‘মাত্ৰ চাই থাকক আগলৈ কি হয়’; ৰাঘৱ চাদ্দা বিজেপি গমনক লৈ নীতিন নবীনৰ বিস্ফোৰক ভাষ্য

‘মাত্ৰ চাই থাকক আগলৈ কি হয়’; ৰাঘৱ চাদ্দা বিজেপি গমনক লৈ নীতিন নবীনৰ বিস্ফোৰক ভাষ্য

আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাতজন সাংসদে দল ত্যাগ কৰাক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বৃহৎ বিবৃতি প্ৰকাশ কৰিছে। আম আদমি পাৰ্টিৰ ১০ জন ৰাজ্যসভাৰ সাংসদৰ ভিতৰত ৭ গৰাকীয়ে দলটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰি সামূহিকভাৱে দল ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। ইয়াৰ পিছত তিনিজন সাংসদে বিজেপিত

আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাতজন সাংসদে দল ত্যাগ কৰাক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বৃহৎ বিবৃতি প্ৰকাশ কৰিছে।

আম আদমি পাৰ্টিৰ ১০ জন ৰাজ্যসভাৰ সাংসদৰ ভিতৰত ৭ গৰাকীয়ে দলটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰি সামূহিকভাৱে দল ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। ইয়াৰ পিছত তিনিজন সাংসদে বিজেপিত যোগদান কৰাৰ ঘোষণা কৰিছে। ৰাঘৱ চাদ্দাকে ধৰি আপৰ সাংসদসকলে এনেদৰে দল ত্যাগ কৰাক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বৃহৎ বিবৃতি প্ৰকাশ কৰিছে।

আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত তীব্ৰ আক্ৰমণ চলালে নীতিন নবীনে।নীতিন নবীনে কয়, ‘যিজন নেতাৰ প্ৰতি আকৰ্ষণ নাই, যিজন নেতাৰ দুৰ্নীতিত সমগ্ৰ দেশ বিৰক্ত হৈ পৰিছে,মই ভাবো,এনে এজন নেতাৰ বাবে প্ৰচাৰ চলোৱাৰ নৈতিক কৰ্তব্য ক’ত আছে?

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৰাঘৱ চাধা আৰু আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ দুই তৃতীয়াংশ সাংসদ বিজেপিত যোগদান সন্দৰ্ভত কয় যে, ‘ডুব যাবলৈ ধৰা নাৱত কোনে উঠিব?প্ৰথমে আম আদমী পাৰ্টি ডুব গ’ল; এতিয়া টিএমচি ডুব যাব।বিৰোধী এতিয়া বিলুপ্তিৰ পথত। তেওঁ আৰু কয়, ‘এতিয়া আৰু বহুত কিবা কিবি হ’বলগীয়া আছে।মাত্ৰ চাই থাকক আগলৈ কি হয়’ ।

লগতে পঢ়ক: “যেতিয়ালৈকে এজনো বিজেপি কৰ্মী জীয়াই থাকে,বংগত বাবৰি মছজিদ নিৰ্মাণ হ’বলৈ নিদিওঁ”; গৃহমন্ত্ৰী অমিত শ্বাহৰ বিস্ফোৰক

শেহতীয়া প্ৰৱন্ধসমূহ