পাক আৰু আফগানিস্তানৰ মাজত ৪৮ ঘণ্টীয়া যুদ্ধবিৰতি; বিমান আক্ৰমণত ১৫ জনৰ নিহত

পাক আৰু আফগানিস্তানৰ মাজত ৪৮ ঘণ্টীয়া যুদ্ধবিৰতি

বুধবাৰে সন্ধিয়া ৬ বজাৰ পৰা (পাকিস্তানৰ সময় অনুসৰি) ৪৮ ঘণ্টাৰ বাবে অস্থায়ী যুদ্ধবিৰতি ৰূপায়ণ কৰিবলৈ সন্মত হয় পাকিস্তান আৰু আফগানিস্তানৰ তালিবান প্ৰশাসনে।

সীমান্তত শেহতীয়াকৈ সংঘটিত সংঘৰ্ষৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে,যাৰ বাবে চুবুৰীয়া দেশ দুখনৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে ঘোষণা কৰা এই যুদ্ধবিৰতিৰ উদ্দেশ্য সীমান্তত যুদ্ধ বিস্তাৰৰ পিছত শত্ৰুতা হ্ৰাস কৰা আৰু আলোচনাৰ পথ মুকলি কৰা।

বিবৃতিটোত কোৱা হৈছে যে দুয়োটা দল অৰ্থাৎ পাকিস্তান আৰু আফগানিস্তান এই জটিল কিন্তু সমাধানযোগ্য সমস্যাটো সমাধানৰ বাবে আন্তৰিক প্ৰচেষ্টা চলাব।

মন্ত্ৰালয়ে কয় যে শত্ৰুতাত যুদ্ধবিৰতিৰ উদ্দেশ্য কূটনৈতিক আলোচনাৰ প্ৰসাৰ আৰু ভৱিষ্যতে জীৱন আৰু সম্পত্তিৰ ক্ষতি ৰোধ কৰা।

লগতে পঢ়ক: এয়া নতুন মধ্যপ্ৰাচ্যৰ ঐতিহাসিক উত্থান; পণবন্দীক মুকলি কৰাৰ পাছত ইজৰাইলৰ সংসদত ট্ৰাম্পৰ ভাষণ

পাকিস্তানত ভয়ংকৰ পৰিস্থিতি; TLPৰ প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষ

পাকিস্তানত ভয়ংকৰ পৰিস্থিতি

পাকিস্তানত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লাহোৰ আৰু মুৰিডকেত তেহৰিক-ই-লাববাইক পাকিস্তানৰ প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হৈছে।

প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু ঘটিছে।নিৰাপত্তা বাহিনীয়ে অত্যাধুনিক অস্ত্ৰৰে গুলীচালনাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে।এই সংঘৰ্ষত ৫০জনৰো অধিক আৰক্ষীও আহত হয়।

উগ্ৰ ইছলামিক দল তেহৰিক-ই-লাববাইক পাকিস্তানে দাবী কৰিছিল যে আৰক্ষীয়ে তেওঁৰ সমৰ্থকলৈ গুলীচালনা কৰিছে।

কেৱল এয়াই নহয়, ৰেঞ্জাৰসকলে এখন বাহনেৰে ৭০ জনক খুন্দা মাৰে, যাৰ ফলত বহু লোকো আহত হৈছে। প্ৰতিবাদকাৰীৰ মতে, মুৰিডকেত আৰক্ষী আৰু ৰেঞ্জাৰসকলে নিৰ্বিচাৰ গুলীচালনা কৰিছে।

লগতে পঢ়ক: ইজৰাইলী পণবন্দীসকলৰ সৈতে হেণ্ডঅভাৰ ছাইটত উপস্থিত হামাছ….

পাকিস্তান আৰু PCB এ মানি ল’লে পৰাজয়; অৱশেষত গতাই দিলে এছিয়া কাপ২০২৫ৰ ট্ৰফী

পাকিস্তান আৰু PCB এ মানি ল’লে পৰাজয়

অৱশেষত পাকিস্তান আৰু PCB এ পৰাজয় মানি ল’লে।পাকিস্তানৰ মন্ত্ৰী মহছিন নকভীয়ে UAF ক্ৰিকেট ব’ৰ্ডক গতাই দিলে এছিয়া কাপ২০২৫ৰ ট্ৰফী। অৱশ্যে এই ট্ৰফী কেতিয়া টিম ইণ্ডিয়াক গতাই দিয়া হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

