ঈদ পালন কৰি উভতি অহা ২৩ জনৰ সৈতে শোকাৱহ ঘটনা, কেইবাজনো সন্ধানহীন

ঈদৰ বন্ধৰ দিন উদযাপন কৰি ঢাকালৈ উভতি আহিছিল এই সকল লোক

বাংলাদেশত এখন যাত্ৰীবাহী বাছ নদীত বাগৰি পৰি ডুব যোৱাৰ ফলত ২৩ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । বুধবাৰে সন্ধিয়া প্ৰায় ৫.১৫ বজাত ৰাজবাৰী জিলাৰ দৌলতদিয়া টাৰ্মিনেলত এই ঘটনা সংঘটিত হয় । বাছখন ফেৰীত উঠিবলৈ চেষ্টা কৰি থকাৰ সময়তে হঠাৎ ভাৰসাম্য হেৰুৱাই পদ্মা নদীত বাগৰি পৰে ।

খবৰ অনুসৰি বাছখনত কেইবাটিও শিশুকে ধৰি প্ৰায় ৪০ জন যাত্ৰী আছিল । ঈদৰ বন্ধৰ দিন উদযাপন কৰি ঢাকালৈ উভতি আহিছিল এই সকল লোক । দুৰ্ঘটনাটোৰ পিছতে ততাতৈয়াকৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰা হয় । অত্যন্ত কঠিন পৰিস্থিতি আৰু বেয়া বতৰৰ মাজতো প্ৰায় ৬ ঘণ্টা কঠোৰ প্ৰচেষ্টাৰ অন্তত অৱশেষত ক্ৰেন ব্যৱহাৰ কৰি বাছখন নদীৰ পৰা ওলিয়াই অনা হয় ।

বাছখন উলিয়াই অনাৰ সময়ত ভিতৰত ১৪টা মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে ডুবাৰুৱে ইয়াৰ পূৰ্বে দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে । ইয়াৰ ফলত মুঠ মৃত্যু হোৱা নিশ্চিত লোকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছে । এতিয়াও কেইবাজনো লোক সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ সন্ধান অব্যাহত আছে । সেনা, আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উপকূলৰক্ষী বাহিনীৰ দলসমূহে যৌথভাৱে অনুসন্ধান অভিযান চলাই আছে ।

প্ৰত্যক্ষদৰ্শীৰ মতে, বাছখন ফেৰীখনৰ কাষ চাপি অহাৰ লগে লগে এখন সৰু ইউটিলিটি ফেৰীয়ে খুন্দা মাৰে । ইয়াৰ ফলত বাছ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু বাছখন পোনে পোনে নদীত বাগৰি যায় । একাংশ যাত্ৰী সাঁতুৰি নিৰাপদ স্থানলৈ যাবলৈ সক্ষম হয় বা উদ্ধাৰ কৰা হয় যদিও বেছিভাগ যাত্ৰী বাছৰ ভিতৰত আবদ্ধ হৈ পৰে ।

লগতে পঢ়ক : পশ্চিম বংগৰ নিৰ্বাচনৰ পূৰ্বে চাঞ্চল্যৰ ঘটনা; উদ্ধাৰ ৮৪টা দেশত নিৰ্মিত বোমা

গংগা এক্সপ্ৰেছৱেত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ; ছয়জনৰ মৃত্যু

গংগা এক্সপ্ৰেছৱেত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ

সম্ভলৰ গংগা এক্সপ্ৰেছৱে’ত এক ভয়ংকৰ পথা দুৰ্ঘটনা সংঘটিত হৈছে।দুৰ্ঘটনাটোৰ ফলত ৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।

তথ্য অনুসৰি গংগা এক্সপ্ৰেছৱেত তীব্ৰবেগী আহি থকা অল্ট’  বাহন আৰু এখন পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ হয়।  

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে পিকআপখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ লগতে অল্ট’  বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হয়।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চনাই। আহতসকলক চিকিৎসালয়লৈ নিয়াৰ বিপৰীতে মৃতদেহক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।কুঁৱলীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।

লগতে পঢ়ক: সুউচ্চ অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড; মৃত্যুৰ সংখ্যা ৪৪লৈ বৃদ্ধি

ভয়ংকৰ দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ; পাঁজনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা

উত্তৰাখণ্ডত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে । ৰাজ্যখনৰ তেহৰী জিলাৰ নৰেন্দ্ৰনগৰ কুঞ্জাপুৰী মন্দিৰৰ ওচৰত বাছখন দুৰ্ঘটনাত পতিত হয় । বাছখনত ২৯ জন যাত্ৰী আছিল, যিসকল গুজৰাটৰ পৰা কুঞ্জাপুৰী মন্দিৰ চাবলৈ আহিছিল । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে জিলা দণ্ডাধীশ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় ।

