অসমৰ ইউচিচি বিধেয়কক ঐতিহাসিক আখ্যা বিজেপি ৰাষ্ট্ৰীয় সভাপতিৰ

বিজেপি নেতাজনে অসম চৰকাৰক উষ্ম অভিনন্দন জ্ঞাপন কৰে । তেওঁ উল্লেখ কৰে যে বিজেপি দলৰ মূল আদৰ্শ আৰু নীতি সদায় “সৰ্বাত্মক ন্যায় আৰু কাৰো তোষণ নকৰা” নীতিৰ ওপৰত প্ৰতিষ্ঠিত ।

অসমৰ সংসদীয় ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰি বুধবাৰে (২৭ মে’) অসম বিধানসভাত বহু প্ৰত্যাশিত অভিন্ন দেৱানী বিধি (UCC) বিধেয়কখন গৃহীত কৰা হয় । ৰাজ্য চৰকাৰৰ এই পদক্ষেপক এক “ঐতিহাসিক” সিদ্ধান্ত বুলি অভিহিত কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনে । তেওঁ কয় যে এই ঐতিহাসিক পদক্ষেপে সমগ্ৰ দেশতে সমান অধিকাৰ সুনিশ্চিত কৰাৰ লগতে এক অভিন্ন দেৱানী ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব ।

সামাজিক মাধ্যম ‘X’ -ত কৰা এটা পোষ্টৰ জৰিয়তে বিজেপি নেতাজনে অসম চৰকাৰক উষ্ম অভিনন্দন জ্ঞাপন কৰে । তেওঁ উল্লেখ কৰে যে বিজেপি দলৰ মূল আদৰ্শ আৰু নীতি সদায় “সৰ্বাত্মক ন্যায় আৰু কাৰো তোষণ নকৰা” নীতিৰ ওপৰত প্ৰতিষ্ঠিত । নবীনে কয়, “অসম বিধানসভাত অভিন্ন দেৱানী বিধি বিধেয়ক গৃহীত হোৱাটো সমগ্ৰ দেশতে সমান অধিকাৰ আৰু এক উমৈহতীয়া দেৱানী ব্যৱস্থাৰ দিশত এক অত্যন্ত গুৰুত্বপূৰ্ণ তথা প্ৰশংসনীয় পদক্ষেপ ।”

দেশৰ তৃতীয়খন ৰাজ্য হিচাপে অসমৰ অভিলেখ-

এই আইনখন পাছ হোৱাৰ লগে লগে অসমে দেশৰ ভিতৰতে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । দেৱভূমি উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত অভিন্ন দেৱানী বিধি আইনখন পাছ কৰা অসম সমগ্ৰ দেশৰ ভিতৰতে তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে ।

“দেৱভূমি উত্তৰাখণ্ড আৰু গুজৰাটৰ খোজ অনুসৰণ কৰি অসমেও অভিন্ন দেৱানী বিধি ৰূপায়ণ কৰিছে, যাৰ জৰিয়তে সামাজিক সম্প্ৰীতি আৰু সকলো নাগৰিকৰ বাবে সমান ন্যায় নিশ্চিত কৰাৰ প্ৰতি থকা দায়বদ্ধতা চৰকাৰে শক্তিশালীভাৱে প্ৰদৰ্শন কৰিছে ।” — নীতিন নবীন

মোদী আৰু শৰ্মাৰ নেতৃত্বক প্ৰশংসা-

বিজেপি নেতা নবীনে এই যুগান্তকাৰী পদক্ষেপৰ সম্পূৰ্ণ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বক প্ৰদান কৰে । তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে যে অসম চৰকাৰৰ এই সাহসী আৰু দূৰদৰ্শী সিদ্ধান্তই দেশৰ অখণ্ডতা ৰক্ষা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সপোন “এক ভাৰত, শ্ৰেষ্ঠ ভাৰত”ৰ মৰ্মবাণীক ভৱিষ্যতে অধিক শক্তিশালী আৰু সাকাৰ কৰি তুলিব ।

লগতে পঢ়ক : ঐতিহাসিক সিদ্ধান্ত; বিধানসভাত গৃহীত হ’ল UCC

হিমন্ত বিশ্বৰ শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যাৰ চৰণত বিজেপি সভাপতি নীতিন নবীন

আজি মঙলবাৰে গুৱাহাটীত এক ভব্য অনুষ্ঠানৰ জৰিয়তে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব

