ভূমিস্খলনৰ ফলত বৃহৎ দুৰ্ঘটনা… ৩ গৰাকী মহিলাসহ ৬ গৰাকীৰ মৃত্যু, ৫ গৰাকী আহত

হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ মণিকৰ্ণত হোৱা বৃহৎ ভূমিস্খলনত ৬ জন (৩ জন মহিলা আৰু ৩ জন পুৰুষ) থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৫ জন লোক আহত হয় । বিয়লি প্ৰায় ৫ বজাত, গুৰুদ্বাৰাৰ সন্মুখত পথৰ দাঁতিত বহু লোক বহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা । ভূমিস্খলনৰ সময়ত পাহাৰৰ পৰা বহু পৰিমাণৰ ধ্বংসাৱশেষ বাগৰি পৰে, লগতে এজোপা গছো বাগৰি পৰে । বহু লোক এই ঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈছে ।

তথ্য অনুসৰি পথৰ কাষৰ এজন হকাৰ, এজন ছুমো আৰোহী আৰু তিনিজন পৰ্যটকৰ থিতাতে মৃত্যু হয় । দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলক চিনাক্ত কৰা হৈছে । ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল ।

আহতসকলক চিকিৎসাৰ বাবে লৈ যোৱা হয়-

কুল্লুৰ এ ডি এম অশ্বনী কুমাৰে জনোৱা মতে, মণিকৰ্ণৰ গুৰুদ্বাৰা পাৰ্কিং লটৰ সমীপত গছ বাগৰি পৰাত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন আহত হয় । আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে । সেই স্থানত উপস্থিত হৈছে প্ৰশাসনৰ দল ।

চিকিৎসকৰ দল ৰাওনা-

মণিকৰ্ণ এছ এইচ অ’ৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে উদ্ধাৰ অভিযানত সহায় কৰিছে । আঞ্চলিক ৰাজহ সংস্থাও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ মূল্যায়ন কৰি আছে । অগ্নিনিৰ্বাপক বাহিনী সেই স্থানলৈ ৰাওনা হৈছে । চিকিৎসকৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈছে ।

ঘটনাস্থীলত উদ্ধাৰ অভিযান অব্যাহত-

কুল্লুৰ এছ ডি এম বিকাশ শুক্লাই কয় যে মই সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছো । মৃতদেহ নিবলৈ সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে বাহন । পৰিস্থিতি নিয়ন্ত্ৰণত আছে, উদ্ধাৰ অভিযানৰ অগ্ৰগতি অনুসৰি অধিক তথ্য দিয়া হ’ব ।

ওড়িশাত বৃহৎ ৰে’ল দুৰ্ঘটনা… গুৱাহাটী অভিমুখী কামাখ্যা এক্সপ্ৰেছ লাইনচ্যুত

আকৌ এবাৰ ওড়িশাত সংঘটিত হৈছে এক বৃহৎ ৰে’ল দুৰ্ঘটনা । ইয়াত বেংগালুৰু-অসমৰ মাজত চলি থকা কামাখ্যা এক্সপ্ৰেছৰ ১১টা এচি ডবা ৰেলপথৰ পৰা লাইনচু্যত হয় । ইয়াৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । জানিব পৰা মতে চৌধৰ অঞ্চলৰ মংগুলি পেচেঞ্জাৰ হল্টৰ সমীপত ৰেলখন ৰেলপথৰ পৰা লাইনচ্যুত হয় । ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীলৈ NDRF আৰু চিকিৎসা দল প্ৰেৰণ কৰা হৈছে ।

আজি (৩০ মাৰ্চ) পুৱা ১১.৫৪ বজাত ওড়িশাৰ কটকৰ চৌদুৱাৰৰ সমীপত বেংগালুৰু-কামাখ্যা ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’লখন ৰেলপথৰ পৰা লাইনচ্যুত হয় । ৰেলখনৰ ১১টা এচি ডবা ৰেলপথৰ পৰা লাইনচ্যুত হয়, তাৰ পিছতে নীলাচল এক্সপ্ৰেছ, ধৌলি এক্সপ্ৰেছ, পুৰুলিয়া এক্সপ্ৰেছৰ পথ ডাইভাৰ্ট কৰা হৈছে । ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে । মেডিকেল টিম, এন ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । আৱদ্ধ যাত্ৰীসকলে যাতে নিৰাপদে গন্তব্যস্থানত উপস্থিত হয় তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ।

কি ক’লে ৰে’লৱেৰ বিষয়াই ?