নৰেন্দ্ৰনগৰ আৰক্ষী থানা এলেকাৰ কুঞ্জাপুৰী-হিন্দোলাখালৰ ওচৰৰ প্ৰায় ৭০ মিটাৰ দ খাৱৈত বাছখন পৰি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । স্থানীয় লোকসকলেও ঘটনাৰ পিছতে উদ্ধাৰৰ কাম আৰম্ভ কৰে । আৰক্ষী-প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰে । জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়াই কয় যে এই দুৰ্ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছে, য’ত চাৰিজন পুৰুষ আৰু এগৰাকী মহিলাও আছে । তিনিজন আহতক এইমছ ঋষিকেশ আৰু চাৰিজন আহতক শ্ৰীদেৱ সুমন উপ জিলা হাস্পতাল নৰেন্দ্ৰনগৰক ভৰ্তি কৰা হৈছে । ১৭ গৰাকী যাত্ৰীৰ আঘাত সামান্য ।

লগতে পঢ়ক : সলনি হ’ব পাৰে ভাৰত-পাকিস্তানৰ সীমান্তঃ ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য

তীৰ্থযাত্ৰা কৰিবলৈ যোৱাই হ’ল কাল; ৰে’লৰ খুন্দাত প্ৰাণ গ’ল ৪ গৰাকীকৈ ভক্তৰ

তীৰ্থযাত্ৰাই হ’ল কাল

কাৰ্তিক পূৰ্ণিমাৰ দিনাই উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । তীৰ্থযাত্ৰা কৰিবলৈ যোৱাই হ’ল কাল । চুনাৰ ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত চাৰিজন তীৰ্থযাত্ৰীৰ মৃত্যু হয় । খবৰ অনুসৰি এই তীৰ্থযাত্ৰীসকলে চোপন-প্ৰয়াগৰাজ যাত্ৰীবাহী ৰে’লৰ পৰা চাৰি নম্বৰ প্লেটফৰ্মত নামিছিল । ষ্টেচনত যাত্ৰীসকলে খৰখেদাকৈ ৰে’লপথ পাৰ হোৱাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা এক্সপ্ৰেছ ৰে’ল (হাউৰা-কলকা নেতাজী এক্সপ্ৰেছ)এ মহতিয়াই নিয়ে আটাইকেইজনক ।

ৰে’লপথ পাৰ হোৱাৰ সময়ত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা । আটাইকেইজন ভক্তৰ থিতাতে মৃত্যু হয় । এই লোক কেইজন গংগাত পবিত্ৰ স্নানৰ বাবে গৈ আছিল । এই ঘটনাই চুনাৰ ৰেল ষ্টেচনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । ঘটনাৰ লগে লগে ৰে’লৱেৰ বিষয়া আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে । প্ৰশাসনে যাত্ৰীসকলক নিজৰ সুৰক্ষাৰ বাবে প্লেটফৰ্ম আৰু অভাৰব্ৰিজ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ।

ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জনোৱা মতে, এই ঘটনা ইমানেই ভয়াৱহ আছিল যে মৃতদেহবোৰ ছিন্নভিন্ন হৈ পৰে । দুৰ্ঘটনাটোৰ পিছতে চিঞৰ-বাখৰ আৰম্ভ হয় । ততাতৈয়াকৈ জি আৰ পি আৰু আৰ পি এফৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃতদেহ দুটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত আছে জ্যেষ্ঠ বিষয়া ।

লগতে পঢ়ক : ডাম্পাৰৰ দৌৰাত্ম; মহটিয়াই নিলে ৫০ জনকৈ লোকক, ১০ জনৰ মৃত্যু

চলন্ত বাছত দাও দাওকৈ লাগিল জুই; জ্বলি ছাই হ’ল ২০ গৰাকীকৈ লোক

চলন্ত বাছত দাও দাওকৈ লাগিল জুই

ৰাজস্থানৰ জয়ছালমেৰ জিলাত মঙলবাৰে বিয়লি এখন চলন্ত বাছত অগ্নিসংযোগ হোৱাৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত এতিয়ালৈকে ২০ জনতকৈ অধিক যাত্ৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । এই কৰুণ ঘটনাত বাছখনৰ ভিতৰতে বহুকেইজন যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হোৱাৰ বিপৰীতে আন একাংশ যাত্ৰী খিৰিকী ভাঙি পলায়ন কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত বাছখনৰ মূল দুৱাৰ লক হৈ থকাৰ ফলত যাত্ৰীসকল নামিব পৰা নাছিল । বাছখনত মুঠ ৫৭ জন যাত্ৰী আছিল ।

