হিমন্ত বিশ্বৰ শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যাৰ চৰণত বিজেপি সভাপতি নীতিন নবীন

হিমন্ত বিশ্বৰ শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যাৰ চৰণত বিজেপি সভাপতি নীতিন নবীন

আজি মঙলবাৰে গুৱাহাটীত এক ভব্য অনুষ্ঠানৰ জৰিয়তে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব অসমত ধাৰাবাহিকভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে শাসনৰ বাঘজৰী ল’বলৈ সাজু হৈছে বিজেপিৰ নেতৃত্বাধীন এন ডি এ জোঁট । আজি মঙলবাৰে গুৱাহাটীত এক ভব্য অনুষ্ঠানৰ জৰিয়তে ড° হিমন্ত বিশ্ব শৰ্মাৰ

আজি মঙলবাৰে গুৱাহাটীত এক ভব্য অনুষ্ঠানৰ জৰিয়তে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব

অসমত ধাৰাবাহিকভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে শাসনৰ বাঘজৰী ল’বলৈ সাজু হৈছে বিজেপিৰ নেতৃত্বাধীন এন ডি এ জোঁট । আজি মঙলবাৰে গুৱাহাটীত এক ভব্য অনুষ্ঠানৰ জৰিয়তে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব । এই গুৰুত্বপূৰ্ণ ক্ষণৰ পূৰ্বে বিজেপিৰ সভাপতি নীতিন নবীনে পৰিয়ালসহ মা কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰে ।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নবীনে কয় যে মা কামাখ্যাৰ আশীৰ্বাদ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি ৰাইজে দেখুওৱা বিশ্বাসৰ বাবেই এই ঐতিহাসিক বিজয় সম্ভৱ হৈছে ।

শপত গ্ৰহণৰ বিশেষ আকৰ্ষণ-

আজি ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰীয় ৰাজনীতিৰ বহু হেভিৱেইট নেতা উপস্থিত থাকিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

নতুন কেবিনেটৰ মুখসমূহ-

মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই শপত লোৱাৰ লগতে আজি কেইবাজনো মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব । ড০ শৰ্মাই ইতিমধ্যে সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে যে তেওঁৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে মন্ত্ৰী হিচাপে শপত ল’ব । ইয়াৰ উপৰিও, জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত দাসক বিধানসভাৰ অধ্যক্ষ পদৰ বাবে মনোনীত কৰা হৈছে ।

লগতে পঢ়ক : হিমন্ত চৰকাৰ ২.০ : শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

শেহতীয়া প্ৰৱন্ধসমূহ