে । ভাৰত বিৰোধী প্ৰতিবাদ সন্দৰ্ভত তেওঁ কয় যে এইবোৰ দেশৰ স্বাৰ্থত নহয় । ভাৰতৰ সৈতে সুসম্পৰ্কৰ ওপৰত আমাৰ সমৃদ্ধি আৰু নিৰাপত্তা নিৰ্ভৰশীল বুলিও কয় হাচিনাই ।

যোৱা বছৰ ঢাকাত ছাত্ৰ প্ৰতিবাদৰ মাজতে ভাৰতলৈ পলায়ন কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই এক সাক্ষাৎকাৰত ইছলামিক প্ৰভাৱ আৰু নিৰাপত্তাজনিত বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে, “মই এই উদ্বেগ বুজি পাওঁ আৰু সেইদৰে বৃহৎ সংখ্যক বাংলাদেশীয়েও বুজি পায় যিসকলে নিৰাপদ, ধৰ্মনিৰপেক্ষ দেশখনক পছন্দ কৰে ।”

“ইউনুছ কোনো নেতা নহয়, তেওঁৰ দেশ চলোৱাৰ কোনো অভিজ্ঞতা নাই”

শ্বেখ হাচিনাই আৰু কয় যে, “ইউনুছে চৰমপন্থীসকলক কেবিনেটৰ গুৰুত্বপূৰ্ণ পদত ৰাখিছে, আনহাতে দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদীসকলক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত বহু গোটক ৰাজহুৱা জীৱনত ভূমিকা ল’বলৈ অনুমতি দিয়া হৈছে ।” ইউনুছ সন্দৰ্ভত তেওঁ কয়, “তেওঁ কোনো ৰাজনীতিবিদ নহয়, তেওঁৰ জটিল দেশ চলোৱাৰ কোনো অভিজ্ঞতাও নাই । মোৰ আশংকা যে উগ্ৰপন্থীয়ে তেওঁক আন্তঃৰাষ্ট্ৰীয় সমাজৰ সন্মুখত গ্ৰহণযোগ্য মুখ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰিছে, একে সময়তে আমাৰ প্ৰতিষ্ঠানসমূহক ভিতৰৰ পৰা পদ্ধতিগতভাৱে কট্টৰপন্থী কৰি তুলিছে ।”

এই পৰিস্থিতি কেৱল ভাৰতৰ বাবেই নহয়, দক্ষিণ এছিয়া অঞ্চলত স্থিতিশীলতাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা প্ৰতিখন দেশৰ বাবেও চিন্তাৰ বিষয় হ’ব লাগে বুলি ভূতপূৰ্ব প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় । বাংলাদেশৰ ৰাজনীতিৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ আমাৰ অন্যতম ডাঙৰ শক্তি আছিল আৰু দুই এজন মূৰ্খ চৰমপন্থীৰ দ্বাৰা আমি ইয়াক ধ্বংস হ’বলৈ দিব নোৱাৰো বুলি কয় হাচিনাই ।

‘চিকেন নেক’ৰ ওপৰত দিয়া বক্তব্য দায়িত্বহীন-

ভাৰতৰ উত্তৰ-পূব ৰাজ্য আৰু “চিকেন নেক” সন্দৰ্ভত শ্বেখ হাচিনাই কয় যে, “এনে বক্তব্য অত্যন্ত বিপজ্জনক আৰু সম্পূৰ্ণ দায়িত্বহীন । ইয়াত ইউনুছৰ জৰিয়তে নিজৰ প্ৰভাৱ বিস্তাৰ কৰা উগ্ৰপন্থী উপাদানসমূহ প্ৰতিফলিত হৈছে । কোনো নেতাই এনে চুবুৰীয়া দেশক ভাবুকি নিদিয়ে, যাৰ ওপৰত বাংলাদেশ বাণিজ্য, ট্ৰেনজিট আৰু আঞ্চলিক স্থিতিশীলতাৰ বাবে নিৰ্ভৰশীল ।”

তেওঁ কয়, “এই বক্তব্যই কেৱল মতাদৰ্শগত কল্পনাৰ সেৱা কৰে, বাংলাদেশৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ সেৱা নহয় । ভাৰতৰ এনে বক্তব্যক চিন্তাৰে চোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে । এনে কণ্ঠই বাংলাদেশী জনসাধাৰণক প্ৰতিনিধিত্ব নকৰে, যিসকলে বুজি পায় যে তেওঁলোকৰ সমৃদ্ধি আৰু নিৰাপত্তা ভাৰতৰ সৈতে শক্তিশালী সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল । দেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ হ’লে আৰু এখন দায়িত্বশীল চৰকাৰ ঘূৰি আহিলেই এনে অসাৱধানতাপূৰ্ণ বাক্যবাণৰ অন্ত পৰিব ।”

‘হাদী হত্যাকাণ্ডই আইন-শৃংখলাৰ অৱনতি প্ৰতিফলিত কৰিছে’