অসমত ধাৰাবাহিকভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে শাসনৰ বাঘজৰী ল’বলৈ সাজু হৈছে বিজেপিৰ নেতৃত্বাধীন এন ডি এ জোঁট । আজি মঙলবাৰে গুৱাহাটীত এক ভব্য অনুষ্ঠানৰ জৰিয়তে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব । এই গুৰুত্বপূৰ্ণ ক্ষণৰ পূৰ্বে বিজেপিৰ সভাপতি নীতিন নবীনে পৰিয়ালসহ মা কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰে ।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নবীনে কয় যে মা কামাখ্যাৰ আশীৰ্বাদ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি ৰাইজে দেখুওৱা বিশ্বাসৰ বাবেই এই ঐতিহাসিক বিজয় সম্ভৱ হৈছে ।

শপত গ্ৰহণৰ বিশেষ আকৰ্ষণ-

আজি ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰীয় ৰাজনীতিৰ বহু হেভিৱেইট নেতা উপস্থিত থাকিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

নতুন কেবিনেটৰ মুখসমূহ-

মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই শপত লোৱাৰ লগতে আজি কেইবাজনো মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব । ড০ শৰ্মাই ইতিমধ্যে সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে যে তেওঁৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে মন্ত্ৰী হিচাপে শপত ল’ব । ইয়াৰ উপৰিও, জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত দাসক বিধানসভাৰ অধ্যক্ষ পদৰ বাবে মনোনীত কৰা হৈছে ।

লগতে পঢ়ক : হিমন্ত চৰকাৰ ২.০ : শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

‘মাত্ৰ চাই থাকক আগলৈ কি হয়’; ৰাঘৱ চাদ্দা বিজেপি গমনক লৈ নীতিন নবীনৰ বিস্ফোৰক ভাষ্য

আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাতজন সাংসদে দল ত্যাগ কৰাক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বৃহৎ বিবৃতি প্ৰকাশ কৰিছে।

আম আদমি পাৰ্টিৰ ১০ জন ৰাজ্যসভাৰ সাংসদৰ ভিতৰত ৭ গৰাকীয়ে দলটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰি সামূহিকভাৱে দল ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। ইয়াৰ পিছত তিনিজন সাংসদে বিজেপিত যোগদান কৰাৰ ঘোষণা কৰিছে। ৰাঘৱ চাদ্দাকে ধৰি আপৰ সাংসদসকলে এনেদৰে দল ত্যাগ কৰাক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বৃহৎ বিবৃতি প্ৰকাশ কৰিছে।

আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত তীব্ৰ আক্ৰমণ চলালে নীতিন নবীনে।নীতিন নবীনে কয়, ‘যিজন নেতাৰ প্ৰতি আকৰ্ষণ নাই, যিজন নেতাৰ দুৰ্নীতিত সমগ্ৰ দেশ বিৰক্ত হৈ পৰিছে,মই ভাবো,এনে এজন নেতাৰ বাবে প্ৰচাৰ চলোৱাৰ নৈতিক কৰ্তব্য ক’ত আছে?

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৰাঘৱ চাধা আৰু আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ দুই তৃতীয়াংশ সাংসদ বিজেপিত যোগদান সন্দৰ্ভত কয় যে, ‘ডুব যাবলৈ ধৰা নাৱত কোনে উঠিব?প্ৰথমে আম আদমী পাৰ্টি ডুব গ’ল; এতিয়া টিএমচি ডুব যাব।বিৰোধী এতিয়া বিলুপ্তিৰ পথত। তেওঁ আৰু কয়, ‘এতিয়া আৰু বহুত কিবা কিবি হ’বলগীয়া আছে।মাত্ৰ চাই থাকক আগলৈ কি হয়’ ।

লগতে পঢ়ক: “যেতিয়ালৈকে এজনো বিজেপি কৰ্মী জীয়াই থাকে,বংগত বাবৰি মছজিদ নিৰ্মাণ হ’বলৈ নিদিওঁ”; গৃহমন্ত্ৰী অমিত শ্বাহৰ বিস্ফোৰক

বিজেপিৰ মুখ্য কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰিলে নীতিন নবীনে, শ্বাহ-নাড্ডাই জনালে শুভেচ্ছা

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাবে নিযুক্তি পোৱা নীতিন নবীনে সোমবাৰে মুখ্য কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰে । এই সময়ত তেওঁৰ সৈতে উপস্থিত থাকে জেপি নাড্ডাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ।

ভাৰতীয় জনতা পাৰ্টিৰ নৱ নিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি তথা বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনে সোমবাৰে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নীতিন নবীনক পাগুৰি আৰু ফুলৰ থোপা উপহাৰ দি দায়িত্ব প্ৰদান কৰে ।