জানিব পৰা মতে,ভাৰতীয় ব’ৰ্ডে এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী মহছিন নকভীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ কথা চিন্তা কৰিছে।উল্লেখযোগ্য যে এছিয়া কাপত ভাৰতে জয়লাভ কৰাৰ পাছত নকভীয়ে বিজয়ী ট্ৰফীটো লগত লৈ গৈছিল।

ঘটনাৰ সন্দৰ্ভত সচিব দেৱজিৎ শইকীয়াই কয় যে, নকভীয়ে এচিচি আৰু আইচিচিৰ সুনাম নষ্ট কৰিছে।কেৱল এয়াই নহয়, তেওঁ কয় যে নকভীৰ আচৰণ ‘অনুচিত’ আৰু অভদ্ৰ’ আছিল।পৰৱৰ্তী আই চি চিৰ বৈঠকত তেওঁ এই বিষয়টো উত্থাপন কৰিব।

লগতে পঢ়ক: নৱমবাৰলৈ এছিয়া কাপত ভাৰতৰ জয়; পাকিস্তানী মন্ত্ৰীৰ পৰা টীম ইণ্ডিয়াই নল’লে ট্ৰফী

‘আমিও টিম ইণ্ডিয়াকো পৰাস্ত কৰিব পাৰো…’; বাংলাদেশক পৰাস্ত কৰি পাকিস্তানী অধিনায়ক ছলমানৰ প্ৰত্যাহ্বান

বাংলাদেশক পৰাস্ত কৰি পাকিস্তানী অধিনায়ক ছলমানৰ প্ৰত্যাহ্বান

ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ ছুপাৰ-৪ মেচত বাংলাদেশক ১১ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে পাকিস্তানে।

এই ৰোমাঞ্চকৰ জয়ৰ পিছত অধিনায়ক ছলমান আলী আঘাই এটা ডাঙৰ বিবৃতি দি কয় যে তেওঁলোকৰ দলৰ যিকোনো প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাৰ ক্ষমতা আছে,আনকি ভাৰতকো।

এতিয়া এছিয়া কাপৰ ফাইনেলত ভাৰত আৰু পাকিস্তানৰ মাজত ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহাযুদ্ধ নিশ্চিত কৰা হৈছে।মুঠতে এছিয়া কাপ ২০২৫ৰ খিতাপ দখলৰ বাবে এই প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে মুখামুখি হ’ব পাকিস্তান আৰু ভাৰত।

মেচখনৰ পিছত ছলমানে কয়-যদি আপুনি এনে মেচত জয়ী হয় তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি এটা বিশেষ দল,সকলোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়।আমাৰ বেটিঙৰ কিছু উন্নতিৰ প্ৰয়োজন, কিন্তু আমি ইয়াৰ ওপৰত কাম কৰিম।

ছুপাৰ-৪ মেচখনত পাকিস্তানে বাংলাদেশক ১৩৫ ৰানৰ লক্ষ্য দিছিল।ইয়াৰ পিছত বাংলাদেশ ১২৪ ৰানত সীমাবদ্ধ হৈ পৰে।বলাৰসকলে উজ্জ্বল প্ৰদৰ্শন কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়।

ছলমানে আৰু কয় যে-আমি জানো আমি কি কৰিব লাগিব।আমাৰ দলটোৱে যিকোনো ব্যক্তিক পৰাস্ত কৰিব পাৰে।আমি দেওবাৰে খেলপথাৰত উঠি ভাৰতক পৰাস্ত কৰাৰ চেষ্টা কৰিম।

লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বাবে ঘোষণা টিম ইণ্ডিয়া… দেৱদত্ত পাডিক্কালৰ প্ৰৱেশ, বাহিৰ কৰুণ নায়াৰ

এছিয়া কাপৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন টিম ইণ্ডিয়াৰ… নিৰ্বাপিত হোৱাৰ পথত পাকিস্তানৰ আশা