ইষ্ট ক’ষ্ট ৰে’লৱেৰ চি পি আৰ অ’ অশোক কুমাৰ মিশ্ৰই কয় যে কামাখ্যা এক্সপ্ৰেছ (১৫৫৫১)ৰ কেইটামান ডবা ৰেলপথৰ পৰা লাইনচ্যুত হোৱাৰ তথ্য আমি লাভ কৰিছো । তেওঁ কয়, ‘এতিয়ালৈকে আমি তথ্য লাভ কৰিছো যে ১১টা এচি কোচ ৰেলপথৰ পৰা লাইনচ্যুত হৈছে । কোনো লোক আহত হোৱা নাই । সকলো যাত্ৰী সুৰক্ষিত আছে । আমি যিমানদূৰ তথ্য লাভ কৰিছো, দুৰ্ঘটনা সাহায্য ৰেল, জৰুৰীকালীন চিকিৎসা সঁজুলি প্ৰেৰণ কৰা হৈছে ।‘

চি পি আৰ অ’ই জনোৱা মতে, ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলো সেই স্থানত উপস্থিত হৈছে । ডি আৰ এম খুৰদা ৰোড, জি এম/ইক’ৰকে ধৰি অন্যান্য জ্যেষ্ঠ পৰ্যায়ৰ বিষয়াসকলে স্থানত উপস্থিত হৈছে । তেওঁ কয় যে তদন্তৰ পিছতহে এই ঘটনা কেনেকৈ সংঘটিত হ’ল সেই কথা জানিব পৰা যাব । আমাৰ প্ৰথম অগ্ৰাধিকাৰ হ’ল পথটোত ৰৈ থকা ৰে’লবোৰক ডাইভাৰ্ট কৰি পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰা ।

ৰেলৱে আৰু ওড়িশা চৰকাৰৰ সৈতে যোগাযোগত আছো- মুখ্যমন্ত্ৰী ড০ শৰ্মাঃ

কামাখ্যা এক্সপ্ৰেছ ৰেলপথৰ পৰা লাইনচ্যুত হোৱা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘ওড়িশাৰ ১২৫৫১ কামাখ্যা এক্সপ্ৰেছৰ সৈতে জড়িত ঘটনাৰ তথ্য পাইছো । অসমৰ চি এম অ’ ওড়িশা চৰকাৰ আৰু ৰে’লৱেৰ সৈতে যোগাযোগত আছে । ক্ষতিগ্ৰস্ত সকলোৰে সৈতে আমি যোগাযোগ কৰিম ।

নাইট ক্লাবত অগ্নিকাণ্ড…৫১ জন লোকৰ মৃত্যু, সংগীত কনচাৰ্টত আতচবাজীৰ ফলত ঘটিল অঘটন

দেওবাৰে পুৱা উত্তৰ মেচিডোনিয়াৰ দক্ষিণ চহৰ কোকানিৰ এটা নাইট ক্লাবত অগ্নিকাণ্ড সংঘটিত হয় । এই দুৰ্ঘটনাত ৫১ জন লোকৰ মৃত্যু হয় । আনহাতে ১০০ৰো অধিক লোক আহত হয় । জানিব পৰা মতে ক্লাবত সংগীত কনচাৰ্টৰ সময়ত আতচবাজীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় ।

মেচিডোনিয়াৰ মন্ত্ৰী পাঞ্চে টছকোভস্কিয়ে কয় যে দেওবাৰে পুৱা নাইট ক্লাব পালছত পপ গ্ৰুপৰ কনচাৰ্টৰ সময়ত এই অগ্নিকাণ্ড সংঘটিত হয় । ক্লাবটোলৈ অহা যুৱক-যুৱতীসকলে আতচবাজী ফুটাইছিল । যাৰ ফলত ক্লাবত জুই লাগে । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত ক্লাবৰ ভিতৰত দেখা গৈছে এক বিশৃংখল পৰিৱেশ ।