যুৱ নেতা ওছমান হাদী হত্যাকাণ্ডৰ সন্দৰ্ভত শ্বেখ হাচিনাই কয়, “এই কৰুণ হত্যাকাণ্ডই মোৰ চৰকাৰক উৎখাত কৰা আইন-শৃংখলা ভংগৰ কথাও প্ৰতিফলিত কৰিছে আৰু ইউনুছৰ শাসনত অধিক ভয়াৱহ হৈ পৰিছে । হিংসা সাধাৰণ কথা হৈ পৰিছে, আনহাতে অন্তৱৰ্তীকালীন চৰকাৰে হয় স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিছে নহয় ইয়াক ৰোধ কৰাত ব্যৰ্থ হৈছে । এনে ঘটনাই আভ্যন্তৰীণভাৱে বাংলাদেশক অস্থিৰ কৰি তোলে আৰু চুবুৰীয়া দেশৰ সৈতে থকা আমাৰ সম্পৰ্ককো ক্ষতিগ্ৰস্ত কৰে ।”

সংখ্যালঘুৰ বিৰুদ্ধে হোৱা হিংসাক লৈ হতাশা প্ৰকাশ কৰি শ্বেখ হাচিনাই কয়, “ভাৰত এই বিশৃংখলতা, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ আৰু আমি একেলগে গঢ়ি তোলা সকলো বস্তু ধ্বংস হোৱাৰ সাক্ষী হৈ আছে । যেতিয়া আপুনি নিজৰ সীমাৰ ভিতৰত মৌলিক শৃংখলা বজাই ৰাখিব নোৱাৰে, তেতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিশ্বাসযোগ্যতা হেৰুৱাই পেলায় । এয়াই হৈছে ইউনুছৰ বাংলাদেশৰ বাস্তৱতা ।”

‘ভাৰতে প্ৰকাশ কৰা উদ্বেগ ন্যায্য’

ইউনুছক আক্ৰমণ কৰি তেওঁ কয়, “ইউনুছৰ চৰকাৰে উৎসাহিত কৰা চৰমপন্থীয়ে এইবোৰ সৃষ্টি কৰিছিল । এইসকল সেই একেই লোক যিয়ে ভাৰতীয় দূতাবাসত বিক্ষোভ প্ৰদৰ্শন কৰি আমাৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল, যিয়ে নিৰ্ভয়ে সংখ্যালঘুসকলক আক্ৰমণ কৰিছিল আৰু যিসকলে মোৰ পৰিয়াল আৰু মোক আমাৰ পলায়ন কৰিবলৈ বাধ্য কৰাইছিল । ইউনুছে এনে ব্যক্তিক গুৰুত্বপূৰ্ণ আৰু শক্তিশালী পদত ৰাখি দোষী সাব্যস্ত হোৱা চৰমপন্থীক জেলৰ পৰা মুকলি কৰি দিছে ।”

তেওঁ আৰু কয়, “মই এই কথা কবলৈ দুখ পাইছো যে ভাৰতে নিজৰ কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি প্ৰকাশ কৰা উদ্বেগ ন্যায্য । এখন দায়িত্বশীল চৰকাৰে কূটনৈতিক মিছনক সুৰক্ষা দিব আৰু তেওঁলোকক ভাবুকি দিয়াসকলক গোচৰ চলাব । ইয়াৰ পৰিৱৰ্তে ইউনুছে দুৰ্বৃত্তক মুকলিকৈ ঘূৰিবলৈ অনুমতি দিছে আৰু তেওঁলোকক যোদ্ধা বুলি অভিহিত কৰিছে ।”

বাংলাদেশৰ আগন্তুক নিৰ্বাচন সন্দৰ্ভত শ্বেখ হাচিনাই কয়, “আৱামী লীগ অবিহনে নিৰ্বাচন নিৰ্বাচন নহয়, ৰাজ অভিষেক হ’ব । বৰ্তমান ইউনুছে বাংলাদেশৰ জনসাধাৰণৰ পৰা এটাও ভোট নোপোৱাকৈয়ে শাসন কৰি আছে আৰু এতিয়া তেওঁ ৰাইজে ৯ বাৰ নিৰ্বাচন কৰা দলটোক নিষিদ্ধ কৰিব বিচাৰিছে । বাস্তৱত বাংলাদেশীয়ে যদি নিজৰ প্ৰিয় দলক ভোট দিব নোৱাৰে তেন্তে তেওঁলোকে একেবাৰে ভোট নিদিয়ে । সেয়েহে, যদি আৱামি লীগৰ ওপৰত এই নিষেধাজ্ঞা অব্যাহত আছে, লাখ লাখ লোক ভোটাধিকাৰৰ পৰা বঞ্চিত হ’ব ।”

লগতে পঢ়ক : সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে ঢাকাত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ

বেৰিকেড ভাঙি সংসদ ভৱনত প্ৰৱেশ প্ৰতিবাদকাৰী; ইউনুছ চৰকাৰক দিলে ২৪ ঘণ্টাৰ সময়সীমা

জ্বলি আছে বাংলাদেশ। অধিক উত্তপ্ত হৈছে প্ৰতিবাদ। ওছমান হাদীৰ সমৰ্থকে ইউনুছে চৰকাৰক বান্ধি দিলে ২৪ ঘণ্টাৰ সময়সীমা।