এছিয়া কাপৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন টিম ইণ্ডিয়াৰ

এছিয়া কাপ ২০২৫ৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে টিম ইণ্ডিয়াই ।এতিয়া সকলোৰে দৃষ্টি ইউ এ ই আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনত থাকিব যে কোনটো দলে গ্ৰুপৰ পৰা যোগ্যতা অৰ্জন কৰিব । কিন্তু টিম ইণ্ডিয়াৰ পথ স্পষ্ট হৈ পৰিছে । আচলতে সোমবাৰে গ্ৰুপ এৰ- ইউ এ ই আৰু ওমানৰ মাজত এখন মেচ অনুষ্ঠিত হৈছিল । এই খেলখনত ইউ এ ইয়ে ওমানক ৪২ ৰানত পৰাস্ত কৰে । এয়া আছিল ওমানৰ ক্ৰমাগত দ্বিতীয়টো পৰাজয় । যাৰ বাবে দলটোৰ প্ৰস্থান নিশ্চিত হৈছে । একে সময়তে টিম ইণ্ডিয়াই নিজৰ দুয়োখন মেচতে জয়ী হৈ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াই ইউ এ ইক বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল । ইয়াৰ পিছত দেওবাৰে টিম ইণ্ডিয়াই পাকিস্তানকো ৭ উইকেটত পৰাস্ত কৰে । উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে এছিয়া কাপত ৮টা দলে অংশগ্ৰহণ কৰিছে । ৪টাকৈ দলক দুটাকৈ ভিন্ন গোটত ভাগ কৰা হৈছে । প্ৰতিটো গ্ৰুপৰ ২টা দলে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব ।

এছিয়া কাপ ২০২৫ৰ গ্ৰুপ এত ৪ টা দল- ভাৰত-পাকিস্তান, ইউ এ ই আৰু ওমান । ভাৰতে এই পৰ্যন্ত ২ খন খেল খেলি দুয়োখন খেলতে জয়লাভ কৰিছে । আনহাতে পাকিস্তান আৰু ইউ এ ইয়ে এখনকৈ মেচত জয়লাভ কৰিছে । আনহাতে ওমানে দুয়োখন মেচতে পৰাস্ত হৈছে । এই প্ৰতিযোগিতাত ওমানৰ যাত্ৰা প্ৰায় সমাপ্ত হৈছে ।

১৭ ছেপ্টেম্বৰত পাকিস্তান আৰু ইউ এ ইৰ মাজত এখন মেচ অনুষ্ঠিত হ’ব । এই মেচখনেই নিৰ্ধাৰণ কৰিব কোনটো দলে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব । যদি ইউ এ ইয়ে অঘটন ঘটাই পাকিস্তানক পৰাস্ত কৰে তেন্তে ইউ এ ইয়ে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব । অৱশ্যে নেট ৰান ৰেটৰ ক্ষেত্ৰত পাকিস্তান আগবাঢ়ি আছে ।

এছিয়া কাপ ২০২৫ৰ সপ্তমখন খেলত আজি আয়োজক সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) আৰু ওমানৰ মাজত অনুষ্ঠিত হয় । ওমান দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি ইউ এ ইৰ দলটোৱে শ্বাৰাফু আৰু অধিনায়ক ৱাছিমৰ অৰ্ধ শতকৰ সহায়ত ওমানৰ সন্মুখত ১৭৩ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ওমানৰ দলটো ১৩০ ৰানতে অল আউট হৈ পৰাজয় স্বীকাৰ কৰে ।

লগতে পঢ়ক : ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে… পি চি বিয়ে নিলম্বন কৰিলে নিজৰেই বিষয়াক

“ভাৰতীয় দলক আমি পৰাস্ত কৰিব পাৰো”; পাকিস্তানী নিৰ্বাচক আকিব জাভেদৰ বিস্ফোৰক মন্তব্য

পাকিস্তানী নিৰ্বাচক আকিব জাভেদৰ বিস্ফোৰক মন্তব্য

এছিয়া কাপ ২০২৫ৰ বাবে পাকিস্তানে ইতিমধ্যে তেওঁলোকৰ নিজৰ দল ঘোষণা কৰিছে।দল ঘোষণাৰ পাছতে ভাৰতৰ বিৰুদ্ধে খেলিব লগীয়া খেলখন সন্দৰ্ভত পাকিস্তানী দল নিৰ্বাচক আকিব জাভেদৰ পৰাও এটা ডাঙৰ বক্তব্য আহিছে।

আগন্তুক এছিয়া কাপত পাকিস্তানে ভাৰতৰ সৈতে গ্ৰুপ এত স্থান লাভ কৰিছে,য’ত ১৪ ছেপ্টেম্বৰত ডুবাইৰ খেলপথাৰত তেওঁলোকে টিম ইণ্ডিয়াৰ বিৰুদ্ধে খেলিব।এই মেচখনৰ বিষয়ে বৰ্তমান সকলোতে চৰ্চা দেখা গৈছে।