অগ্নিকাণ্ডৰ পিছত ক্লাবত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত ক্লাবৰ পৰা জুইৰ শিখা উঠা দেখা গৈছে । জানিব পৰা মতে স্থানীয় সংগীত গোষ্ঠীৰ যুটিটোৱে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিল । এই সময়তে একাংশ যুৱকে নাচি থকা অৱস্থাত ফটকা ফুটাই । ইয়াৰ বাবেই ছাদত জুই লাগে । ভিডিঅ’টোত মঞ্চৰ পৰা জুইৰ স্ফুলিংগ ওলাই অহা দেখা গৈছে ।

নিৰাপত্তা বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে । জানিব পৰা মতে, অগ্নিকাণ্ড ইমানেই বিশাল আছিল যে অগ্নিনিৰ্বাপক বাহিনীয়ে কেইবা ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰম কৰিছিল । মেচিডোনিয়াৰ কৰ্তৃপক্ষই এই অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে ।

চৰাইৰ খুন্দাত বিমানৰ ইঞ্জিনত লাগিল জুই…হাহাকাৰ পৰিস্থিতি

আমেৰিকাত ইটোৰ পিছত সিটোকৈ বিমান দুৰ্ঘটনাৰ খবৰ আহিছে । ইয়াৰ মাজতে শনিবাৰেৱ এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে এখন বিমান । শনিবাৰে নেৱাৰ্ক বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে ফেডএক্সৰ এখন বিমানে জৰুৰীকালীন অৱতৰণ কৰিবলগা হয় । ইয়াৰ আঁৰৰ কাৰণ বিমানখনত চৰাইৰ খুন্দাত ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱা বুলি কোৱা হৈছে । নিউয়ৰ্ক আৰু নিউ জাৰ্চিৰ বন্দৰ কৰ্তৃপক্ষ আৰু ফেডএক্সৰ তথ্য অনুসৰি চৰাইৰ খুন্দাত বিমানখনৰ সোঁ ইঞ্জিনত হঠাতে জুই লাগে ।

ভাইৰেল হোৱা ভিডিঅ’ত দেখা গ’ল এক ভয়ংকৰ দৃশ্য-

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে শনিবাৰে পুৱা ৮ বজাত (স্থানীয় সময় অনুসৰি) সোঁ ইঞ্জিনৰ পৰা জুইৰ শিখা নিৰ্গত হোৱাৰ পিছত বয়িং ৭৬৭-৩এছ২এফ বিমানখনে পুনৰ টৰ্মেকলৈ গৈ আছে । বিমানখন অৱতৰণ কৰাৰ লগে লগে বন্দৰ কৰ্তৃপক্ষৰ দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে । পিছত ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে ।

এই ঘটনাত কোনো লোক হতাহত হোৱা নাই-

তথ্য অনুসৰি বিমানখন উৰণৰ মাত্ৰ ৯ মিনিটৰ পিছত পুৱা ৮:০৭ বজাত (স্থানীয় সময়) অৱতৰণ কৰিবলৈ বাধ্য হয় । এই ঘটনাত কোনো লোক হতাহত হোৱা নাই । সতৰ্কতামূলক ব্যৱস্থা হিচাপে কিছু সময়ৰ বাবে বিমান পৰিবহণ বন্ধ কৰি দিয়া হৈছিল । অৱশ্যে দ্ৰুতগতিত পুনৰ অপাৰেচন আৰম্ভ হয় । পুৱা ৯:৩০ বজাত বিমানখন ইণ্ডিয়ানালৈ উৰা মাৰিবলৈ ক্লিয়াৰ কৰা হয় ।

চৰাইৰ সংঘৰ্ষত দুৰ্ঘটনাগ্ৰস্ত-

ফেডএক্সৰ এজন প্ৰতিনিধিয়ে জনোৱা মতে, নেৱাৰ্কৰ পৰা ইণ্ডিয়ানাপলিছলৈ যোৱা ৩৬০৯ নং বিমানখনে উৰণৰ সময়ত চৰাইৰ খুন্দাৰ সন্মুখীন হয় । ক্ৰুৱে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি নিৰাপদে নেৱাৰ্কলৈ উভতি আহে ।