দুৰ্ঘটনাটোৰ পিছত গুৰুতৰভাৱে জ্বলি যোৱা ১৯জন যাত্ৰীক যোধপুৰলৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পিছত ইয়াৰে অধিকাংশই চিকিৎসাৰ সময়ত মৃত্যুমুখত পৰে । জয়ছালমেৰত চাৰিজন আহত লোক চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, জয়ছালমেৰৰ পৰা যোধপুৰ অভিমুখে গৈ থকা চলন্ত বাছখনত হঠাতে এ চি ইউনিটত অগ্নিকাণ্ড সংঘটিত হৈ কেইছেকেণ্ডমানৰ ভিতৰতে সমগ্ৰ বাহনখন আগুৰি ধৰে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ যথেষ্ট কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে । এই ঘটনাৰ পিছতে বুধবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহাৰ ভ্ৰমণ পৰিকল্পনা বাতিল কৰি সাহায্য আৰু উদ্ধাৰৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ।

ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ-

এই দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ এক্সত লিখিছে, “জয়ছালমেৰত সংঘটিত দুৰ্ঘটনাত মই শোক প্ৰকাশ কৰিছোঁ । এই কঠিন সময়ত ক্ষতিগ্ৰস্ত লোক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে মোৰ সমবেদনা আছে । আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।” তেওঁ আৰু লিখিছে যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়ালক ২ লাখ ক্ষতিপূৰ্ণ প্ৰদান কৰা হ’ব । আহতসকলক দিয়া হ’ব পঞ্চাশ হাজাৰকৈ টকা ।

আনহাতে জয়ছালমেৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই । মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি ভুক্তভোগীক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে । এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়া লৈ আছে । লগতে জয়ছালমেৰলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা ।

লগতে পঢ়ক : শোকাৱহ পথ দুৰ্ঘটনা; দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, ৪২ জনৰ মৃত্যু

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি থকা বাছত ভয়ংকৰ অঘটন

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি থকা বাছত ভয়ংকৰ অঘটন

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰী কঢ়িওৱাৰ আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত

-৬০ৰো অধিক যাত্ৰীৰ মাজত হাহাকাৰ

-মদনপুৰ টোলগেটত সংঘটিত এই দুৰ্ঘটনা

-হঠাত দাও দাওকৈ জ্বলি উঠিল আল্ট্ৰা বাছখন

-মংগলদৈ দাহিৰপৰা আহিছিল যাত্ৰীবাহী বাছখন

-কথমপি প্ৰাণৰক্ষা ৬০ গৰাকী যাত্ৰীৰ

-ৰখাই থোৱা অৱস্থাতে হঠাত দাও দাওকৈ জ্বলি উঠে বাছখন

লগতে পঢ়ক : কাইলৈ ঘোষণা হ’ব প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফল

গুৰুগ্ৰামত ভয়ংকৰ পথ দুৰ্ঘটনা; ডিভাইডাৰত খুন্দা THARৰ,যুৱক-যুৱতীসহ ৫ জনৰ মৃত্যু

গুৰুগ্ৰামত ভয়ংকৰ পথ দুৰ্ঘটনা

আজি পুৱা হাৰিয়ানাৰ গুৰুগ্ৰামত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন থাৰ বাহনে ডিভাইডাৰত প্ৰচণ্ড খুন্দা মাৰে। যাৰ বাবে ৫ জন লোকৰ মৃত্যু হৈছে।

থাৰত ৩ গৰাকী ছোৱালী আৰু ৩ জন ল’ৰা আছিল।এই ঘটনা আজি পুৱা ৪:৩০ বজাত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

থিতাতে দুজন যুৱকৰ লগতে তিনিগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ বিপৰীতে এজন যুৱকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

তীব্ৰ বেগত অহাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে কোনো কামৰ বাবে উত্তৰ প্ৰদেশৰ পৰা গুৰুগ্ৰামলৈ আহিছিল তেওঁলোক।ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: মহাকাশতো বিফল হ’ব চীন-পাকিস্তানৰ কৌশল; ISRO এ নিয়োগ কৰিব মহাকাশৰ S400