একে সময়তে পাকিস্তানে এছিয়া কাপৰ বাবে তেওঁলোকৰ দুই ডাঙৰ তাৰকা খেলুৱৈ বাবৰ আজম আৰু মহম্মদ ৰিজৱানক বাছনি কৰা নাই।

এছিয়া কাপৰ দল ঘোষণাৰ পিছতে পাকিস্তানৰ দলৰ নিৰ্বাচক আকিব জাভেদে দিয়া নিজৰ মন্তব্যত ভাৰতৰ বিৰুদ্ধে খেলখন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় পাকিস্তানী টি-২০ দলে ভাৰতক পৰাস্ত কৰিব পাৰে।

ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন সদায় ডাঙৰ খেল।আমি ঘোষণা কৰা ১৭ জনীয়া দলটোত ভাৰতীয় দলক পৰাস্ত কৰাৰ সম্পূৰ্ণ শক্তি আছে।

এই মেচখন সন্দৰ্ভত আমি তেওঁলোকৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰিব নিবিচাৰো যদিও মোৰ দলৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

এছিয়া কাপ ২০২৫ৰ বাবে পাকিস্তানী দলত বাবৰ আজম আৰু মহম্মদ ৰিজৱানক নিৰ্বাচিত নকৰাৰ বিষয়ে জাভেদে কয় যেআমি তেওঁলোকক সম্পূৰ্ণৰূপে আওকাণ কৰা নাই,কিন্তু যিয়ে ভাল প্ৰদৰ্শন কৰিব তেওঁ হে দলত স্থান পাব।

লগতে পঢ়ক: এছিয়া কাপৰ পূৰ্বে পৰিয়ালসহ উজ্জয়িনৰ মহাকালৰ মন্দিৰত উপস্থিত গৌতম গম্ভীৰ…

পাকিস্তানত প্ৰকৃতিৰ বিভীষিকা… জলপ্ৰলয়ত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে তিনিশ

পাকিস্তানত প্ৰকৃতিৰ বিভীষিকা

পাকিস্তানত এতিয়া প্ৰকৃতিৰ বিভীষিকা । পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । কেইবাদিনো ধৰি হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনে এতিয়ালৈকে অঞ্চলটোত ৩০০ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে ।

প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে এই বানত ৩০৭ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে বুনাৰত কমেও ১৮৪ জন লোকৰ মৃত্যু হৈছে । শ্বাংলাত ৩৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মানছেহৰাত ২৩ জন, শ্বাটত ২২ জন, বাজাউৰত ২১ জন, বট্টাগ্ৰামত ১৫ জন, ল’ৱাৰ ডিৰত ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এবটাবাদত এটি শিশুৰ পানীত পৰি মৃত্যু হয় ।

শুকুৰবাৰে হোৱা ভয়াৱহ বানপানীয়ে পথ, দলং, অট্টালিকা, বিদ্যুৎ সংযোগকে ধৰি আন্তঃগাঁথনিৰ ভয়াৱহ ক্ষতিসাধন কৰিছে । ডনে প্ৰকাশ কৰা অনুসৰি বানপানীৰ সময়ত নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা পানী হ্ৰাস পোৱাৰ পিছতহে জানিব পৰা যাব বুলি বিষয়াসকলে কয় ।

পি ডি এম এই ক্ষয়-ক্ষতিৰ মূল্যায়ন অব্যাহত ৰাখি কয় যে ৭টা ঘৰ ধ্বংস হোৱাৰ লগতে ৩৮টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে, বেছিভাগেই শ্বাট জিলাত । পি ডি এম এই আৰু কয় যে তিনিখন বিদ্যালয় ধ্বংস হোৱাৰ লগতে আন তিনিখন বিদ্যালয়ৰ ক্ষতিসাধন হৈছে । ডনে প্ৰকাশ কৰা অনুসৰি ২১ আগষ্টলৈকে প্ৰদেশখনৰ বিভিন্ন ঠাইত বৰষুণ অব্যাহত থাকিব বুলি কৰ্তৃপক্ষই সকীয়াই দিছে ।