নিৰ্মাণৰত সুৰংগত শ্ৰমিকৰ সৈতে ভয়ংকৰ ঘটনা…

তেলেংগানাৰ নগৰকুৰনুল জিলাত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা । এটা সুৰংগৰ এটা অংশ ভাঙি পৰাৰ ফলত ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰিছে ৬ জনকৈ শ্ৰমিক । ইতিমধ্যে আৱদ্ধ হা পৰা শ্রমিক সকলক উদ্ধাৰ প্রক্রিয়া আৰম্ভ হৈছে ৷ বৰ্তমান  আৱদ্ধ শ্ৰমিকৰ সংখ্যা ৬ নে ৮ জন সেই কথা এতিয়াও স্পষ্ট হোৱা নাই ।

জানিব পৰা মতে  শনিবাৰে তেলেংগানাৰ নগৰকুৰনুল জিলাৰ শ্ৰীশৈলাম লেফ্ট বেংকৰ নিৰ্মাণাধীন অংশত সংঘটিত হয় এই দুৰ্ঘটনা । ইয়াত সুৰংগৰ এটা অংশ ভাঙি পৰে । নিৰ্মাণ কোম্পানীটোৰ দলটোৱে মূল্যায়নৰ বাবে সুৰংগটোৰ ভিতৰলৈ গৈ অনুসন্ধান কৰি আছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে কোম্পানীটোৱে প্ৰদান কৰা তথ্য অনুসৰি ৬ৰ পৰা ৮জন শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক সহায় আগবঢ়াবলৈ কয়-

এই বিষয়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰিছে । বিবৃতিটোত কোৱা হৈছে যে এই ঘটনাত বহু লোক আহত হৈছে । মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য বিষয়াসকলক সাহায্যৰ বাবে সেই স্থানত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যিক জলসিঞ্চন মন্ত্ৰী এন উত্তম কুমাৰ ৰেড্ডী, জলসিঞ্চন বিভাগৰ চৰকাৰী উপদেষ্টা আদিত্যনাথ দাসকে ধৰি জলসিঞ্চনৰ অন্যান্য বিষয়াসকলে বিশেষ হেলিকপ্টাৰেৰে সেই স্থানলৈ ৰাওনা হৈছে ।

দুৰ্ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় কয়লা মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে । দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে তথ্য বিচাৰি আৱদ্ধ হৈ থকা লোকসকলক সুৰক্ষিতভাৱে উলিয়াই আনিবলৈ বিষয়াসকলক তেওঁ নিৰ্দেশ দিছে । তেওঁৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে আহতসকলক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও তেওঁ বিষয়াসকলক কৈছে ।

ট্ৰেইনত অগ্নিকাণ্ডৰ উৰাবাতৰি আৰু…কেনেকৈ সংঘটিত হ’ল জলগাঁও ৰে’ল দুৰ্ঘটনা

মহাৰাষ্ট্ৰৰ জলগাঁও জিলাত বুধবাৰে সন্ধিয়া লক্ষ্ণৌ-মুম্বাই পুষ্পক এক্সপ্ৰেছত যাত্ৰা কৰা একাংশ যাত্ৰীয়ে অগ্নিকাণ্ডৰ উৰাবাতৰি শুনি জঁপিয়াই নামি যোৱাত বিপৰীত দিশৰ পৰা অহা আন এখন ৰে’লে মহটিয়াই নিয়াত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত ১৩ জন যাত্ৰীৰ মৃত্যু হৈছে । এই ঘটনাত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰিছে । দুৰ্ঘটনাটোত নিহতসকলৰ বাবে ক্ষতিপূৰণো ঘোষণা কৰা হৈছে ।

বিষয়াসকলে জনোৱা মতে, লক্ষ্ণৌ-মুম্বাই পুষ্পক এক্সপ্ৰেছ (১২৫৩৩)ত যাত্ৰা কৰা যাত্ৰীসকলে জুইৰ আশংকাত কাষৰীয়া ট্ৰেকত খৰখেদাকৈ জঁপিয়াই পৰে আৰু বেংগালুৰু-দিল্লী কৰ্ণাটক এক্সপ্ৰেছত খুন্দা মাৰে । এই দুৰ্ঘটনাত ১৫ জনতকৈ অধিক যাত্ৰী আহত হয় ।

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো ?