দাও দাওকৈ জ্বলি উঠিল যাত্ৰীবাহী বাছ… শিশুসহ পাঁচজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ কিষাণ পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত এখন বাছত অগ্নিকাণ্ড সংঘটিত হয়, য’ত দুটি শিশুসহ পাঁচজন যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে । এই বাছখন বিহাৰৰ পৰা দিল্লী অভিমুখে গৈ আছিল, কিন্তু হঠাৎ লক্ষ্ণৌত এই বাছখনত জুইৰ সূত্ৰপাত হয় । বাছখনত ৮০জন লোক আছিল বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰে পুৱা ৫ বজাত সংঘটিত হয় এই ঘটনা ।

এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণলৈ আনে । আৰক্ষীয়ে জনোৱা মতে, প্ৰাৰম্ভিক তদন্তত বাছখনৰ ইমাৰ্জেন্সি দুৱাৰ খোলা নাছিল বুলি জানিব পৰা গৈছে । ইয়াৰ বাবেই পিছফালে বহি থকা যাত্ৰীসকল আবদ্ধ হৈ পৰে । সময়মতে বাছৰ পৰা নামিব নোৱাৰি মৃত্যু হয় যাত্ৰীকেইজনৰ ।

কিয় আৰু কেনেকৈ বাছখনত জুই লাগিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । কিন্তু আৰক্ষীয়ে জনোৱা মতে, বাছখনত পাঁচ কেজিৰ সাতটাকৈ গেছ চিলিণ্ডাৰ আছিল । অৱশ্যে কোনো এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱা নাছিল । আৰক্ষীয়ে জনোৱা মতে, তদন্তৰ পিছতহে অগ্নিকাণ্ডৰ কাৰণৰ বিষয়ে জানিব পৰা যাব ।

অতিৰিক্ত আৰক্ষী আয়ুক্ত (মোহনলালগঞ্জ) ৰাজনীশ বাৰ্মাই জনোৱা মতে, পুৱা প্ৰায় ৫ বজাত বিহাৰৰ বেগুছৰাইৰ পৰা দিল্লীলৈ যোৱা এখন ব্যক্তিগত বাছত হঠাৎ জুই লাগে । তেওঁ কয় যে বাছখনত যাত্ৰা কৰি থকা দুটি শিশু, দুগৰাকী মহিলা আৰু এজন পুৰুষৰ অগ্নিকাণ্ডত মৃত্যু হয় । তেওঁ কয় যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত বাছখনৰ চালক আৰু সহ-চালকজনে সেই স্থানৰ পৰা পলায়ন কৰে, আনহাতে বাছখনৰ যাত্ৰীসকলক আৰক্ষী আৰু জনসাধাৰণৰ সহায়ত গ্লাছ ভাঙি বাহিৰলৈ উলিয়াই অনা হয় ।

আৰক্ষীয়ে জনোৱা অনুসৰি, যাত্ৰীসকলৰ মতে বাছখনত প্ৰায় ৮০ৰ পৰা ৯০জন যাত্ৰী আছিল । বাছখনৰ পৰা ৫টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে একাংশ লোক এই দুৰ্ঘটনাত সামান্যভাৱে আহত হৈছে । তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

ভয়ংকৰঃ  নাও দুৰ্ঘটনাত ১৪৮ জন নিহত, এশৰো অধিক সন্ধানহীন…

মধ্য আফ্ৰিকাত অৱস্থিত কংগো ডেমক্ৰেটিক ৰিপাব্লিকত নাও উলটি সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা । এখন মটৰচালিত কাঠৰ নাও অগ্নিকাণ্ডৰ ফলত নদীত উলটি যাই । এই দুৰ্ঘটনাত ১৪৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে  বহু লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নাওখনত ৫০০ জন লোক আছিল । বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে ।

মম্বডাকাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা-

এইচ বি কংগোলো নামৰ নাওখনে মাটাংকুমু বন্দৰৰ পৰা উত্তৰ-পশ্চিম কংগোৰ ব’লম্বা অঞ্চললৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় ।

স্থানীয় বিষয়াৰ মতে, নাওখনত এগৰাকী মহিলাই ৰন্ধা-বঢ়া কৰি থকা অৱস্থাত অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে একাংশ যাত্ৰীয়ে ভয়ত নদীত জপিয়াবলৈ ধৰে । কিন্তু ইয়াৰে অধিকাংশই সাঁতুৰিব নাজানিছিল ।

চিনেটৰ জিন পল বকেটছু বফিলিয়ে কয় যে নাওখনত থকা ৫০০ লোকৰ ভিতৰত ১৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে । আনহাতে অগ্নিদগ্ধ হোৱাৰ বাবে ১৫০ জনতকৈ অধিক লোকক চিকিৎসাৰ প্ৰয়োজন হৈছে ।