ইফালে বানপানী অহাৰ পিছত বুনেৰ জিলাৰ উদ্ধাৰকাৰী দলে ৩০০ স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি আৱদ্ধ হৈ থকা ২০৭১ জন লোকক সুৰক্ষিত স্থানলৈ উদ্ধাৰ কৰে । লগতে দুৰ্যোগপীড়িত অঞ্চলসমূহত উদ্ধাৰ অভিযান চলি থকাৰ বাবে সমগ্ৰ জিলাখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে । আনহাতে এবটাবাদ চহৰখন বানত বেয়াকৈ প্ৰভাৱিত হৈছে, প্ৰায় সকলো মূল পথ ডুব গৈছে ।

লগতে পঢ়ক : সমাধান নোলাল ইউক্ৰেইন যুদ্ধৰ… তিনি ঘন্টা ধৰি চলিল ট্ৰাম্প-পুটিনৰ ৰুদ্ধদ্বাৰ বৈঠকৰ

ভাৰতৰ পথ অৱৰোধ কৰি ৪১০ কোটিৰ লোকচানৰ সন্মুখীন পাকিস্তান !

ভাৰতৰ পথ অৱৰোধ কৰি ৪১০ কোটিৰ লোকচানৰ সন্মুখীন পাকিস্তান !

প্ৰতিটো ফ্ৰণ্টতে ভাৰতৰ হাতত পৰাস্ত হোৱা পাকিস্তানৰ অৱস্থা এতিয়া পৃথিৱীৰ কোনো দেশৰ পৰা লুকাই থকা নাই । অর্থনৈতিক দিশত পাকিস্তানে লাভ কৰা আন এক ডাঙৰ আঘাত পোহৰলৈ আহিছে ৷ ভাৰতৰ পথ অৱৰোধ কৰাটো পাকিস্তানৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হৈছে আৰু ইয়াৰ বাবেই দেশখনৰ বাবে ৪১০ কোটি টকাৰ লোকচান হৈছে । এই পৰিমাণ পাকিস্তানী টকাত, যাৰ মূল্য ভাৰতীয় টকাত ১২৭ কোটি । আচলতে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২৩ এপ্ৰিলত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাত পাকিস্তান ক্ষুব্ধ হৈ পৰিছিল । এই ক্ৰোধত দেশখনে এদিন পিছতে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে । এই কাম কৰি মাত্ৰ ২ মাহৰ ভিতৰতে ইমান বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ল পাকিস্তান ।

পাক প্ৰতিৰক্ষা মন্ত্ৰালয়ে শ্বেয়াৰ কৰিলে এই তথ্য-

পাকিস্তানী কাকত দ্য ডনৰ বাতৰি অনুসৰি শুকুৰবাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় সদনত লোকচানৰ পৰিসংখ্যা প্ৰকাশ কৰা হয় । পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি দ্য ডনে প্ৰকাশ কৰিছে যে এই লোকচান ২০২৫ চনৰ ২৪ এপ্ৰিলৰ পৰা ৩০ জুনলৈকে হৈছিল, যেতিয়া ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰা হৈছিল । এই পদক্ষেপৰ ফলত প্ৰায় ১০০-১৫০ ভাৰতীয় বিমান ক্ষতিগ্ৰস্ত হয় । ইয়াৰ ভিতৰত লিজত লোৱা বিমানো আছে ।

পাকিস্তান বৃহৎ লোকচানৰ সন্মুখীন হ’লেও ৪১০ কোটি টকাৰ লোকচান সন্দৰ্ভত দায় সৰাৰ দৰে বিবৃতি দিয়ে । দ্য ডন কাকতৰ মতে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে আকাশমাৰ্গ নিষিদ্ধ কৰাটো ফেডাৰেল চৰকাৰৰ অধীনস্থ । বিবৃতিটোত কোৱা হৈছে যে, ‘আৰ্থিক লোকচান হ’লেও অৰ্থনৈতিক স্বাৰ্থতকৈ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাক অগ্ৰাধিকাৰ দিয়া হয় ।’

আনহাতে, বৃহৎ লোকচানৰ মাজতো পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষৰ মুঠ ৰাজহ ২০১৯ চনত ৫,০৮,০০০ ডলাৰৰ পৰা ২০২৫ চনত ৭,৬০,০০০ ডলাৰলৈ বৃদ্ধি পাইছে । কিন্তু এই বৃদ্ধি ৬ বছৰত প্ৰায় ৭%, যি বিশেষ সন্তোষজনক অগ্ৰগতি দেখুৱাব পৰা নাই ।