উত্তৰ মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পাচোৰা চহৰৰ সমীপত মহেজী আৰু পৰ্ধাডে ষ্টেচনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা । সন্ধিয়া প্ৰায় ৪.৪৫ বজাত কোনো লোকে পুষ্পক ৰেলৰ ইমাৰ্জেন্সি চেইন টানে, তাৰ পিছতে ৰে’লখন ৰৈ যায় । অৱশ্যে ৰে’লৱে ব’ৰ্ডৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে ডবাখনৰ ভিতৰত কোনো ধৰণৰ স্ফুলিংগ বা জুইৰ বাবে যাত্ৰীসকলে এলাৰ্ম দিয়াৰ আঁৰৰ কাৰণ বুলি অস্বীকাৰ কৰে ।

কি ক’লে মুখ্যমন্ত্ৰী ফাড়নৱিছে ?

চুইজাৰলেণ্ডৰ ডাভোছৰ পৰা এক ভিডিঅ’ বাৰ্তাত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে কয়: “আমি লাভ কৰা তথ্য অনুসৰি, কোচটোত কোনো স্ফুলিংগ বা জুই দেখা হোৱা নাছিল । ৰেলখনত থকা একাংশ যাত্ৰীয়ে ভুলবশতঃ ৰেলখনৰ পৰা ধোঁৱা ওলাই অহা বুলি বিশ্বাস কৰিছিল আৰু জঁপিয়াই পৰিছিল । দুৰ্ভাগ্যবশতঃ, তেওঁলোকক আন এখন ৰেলে মহটিয়াই নিছিল ।“

মৃতকৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ ঘোষণা-

দুৰ্ঘটনাত নিহত যাত্ৰীসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ফাড়নবিছে । ৰে’লৱে ব’ৰ্ডে পৃথকে পৃথকে মৃতকৰ পৰিয়ালক ১.৫ লাখ টকাকৈ, গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰকৈ আৰু সামান্য আঘাতপ্ৰাপ্তসকলক ৫ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে ।

জলগাঁও জিলা তথ্য বিষয়া যুৱৰাজ পাটিলে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত ১৩ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ জন আহত হয় । ৰে’লৱেৰ এগৰাকী বিষয়াই জনোৱা মতে, পুষ্পক এক্সপ্ৰেছ ৰেলখনে ১৫ মিনিটৰ ভিতৰতে দুৰ্ঘটনাস্থলী এৰি যোৱাৰ বিপৰীতে কৰ্ণাটক এক্সপ্ৰেছ গাড়ীখন দুৰ্ঘটনাৰ ২০ মিনিটৰ ভিতৰতে আঁতৰোৱা হয় ।

এই ঘটনাৰ তদন্ত কৰিব ৰেল সুৰক্ষা আয়ুক্তই-

জলগাঁৱত এই দুৰ্ঘটনাৰ আঁৰৰ কাৰণৰ তদন্ত কৰিব ৰেল সুৰক্ষা আয়ুক্তই । চি আৰ এছ (কেন্দ্ৰীয় চক্ৰ) মনোজ অৰোৰাই বৃহস্পতিবাৰে সেই স্থানত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে । ইয়াৰ পিছত ৰে’লৰ ক্ৰু, যাত্ৰী আৰু প্ৰত্যক্ষদৰ্শীৰ বক্তব্য লিপিবদ্ধ কৰা হ’ব । তেওঁ কয়, “আমি যাত্ৰী আৰু অন্যান্য প্ৰত্যক্ষদৰ্শীক মাতিম । তেওঁলোকে দুৰ্ঘটনাটোৰ বিষয়ে নিজৰ বক্তব্য দিব পাৰে ।”

শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰে’ল মন্ত্ৰীয়ে-

এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়াসকলে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে । গৃহমন্ত্ৰী অমিত শ্বাহে এই দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে কথা পাতিছে বুলি জানিবলৈ দিয়ে । স্থানীয় প্ৰশাসনে আহতসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে । বৰ্তমান ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশগ্ৰহণৰ বাবে ডাভোছত উপস্থিত থকা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে । তেওঁ ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু অন্যান্য বিষয়াৰ পৰা ঘটনাৰ সম্পূৰ্ণ বিৱৰণ লৈ আটাইকেইজন আহত লোকৰ সঠিক চিকিৎসাৰ বাবে নিৰ্দেশনা দিয়ে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও জলগাঁও দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ।

দক্ষিণৰ তাৰকা অভিনেতা অজিত কুমাৰৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত, অনুৰাগীৰ মাজত হাহাকাৰ !