বাংলাদেশত শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ পিছত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে।ৰাজধানী ঢাকাত বৃহৎ সংখ্যক হিংসাত্মক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে।ইফালে ওছমান হাদীক সমাধিস্থ কৰাৰ পাছত বেৰিকেড ভাঙি প্ৰতিবাদকাৰীসকলে সংসদ ভৱনত প্ৰৱেশ কৰে।

ওছমান হাদীৰ মৃত্যুৰ পিছত প্ৰতিবাদকাৰীৰ আটাইতকৈ ডাঙৰ দাবী হৈছে হত্যাকাৰীক শাস্তি দিয়া উচিত।ইয়াৰ সমান্তৰালকৈ গৃহ পৰিক্ৰমা উপদেষ্টা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) মহম্মদ জাহাংগীৰ আলম চৌধুৰীৰ পদত্যাগৰ দাবীও তীব্ৰতৰ হৈ পৰিছে।প্ৰতিবাদকাৰীৰ অভিযোগ যে হাদীক গুলীয়াই হত্যা কৰাৰ এসপ্তাহৰ পাছতো হত্যাকাৰী ধৰা পৰা নাই।

ওছমান হাদীক সমাধিস্থ কৰাৰ পিছত তেওঁৰ সমৰ্থকসকলে ইউনুছ চৰকাৰক ভাবুকি দিছে।হাদীৰ সমৰ্থকসকলে ইউনুছ চৰকাৰক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে।

এই সময়ত সমৰ্থকসকলে ইউনুছ চৰকাৰক কৈছে যে, যদি ২৪ ঘন্টাৰ ভিতৰত হাদীৰ সকলো হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰে তেন্তে আন্দোলন আৰু ডাঙৰ হ’ব।

লগতে পঢ়ক: জ্বলি আছে বাংলাদেশ; ঢাকা বিশ্ববিদ্যালয় চৌহদত ওছমান হাদীক সমাধিস্থ কৰাৰ প্ৰস্তুতি,হাই এলাৰ্ট জাৰি

জ্বলি আছে বাংলাদেশ; ঢাকা বিশ্ববিদ্যালয় চৌহদত ওছমান হাদীক সমাধিস্থ কৰাৰ প্ৰস্তুতি,হাই এলাৰ্ট জাৰি

ঢাকা বিশ্ববিদ্যালয় চৌহদত সমাধিস্থ কৰা হ’ব শ্বৰীফ ওছমান হাদীক।দেশখনৰ বিভিন্ন স্থানত জাৰি কৰা হৈছে হাই এলাৰ্ট।

ইনকলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীৰ জানাজাৰ প্ৰাৰ্থনা শনিবাৰে বিয়লি ২ বজাত ঢাকাৰ সংসদ ভৱনৰ (জাতীয় সংগসাদ ভৱন) চাউথ প্লাজাত সম্পন্ন কৰা হ’ব।

এই সন্দৰ্ভত মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰেছ উইঙে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।বাংলাদেশৰ জাতীয় কবি কাজী নজৰুল ইছলামৰ সমাধিৰ সমীপত হাদীক সমাধিস্থ কৰা হ’ব।

জানাজাৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে আৰু সৰ্বসাধাৰণ ৰাইজক আহ্বান জনোৱা হৈছে যে লগত কোনো ধৰণৰ বেগ বা গধুৰ বস্তু নানিব।লগতে সংসদ ভৱনৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে ড্ৰ’ন উৰুৱাও সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ মুক্তিযুদ্ধ আৰু গণতান্ত্ৰিক আন্দোলনৰ সম্পাদিকা ফাতিমা তাছনিম জুমাই কয় যে, পৰিয়ালৰ ইচ্ছা অনুসৰি শ্বৰীফ ওছমান হাদীক ঢাকা বিশ্ববিদ্যালয় চৌহদৰ কেন্দ্ৰীয় মছজিদৰ সমীপত থকা জাতীয় কবি কাজী নজৰুল ইছলামৰ সমাধিৰ সমীপৰ কাষতে তেওঁক সমাধিস্থ কৰা হ’ব।তেওঁ কয় যে বিয়লিৰ নামাজৰ অন্তত মাণিক মিঞা এভিনিউত জানাজা সম্পন্ন কৰা হ’ব।

হাদীৰ মৃত্যুত মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছে শনিবাৰে এটা দিনৰ বাবে ৰাজ্যিক শোক ঘোষণা কৰা হৈছে।শুকুৰবাৰে সন্ধিয়া ছিংগাপুৰৰ পৰা ঢাকালৈ অনা হয় হাদীৰ মৃতদেহ ।

লগতে পঢ়ক: ওছমান হাদীৰ মৃত্যুৰ পিছতে জ্বলিছে বাংলাদেশ;দুটাকৈ সংবাদ প্ৰতিষ্ঠানত অগ্নি সংযোগ