লগতে পঢ়ক : ২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বাংলাদেশত… নিৰ্বাচন আয়োগৰ ঘোষণা

বিফল পাকিস্তানৰ মিছাইল পৰীক্ষণ, নিৰ্ধাৰিত লক্ষ্যৰ সলনি পৰিলহি পৰমাণু কেন্দ্ৰৰ সমীপত

বিফল পাকিস্তানৰ মিছাইল পৰীক্ষণ

শেহতীয়াকৈ পাকিস্তানী সেনাই শ্বাহীন-৩ মিছাইল পৰীক্ষণ কৰে । কিন্তু পৰীক্ষণ দুৰ্ভাগ্যজনকভাৱে বিফল হয় । এই ক্ষেপণাস্ত্ৰ পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰাকৈ সক্ষম । বেলুচিস্তানৰ ডেৰা গাজী খান অঞ্চলৰ পৰা নিক্ষেপ কৰা এই ক্ষেপণাস্ত্ৰ অসামৰিক এলেকাৰ সমীপত পৰে । মঙলবাৰে এই তথ্য প্ৰদান কৰে বেলুচ নেতা মিৰ য়াৰ বালোচে ।

বেলুচ বিদ্ৰোহীয়ে বেলুচিস্তানক পাকিস্তানৰ অংশ বুলি গণ্য নকৰে আৰু পাকিস্তানে এই অঞ্চল দখল কৰাৰ বিৰোধিতা কৰে । বেলুচ নেতা মিৰ য়াৰ বালোচে এক্সত এটা পোষ্টত লিখিছে, “বেলুচ গণৰাজ্যই পাকিস্তানৰ বাৰে বাৰে ব্যৰ্থ ক্ষেপণাস্ত্ৰ পৰীক্ষাক তীব্ৰ গৰিহণা দিয়ে । পাকিস্তানে বেলুচিস্তানৰ ভূখণ্ডৰ অখণ্ডতা অহৰহ উলংঘা কৰি সাধাৰণ নাগৰিকৰ জীৱন বিপন্ন কৰি আহিছে ।”

তেওঁ কয়, ২২ জুলাইত পাকিস্তানৰ দখলদাৰী সেনাই ৰিপাব্লিক অৱ বেলুচিস্তানত ব্যৰ্থ মিছাইল পৰীক্ষণ চলাইছিল । স্থানীয় লোকে জনোৱা মতে, বেলুচিস্তানৰ ডেৰা গাজী খান অঞ্চলৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল, যিটো ক্ষেপণাস্ত্ৰ অসামৰিক অঞ্চলৰ সমীপত লুপ ছাহৰানী লেভি ষ্টেচনৰ পৰা মাত্ৰ ৫০০ মিটাৰ উত্তৰত ভূপতিত হয় । যদিহে ক্ষেপণাস্ত্ৰটো সামান্যভাৱেও বিচ্যুত হ’লহেঁতেন তেন্তে ইয়াৰ ফলত যথেষ্ট লোকৰ মৃত্যু হোৱাৰ লগতে সা-সম্পত্তিৰ বিপুল ক্ষতি হোৱাৰ সম্ভাৱনা আছিল ।

তেওঁ কয়, এয়া একমাত্ৰ ঘটনা নহয় । পাকিস্তানী সেনাই দীৰ্ঘদিন ধৰি ক্ষেপণাস্ত্ৰ পৰীক্ষণক অজুহাত হিচাপে লৈ ডেৰা বুগটি, কাহান আৰু ইয়াৰ আশে-পাশে থকা কৌশলগত অঞ্চলৰ পৰা বেলুচ লোকসকলক বলপূৰ্বকভাৱে আঁতৰাই আহিছে । স্থানীয় লোকে ভয়-ভাবুকিৰ ঘটনাৰ খবৰ দিছে, যিয়ে এক অতি চিন্তনীয় দিশ আঙুলিয়াই দিয়ে । বলপূৰ্বক স্থানচ্যুতিৰ নীতি চৰকাৰী পৰ্যায়ত চলি আছে, যাতে সম্পদৰ শোষণৰ মুকলি হয় ।

লগতে পঢ়ক : হামাছৰ কামাণ্ডাৰ বশৰ থাবেটক হত্যা ইজৰাইলৰ; ৭৫টা সন্ত্ৰাসবাদীৰ স্থানত আক্ৰমণ