দক্ষিণৰ তাৰকা চলচ্চিত্ৰ অভিনেতা অজিত কুমাৰে শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত হ’বলগীয়া ৰেচিং চেম্পিয়নশ্বিপৰ বাবে কৰা অনুশীলনৰ সময়ত এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয়। যাৰ ফলত তেঁওৰ গাড়ীৰ বহু ক্ষতি হয়। অৱশ্যে দুৰ্ঘটনাটোত তেঁওৰ কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ বাতৰি পোৱা লাভ কৰাৰ পিছতে তেঁওৰ অনুৰাগীসকলৰ মাজত চৰ্চাৰ হৈ পৰিল যাৰ প্ৰভাৱ সামাজিক মাধ্যমত পৰা দেখা গ’ল। অনুৰাগীৰ উদ্বেগ দেখি অজিত কুমাৰ ৰেচিঙ টীমৰ মেনেজাৰে এক ছ’চিয়েল মিডিয়া প’ষ্টৰ জড়িয়তে অনুৰাগীসকলক আশ্বাস দিছে যে তেওঁ সুস্থ আছে।

বনভোজলৈ যোৱা বাহনত লাগিল জুই…১১জন আহত

ত্ৰিপুৰাৰ পশ্চিম জিলাৰ জগতপুৰ চৌমহানি অঞ্চলত জেনেৰেটৰৰ ভিতৰত বিস্ফোৰণৰ ফলত জ্বলি উঠে এখন পিকনিক বাছ । ইয়াৰ ফলত আহত হয় ১১জন লোক । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই মোহনপুৰৰ এই উদ্বেগজনক ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে । এক বিবৃতিত মুখ্যমন্ত্রীয়ে এই ঘটনাত আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে ।

আৰক্ষীৰ তথ্য অনুসৰি লোকসকল তিনিখন বাছত পিকনিকৰ বাবে বাছেৰে গাঁৱলৈ গৈছিল । তিনিওখন বাছ আছিল চি এন জি বাছ । সন্ধিয়া পিকনিকৰ অন্তত পশ্চিম জিলাৰ চম্পনগৰলৈ উভতি আহি থকা অৱস্থাত এই ঘটনা সংঘটিত হয় । জেনেৰেটৰৰ বিস্ফোৰণৰ ফলত এখন বাছত জুই লাগে । এই ঘটনাত আহত হয় ১১জন লোক । বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে সকলোৰে অৱস্থা সুস্থিৰ ।

মুখ্যমন্ত্রী ড০ মাণিক সাহাই এই কৰুণ ঘটনাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে ৷ এক বিবৃতিত তেওঁ এই ঘটনাত আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰে । লগতে তেওঁ নিশ্চিত কৰে যে গুৰুতৰভাৱে আহত ৬ জন লোকক উন্নত চিকিৎসাৰ বাবে জি বি পণ্ট হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

ভয়ংকৰ দুৰ্ঘটনাত পতিত অসমৰ পৰা যোৱা পৰ্যটকৰ বাহন

-অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনাত পতিত অসমৰ পৰা যোৱা পৰ্যটকৰ বাহন
-পাহৰৰ ওপৰৰ পৰা প্ৰায় ৫০ ফুট তলত বাগৰি পৰে যাত্ৰীসহ বাহন
-ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰা অৰুণাচলৰ আনিনীলৈ গৈছিল একেটা পৰিয়াল লোককেইজন
-আনিনীৰ পৰা ডিব্ৰুগড়লৈ উভতি অহাৰ সময়তে পতিত হয় দুৰ্ঘটনাত
-উদ্ধাৰ কৰা হৈছে বাহনখনত থকা লোককেইজনক
-আহতসকল স্বামী-স্ত্ৰী হিতেন্দ্ৰ নাথ বুঢ়াগোঁহাই, ৰেখা বুঢ়াগোঁহাই
-পুত্ৰ বেদব্ৰত বুঢ়াগোঁহাই, দেৱব্ৰত বুঢ়াগোঁহাই
-বোৱাৰী প্ৰমীলা সিং বুঢ়াগোঁহাই বুলি জানিব পৰা গৈছে
-কেইবাজনৰো অৱস্থা সংকটজনক বুলি খবৰ