ইয়াৰ পিছতে দলৰ কাৰ্যালয়ত বিজেপিৰ কেইবাজনো নেতাই নবীনক দলৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায় । নীতিন কাৰ্যকৰী সভাপতি হোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৫ বছৰ বয়সতে নীতিনে ৰাষ্ট্ৰীয় বিজেপিৰ এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠীত হয় ।

ইয়াৰ পূৰ্বে দিল্লীত বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনক বিজেপিৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে এক উষ্ম আদৰণি জনোৱা হয় । দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সছদেৱে নবীনক দিল্লীত উপস্থিত হোৱাৰ লগে লগে বিমানবন্দৰত আদৰণি জনায় । বিহাৰত সবল সাংগঠনিক উপস্থিতি থকা এজন নিকা নেতা হিচাপে নবীনৰ সুনাম আছে ।

লগতে পঢ়ক : কেৰালাত বাওঁপন্থীৰ অক্ষত দুৰ্গত মোক্ষম আঘাত, অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

ৰাষ্ট্ৰীয় বিজেপিৰ নতুন কাৰ্যকৰী সভাপতি নীতিন নবীন

বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনক ৰাষ্ট্ৰীয় বিজেপিৰ নতুন কাৰ্যকৰী সভাপতি হিচাবে নিযুক্তি দিয়া হৈছে ।

এক বৃহৎ আৰু কৌশলগত সাংগঠনিক সিদ্ধান্তত ভাৰতীয় জনতা পাৰ্টিয়ে বিহাৰ চৰকাৰৰ মন্ত্ৰী তথা বাংকেপুৰৰ পাঁচবাৰৰ বিধায়ক নীতিন নবীনক দলটোৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিযুক্তি দিছে । এই নিযুক্তি তৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে । তেওঁৰ সাংগঠনিক সামৰ্থ্য, নিৰ্বাচনী কৌশল, প্ৰশাসনিক অভিজ্ঞতা, তৃণমূল পৰ্যায়ৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দলৰ শীৰ্ষ নেতৃত্বই তেওঁক এই দায়িত্ব অৰ্পণ কৰিছে । দলীয় সূত্ৰৰ মতে, এই নিযুক্তি কেৱল সাংগঠনিক পৰিৱৰ্তন নহয়, ৰাষ্ট্ৰীয় ৰাজনীতিৰ ভৱিষ্যতৰ দিশ গঢ় দিয়া পদক্ষেপ হিচাপেও গণ্য কৰা হৈছে ।

নীতিন নবীনক বিজেপিৰ ভিতৰতে সংগঠনৰ প্ৰতিটো স্তৰতে কাম কৰা নেতা হিচাপে দেখা যায় । যুৱ শাখাৰ পৰা ৰাজ্য চৰকাৰ আৰু এতিয়া ৰাষ্ট্ৰীয় সংগঠনলৈ তেওঁৰ যাত্ৰাক দলৰ ভিতৰত আস্থাৰ প্ৰতীক হিচাপে গণ্য কৰা হয় । দলৰ ভিতৰতে তেওঁ এজন অনুশাসিত সংগঠক, শক্তিশালী কৌশলবিদ আৰু তৃণমূল পৰ্যায়ৰ শক্তিশালী সংযোগ থকা নেতা হিচাপে পৰিচিত । এই কাৰণেই যেতিয়া দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠন আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে, তেতিয়া নেতৃত্বই নবীনক এই দায়িত্ব প্ৰদান কৰে ।

ছত্তীশগড়ৰ প্ৰভাৰীৰ দায়িত্বত নিযুক্তি দি বিজেপিয়ে নীতিন নবীনক এক উল্লেখযোগ্য দায়িত্ব অৰ্পণ কৰিছিল । তাত তেওঁ বিশেষভাৱে বুথ পৰ্যায়ৰ পৰিচালনা, সাংগঠনিক সম্প্ৰসাৰণ, নিৰ্বাচনী সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । ফলত ছত্তীশগড়ত দলটোৱে এক বৃহৎ আৰু নিৰ্ণায়ক জয় লাভ কৰে । এই বিজয়ে স্পষ্ট কৰি দিলে যে নীতিন নবীন কেৱল বিহাৰতে সীমাবদ্ধ নেতা নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন গঢ়াৰ ক্ষমতাৰ অধিকাৰী ।

লগতে পঢ়ক : কেৰালাত বাওঁপন্থীৰ অক্ষত দুৰ্গত মোক্ষম আঘাত, অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে